পৃষ্ঠা:পাখি লগা মন.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
পাখি লগা মন

সি তললৈ চোঁ চোৱাই পিছলি আহিল। জুৰিটো আকৌ তললৈ আহি নৈ এখনৰ নিচিনাকৈ বৈ যোৱা। ভাগ্যে সি ডঙৰ ডাঙৰ শিল এটাত সাৱটি খোপনি পুতি ৰৈ গ’ল।

 সি পাৰলৈ উঠি আহিল। সি একো তত্‌ ধৰিব নোৱাৰি এঢলীয়া গৰাটোৰ ওপৰলৈ উঠি আহিবলৈ ধৰিলে। চাৰিওফালে ঝাৰনি। মানুহ, গাঁওতাৰ একোকে চকুত নপৰিল। সি এজোপা গছত উঠিল আৰু চাৰিওফালে চাবলৈ ধৰিলে। দূৰৈৰ পথাৰ এখনত সি ম’হ দুটামান চৰি থকা দেখা পালে। তাৰ মনত বুদ্ধি এটা সোমাল। সি ভাবিলে ম’হ কেইটা নিবলৈ নিশ্চয় গিৰিহঁত আহিব। সিহঁতক সি তাৰ মিচিং গাঁও লাংছালৈ যোৱা বাটটোৰ কথা সুধি ল’ব। সি তিতা চোলাটো শুকাবলৈ মেলি দিলে।

 চৰি থকা ম’হ কেইটাৰ ওচৰে পাজৰে সি ঘূৰি ফুৰিল। সি মনতে ভাবি থাকিল তাক মাকে মানা কৰা স্বত্বেও সি কিয় বাৰু অকলে অকলে মুৰংঘৰৰ ওচৰত বনৰীয়া শাক বিচাৰিবলৈ আহিছিল? মাকৰ বাহিৰে তাৰ আৰু কোনো নাই। মুৰংঘৰ গাঁওখনৰ মেল বহা ঘৰ। ল’ৰা-ছোৱালীবোৰ তেনেকৈ সেইফালে নেযায়েই। ওচৰতে থকা বৰগছ কেইজোপাত দুপৰীয়া ভূত ওলায় বুলি ভয় কৰে। কথাবোৰ ভাবি থাকোতেই তাৰ চিলমিল কৈ টোপনি আহিল।

 হুটামাত এটাত পল সাৰপাই গ’ল। সি উঠি বহিল। দেখিলে, হাতত মস্ত টাঙোন এডাল লৈ অহা মানুহটোৱে ম’হবোৰ খেদি নিছেহি। মটীয়া ৰঙৰ মুৰত পাগমৰা শকত আৱত চেহেৰাৰ মানুহটো দেখি তাৰ ভয় লাগি গ’ল। সি আঁৰ লৈ মানুহটোৰ পিছে পিছে গ’ল। কাৰণ গধূলি হৈ অহাত তাৰ অকলে থাকিবলৈ বৰ ভয় লাগিল।

 খৰকৈ যোৱা মানুহটো কোনফালে গুচি গ’ল পলে ধৰিব নোৱাৰিলে। আলিবাট এটা পাই সি সোঁফালে যাবলৈ ধৰিলে। মানুহ দুটামান সি লগ পালে যদিও বাট হেৰুৱাইছে বুলি ক’বলৈ ভয় খালে। দুষ্ট মানুহে ল’ৰা-ছোৱালীবোৰ ধৰি নি বেচা-কিনা কৰে আৰু হাত ভৰি ভাঙে বুলি মাকে তাক সদায় কৈ থাকে।

 গধুলি হ’ল। সি সাহস কৰি ৰৈ থাকিল। পিছে কোনো মানুহ চকুত