পৃষ্ঠা:পাখি লগা মন.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাখি লগা মন


 — ‘‘কি উদ্দেশ্য খুড়া?’ অভিলাষে সুধিলে।

 — ‘চৰাইৰ ওপৰত এটা গৱেষণা কৰি আছো।’ তেওঁৰ কথা শুনি অমৃতে ক’লে— ‘ইয়াত দেখোন এটাও চৰাই নাই!’

 খুড়া উঠি গ’ল। ভিতৰৰ পৰা এটা টেপ ৰেকৰ্ডাৰ লৈ আহিল। তেওঁ ক’লে — ‘চৰাইৰ ওচৰলৈ মইহে যাওঁ। হাবিৰ মাজত বহি সিহঁতৰ গতি-বিধি লক্ষ্য কৰো। আনকি সিহঁতৰ মাত-অনুকৰণ কৰি মাজে মাজে মাতিবলগীয়া হয়।’ তেওঁ টেপৰেকৰ্ডাৰটো বজাই দিলে। চৰাই কিৰিলি, বতাহৰ শব্দ, শুকান পাতৰ খচ্‌চনি আদিৰে নিমিষতে ঠাইখন মুখৰ হৈ উঠিল।

 টেপৰেকৰ্ডাৰটো বন্ধ কৰি খুড়াই ক’লে —

 — ‘পৃথিৱীত কিমান ধৰণৰ চৰাই আছে তোমালোকে জানানে?

 —‘নেজানো খুড়া, কওঁকচোন।’ সিহঁতে চৰাইৰ বিষয়ে জানিবলৈ কৌতুহলী হৈ উঠিল। খুড়াই কৈ গ’ল —

 —‘পৃথিৱীত আঠ হেজাৰতকৈও অধিক জাতিৰ চৰাই আছে। চৰাইৰ জীৱন বৰ ৰহস্যময়। সিহঁত মুকলি আকাশৰ প্ৰাণী। পৃথিৱীখনেই সিহঁতৰ ঘৰ। কিছুমান অসমৰ চৰাই বহু দূৰ দূৰণিলৈ গুচি যায় আকৌ আহেগৈ। সেইদৰে সূদূৰ ইউৰোপ, জাৰ্মান, ৰাচিয়া, আফগানিস্থান আদি দেশবোৰৰ পৰা শ শ চৰাই অসমলৈ আহি বাস কৰেহি। এই চৰাইবোৰৰ যেতিয়া সিহঁতৰ দেশবোৰত শীতকালি বৰফ পৰে, পানীবোৰ গোটমাৰি যায় তেতিয়া থকা আৰু খোৱা বৰ কষ্ট হয়। সেইবাবে শ শ মাইল উৰি আমাৰ এইখিনি পায়হি। গ্ৰীষ্মকাল অহাৰ লগে লগে সিহঁত পুনৰ উভটি যায়গৈ।’

 — ‘সিহঁতে ইমান দূৰ উৰিব পাৰেনে?’ ৰিজু আচৰিত হ’ল।

 খুড়াই বুজাই ক’লে – ‘প্ৰত্যেক জাতৰ চৰাইৰ উৰণ শক্তি বেলেগ বেলেগ। সিহঁতে একেবাৰে ছয় ঘন্টাৰ পৰা এঘাৰ ঘন্টালৈকে উৰিব পাৰে। ‘কূট’ নামৰ এবিধ চৰাইয়েতো এবাৰত এশ ষাঠি মাইল উৰিব পাৰে। সেইদৰে ‘মনিয়ৰি’য়ে এশ বিশ মাইল, ‘উদক’কে দুশ পঞ্চাশৰ