এই অপৰূপ দৃশ্য দেখি সিহঁত বিমোহিত হ’ল।
— ‘বলাহঁক খোৱা বোৱাৰ চিন্তা কৰো।’ খুড়াই ক’লে।
ভাত, দাইল, আলুসিদ্ধ, পোৰা মাছেৰে আটাইকেইজনে জুতি লগাই ভাতৰ সোৱাদ ল’লে।
অভিলাষহঁতক বিচনাখনত কাপোৰ পাৰি শোৱাৰ দিহা কৰি খুড়াই মজিয়াত বাহিৰত গোটাই থোৱা খেৰ এসোপা আনি তাত ডাঠ বেদকভাৰ পাৰি শুই পৰিল। গাত ল’বলৈ কম্বল, বিচনা চাদৰবোৰ সকলোৱে ব্যৱহাৰ কৰিলে।
শেষ নিশা। বাহিৰত শব্দ শুনি খুড়া ওলাই আহিল। ভালেমান মানুহ। কুকুৰ লৈ পুলিচো। তেওঁলোকে অভিলাষহঁতক বিচাৰি আহিছে।
খুড়াই সকলো কথা জনালে। খুড়াক ৰক্ষাকাৰী স্বয়ং ভগৱান বুলি বিচাৰি অহা দেউতাকহঁতে ধন্যবাদ দিলে।
খুড়াই অভিলাষহঁতক জগাই দিলেহি। চকুমোহাৰি আটাইকেইটা উঠি আহিল। সিহঁতক দেখি দেউতাকহঁতৰ চকুপানী ওলাই আহিল।
অভিলাষহঁত যাবলৈ ওলাল। খুড়াক এৰি যাবলৈ সিহঁতৰ বৰ দুখ লাগিল। দেউতাকহঁতৰ ওচৰত নিজৰ পৰিচয় দিয়াতহে সিহঁতে গম পালে খুড়া কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক। এবছৰৰ বাবে মাতৃভূমি অসমলৈ চৰাই ওপৰত গৱেষণা কৰিবলৈ আহিছে।
ক্ৰমে পোহৰ হৈ আহিছিল।
সিহঁতে দেখিলে পাহাৰটোৰ তলতে কিছু দূৰৈত এখন গাওঁ। তলত ৰৈ থকা গাড়ীত সিহঁত আহি উঠিলহি।
পুৱাৰ আকাশ ৰাঙলী হৈ উঠিছিল। খুড়াকৰ লগত কটোৱা অৰণ্যৰ এনিশাৰ মধুৰ স্মৃতিয়ে সিহঁতৰ মনবোৰতো ৰাঙলী বোল সানি দিলে।
• • • • •