চিন্তা-তৰঙ্গ (আগ-ছোৱা)
চিন্তা-তৰঙ্গ।
(আগ-ছোৱা)
শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্য দ্বাৰা
প্ৰণীত আৰু প্ৰকাশিত।
উজানবাজাৰ, গৌহাটী।
নতুন তাঙ্গৰণ।
কলিকতা,
৬নং কলেজ-স্কোৱাৰ, সাম্য-প্ৰেচত,
শ্ৰীদেবেন্দ্ৰনাথ বন্দ্যোপাধ্যায় দ্বাৰা মুদ্ৰিত।
১৯৩৩
মূল্য ৷৵৹ অনা মাথোন।
চিন্তা-তৰঙ্গ।
(আগ-ছোৱা)
শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্য দ্বাৰা
প্ৰণীত আৰু প্ৰকাশিত।
উজানবাজাৰ, গৌহাটী।
নতুন তাঙ্গৰণ।
কলিকতা,
৬নং কলেজ-স্কোৱাৰ, সাম্য-প্ৰেচত
দেবেন্দ্ৰনাথ বন্দ্যোপাধ্যায় দ্বাৰা মুদ্ৰিত।
১৯৩৩
মূল্য।৵৹ অনা মাথোন।
⸺ উৎসৰ্গ ⸺
এই গ্ৰন্থ খনি
মোৰ অতি স্নেহৰ কন্যা
শ্ৰীমতী উষালতা ভট্টাচাৰ্য্যৰ
হাতত মোৰ স্নেহ উপহাৰ
সমৰ্পণ কৰিলো।
শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্য।
পাতনি।
মই বহুদিনৰ পৰা পুৰাণ আৰু ইতিহাস পঢ়ি পঢ়ি ইয়াকেইহে পাইছোঁ যে, প্ৰাচীন আৰ্য্য জাতিৰ মূল জ্ঞান পৃথিবীৰ সদৌ মানৱ জাতিয়ে ক্ৰমে শিক্ষা কৰি জ্ঞানী আৰু সভ্য হৈ পৰিছে, মনুত লেখা আছে, “এতদ্দেশ প্ৰসূতস্য সকাশাদগ্ৰ জন্মনি স্বং স্বং চৰিত্ৰম্ শিক্ষেৰণ পৃথিব্যাং সৰ্ব্ব মানবা”। পৃথিবীৰ সৰ্ব্বমানৱ জাতিক আচাৰ চৰিত্ৰ আদি জ্ঞান শিক্ষাৰ নিমিত্তে ভাৰতৰ আৰ্য্য জাতিয়ে এদিন আহ্বান কৰিছিল, আজি ভাৰতত সেই আৰ্য্য জাতি কালৰ ঢৌত একেবাৰে লুকাল। আমি এতিয়া প্ৰাচীন যুগৰ সভ্য বোলোৱা জ্ঞান আৰু সভ্যতা পাহৰি এনে বিশৃঙ্খল হিন্দু জাতি হৈ পৰিছোঁ যে, আমাৰ ভিতৰত দেশ-প্ৰেম আৰু একতাৰ অতিশয় অভাৱ হৈ পৰিছে, এই নিমিত্তে মই হিন্দু নামটিৰ মানে কৰোঁ দ্বৌ গুণৌ হিনৌ হিন্দু, হিন্দু শব্দৰ দীৰ্ঘ ঈকাৰ নহৈ হ্ৰস্ব ইকাৰ হোৱা মই ভুল বুজোঁ। আমাৰ ভিতৰত এটি বৰ দোষ হৈ পৰিছে যে, আমাৰ ইংৰাজী শিক্ষিত ডেকা সকলে বৰ্ত্তমান ৰামায়ণ, মহাভাৰতৰ কথাকে কব নোৱাৰে, ইউৰূপৰৰ ফালৰ পুৰাণ আৰু বুৰঞ্জীকেহে সচাঁ বুলি মানে। অনেকে ইংৰাজী পঢ়ি ৰামকো নথকা পাতে শ্ৰীকৃষ্ণকে নথকা পাতে আৰু মহাভাৰত ৰামায়ণৰ সকলো কথাকে কবি কল্পনা পাতে। এই [ পাতনি ] গ্ৰন্থখনিৰ “হিমালয়ৰ প্ৰতি সম্বোধন” পদ্যটি ডেকা সকলৰ অজ্ঞানতা দোষ খণ্ডাবৰ নিমিত্তে লেখা হৈছে, বাকী পদ্যবিলাক তাহানি দিনৰ পুৰণি “জোনাকীত” লেখাৰ পৰা উদ্ধাৰ কৰি প্ৰকাশ কৰা হৈছে। অৱশেষত পাঠক পাঠিকা সকলক মোৰ ভুলচুক দেখিলে যেন ক্ষমা কৰে ইয়াকেহে খাটিলোঁ।
মোৰ পৰম বন্ধু কবি শ্ৰীযুত ৰঘুনাথ চৌধুৰীয়ে প্ৰুফ চোৱাবাবে কৃতজ্ঞতাৰে তেওঁৰ শলাগ ললো। ইতি
শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্য।
চিন্তা-তৰঙ্গ
(আগ ছোৱা)
হিমালয়ৰ প্ৰতি সম্বোধন
(১৯১৯ ইং ৭ মে তাৰিখে দাৰ্জ্জিলিং দৃশ্য
পৰ্ব্বতৰ ওপৰত উঠি মনৰ চিন্তা)
তুমিয়েই নে গিৰিৰাজ ভাৰতৰ সাক্ষী
যি কালত ফুলিছিল ভাৰত-ফুলনি?
তাৰেই নেকি জ্ঞানৰ সৌৰভ প্ৰভাৱে
আলোকিত কৰিছিল মানৱ ধৰণী?
আছিল যিদিনা অতি আৰ্য্যৰ প্ৰতাপ
কঁপাই অৱনীৰ যি সপ্তদ্বীপা ধৰা,
এনেদৰে সিদিনা কি তোমাৰ বক্ষত
জ্বলিছিল গোটে’ ৰাতি শাৰি শাৰি তৰা[১]?
- ↑ (১) ইলেক্ত্ৰিক বন্তি
তোমাৰ বক্ষত আজি সুখে বাস কৰে
নিৰমাণি আচৰিত অতি ৰম্য ঘৰ,
সুন্দৰ সুন্দৰী কেনে নৰ-নাৰী।
আহিছে সগৰ্ব্বে যেন দেখোঁ বৃটনৰ।
এই শ্বেতকায় জাতি এনে পৰাক্ৰমী
কঁপায় ধৰণী আজি তলমল কৰি;
অগ্নি বায়ু বৰুণে সেৱিছে চৰণে
ই জাতিৰ সদায়হে কৰযোৰ কৰি।
শাৰি শাৰি শ্বেতকায় ৰমণী সকল
ফুৰিছে উলাহ কৰি সগৰ্ব্বে মনত;
লগত লগৰী কৰি পুৰুষসকল
ফুৰিছে সকলো যেনে অতি সন্তোষত।
অহ! কি সুন্দৰ দেখোঁ ই নগৰ শোভা
এই যেন সচাকৈয়ে অমৰ ভুৱন,
বোলে নে ইয়াকেই বৈজয়ন্তী পুৰী
ৰাতিও প্ৰকাশে যত সূৰ্য্যৰ কিৰণ।
নাই ইয়াত অমাৱস্যা ৰাতি কোনো দিন
বিষাদৰ কলা মেঘে নাঢাকেও মন,
খেলিছে আনন্দ গীতে * আকাশত ঢৌ।
সহ কামিনীৰ কণ্ঠ সুৰৰ মিলন।
যুৰোপীয়ানসকলৰ বল-নাচৰ গান বাজনা।
শুনি ই অমিয়াসনা সুৰৰ লহৰি
নিজেকে পাহৰি মই গলোঁ এই বেলা,
এনেতে কিহৰ এটি কান্দোন ধ্বনিয়ে
ভাঙ্গিলে মনৰ মোৰ আনন্দৰ খেলা।
ৰিণি ৰিণি শুনা যায় বিলাপৰ ৰোল
কৰ পৰা উঠে ইটো নিৰণয় নাই—
“পাপৰ অমানিশাই আজি ভাৰতৰ
গিলিলে সকলো পিনে সত্যক লুকাই”।
কলৈ গ'ল আৰ্য্য জাতি নাই চিন-ছাব
কালৰ কৰাল মুখে সৱাকো গ্ৰাসিলে;
মহা জ্ঞানী ঋষি যত আজি কলৈ গ’ল,
বিষাদৰ ছবিটিহে কালে থিতাপিলে।
নাই আজি যজ্ঞ ধূম আৰু বেদধ্বনি
তুলি আকাশত ঢৌ ঋষিবালা-গানে,
কেতেকীৰ সুমধুৰ সুৰেৰে মিলাই
গাইছিল নিজৰাৰ শব্দ তালে তালে।
চেৱে চেৱে নাচিছিল চালি দি ম’ৰাই,
শলাগিছিল কুলিয়ে কুহু কুহু কৰি;
ধৰিছিল [১] গুৱলাই সপ্তমত ৰাগিণী,
হয় দিয়ে হেটুলুকা ঠেও ধৰি ধৰি।
- ↑ * গুৱালা চৰাই
যজ্ঞ অন্তে শঙ্খ-ধ্বনি হলহি যেতিয়া
মহৰ্ষিসকলে কৰি কৌতূহল মনে,
আহিছিল তেতিয়াই হৰিণ হৰিণী
লগত পোৱালী লৈ ৰং কৰি মনে।
নাছিল তেতিয়া তাত হিংসা বিভীষিকা
জিতেন্দ্ৰিয় ঋষি যত পৰম তাপস,
সিংহ বাঘ ভালুকেও সাত্ত্বিক গুণেৰে
মানিছিল তাত আহি অতিকৈ বশ।
ধৰ্ম্মে যাৰ সনাতন পাইছিল নাম,
মানুহত দেৱতা কৰাৰ হে কাৰণ;
তেনে আৰ্য্য ঋষি মুনি আজি কলৈ গ'ল
কাল আজি কৰিলে ভাৰত পৰপদতল।
হৃদয়বিদাৰী এনে বিলাপৰ কথা
যেতিয়া শুনিলো ৰিণি কৰুণ সুৰৰ
মুৰ তুলি চাৰিপিনে চাবলৈ ধৰিলোঁ
জানিলো ই কথা যিনি কাঞ্চণ শৃঙ্গৰ। [১]
ঘূৰাই এতিয়া মুখ ধৱলালৈ চালোঁ,
কোৱা হেৰা গিৰিৰাজ শুনো বাৰু কথা
আছিল নে আৰ্য্য এটি জাতি ভাৰতত?
