পৃষ্ঠা:পাখি লগা মন.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পাখি লগা মন


 আগানিস্থানৰ এখনি সৰু গাঁও কাদম। জালালাবাদ নামৰ চহৰখনৰ পৰা চল্লিশ কিলোমিটাৰ মান দূৰ। তাত ঝাৰাৰ পেহীয়েকৰ ঘৰ। ভাৰতবৰ্ষৰ জম্মুৰ ওচৰৰ উদমপুৰত তাইৰ ঘৰ। মাক পিতাকে তাইক লৈ পেহীয়েকৰ ঘৰলৈ উৎসৱ এটাত ভাগ ল’বলৈ আহিছিল।

 ৰাতিপুৱা বিচনাত থাকোতেই আকাশী যানেৰে পেলোৱা বোমাত কাদম গাঁওখন জুই, ধোঁৱা আৰু ছাঁইৰ মাজত নিমিষতে চিন-চাব নোহোৱা হৈ গ’ল। তাৰ মাজতে দুদিনৰ পিছত সামৰিক বাহিনীয়ে উদ্ধাৰ কৰিলেহি দুজন আদহীয়া মানুহ, আৰু আশী বছৰীয়া বৃদ্ধ এজন লগতে মাটিৰ ঘৰৰ তলত থকা কোঠালি এটাৰ পৰা ঝাৰাক। ঝাৰাৰ জীৱন ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা বৃদ্ধজন মৃত প্ৰায়। বচাৰ আশা নাই।

 বাতৰি কাকত, টেলিভিচনত বাতৰিটো পাই গোটেই পৃথিৱীৰ মানুহবোৰে বৰ দুখ পাইছে।

 — ‘দেউতা কোনে বোমা পেলালে?’ শ্ৰবে দেউতাকক সুধিলে।

 — ‘সেইবোৰ তুমি নুবুজিবা৷’ দেউতাকে ক’লে।

 —‘কোৱাছোন মই বুজিম নহয়।’

 —‘মাৰ্কিনে।’

 — ‘কিয়।’

 — ‘লাডেনৰ শিবিৰ ধ্বংস কৰিবলৈ

 —‘লাডেন কোন?’

 — ‘উগ্ৰবাদী।’

 —‘উগ্ৰবাদী কি?’

 — ‘এবিধ বেয়া মানুহ। গুলি, বোমা বাৰুদেৰে পৃথিৱীৰ ঠাইবোৰ, মানুহবোৰ ধ্বংস কৰি ফুৰে।’

 —‘মাৰ্কিন উগ্ৰবাদী?’

 মনোযোগেৰে টি, ভি, চাই থকা দেউতাক ৰৈ গ'ল। তেওঁ শ্ৰবলৈ চালে। ক’লে —