মাকে ক’লে —‘ব’লা। আগতে হাত-মুখ ধুই আঁহাগৈ। মই তোমাক খাবলৈ দিওঁ।’
টুবুল হাত মুখ ধুবলৈ গ’ল। মাক পাগঘৰলৈ আহিল। স্কুলৰ পৰা আহিলে মাকে টুবুলক যতনাই ভাত অকণ খাবলৈ দিয়ে। স্কুললৈ যোৱাৰ পৰত লৰালৰিকৈ মাত্ৰ বাটাৰ ভাত দুচামুচ মান খাইহে যায়।
ভাতৰ টেবুলত বহি টুবুলে একেটা প্ৰশ্নকে কৰিলে৷ মাকে বহি লৈ — ‘কথাটো কিয় সুধিলা। কোৱাছোন টুবুলে কৈ গ’ল —
কাইলৈ জন্মাষ্টমীত স্কুল বন্ধ নহয়।
আমি ‘টিফিন টাইম’ত খেলি থাকোতে পিটাৰে সোধাতহৰ্ষই ক’লে — ‘জন্মাষ্টমীৰ দিনা আমাৰ ঈশ্বৰ শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। শ্ৰীকৃষ্ণ ঈশ্বৰ সকলোতকৈ ডাঙৰ আৰু শক্তিশালী।
পিটাৰে ক’লে — ‘নহয়, আমাৰ যীচু ইমান দয়ালু যে তেওঁ সকলোকে ক্ষমা কৰে। মৰা মানুহক তেওঁ জীয়াই তোলে।’
হৰ্ষই ক’লে — ‘আমাৰ ঈশ্বৰ গিয়ানী। দোষীক শাস্তি দিয়ে, সৎ জনক সহায় কৰে।’— পিটাৰৰ খং উঠি গ’ল। ক’লে, — ‘আমাৰ যীচুৱে শাস্তি নিদিয়ে, ক্ষমাকৰি শুধৰণি হ’বলৈ দিয়ে।’ দুয়োটাৰে কজিয়াই লাগিছিল। ভাগ্যেই বেল পৰিল বুলিহে। পিটাৰ মোৰ ভাল বন্ধু। হৰ্ষই আক’ মোক মাতিবলৈ মানা কৰিছে।’ একে উশাহে কথাখিনি কৈ টুবুলে মাকলৈ চালে।
মাকে পানী এগিলাচ আগবঢ়াই ক’লে—
— ‘ইমান সৰু কথাতে কাজিয়া কৰেনে?’
— ‘সৰু কথা?? এয়া ঈশ্বৰৰ কথা মা।’
টুবুলৰ কথাত মাকে ক’লে —‘কথাটো ডাঙৰ। কিন্তু তোমালোকে বুজাত হে ভুল কৰিছা।’ মাকে ওচৰতে থকা ফুলকটা প্লাষ্টিকৰ ট্ৰেখনত থকা নিমখ দানীটো আৰু আচাৰৰ বটলটো আঁতৰালে। তাৰ পিছত বটলৰ পৰা অলপ পানী ঢালি দিলে। পানীবোৰ যেনি তেনি গৈ অ’ত ত’ত ডোঙা পাতিলে। তাকে দেখুৱাই তেওঁ ক’লে —