গুচোক মনৰ মোৰ সন্দেহৰ ব্যথা।
- ↑ * কাঞ্চণ শৃঙ্গ গিৰি।
এনেদৰে কিহে গিৰি তোমাৰ হিয়াত
বিজ্ঞান কৌশল কাৰ্য্য এতিয়াৰ যেনে
দেখাইছিল নে হিন্দুৰ পূৰ্ব্ব পিতৃহঁতে,
কঁপাই পৃথিবী নিজ-বাহু পৰাক্ৰমে?
কৰিছিল বিজুলীৰ চাকিৰে পোহৰ
এনেদৰে সিহঁতৰ কোৱাচোঁ নগৰ?
সঁচাকৈয়ে বিমান আছিল সিহঁতৰ
ফুৰিছিল আকাশেদি দেশ-দেশান্তৰ?
কৰিছিলে সিসকলে কলৰ জাহাজ
ফুৰিবলৈ সমুদ্ৰেদি বাণিজ্য কাৰণ;
হাৱাগাড়ী [১] সিহঁতৰ কথাটিনে সচাঁ
কৰিবলৈ ৰং মনে ত্বৰিত ভ্ৰমণ?
আছিল নে অগ্নি অস্ত্ৰ হিলৈ বৰতোপ
সিদিনাৰ প্ৰতাপী আৰ্য্যৰ দিনত?
আছিলনে সিদিনা এনে সাংঘাতিক ব্যোম্
নৰহত্যা কৰিবলৈ উঠি আকাশত?
এনে কাপুৰুষ দৰে কৰিছিল ৰণ
আৰ্য্যেও তেতিয়া কিহে ভাৰতৰ?
আছিলনে বীৰ এনে কাপুৰুষ দৰে
বিনশা জীৱন অস্ত্ৰ নথকা লোকৰ?
- ↑ (১) Motor Car.
শুনিলো এনেতে মই কোৱা এই কথা—
মেঘৰ গাজনি দৰে গিৰিৰ উত্তৰ,
“কৰ পৰা আহিছহে তই নৰাধম,
কিয় সোৱঁৰালি কথা অতিকৈ দুখৰ?
অভাগিনী ভাৰতৰ হোৱনে সন্তান।
নহলে সুধিবি কিয় আৰ্য্যৰ কাহিনী?
নাই তোৰ গাত কিন্তু আৰ্য্যৰ আকৃতি
গুণত আৰ্য্যৰ দৰে সাহে অগ্ৰগামী।
কি সুধিছ ভাৰতৰ নাই সেই দিন,
ধৰ্ম্মহীন জাতি আজি ভাৰত-সন্তান,
হীনবীৰ্য্য কাপুৰুষ মন বৰ ঠেক
প্ৰেমহীন স্বদেশলৈ পৰম অজ্ঞান।
কোন আছে এনে জাতি পৃথিবীত
বিদেশীয়ে দিছে নাম যাৰ আজি হিন্দু,
নানা জাত নানা ধৰ্ম্ম মিল নাই কাৰো
মনুষ্যত্ব হীন যাৰ প্ৰেম নাই বিন্দু!
সুধিছ মোক হিন্দুৰ অতীত গৌৰৱ,
কওঁ শুন এতিয়াহে এক এক কৰি,
ইয়াতেই শোভিছিল বৈজয়ন্তী ধাম
নানাৰূপ আলোকৰ সদা চিত্ৰ ধৰি।
নহয় কবি-কল্পনা বিমানৰ কথা—
আকাশেদি অহা যোৱা কৰা দেৱতাৰ,
মেঘৰ আঁৰত থাকি কৰিছিল ৰণ।
মেঘনাদ আদিয়েও বীৰ অৱতাৰ।
ভাৰতৰ বাণিজ্য পোত বহু দূৰ গৈ
আনিছিল পণ্য দ্ৰব্য নহয় কল্পনা,
মিছৰৰ আছিল মিত্ৰ কৰতলগত
বাঢ়য় ই কথা ভাবি মনৰ যন্ত্ৰণা।
নাজাননে নল ঋতুপৰ্ণৰ আখ্যান।
একে দিনে নল ৰজা বহু দিন পথ;
লৈ যোৱা ঋতুপৰ্ণক বিজ্ঞান-কৌশলে
নহয় কবি কল্পনা যেতিয়া সেই ৰথ।
[১] এটি বাণ অৰ্জ্জুনৰ দহোটি যুৰিলে
এৰিলে এশ হয় পৰিলেই হাজাৰ
নহয় নে এই ব্যোম? ভাবি চোৱাচোঁ,
শৰ অগ্নিবাণ মাত্ৰ নোহে ধনু কাঁড়।
নালিক, পাশুপাত, শতঘ্নি, ব্ৰহ্ম-অস্ত্ৰ,
কবিতাৰ কল্পনা এতিয়া যাক কয়,
সি বিদ্যা পাহৰিলে ভাৰত-সন্তানে
বৈজ্ঞানিক অস্ত্ৰ বিনা একোটো নহয়।
- ↑ *একধা গ্ৰহণে চৈব সন্ধানে দশধা সৰা,
প্ৰক্ষয়িপ্তা শতধা যান্তি নিপতন্তে সহস্ৰধা।
নাছিল অধৰ্ম্ম অন্যায় ৰণৰ নীতি
ধাৰ্ম্মিক বীৰ আৰ্য্য জাতি ভাৰতৰ,
পলাতক জনক কদা নবধে জীৱন।
পৃষ্ঠভঙ্গ দি যুজত যি হয় কাতৰ।
অধৰমে যুৰিলে দেশ কলি ফেৰত
শিশু তিৰী বধ কৰা বৰ্ষি অগ্নিবাণ
নাছিল আৰ্য্যৰ নীতি তেতিয়া দিনত
বোমাৰে দি গাঁও ভঙা বধ কৰা প্ৰাণ।
যুজাৰুসকল বিনা আৰ্য্যে কাকে হত্যা
নকৰিছিল কোনো দিন অন্যায় ৰণত;
যুদ্ধ গৈ পাতিছিল বহল পথাৰত
গাওঁ নগৰৰ পৰা বহুত দূৰত?
নিদিষ্ট ঠাই বিনা আৰ্য্যে কতো ৰণ
নকৰিছিল কোনো দিন গাঁও নগৰত,
কিন্তু এৱে দেখো তেনে ধৰ্ম্ম গুণ নাই—
ডুবিল মানৱ জাতি দোৰ্ঘোৰ পাপত!
দেখো সভ্য বোলা জাতি আজি পৃথিবীত
নিষ্ঠুৰ পশুৰ দৰে পাতে মহা ৰণ,
মেছিন, কামান, বোম আদি অগ্নিবাণে।
অস্ত্ৰহীন ৰাইজকো কৰে সংহৰণ।
আৰু দেখা যি সকল অসভ্য বৰ্ব্বৰ
বুদ্ধিহীন অজ্ঞান নাজানে বিজ্ঞান,
তাকে বধ কৰে বোমা আকাশৰ পৰা
ইও নে সভ্যতা? নাই দয়া লেশমান!
