পৃষ্ঠা:পাখি লগা মন.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাহি

 পাহি এজনী সৰু ছোৱালী। মৰম লগা। কথকী। দৌৰি ঢাপলি ফুৰে — ঠিক বতাহৰ নিচিনাকৈ। সেয়ে পিতাকে মৰমতে মাতে বতাহী বুলি, পিতাকৰ বহিৰে পাহিৰ আৰু কোনো নাই।

 পিছে, ঘৰুৱা কাম-বন কৰি পাহিয়ে অকনো ভাল নপায়। তাইৰ যে ক’ত কাম! পুৱা পিতাকে শোৱাৰ পাটিৰ পৰা জগাই দিয়াৰ পিছত তাই চকু মোহৰি কলমটিায়াই উঠি আহে। দুৱাৰ দলিত এপৰ মান বহি