পৃষ্ঠা:পাখি লগা মন.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অৰণ্যত এনিশা

অভিলাষহঁতে বুজিব পাৰিলে যে সিহঁতৰ বাট ভুল হৈছে। হয়তো পাহাৰটোৰ উত্তৰ দিশেহে নামিব লাগিছিল। সেয়েহে পুনৰ পাহাৰটোত উঠিবলৈ—ধৰিলে ৷ সিহঁতৰ খোজ খৰ হ’ল। কিয়নো খৰ গতিত দিনটো শেষ হৈ আহিছিল। সিহঁতৰ ভিতৰত ৰিজুৱে সৰু। সি ষষ্ঠ মানত পঢ়ে। বাকীকেইটা অষ্টম শ্রেণীত।

 স্কুলখনৰ প্ৰায় এশ ল'ৰা-ছোৱালী পিক্‌নিক্ খাবলৈ আহিছিল। বাটতে এখন বাছৰ বিজুটি ঘটাত বাৰমান বজাতহে আহি পাইছিলহি। ভাতখাই উঠোতেই তিনি বাজো বাজো হ’ল। হাতত অলপ সময় থকাত কিছুমান ল’ৰা-ছোৱালীয়ে শিলনিত বৈ থকা জুৰিটোত খেলিবলৈ ধৰিলে৷ অভিলাষহঁতে এপাক ফুৰি আহো বুলি পাহাৰটোত উঠিবলৈ ধৰিলে। শিক্ষক-শিক্ষয়িত্ৰীসকলে সকলোকে বাছত উঠা আগতে যদিও লগ নেৰিবলৈ সঁকিয়াই থৈছিল, সিহঁতে বনৰ চৰাই খেদি শুকান পাকখোৱা শিপা বিচাৰি, বগৰী বিচাৰি কেতিয়া যে ডাঠ হাবিখনত সোমাই পৰিল গমেই নেপালে। হঠাৎ আকাশ ডাৱৰে ছানি ধৰিলে। ক’ৰপৰা জানো আৱৰীয়া বৰষুণজাক হৰ্‌হৰাই পৰিবলৈ ধৰিলে৷ লগৰীয়াহঁতৰ ওচৰলৈ বেগাই উভতিছিল যদিও দপ্‌দপাই অহা বৰষুণজাকৰপৰা ৰক্ষা পাবলৈ সিহঁতে জোপোহা এটা বিচাৰি দৌৰিবলৈ ধৰিলে। জোপোহা এটাত চাৰিওটা সোমাই পৰিল৷

 যেতিয়া বৰষুণজাক শাম কাটিল, সিহঁতে লগৰীয়াহঁতক বিচাৰিবলৈ ধৰিলে। কিন্তু সিহঁতে কাকো লগ নেপালে। সিহঁতৰ চিঞৰবোৰ পাহাৰত ঠেকা খাই নিজানত মিলি গ'ল।

 সন্ধ্যা নামি আহিল। পাহাৰটোত উঠি সিহঁতে কেউদিশে চাই পঠিয়ালে,উৱাদিহ হ’লে একো নেপালে। ৰিজুৰ চকুত পানী ওলাই আহিল৷

 হঠাৎ প্রতীম চিঞৰ উঠিল—“সৌৱা চা চা পোহৰ! আমি তালৈকে যাওঁ ব’ল।”

 সিহঁতে দূৰৈত ক্ষীণ পোহৰ এটা দেখা পালে৷ ৰিজুক হাতত ধৰি অভিলাষে ক’লে -“ব’ল কিজানি তাতে কিবা সহায় পাম।” দলটোৰ