ই শিক্ষাই কুশিক্ষা দিছে পৃথিবীক
নৰহত্যা কৰিবলৈ শিকি তেনে কথা;
হিংসাই শিকায় হিংসা নাই তাৰ ওৰ
কৰিবলৈ অশান্তি ধৰাত সৰ্ব্বদা।
হায়! যি আৰ্য্য জাতি এইখন দেশৰ
আছিল এদিন কেনে জ্ঞানৰ ভঁড়াল,
আজি তাৰ সন্তানে শিকিবলৈ জ্ঞান
মাগিব লাগে বিদেশীক এনেহে কপাল।
স্বাধীনতা জাত ভয়ত হেৰালি তহঁতে
ভাৰত সন্তানহঁত পাপৰ কাৰণে,
জাতি যোৱা জাতিয়েও ৰাখে জাতিভেদ
পোৱাত কৈ অপমান ভালহে মৰণ।
ইচ্ছা হয় মই যেন পাতাল সোমাওঁ
ধৰাত কৈ শোকৰ পোৰণি সদায়,
সপ্তদ্বীপ অধিশ্বৰী ভাৰত জননী
সন্তানসকলে ভোগে অপমান বিলাই।
কপিল, সনক আদি ই দেশৰ জ্ঞানী
চৌবিশ অৱতাৰাদি গন্য ভিতৰৰ
যাৰ বুদ্ধ শ্ৰীকৃষ্ণ জগত ভূষণ
নৰ-কায় ধৰিও সত্ত্বা ঈশ্বৰৰ।
মান্ধাতা দিনৰ পৰা ক্ষত্ৰিয়ৰ ৰজা
ভাৰতৰ গৌৰৱৰ বংশ লোপ হল,
ৰামৰ ৰাজ্য অভিষেক পৰিলে মনত
হই পৰোঁ অতিকৈ শোকত বিহ্বল।
বশিষ্ঠ বিশ্বামিত্ৰ যি মহৰ্ষিসকলে
সপ্ত সমুদ্ৰ জলে অভিষেক কৰিলে
সগৰবে ৰামচন্দ্ৰক ৰাজাবৃন্দ লই
এনে আৰ্য্য প্ৰতাপক কিহে নো হৰিলে।
চন্দ্ৰ, সূৰ্য্যবংশ জন্ম এই ভাৰতত,
কুৰুবংশ পাণ্ডুবংশ ইয়াতে আছিল,
অনেক প্ৰতাপী ৰজা বৰ বাহুবলী
কালৰ মায়াত আজি সকলো পমিল।
আদি ৰজা সগৰৰ আজি কোনো নাই
সপ্তদ্বীপ অধীশ্বৰ সি জন আছিলে,
নিমূল ক্ষত্ৰিয়ৰ বংশ ভাৰতৰ
কালৰ কৰাল মুখে সৱাকো গ্ৰাসিলে।
য'ত শোভে ৰামৰ সিংহাসন সোণৰ
যাৰ কীৰ্ত্তি বাল্মীকিয়ে ৰচে ৰামায়ণ,
সি ঠাইত আজি কোনে পাতিলে নগৰ
সকলোকে কালে আজি কৰিলে হৰণ।
লুপ্ত গল অযোধ্যা কাল-কৱলত
হস্তিনা নগৰ লয় হ’ল শ্মশানত,
ভাবিলে ই কথা হয়! ডেই-পুৰি মৰোঁ,
উটি গল কীৰ্ত্তি যত কালৰ সোঁতত।
কৰিছিল ভাৰত ক্ষত্ৰিয়ে দিগ্বিজয়।
যেতিয়া পৃথিবীৰ বহু দূৰ দেশ গৈ
কৰিছিল মান্য ওৰে মানৱ জগতে
আজি হিন্দুৰ অপমান গলে বিদেশলৈ।
খাবলৈ নাপাই আজি ভাৰত সন্তানে
পাম পাতিবলৈ যায় বিদেশৰ স্থান,
তাতে পায় অপমান বৰ্ণৰ কাৰণ
চপনীয়া কুকুৰ যেনে চেই চেই জ্ঞান।
মনুষ্যত্ব হীন বাবে যি জাতি পতিত,
সাহ বল বিক্ৰম যাৰ খালে জাতি ভেদে,
ধৰ্ম্মৰ দোকানী যাৰ গোঁসাই পুৰোহিত
সনাতন ধৰ্ম্ম নাই দেখি মৰোঁ খেদে।
নাছিল ভাৰতৰ পূৰ্ব্বে ঘৰে ঘৰে ধৰ্ম্ম
হিন্দু, বৌদ্ধ, খৃষ্ট আৰু ইছলাম্ নামৰ,
“সনাতন” ধৰ্ম্মৰ মাথোঁ একেটি ঈশ্বৰ।
মানে আৰ্য্য ঋষিবোৰে উপনিষদৰ।
ই ধৰ্ম্মেই কৰিছিল অনাৰ্য্যকো আৰ্য্য
গাঁথিছিল সকলোকে কৰি এক জাতি,
বামুন শূদিৰসৱে একে জাতি গোত্ৰ
নভগাইছিল ধৰ্ম্ম ভাগ ভাগ বাঁটি।
আদি ধৰ্ম্ম শাস্ত্ৰ বেদ ই দেশে প্ৰচাৰে,
ছখান দৰ্শন যাৰ জন্ম প্ৰথমত
ওলাই যি দেশ পৰা প্ৰচাৰিলে তত্ত্ব
হ’ল তাৰ সন্তান আজি হতমূৰ্খ যত।
যি দেশৰ ঋষিয়ে মনি চাই জ্ঞানৰ
পাইছিল দ-তলি যি আতমা তত্ত্বৰ
আজি তাক ইউৰুপ, আমেৰিকা আদি
ফুৰিছে বিচাৰি দেশে সভ্য জগতৰ।
ওলাই যি দেশৰ পৰা পাতঞ্জল যোগ
দেখাইছিল মানুহক আচৰিত কাম
যোগৰ শক্তিৰ আৰু অস্তিত্ব আত্মাৰ
আজি ই হিন্দুৰ লোপ পৃথিবীত নাম।
প্ৰচাৰিলে যি দেশে বেদান্ত দৰ্শন
কৰিলে বেদকো অন্ত অসীম জ্ঞানৰ
এনে মহা জ্ঞানী ঋষি য'ত জন্মিছিল
ভাবা নে নাছিল সৃষ্টি কল কৌশলৰ?
দুৰ্য্যোধন সজা জতুগৃহ যাৰ নাম
খাৰ বাৰুদ আদি বিস্ফোৰক বস্তুৰে
থৈছিল ভৰাই খানি মৃত্তিকাৰ তল
বধিবলৈ পাণ্ডু পুত্ৰ কৌৰৱ নিষ্ঠুৰে।
থাকিলহেঁতেন যদি ঋষি ভাৰতত,
নহলহেঁতেন এনে কদাপি বিলাই,
নিৰ্ব্বোধ অজ্ঞানী সন্তানৰ দ্বাৰা
অন্তৰ অসাৰ যাৰ হিংসা দ্বেষে পাই।”
কান্দি কান্দি ধৱলাই এনেদৰে কৈ
নিতাল মাৰিলে হৈ শোকত বিহ্বল,
গৌৰীশঙ্কৰ চাই এতিয়া সুধিলোঁ
দেখিছোঁহে গিৰি তুমি নিমাত কেৱল।
হে গৌৰীশঙ্কৰ, লুপ্ত আজি নাম তোৰ
মহাযোগী শঙ্কৰৰ যোগ পীঠস্থান
ভাৰত কবিৰ তুমি আৰাধ্য দেৱতা
কিয় আছা মৌনী হৈ দিয়াহে উত্তৰ॥
তোমাক দেখিলে গিৰি মনে ৰং পায়
ভাবোঁ যেন পাতোঁ মই তোমাৰে মিতালি
কিন্তু আজি হিয়া মোৰ তেনে ওখ নাই,
দেশ দোষ, তাক তই তললৈ নমালি।
কৰিছিল এদিন মই হৃদয় বহল
তোমাত কৈ ওখ যেন অতিশয় বৰ,
সদৌ পৃথিবী তাত ভৰাব যেন পাৰোঁ
কিহে এনে আশা মোৰ আজিকৰে লৰ?
