পৃষ্ঠা:পাখি লগা মন.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
পাখি লগা মন

হ’ল, ভাষা হ’ল। তেওঁলোকে সময়ত নিজৰ নিজৰ প্ৰভু এজন এজন মানি ল’লে। কিছুমানে ক’লে আকাশৰপৰা দেৱদূত আহি যীচুক জন্ম দিলে। কিছুমানে ক’লে শ্ৰীকৃষ্ণৰ জন্ম হ’ল। এনেদৰে একোজন একোজন নিজৰ নিজৰ ঈশ্বৰৰ সৃষ্টি হ’ল। বেলেগ বেলেগ নহ’বনো কিয়? — ভাবাছোন বিশাল পৃথিৱীখনৰ অ’ত ত’ত থকা মানুহবোৰৰ মনবোৰনো মিলিব কেনেকৈ? কিন্তু বেলেগ বেলেগ জাতৰ, ধৰ্মৰ, ভাষাৰ বেলেগে বেলেগ প্ৰভু হ’লেও কিন্তু ওপৰত থকা ভগৱান জন এজনেই থাকিল। যেতিয়া ডাঙৰ হবা সকলো ভালদৰে বুজিব পাৰিবা। —মানুহৰ সংখ্যা বাঢ়ি বাঢ়িহে এতিয়া চব একাকাৰ হৈ পৰিল। হ’লেও প্ৰত্যেকেই য’তে নাথাকক নিজৰ নিজৰ নিয়মত নিজৰ নিজৰ ধৰ্মৰে পৃথিৱীত সকলো শান্তিৰে বাস কৰি আছে।’

 ভাত খাই শেষ কৰা টুবুলক দৈ অলপ দি মাকে পুনৰ ক’লে ‘তোমাক মই আৰু ভালকৈ বুজাই দিও ৰ’বা। তোমালোকৰ শ্ৰেণীত কিমান ছাত্ৰ-ছাত্ৰী?’

 — ‘৪৫ টা’ টুবুলে ক’লে।

 — ‘পঁচল্লিশটা ল’ৰা-ছোৱালীৰ নিজৰ নিজৰ ঈশ্বৰ, ধৰ্ম আছে নে নাই?’

 — ‘আছে।’

 — ‘সেইদৰে তোমাৰ শ্ৰেণীত বেলেগ বেলেগ পঢ়া বিষয় আছেনে নাই?’

 —‘আছে।’

 — ‘প্ৰত্যেক বিষয়ৰ বেলেগে চাৰ, বাইদেউ নাই জানো?’

 — ‘আছে।’

 — ‘তেওঁলোকে বেলেগ বেলেগ বিষয় পঢ়ায় আছে। এয়ে শৃংখলা বা শান্তি। আনহাতে এনেদৰেই আটাইবোৰ শ্ৰেণীৰ বিষয় চাৰে পঢ়ায় আছে। কিন্তু সকলোবোৰ চাৰক আৰু ছাত্ৰ-ছাত্ৰীবোৰৰ ওপৰত চকু দিবলৈ মাত্ৰ এজইে প্ৰধান শিক্ষক নহয় জানো?