পৃষ্ঠা:পাখি লগা মন.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ভয়

 সি ক’লে — ‘মই হাঁহজনীৰ লগত খেলি পুখুৰীত এৰি দিথৈ আহিম মা।’

 মাকে ক’লে— ‘নালাগে। আজি হাঁহজনী মাৰিব নহয়।’

 — ‘মাৰিব? কিয়?’ সোণকণ আচৰিত হ’ল।

 — ‘আজি পেহীদেউৰাহঁত আহিব। দেউতাৰে বজাৰৰ পৰাআহি কাটি বাচি দিবহি। তুমিও সোনকালে দাদাৰ সতে গা পা ধুই আজৰি হৈ লোৱা।’ কৈ কৈ মাক কামত লাগিল।

 বহুদিনৰ মূৰত সোণকণৰ পেহীয়েকহঁত ল’ৰা-ছোৱালী কেইটাৰ সতে আহিব। ঘৰত এটা উলহ-মালহ।

 পিছে সোণকণ নাচোৰবান্দা। কিয় মাৰিব হাঁহজনী? সি হাঁহজনী পুহিব। আজৰি পৰত খেলিব। ইতিমধ্যে হাঁহজনীয়ে তাক চিনি পাইছেই। তাৰ মাত শুনিলেই তাই পেক্‌ পেক্‌কৈ কিবা এটা কয়। দুদিনতে ঘৰখনৰ চিন ৰাখিছে। নিজে নিজে পুখুৰীৰপৰা উঠি ঘৰ পায়হি। দেউতাকক সি মাৰিবলৈ নিদিয়ে। সোণকণে থেন্‌থেনাবলৈ ধৰিলে। তাকে দেখি ষষ্ট