কিয় এনে আশা ভগ্ন মোৰ গিৰিৰাজ,
হ’ল তাক কওঁ মই তোমাক নীৰলে,
জন্ম মোৰ অসমত মনুষ্যত্ব হীন
দেশ দোষে চপৰালে মনক তললে।
নাপালোঁ হায় এটি বন্ধু এই অসমত
যাক দেখি মোৰ মন হয় পুলকিত
যাৰ উৎসাহৰ বাক্যে মোক ওখ কৰে,
কৰিবলৈ জীৱনৰ সংকল্প সাধিত।
কি কম হে গিৰিৰাজ বেজাৰৰ কথা,
যাকে দিওঁ হিয়া মোৰ সেয়ে ওলটায়,
প্ৰেমৰ সলনি পাওঁ ঘিণ পুৰস্কাৰ
ইয়াত হে মনে মোৰ বৰ দুখ পায়।
স্বদেশপ্ৰেমিক কৰি বিধি সৰজিলে
জীৱন কেৱল দুখ দৰিদ্ৰতা ভৰা
ঘনে পৰোঁ ঘনে কৰোঁ ধন উপাৰ্জ্জন
নাসাৰিলো হাত তেও ঘোৰ দুখ পৰা।
নহলে ধন অসমে বৰ ঘিণ কৰে
কিয়নো ইখান ধন খোছামুদী দেশ
ধন পালে ডাঙৰীয়া বৰ অহঙ্কাৰী
ওফোন্দা মুখেৰে ধৰা অহঙ্কাৰ বেশ।
বিশেষ ঘৈনী সকল বৰকৈ চোকা
দুখীয়া হলে প্ৰতিবাসীৰ নলয় খবৰ,
ওচৰচুবুৰীয়াক কৰে অতিকৈ ঘৃণা
ইদেশত নাই গোন্ধ অকণো প্ৰেমৰ।
বৰ ভয় পাওঁ গিৰি থাকি অসমত
সত্যক আশ্ৰয় কৰি থকাৰ বাবত
কি জানিবা অপমানে এই দেহ ভোগে
দুখীয়া হৈ থাকিলে অন্তিম কালত।
নকৰোঁ মই চিন্তা এই কথাৰ বাবে
নাপালোঁ কৰিব একো দেশৰ কাৰণে,
এইহে চিন্তাই মোৰ মন বৰ পোৰে।
হৰি কৃপা বিনা তাক পাৰে কোন জনে।
নাশিলে এই দেশখন ডাঙৰীয়াবোৰে,
চাকৰি পালেই উঠে ওফন্দি ভেমত,
মৌজাদাৰ হলে যে গপৰ ঠাই নাই,
ফুলি উঠে দেউতা বোলোৱা গপত॥
বৰ দুখ লাগে ভাবি দেশ ব্যৱহাৰ
নিষ্ঠুৰ হৃদয় হায় অনেক লোকৰ,
অপাৰ্থক ভাইৰ কোনে নলয় বতৰা
দেখাই আনক কিন্তু চানেকী ভক্তৰ।
আৰু বন্ধু পাতে লোকে টানত পৰিলে,
উদাৰ মনৰ বন্ধু যদি কোনোবাই
ৰক্ষা কৰে সি জনক, বিপদৰ পৰা,
সলায় মন সুদিন আহিলে ঘূৰাই।
এনে অকৃতজ্ঞ লোক দেখো অসমৰ
আছে যে অনেক ধৰা ভাও বৈষ্ণৱৰ;
মহাপ্ৰভু নাম ধৰে ঠেকত পৰিলে
নষ্ট কৰে ই সঙ্গে শুদ্ধ মন আনৰ।
যি মাটিত জন্ম লয় যি দেশৰ নৰে
তাৰ প্ৰতি প্ৰেম হোৱা অতি স্বাভাৱিক
এনে স্বদেশ প্ৰেম যি জাতিৰ নাই।
সেৱক আনৰ হোৱা ভাগ্য তাৰ ঠিক
পূৰ্ব্ব পিতৃ-পুৰুষৰ এনুৱা জাতিয়ে
কৰে নাম লোপ হৈ কুপুত্ৰ সন্তান,
স্বদেশদ্ৰোহিতা মাত্ৰ ধৰ্ম্ম হয় তাৰ
লজ্জাহীম নাই তাৰ নিজৰ সন্মান।
স্বদেশীক কৰে হিংসা, নসহে উন্নতি
দেখিলে সি নৰে, যাৰ অধম জীৱন।
এনে লোক যি দেশৰ লেখত অধিক
নাসাধে ঈশ্বৰে ভাল সি দেশ কাৰণ।
গিৰিৰাজ, আসামৰ ময়ো যে এজন
এনে বিধ মানুহৰ লগৰ মূৰতি,
ই কাৰণে বিদেশীয়ে ই দেশক হাঁহে
কৰিছেহি যি সকলে ইয়াত উন্নতি।
শিক্ষিত অশিক্ষিত দুবিধ সমান।
দেখো অসমীয়া স্বভাব লোকৰ
পৰশ্ৰীকাতৰ, গুণ খিয়লা-খিয়লি
নাই যে সহানুভূতি মিল পৰস্পৰ।
আৰু দেখো অসমীয়াৰ এটি কুলক্ষণ
সহিব নোৱাৰে গুণ কাৰো বখানিলে,
নিন্দা যদি কৰা যায় কোনোবা লোকৰ
বৰকৈ ৰং পায় হাঁহে তাক শুনিলে।
যিমানেই হ’ক গুণী আসাম দেশৰ
ধন হীন যদি হয় নাম তাৰ নাই
নকৰে কোনেও তাক অকনো আদৰ
মূৰ্খকো পণ্ডিত পাতে ধন দেখা পাই।
এনেবোৰ লোকৰ নিজ চানেকীয়ে
লৰা-ছোৱালীৰ কৰে যি চৰিত্ৰ গঠন
খোছোৰা বিয়াধি হৈ দেশৰ ভিতৰ
ঘটায় বিপত্তি দেশ উন্নতি কাৰণ।
ধৰ্ম্ম বোলে যাক নেজানে সমূলি
এনে লোকে কৰা সিটো দেশৰ উন্নতি
সপোনত পোৱা নিধি আশাৰ ছলনা।
যেনে, মাত্ৰ তেনেকুৱা মুখৰ চুপতি;
এৰোঁ দেশ প্ৰেম ভাৱো পিঠি তালৈ দিওঁ
কিন্তু মনে নপতিয়াই তাক কদাচিত
নাপালোহো সাধু সঙ্গ কোনো মই হায়!
নিৰাশা ডাৱৰে মন কৰে আচ্ছাদিত।
জানো মই “সজ্জন সঙ্গতিৰেকা” বিনা
নাই “ভৱতি ভবাৰ্ণৱ তৰণ” নাও,
দেখিলো জীৱন ই বৃথাতেহে গল
বিচাৰি হায় তেনে সঙ্গ ক’তো নাপাও
উত্তৰিলে এনে কথা শুনি গিৰিৰাজ
বজ্ৰৰ নিৰ্ঘোষ মাতে শব্দ অতিশয়,
ভীৰু কাপুৰুষ তোৰ দৰে মূৰ্খ নাই
বিচাৰিছ অসমত সাধুসঙ্গ তই!
হোৱা নাই অসমত মহাত্মা জনম,
লব পাৰে অসমীয়া যাৰ গুণ আৰ্হি
শুকান চিতীয়া বুকু লোক সকলৰ
মুখত নথকা কাৰো সৰলতা হাঁহি।
সৰল হাঁহিয়ে কৰে স্বভাৱ প্ৰমাণ
পেটত নথকা জেং জাবৰ মনৰ
অসম ডাঙ্গৰীয়া দেখোঁ অনেকক
নুগুচে শুকান হাঁহি সদায় মুখৰ।
যি দেশত জন্ম লভে প্ৰেমিক সুজন
সি দেশৰ আকাশত উঠে উতলনি
সত্য ধৰ্ম্ম ঢৌ সদা যাৰ প্ৰেম কম্পে
কৰে মানুহক দেৱ পশুৰ সলনি।
দেখি আছোঁ বৰ্তমান ভাৰতৰ মই
ঘৰে ঘৰে দৃষ্টি মোৰ বহুদূৰলৈ
অজ্ঞান নৰ-পশু ই অৱনী ভিতৰ
আত্মদ্ৰোহী নাই প্ৰেম কাৰো স্বদেশলৈ।
নাই বহু দিন আৰু হবি সাৱধান,
স্বজাতিৰ একতা ভঙ্গ কৰা পাপে,
হবি নাশ বৰ্ত্তমান সময় বচন
শুনিলে দহিবগৈ পিচে অনুতাপে।
শুনা কাণ পাতি হেৰা সময় বতৰা
ভাৰত সন্তান, বৰ্ত্তমান জাননী
“হোৱা একে জাতি সকলোৱে মিলি
নহলে নুমাব নাম যদি পিছ পৰা”।
সকলোৱে ঘৰে ঘৰে ঘোষিছে জাননী
সময়ে যে এই দৰে আধা শ বছৰ,
ই হেন ঘোষণাত কাৰো নাই কান সাৰ
কৰিবলৈ ঢিল টানা সমাজ বান্ধৰ।
ঘৰে ঘৰে আছে জাত খিয়লা-খিয়লি,
বেলেগ বেলেগ কৰি ধৰ্ম্ম নানাবিধ,
যাৰ নাই একতা প্ৰেম অভাৱত
কৰিবনে তেনে জাতি দেশহিত সিধ?
