পৃষ্ঠা:পাখি লগা মন.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সাহসী পল

নপৰাত সি আলি কাষত থকা গছ কেইজোপাৰ এজোপাত উঠি ভাল ফেঙেনি এটা চাই বহি ল’লে ৷ পুৱা যেনে তেনে ঘৰলৈ যোৱা বাট বিচাৰি ল’বই। সি ভয় নেখাবলৈ চেষ্টা কৰিলে ৷ কাৰণ মাকে তাক কয় বিপদত সাহসেহে সহায় কৰে।

 ভোকত তাৰ পেট কল্‌ মলাবলৈ ধৰিলে। মাকে তাক আজি তৰা পাতত বান্ধি সিজোৱা ভাত ‘পুৰাং’ খুউৱা কথা আছিল। তাৰ বুকুখন ধিপ্ ধিপালেও জোনাক নিশা কাৰণে মনতো ভাল লাগিল। সি মাকে কোৱা সোণ ৰূপৰ জখলা ‘মাঃয়িং’ আৰু ‘মাংকং’ ৰে সিহঁতৰ দেৱতা নামি অহা সাধুটোলৈ মনত পেলাবলৈ চেষ্টা কৰি চকুযোৰ জপাই দিলে।

 চৰাই মাতত পলে সাৰ পালে। একে জাপে সি গছৰ পৰা নামিল। কিছু সময় পাৰ হ’ল। দুখনমান সৰু ডাঙৰ মটৰ গাড়ী অহা-যোৱা কৰিলে। দুটা এটাকৈ মানুহবোৰো সি দেখা পালে। তেনেতে সি কথাপাতি হুলস্থুল কৈ অহা ল’ৰা এমখা দেখা পালে ৷ সিহঁতৰ কান্ধত কিতাপৰ বেগ। তাৰ মনটো বৰ ভাল লাগিল। ওচৰ পোৱাত সি সুধিলে —

 — ‘তোমালোক কোন ইস্কুলত পঢ়াহে?’

 — ‘গমীয়ামাৰি স্কুলত।’ এটাই উত্তৰ দিলে।

 — ‘মইও তোমালোকৰ লগতে যাঁও দেই।’ কথাকেইষাৰ কৈ সি সিহঁতৰ পিছে পিছে গ’ল। সিহঁতক সি তাৰ গাঁওখনৰ কথা সুধিলে সিহঁতে চিনি নেপাওঁ বুলি ক’লে।

 ল’ৰাকেইটা স্কুল পোৱাত সি শিক্ষক এজনৰ ওচৰলৈ লৈ যাবলৈ ল’ৰাএটাক ক’লে। ল’ৰা এটাই তাক লৈ গ’ল।

 পলে শিক্ষকজনক সঁচা কথাটোক’লে। পলৰ সাহস আৰু বুদ্ধি দেখি শিক্ষকজনে তাক শলাগিলে। তেওঁ ডাঙৰ ল’ৰা এটাক মাতি পলক ঘৰত থৈ আহিবলৈ ক’লে।

 ল’ৰাটোৱে পলক লৈ সি অহা বাটেৰে ক্ষন্তেক দূৰ আহিয়ে বাটৰ পৰা তললৈ নামিল। কিছু দূৰ গৈয়ে নৈখন পালে। দুয়োটা নৈ পাৰ হৈ গাঁৱৰ ফালে আগবাঢ়িল।