পৃষ্ঠা:পাখি লগা মন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অৰণ্যত এনিশা

 –‘কি?’ মানুহজন ব্যস্ত হৈ পৰিল।

 ওখ, বগা, ডাড়ি নথকা মানুহজনক সিহঁতৰ মৰমিয়াল যেনেই অনুমান হ’ল। কাৰণ সিহঁতৰ বাবে তেওঁক সহানুভূতিশীল হৈ উঠা দেখা গ’ল।

 –‘তোমালোক তিতি বুৰি আছা।' মানুহজনে ডাঙৰ ট্ৰাংকটো খুলিলে। তাৰপৰা টাৱেল, গৰম চাৰ্ট, চুৱেটাৰ, শ্বল আদি কিছুমান কাপোৰ উলিয়াই সিহঁতক তিতা কাপোৰবোৰ সলায় পিন্ধিবলৈ দিলে। কেৰাচিন তেলৰ ষ্ট’ভত চাহ কৰি ৰঙা চাহ আৰু বিস্কুট খাবলৈ দিলে। কেৰাচিন তেল ঢালি তেওঁ বাৰান্দাত একুৰা জুই ধৰিলে। শুকান গছৰ ডালৰ দগ্‌মগীয়া জুইত সিহঁতে গাবোৰ সেকি সতেজ হৈ পৰিল। সিহঁতৰ লগত জুইৰ কাষত বহি মানুহজনে ক’লে –‘এতিয়া কোৱাছোন তোমালোকৰ পৰিচয়।’

 অভিলাষে কথাবোৰ বিবৰি ক'লে। কথাবোৰ শুনাৰ পিছত তেওঁ ক’লে – ‘চিন্তা নকৰিবা। মই কাইলৈ ঘৰলৈ যোৱাত ব্যৱস্থা কৰি দিম।'

 ক্ষন্তেকতে সিহঁত মানুহজনৰ লগত মিলি পৰিল৷ প্ৰতীমে ক’লে —‘আপুনি এই হাবিৰ মাজত অকলে অকলে কিয় আছে খুড়া?’ মৰমিয়াল মানুহজনে মিচিকিয়াই ক’লে-

 – ‘মই কিয় অকলশৰীয়া হম? এই গছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তুৰ লগতে এই মুকলি আকাশ, সকলো মোৰ লগৰীয়া।' প্ৰতীমে লাহেকৈ ক'লে-

 –‘মানে আপোনাৰ লগত আপোন কোনো নাই যে’

 খোলা হাঁহি মাৰি প্ৰতীমৰ থুতৰিত ধৰি তেওঁ মৰমেৰে ক'লে- ‘বন্ধু পাতিব জানিলে পৃথিৱীৰ সকলোৱে সকলোৰ আপোন হৈ পৰে।'

 সিহঁতে হাঁহি কথাটো সমৰ্থন কৰিলে।

 – ‘মই অৱশ্যে এটা উদ্দেশ্যতহে ইয়াত আছোহি৷’ খৰিকেইডাল জুইত আগবঢ়াই তেওঁ ক'লে৷