দেখুৱালে দোষ যি দেশৰ সমাজৰ
লোকে কৰে বৰকৈ বিৰক্তি প্ৰকাশ
স্বদেশ-প্ৰেমিক তাত জন্মা বৰ টান,
সি দেশ স্বাধীনতা পোৱা নাই আশ।
স্বাধীনতা অৰ্থ স্বেচ্ছাচাৰিতা নহয়,
উচ্ছৃঙ্খল অনেক নেতা ভাৰতৰ
স্বাৰ্থপৰ, কৰিব দেশৰ উদ্ধাৰ
নুবুজি অভিপ্ৰায় একো ঈশ্বৰৰ।
আগতে গুচাই নিজক ইন্দ্ৰিয় অধীন
নিজৰ দোষ নিজ গাত বিচাৰি চাই,
কৰি সংশোধন নিজ হৃদয় মন,
দেশহিত সাধে সিটে প্ৰেমক বিলাই।
নাম লওঁ বুলি যদি স্বদেশ-প্ৰেমিক
হব খোজে কোনো জন জানিবা নিশ্চয়
কপট অন্তৰ আৰু উদাৰতা হীন
তাৰ কাম দেশহিত নহয় নহয়।
স্বাৰ্থ পুহি অন্তৰত বুজায় যি নেতা
তেনেলোকে স্বজাতিক নিয়ায় তললৈ,
হাত কৰে সহজে বিদেশীয়ে তাক
বিনাশে সি স্বজাতিক জনম যুগলৈ।
এনেদৰে হিমগিৰি গৌৰি-শঙ্কৰ
আৰু কথা শুনা কওঁ, কলে পুনৰায়
মহাশত্ৰু জাতিভেদ এই ভাৰতৰ
পেলালে সি হিন্দুৰ জাতীয় শক্তি খাই।
জাতিভেদ মানে ই কথা নহয়
কৰা অস্তিত্বক অন্য জাতিক অৰ্পণ,
গুচুৱা ঘিণৰ বাষ্প ই কথা বুজায়,
কৰিবলৈ ভ্ৰাতৃভাব নৰত স্থাপন।
খোৱা, লোৱা, চোৱাত জাত কদাপি নাযায়
দেহ এটি যন্ত্ৰ মাত্ৰ দেখিছা যে হয়
চলাই মনে তাক চালক যেন হই
খোৱা পিয়া দেহ ৰক্ষা বিনা আন নহয়।
অতিথি হিন্দুৰ গুৰু শাস্ত্ৰৰ বচন
এটাইতকৈ পুণ্য কাম আৰ্য্যৰ নিয়ম
তাক যি জাতৰে হ’ক লগত লৈ খালে
নপলায় জাত কাৰো ঋষিৰ বচন।
জধলা লেতেৰা হীনচাৰী কোনো হয়
সুকুল হলেও হ'ক যদি পাপাচাৰী
লগত লৈ হাতে পাতে খোৱা কোনো দিন
নকৰে কদাপি কোনো জাতি নৰনাৰী।
জাত নাই তাৰ যাৰ মনত কপট,
হিংসা খিয়াল মিছা কোৱা আদি কৰি,
পোনতে সঁচাক ধৰি ভণ্ড পিচে হলে,
তেনে মানুহৰ দেশ থাকে পিচ পৰি।
উত্ৰাৱল কৰি তোলা ইন্দ্ৰিয়বিলাক
অসত্য সেৱক হোৱা পাপ কৰা বোলে
আৰু সৰলতা এৰি কপটতা ধৰা
আশ্ৰয় দিলে কুসংস্কাৰ ভীৰু হৈ কোলে।
এনে স্বভাৱৰ যত ভাৰত-হিতৈষী
দেখি আছো যত'মানে নেতা শুধাৰক
মনৰ দৃঢ়তা নাই কুৰীতি বন্ধন
কাটিবলৈ, বোলাই দেশহিত সাধক!
দেখিছোঁ বিলাত কি অনেক দেশ ফুৰা
শিক্ষিত লোকক হিন্দুকুলৰ সন্তান,
আহে ঘুৰি হয় শুধৰাক ব্ৰত লই
দেশ পালে ভণ্ড হয় এৰে মন কাণ।
সত্য সেৱা নকৰা হলেই কোনো জাতি
পতন হৈ কৰে নাশ স্বজাতি গৌৰৱ
ই কথা প্ৰমাণ কৰে মানৱ বুৰঞ্জী
সাক্ষী তাৰ ভাৰত মিছৰৰ প্ৰভাৱ।
আহিছে নতুন যুগ আজি পৃথিবীলৈ
ভাৰতবৰ্ষই তাক পলাৰ কাৰণ
হোৱা নাই সাজু তথাপিতো এই জাতি
নানা ধৰ্ম্ম জাতিভেদ সমৰ্থন।
পাহৰিলে ভাৰতৰ ঋষিৰ ধৰম
ভাৰত সন্তান সৱে বৰ্ত্তমান,
শম, দম, তপ, শৌৰ্য্য আদি কৰি
এনেগুণক হে দিয়া ব্ৰাহ্মণ আখ্যান।
সি জাতিৰ ভিতৰ হয় বামুণ পতন
যি জাতিৰ পৰাধীন হোৱা নাই ভুল
দেখা কোনো প্ৰাণীৰ মূৰতি নহলে
কেনেকৈ থাকিব পাৰে কোৱা দেহ স্থুল।
কোনো জাতিৰ ইদৰে বামুণ নহলে
স্বজাতি, স্বধৰ্ম্ম তাৰ নাথাকেও কদা
তেনে হীন জাতিয়েই পৰৰ অধীন
আনৰ তলতী হৈ থাকিবলৈ সদা।
ৰক্ষা কৰে ৰাজশক্তি স্বজাতি স্বধৰ্ম্ম,
নাই ভুল জানা ইয়াত, স্বৰূপ কথা,
বৌদ্ধধৰ্ম্ম হোৱা সদৌ পৃথিবী প্ৰচাব,
গুৰিয়াল অশোকৰ ৰাজশক্তি যথা।
স্বজাতিৰ স্বৰাজ নহলে কেতিয়াও
যি মাটিৰ যি গুণো সজা স্বধৰ্ম্ম নৰয়
এনে ধৰ্ম্ম হেৰুৱাৰ দোষ নিজ গাত
ধৰ্ম্মৰ দোকানী যদি পুৰোহিত হয়।
হেৰুৱালে স্বাধীনতা কেৱল বামুণে
আপোন পেটীয়া আৰু স্বাৰ্থপৰ হৈ
উদাৰ ঋষিৰ দৰে নিবিলাই শিক্ষা।
স্বৰগৰ তলা চাবি নিজ হাতত লৈ।
ৰূপ, সোণ দক্ষিণা নিদিলেই কদাপি।
বামুণে নোখোল আহি স্বৰ্গৰ দুৱাৰ,
এনে অধৰম আহি বাবে মানুহৰ
ভাৰত পৰাধীন হোৱাটো অতি সাৰ।
কেনে ব্ৰাহ্মণ পূৰ্ব্বে আছিল ভাৰতত
ভাৰতৰ স্বাধীনতা যিদিনা আছিল,
দেখা নৈমিষাৰণ্য শিক্ষা দীক্ষা ঠাই
হিন্দুৰ মুনিয়ে যত জ্ঞান চৰ্চ্চিছিল।
বদৰিকাশ্ৰম আৰু এনেহে আছিল
ভাৰতবৰ্ষৰ অ ত ওখ শিক্ষা ঠাই,
ভাবিছিল তাত বহি সদা আৰ্য্য ঋষি
সাম্ৰাজ্যক কেনে কৰি সুখেৰে চলায়।
ইবিলাক পঢ়াশালিত অকল আয্যক
শিক্ষা যে দিছিল কথা এনেটি নহয়,
অনাৰ্য্য আৰ্য্য তাত নাছিল একো ভেদ
জাত যোৱা প্ৰথাৰো নাছিল একো ভয়।
নৈমিষ অৰণ্য আদি বদৰি আশ্ৰম
মহষি সকলে যে পতা শিক্ষালয়
বামুণ শূদিৰ তাত নাছিল প্ৰভেদ
জ্ঞানৰ গুণত শূদিৰ বামুণ হয়।
জাতি নহয় বামুণ উপাধি গুণৰ
যাৰ আছে গুণ তাকেহে কয় বামুণ,
তাক ধৰিবলৈ লাগে অনেক সাধনা,
বামুণ নহয় জাত মাত্ৰ স্বত্ব গুণ।
এনে গুণ নথকায়ো আজি হয় বামুণ,
ধৰ্ম্মৰ দোকান কেৱল পতাৰ কাৰণ,
ই কাৰণে ভাৰতে হেৰালে স্বাধীনতা
ইয়াকো শিক্ষিত লোকে কৰে সমৰ্থন।
সেই বদৰি নৈমিষাৰণ্য শ্মশ্ৰমত
ব্যাস, বশিষ্ঠ, গৌতম আদি ঋষি যত,
কৰিছিল চিন্তা নানা জ্ঞান-বিজ্ঞানৰ
বিষয় সৰ্ব্বদা অতিশয় উৎসাহত।
পাতি বিদ্যালয় যত আশ্ৰমবিলাক,
নগৰ, গাওঁ, অৰণ্য আদি নানা ঠাই,
সাধাৰণ শিক্ষা নানা আছিল বিস্তাৰ
ব্যাধো [১] বামুণ হ’ল ব্ৰহ্মজ্ঞান পাই।
- ↑ * ধৰ্ম্মব্যাধ—মহাভাৰত শান্তি পৰ্ব্ব।
ব্ৰহ্মজ্ঞান লভা নীচ ব্যাধৰ মুখেও
শিচ হৈ কৌশিকিয়ে শিকিছিল জ্ঞান
এনে কথাটিয়ে দেখা প্ৰকাশ কৰিছে
গুণেহে বামুণ কৰে জ্বলন্ত প্ৰমাণ।
ই কাৰণে শুনা আজি উপদেশ দিওঁ
ভাৰত সন্তান আছা যত মানে মই;
গুণৰ আদৰ কৰি পাতাহে বামুণ
উলটি সৌভাগ্য ভানু হবলৈ উদয়!
