ধুমুহাজাক শাম কাটিল। কিন্তু কিন্কিনীয়া বৰষুণ আৰু চেঁচা
বতাহজাক হ’লে আহিয়ে থাকিল। ৰিজু, প্ৰতীম, অভিলাষ আৰু অমৃত
আটাইকেইটাই হাতত ধৰাধৰিকৈ পাহাৰটোৰ পৰা নামিবলৈ ধৰিলে।
সিহঁত তিতি তেনেই জুৰুলী জুপুৰী হ’ল।
পাহাৰটোৰ তল পাই অভিলাষহঁতে চাৰিওফালে চালে। এটা সময়ত