পৃষ্ঠা:পাখি লগা মন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
অনুভৱ

বুলি কৈছিলো — পিছে বজাৰলৈ আহোতে চাৰে লৈয়ে আহিল।’

 — ‘তই কিতাপ পঢ়ি ভাল পাৱ কাৰণে চাৰে তোক ভাল পায়।’ তলমূৰকৈ পোনাকণে ক’লে।

 ‘মই কিতাপ পঢ়ি খুব ভাল পাওঁ, ইমান নজনা কথা জানিব পাৰি।

 — ‘মোকো এখন দিবিনে?’ পোনাকণে সুধিলে।

 — ‘পঢ়িবি?’ আগ্ৰহেৰে ৰজতে ক’লে।

 পোনাকণে মূৰ দপিয়ালে। ৰজতে চৰাই বিষয়ৰ কিতাপ এখন পোনাকণৰ হাতত দিলে আৰু ক’লে— ‘মন কৰিবা যাতে শ্ৰেণীৰ পঢ়া ক্ষতি নহয়৷’ দুয়োটাই হাঁহি উঠিল।

 পোনাকণৰ ৰজতৰ প্ৰতি থকা খঙটো নিমিষতে নাইকিয়া হৈ পৰিল৷ তাৰ মনতো ফৰকাল হৈ পৰিল। হাতত কিতাপখন লৈ সি ঘৰৰ পিনে খোজ দিলে। বাটতে সুবচনে তাক আগভেটি ধৰিলে। ‘মৰ কেলেচটোৰ ঘৰলৈ যাবলৈ তোক কিহে পাইছে?’

 পোনাকণে তালৈ পোন্দোৱাকৈ চাই পঠিয়ালে। সুবচনেই সেউতীবাইক তাৰ কথা লগাইছিল। সুবচনক তাৰ এটা দগাবাজ যেন লাগিল। তাক ঠেলা মাৰি সি ঘৰলৈ বুলি দৌৰ দিলে। সুবচনে তালৈ ভেবা লাগি চাই থাকিল।

• • • • •