পৃথিবীৰ আদি সভ্য পিতামহ দিন
আছিল সকলো পিনে ঋষিৰ শাসন
বামুণৰ ৰাজত্ব চলা মুঠতে যেতিয়া
হৈছিল সকলোৰেই সমান নিয়ম।
জ্ঞান ধৰ্মে ধৰিছিল বামুণে শাসন
পৃথিবীৰ সকলো জাতিৰ ভিতৰ
বামুণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ চাৰি শ্ৰেণী
আছিল মাথোন ভাগ কৰ্ম্ম বিভাগৰ।
বামুণৰ পিছত ৰাজ্য হ’ল ক্ষত্ৰিয়ৰ
বাহুৰ বলেৰে ৰাজ্য ধৰিলে শাসিব,
বৈশ্য শূদ্ৰ দুয়োকো পেলালে কৰি তল
বৰ সৰু কৰি জাত ধৰিলে ভগাব।
ক্ষত্ৰিয়ৰ শাসন যদিও কঠিন
তথাপি নাছিল তাত কৰৰ পীড়ন
মানুহক কৰিছিল তল দৰ্পবলে
নিজৰ মানক ওখ কৰাৰ কাৰণ।
বৰ্ত্তমান হল দেখা বৈশ্যৰ ৰাজত্ব
বেপাৰী মানুহবোৰে পৃথিবী ভিতৰ
কৰিব ধৰিলে হাই উৰুমি সদায়
বাণিজ্য বেপাৰ লই দেশ-দেশান্তৰ।
বৈশ্য ৰাজ্য হলে দেশে ভোগে দুখ বৰ
বৈশ্য ধন লোভী সদা ইটো স্বাভাৱিক,
নহয় অন্তৰ ঋজু দৰে ক্ষত্ৰিয়ৰ।
সিটো গুণ বীৰৰ মাথো স্বধৰ্ম্মিক।
ধন লোভী বৈশ্যৰ স্বভাৱ কপট
মুখ বৰ মিঠা কিন্তু হৃদয়ত ক্ষুৰ
খেলি থাকে মত দুতলীয়া সততায়
ধনৰ কাৰণে বৈশ্যৰ হৃদয় কঠোৰ।
পৃথিবীৰ দুখীয়া হয় সাধাৰণ প্ৰজা
বৈশ্যে ভোগ কৰে সুখ নানা বিষয়ৰ,
ৰজত সোণৰ দৌল ভৰাই ঘৰত
নেদেখে যে দুখ কদা দুখীয়া প্ৰাণৰ।
ধনেৰেই লয় *নি আনৰ মাটি বাৰী
নাতিনী *ঢ়িৰে সুদ ধৰি দিন দিন,
আৰু তাৰ ৰাজত্বে ধৰে কেউফালে কৰ,
প্ৰজাৰ শৰীৰ তাতে হয় দিনৌ ক্ষীণ।
যি জাতিৰ দেশ হয় বৈশ্যেৰে ভৰা
কোনোবা দেশ সৌভাগ্যশালী সি দেখিলে,
পোনতে যায় তালৈ বেপাৰৰ কাৰণে।
পিছে তাক হাত কৰি ৰাজ্যখন গিলে।
খোজে পৰ ৰাজ্য বৈশ্যে বাণিজ্য কাৰণ
নিজক পৃথিবীত কৰিবলৈ হে ধনী,
দেখায় দয়া স্নেহ সি অন্তৰত আন।
দয়া ধৰ্ম্মৰ কথা বৈশ্যে নাচায় যে মনি।
পৃথিবীত এতিয়া বৈশ্য ৰাজত্ব হেতু
ঈশ্বৰৰ সিংহাসন সোণে ললে কাঢ়ি
পিঠি দিলে ঈশ্বৰলৈ পৃথিবীৰ লোকে
পাপ ভাৰ পৃথিবীত দিনৌ গল বাঢ়ি।
শ্ৰীকৃষ্ণ, বৌদ্ধ, ঈশা আৰু হজৰত
বৰ্ত্তমান পৃথিবীয়ে কাকো যে নামানে
আৰু ঋষি মুনি আদি পীৰ-পেগম্বৰ
ধনবলে অহঙ্কাৰী হইছে নাজানে।
ধনেই হে ধৰম হ’ল সভ্য জগতৰ
ভাল কৰি খোৱা পিন্ধা কথা ভাল ঘৰ,
যি পাৰে কৰিব তাক বোলে সভ্য জাতি
আৰু মানুহ মৰা যন্ত্ৰ কৰে যতবোৰ
জল, থল আকাশৰ পৰা যত ঠাই
আবিষ্কাৰ কৰে যন্ত্ৰ সুসভ্য মানুহে
নৰহত্যা কৰিবলৈ অতি সহজত
নাশে ঈশ্বৰৰ ৰাজ্য ধৰ্ম্ম কি এই নে?
নাজানে মানুহে আছে নিয়ন্তা এজন
কৰিছে যিজনে সৃষ্ট এই যে ব্ৰহ্মাণ্ড,
আছে তাৰ প্ৰায়শ্চিত্ত ভাঙ্গিলে নিয়ম,
ই কাৰণে পৃথিবীত হল যুদ্ধকাণ্ড।
চোৱা সৌৱা মহাৰণ ক্ষেত্ৰ ইউৰোপ
জ্বলি আছে শ্মশানৰ জুই দপ্ দপ্
নুমা নাই ধোৱাঁ আছে এতিয়াকো,
কোন দিন বাউলটি জ্বলে ধপ্ ধপ্।
নাই বিধাতাৰ বিধানৰ লৰচৰ
সম্পত্তি ধনৰ লোভে ঘটায় প্ৰলয়,
অতি লোভে শাস্ত্ৰ কয় হয় মহাপাপ,
কৰে এই অধৰমে বহু জাতি লয়।
চোৱা হেৰা ঘূৰি আছে চক্ৰ সুদশন।
নিয়ন্তা জনৰ সিটো নিয়ম বান্ধন
আৱৰ্ত্তন, বিবৰ্ত্তন আৰু সম্বৰ্ত্তন
ঘুৰি ঘুৰি পৰে আহি পৰিবৰতন।
এনে চক্ৰ ঘুৰণিত কত জাতি লয়
মানুহৰ বুৰঞ্জীত অনেক যুগৰ
আছে বহুত জাতিৰ পাপৰ কাহিনী
নুমালে অধৰ্ম্মে নাম বহু জাতি নৰ।
সেই হৰি মহাবিষ্ণু চাৰি হাত যাৰ
ধাতা পাতা বিশ্বেশ্বৰ হয় সেইজন
সেই পৰমাত্মা যিটো বিশ্ব-বিয়াপক
সিহে মাত্ৰ ই জগতক কৰিছে চালন।
মানুহ মাত্ৰ যন্ত্ৰ নহয় স্বতন্তৰ
চক্ৰৰ ঘুৰণিত ঘুৰে ওপৰ তল,
ইয়াকেই বোলে কৰ্ম্মবন্ধ অখণ্ডন,
মিছাতেই মানুহে নিজক কৰে বৰ।
মহাবিষ্ণু সেই হৰি নহয় সাকাৰ
নিৰাকাৰ সৰ্ব্বব্যাপী মাথোঁ নিৰঞ্জন
অজ্ঞান মানুহে তাক পাতিছে সাকাৰ
নুবুজি ঋষিৰ তত্ত্ব গভীৰ দৰ্শন।
ওতপ্ৰোত ভাবে আছে প্ৰবেশি যিজন
অনন্ত ভুৱন যুৰি পৰম আতমা
ভাষাৰ কবিত্ব ভাৱ নুবুজিহে তাৰ
মূৰ্খে ঈশ্বৰ পূজে গঢ়ি তাৰ প্ৰতিমা।
নহয় এতেকে চাৰি হাত আকাৰৰ,
সৃষ্টিৰ ৰহস্য চাৰি প্ৰকাৰ বুজায়,
আৱৰ্ত্তন বিৱৰ্ত্তন আৰু পৰিণাম,
ঘুৰি ঘুৰি সৃষ্টি তত্ত্ব আহে আৰু যায়।
শঙ্খ, চক্ৰ, গদা, পদ্ম চাৰিটি হাতৰ
সৃষ্টিৰ ৰহস্য তত্ত্ব প্ৰকাশ কৰয়,
চক্ৰে সৃষ্টি নতুন কৰিবৰ আগতে
সময় জাননী তাক শঙ্খই ফুকয়।
গদাই ৰাখে সৃষ্টি শাসি নিয়মত
পদ্মে তাক কৰি ৰাখে শান্তিৰ স্থাপনা
গভীৰ সৃষ্টিৰ তত্ত্ব প্ৰকৃতি বিধান
নিৰ্ব্বন্ধি ৰাখিছে তাক পৰম আতমা।
ফুকিছে সময় বাণী শঙ্খে আজি কালি
ঘুৰিব ধৰিছে চক্ৰ শুনা এই বাৰ
শূদিৰৰ ৰাজত্বয়ে সকলো জাতিৰ
হব পৃথিবীত এই ইচ্ছা বিধাতাৰ।
বৈশ্যে কৰা ভাওনা পৃথিবীৰ ভিতৰ
হব অন্তৰধান শূদিৰৰ হে পাল
পৰিব ইবাৰ, ঘুৰিছে চকৰি চোৱা,
নাযায় একেদৰে দিন সৰব কাল।
কোনে পাৰে বাধা দিব প্ৰকৃতি বিধান
উত্থান পতন সদা নিয়ম কালৰ
যি এক জাতি শক্তি এবাৰ বঢ়া হয়
পতন নিশ্চয় গুৰি মাথো দৰপৰ।
নতুন পৃথিবী এবে হব ক্ৰমে ক্ৰমে,
যাব হিংসা ঘিণ নৰ হব বন্ধা প্ৰেমে,
জগত ভিতৰ শান্তি কৰিব বিৰাজ,
শূদিৰৰ হে শকতি বাঢ়ি যাব ক্ৰমে।
ভুগিছে অত্যাচাৰ বহুদিন শূদিৰে
বামুণ, ক্ষত্ৰিয় আৰু বৈশ্য সকলৰ,
আহিব লগিছে শুভ দিন শূদিৰৰ,
পূৰ্ণ হব অভি প্ৰায় মঙ্গল ময়ৰ।
কিন্তু শূদ্ৰে অকলে নাশাসে ধৰণী
ধৰ্ম্মবীৰ বামুণ হব সাৰথি তাৰ,
মানিব ঈশ্বৰ সদৌ মানৱ জগতে,
মনুষ্যত্ব ধৰ্ম হব ক্ৰমশঃ প্ৰচাৰ।
চূৰ্ণ হব ধন লোভ দৰ্প অহঙ্কাৰ
বৈশ্য সকলৰ যি পাপে এতিয়া কৰে
ৰক্তপাত মাত্ৰ ধন মানৰ বাবত
উলিয়াই অগ্নি অস্ত্ৰ পাপৰ জ্ঞানৰে।
এতেকে শুনাহে যত মানৱ জগত
আহিছে সত্যৰ দিন মাৰিছেহি উকি,
স্বৰ্গৰাজ্য হব আহি মৰ্ত্ত্যত থিতাপি,
যাৰে দেখা পূবত ভাগ্যে আশাৰ ভূমুকি
সত্যক ধৰিব হেতু নকৰিবা ভয়,
আগবঢ়া এতেকেহে পিছলৈ নেচাই;
আহিছে সুদিন ধৰা পৰিছে হাতত
বান্ধা প্ৰেম শিকলিৰে সবাকো মিলাই।
বাচি লবা নেতা ভাল উদাৰ চিতীয়া।
ধন, জ্ঞান, পদৰ যাৰ অহঙ্কাৰ নাই।
কপট দেশ-হিতৈষী অনেক উঠিছে
ব্যৱসা সিদ্ধিৰ অৰ্থে নিজলৈ চাই।
দেশ উদ্ধাৰিব ফুৰা অনাই বনাই।
আছে, দেশ-হিতৈষী বহু ভাৰতত,
হলে মান সতকাৰ পদৰে ভূষিত
দেশ নেতা বাব এৰে খিতাপ লোভত।
আৰু আছে দেশত বহু সম্পাদক,
নাজানি নুশুনি লিখা প্ৰৱন্ধ মতত
গপ কৰে নিজে যেন বহু কথা জানে
ফুলাই নিজক অতি সেইটি পদত।
এনেকুৱা অনাৰি বহু সম্পাদকে
স্বদেশ সংস্কাৰ প্ৰতি মহা শত্ৰু হৈ
কৰে উপালম্ভা সময়ৰ আদেশ
ভয়ত পুৰণি মত সাবট মাৰি লৈ।
কুসংস্কাৰ ভাৰতৰ পতন দিনৰ
দেশৰ এইটি বৰ্ত্তমান ক্ষয় ৰোগ,
তাক যদি নতঁৰোৱা জানিবা নিশ্চয়,
কৰিব লাগিব সদা দেশে দুখ ভোগ।
এই দৰে উপদেশ দিলে হিম গিৰি
মাৰিলে কৈ সামৰণি কৰি সাৱধান,
অবিবেক অশিক্ষিত বহুত উদ্ধত
যুবকে হবলৈ খোজে দেশৰ প্ৰধান।
প্ৰকৃত দেশৰ প্ৰেম যদি কাৰো আছে
অহিংসা ধৰ্ম্মেৰে কৰা নিজক প্ৰস্তুত
লগাই প্ৰেম ঈশ্বৰত কৰাহে সাধনা
দমাই মনত আছে অহঙ্কাৰ যত।
পুৰণি জোনাকীৰ পৰা উদ্ধৃত
জোনাকীৰ প্ৰতি সম্বোধন।
নাবাজে টোকাৰি মোৰ কিহে মোক পালে?
উছাহ অগনি হায় নিৰাশে সুমালে!
অসম নহয় ইটো জ্বলন্ত শ্মশান!
কি হব লেখিলে কলে নাই য’ত প্ৰাণ?
কুৰিশ শঁকৰ যাক পোহৰে নোতোলে,
কি হব জোনাকী হায় তোমাত লেখিলে?
ঘোৰ এন্ধাৰত তোৰ মিটিকি পোহৰে,
অসমক কেতিয়াও পোহৰ নকৰে।
বুজিও নুবুজা যত শিক্ষিতৰ দল,
ভণ্ডামী লুকাই আছে ঢাকনিৰ তল।
বিধিৰ নিৰ্ব্বন্ধ সিটো নহয় খণ্ডন
অসম তোমাৰ নাই উন্নতি লক্ষণ।
বুজা নাই একো কোনে দেশৰ কি হব,
ধৰ্ম্মহীন কোন জাতি উন্নতি লভিব?
পৃথিবীৰ বুৰঞ্জীয়ে জ্বলন্ত প্ৰমাণ
কৰিব ই কথা ঠিক সত্যৰ বিধান।
দিনৌ নতুন সূৰ্য্য চন্দ্ৰৰ উদয়,
নতুন জাতিয়ে, দিনে, নিতৌ প্ৰকাশয়!
নতুন বছৰ ঋতু আহে আৰু যায়,
নতুনত্ব বিধাতাৰ বিধান বুজায়।
তেন্তে নো পুৰণি ভাৱে অসম তোমাৰ
কৰিব উন্নতি বুলি ভাবিছানে সাৰ?
উঠা উছাহেৰে আজি উৰাই নিছান।
জয় ঢোল কোবাইহে উছৰগি প্ৰাণ।
সাম্য, মৈত্ৰী, স্বাধীনতা সুৰে গান গাওঁ
জগতবাসীক একে ভাতৃভাৱে চাওঁ।
বিসদৃশ কালে আহি অসম গ্ৰাসিলে
ভেটি মাটি লোপ পাব অমিল থাকিলে।
মিলোঁ আহাঁ ভাই ভনী কৰি শুধ চিত।
সৰু বৰ এক হই সাঁধো নিজ হিত।
ভণ্ডামী ঢাকনি খন দূৰ কৰি থই।
দিওঁ সচা বাটটি আঙ্গুলিয়াই কই
তেতিয়া মূৰুখে বাট লাহে লাহে লব,
হলেও পোনতে টান সময়ে কৰিব।
নিজক দৃষ্টান্ত কৰি আহা আগ বাঢ়োঁ
ঘিণ হিংসা দ্বেষাদিক শিপা খানি মাৰোঁ।
পুৰণি জোনাকীৰ পৰা উদ্ধত।
প্ৰিন্স এলবাৰ্ট ভিক্টৰৰ আদৰণি
( ইং ১৮৮৯ চন কলিকতাত লেখা)
মেলানি লোৱা বেলিয়ে চেঁচাকৈ পোহৰ,
বাট চাই আছে—আজি আহিব কোৱঁৰ।
নুমলি ধুলিৰে থিৰে বতাহো ভয়েৰে,
গঙ্গাৰ পাৰত ফুৰে গহীন খোজেৰে।
বি-দি-সধিঁ নাই আজি মানুহৰ পৰা;
*ৰঙ্গা আলি দুই কাষ মানুহেৰে ভৰা।
অত গাৰী, অত ঘোৰা, ক’তনো আছিল।
সোঁত বোৱা দৰে বই উপচি পৰিল।
দুফালে আলিৰ কাষ শুৱায় সুন্দৰ,
ৰঙ্গা বগা কলা, মূৰ ফুলি মানুহৰ।
প্ৰহৰী, গৌৰাঙ্গ, কলা মানুহ আগত।
জ্বলিছে চাকিটি পেলাই ছয়াঁটি পাছত।
চন্দ্ৰ-সূৰ্য্যবংশ আৰু মোগলৰ সুত।
ৰজা জমিদাৰ সৱে অতি ভক্তিযুত।
লৰালৰি কৰি যায় প্ৰিন্সেপ ঘাটলৈ,
আহিব কোৱৰ সিংহ চাইছে বাটলৈ।
* Red road.
ফোৰ্ট ৱিলিয়াম কোঠে অহঙ্কাৰে ফুলি,
চাইছে ঘনে ঘনে দূৰলৈ মূৰ তুলি।
এনে বেলা কোৱঁৰৰ সোণালি জাহাজে,
উৰাই নিচান হাত বাউলিৰ সাজে
আহিছোঁ আহিছোঁ বুলি দিলে সমাচাৰ,
কোঠত উঠিল ঘনে জয়ৰ হুঙ্কাৰ।
ব্ৰিটনৰ সিংহনাদে মেদিনী ফাটিল,
প্ৰতিধ্বনি আটাহত গগন তাকিল,
হিপ হিপ হুৰে উঠে সঘনে উৰূলি
খলকি গঙ্গাৰ পানী ত্ৰাসিছে উতলি,
কৰদাতা ৰজা সৱে হিন্দু মুছলমান,
আগ বাঢ়ি লাহে লাহে ধৰিবলৈ মান,
কোৱঁৰক ব্যস্ত হৈ কৰিছে গমন,
পেলালে ব্ৰিটন সিংহে ভূমিত চৰণ।
সূৰ্য্যৰ সলনি সূৰ্য্য ধৰাত উদয়,
সকলো প্ৰাণীৰ তেজ পৰি গল জয়,
ভাৰতীয়, ব্ৰিটেনীয় দুটি প্ৰজাদল,
দুয়োৰো মুখৰ কিয় ভাৱ ভিন হল?
আগৰ দলৰ মন উগুল থুগুল,
স্নেহৰ দলৰ মুখ সূৰ্য্যমুখী ফুল।
যেন কিবা দুখ আছে মনত লুকাই
দেখাব ভাৰতী ভাই বুকু মোকোলাই।
কান্দোনৰ শৰাই দি কোৱঁৰক ভেটী।
কব কলা, বগা ভিন—দুখৰ কথাটি।
পুনঃ পুনঃ সিংহনাদ গগন ব্যাপিল,
ব্ৰিটন সিংহৰ সুত ৰথত উঠিল,
ৰাজ-প্ৰতিনিধি সৈতে ভাৰতবৰ্ষৰ,
সোমাল কোৱঁৰ আজি প্ৰধান নগৰ।
* * *
হৰ্ম্ম্য কিৰীটিনী অতি সুন্দৰী নগৰী,
শোভিছে দীপৰ, মালা কলিকতা পুৰী।
ইডেন ফুলনি মৰ্ত্ত্য-নন্দন-কানন।
পিন্ধিছে সুন্দৰ আজি কত আভৰণ।
স্বৰগৰ পৰা কোনে তৰাটিহঁতিক,
থাপি সজালেহি আনি ফুলনি বাৰীক?
স্বৰ্গপুৰ এৰি আজি তাৰকামণ্ডলী,
কোঠৰ পথাৰ খান শুৱাইছে ফুলি।
আকাশৰ তৰাৰাশি লাজত পলাল,
জোনৰ মধুৰ হাঁহি নোশোভি লুকাল।
যেন নক্ষত্ৰৰ পতি মন বেজাৰত,
কৰিছে গোচৰ বিশ্বকৰ্ত্তা ওচৰত।
কলিৰ মানুহে আচৰিত বুদ্ধি ধৰে
ইতিকিং কৰে মোক ব্ৰিটনৰ নৰে।
দীপাৱলী শোভা চাই ফুৰিব ধৰিলোঁ।
মনুমেণ্ট ওপৰলৈ এবাৰ দেখিলোঁ।
বিজুলীৰ বাতি জ্বলি কৰিছে পোহৰ।
দেখিলোঁ সিখনি যেন হীৰা কহিনুৰ।
মনুমেণ্ট ওপৰৰ চাৰি পিনে মেৰে
ব্ৰিটেনীয়া মুকুটটি, হেন শোভা কৰে।
হৰষ চিতেৰে যেন সদয় ভাৱত,
ভাৰত ঈশ্বৰী থিয় আছেহি সাক্ষাত।
মুকুটৰ মণিয়ে দিশ জিলিকালে,
গছ-গছনিক বস্ত্ৰ উজ্জ্বল পিন্ধালে।
এজোপা গছক মই দেখিলোঁ এনেহে
আছে যেন থিয় হই তিৰুতা জনীহে,
শুকুলা জুটুলা চুলি দেখুৱাই পাতে,
লগাই দুইটি ঠাল যেন দুটি হাতে।
যোৰ কৰি ব্ৰিটেনীলৈ কৰে নিৰীক্ষণ
নীয়ৰৰ টোপালেৰে কৰিছে ৰোদন।
কইছে বিনয়ে বুঢ়ী বিষাদ বদনী
শুনাই বতাহত ঘনে হুমুনীয়া বাণী,—
আহা যুবৰাজ আহা দাসীৰ কোলালৈ,
মন চেঁচা কৰোঁ চাই এবাৰ মুখলৈ।
আছিলে কোৱঁৰ মই সপ্তদ্বীপ শাসি
কপালৰ ফেৰত আজি হলোহি দাসী।
আছিল কোৱঁৰ বহু মোৰ সুসন্তান
বিধাতা কৰিলে হায় সৱাকো নিৰ্ব্বাণ!
সুৱৰি পুৰণি কথা বিদৰে হৃদয়
সপ্তদ্বীপ অধিশ্বৰী আছিলোহোঁ মই,
ই দুটি নয়নে ৰজা, ৰাজপুত্ৰগণ
কৰিছিলোঁ সদা মই কিমান দৰ্শন।
যতেক দেখিবা মোৰ অৰণ্য কানন,
আছিল এদিন পূৰ্ণ ঋষিৰ আশ্ৰম।
মৃগয়াত ৰত বহু ৰজাৰ সন্তান,
ফুৰিছিল চাই চাই সেইবোৰ স্থান
বেদ, যোগ, আধ্যাত্মিক জ্ঞান ধৰ্ম্মে ভৰা,
আছিল অনেক মোৰ যুবৰাজ লৰা;
স্বাৰ্থত্যাগী, আত্মত্যাগী বহুত সন্তান
অছিল কোৱঁৰ সাধি পৰৰ কল্যাণ
নাচিছিল বক্ষে মোৰ বহুত নন্দন,
ৰীতি নীতি চৰিত্ৰ আৰু সদাচাৰ
কৰিছিলে পৃথিবীয়ে মোৰ পৰা ধাৰ।
মান গৌৰৱত ফুলি শিক্ষিত সন্তানে
হাঁহিছিলে চাই চাই পৃথিবীৰ পোনে।
দেখিছিলে সকলোকে যেন পশুপ্ৰায়
বিচাৰি ধৰাত নিজ সমান নেপাই।
কাৰ্থেজ, মিছৰ, গ্ৰীছ পুৰাতন ৰোম
বুলিছিলে সকলোকে অজ্ঞান যৱন
নিজক দেৱতা পতা আনক অসুৰ
কলৈ গল আজি মোৰ সন্তান সিবোৰ?
যত ঋষি মুনিমানে আছিল বামুণ,
ব্ৰহ্মবাদী, সত্যবাদী ধৰা নৱগুণ
এক ধৰ্ম্ম এক প্ৰাণ সৱাৰো আছিল,
সহস্ৰ ধৰম আজি কিয় বিয়াপিল?
একতা ডোলেৰে বন্ধা সকলো সন্তান,
পৰাক্ৰমী আৰ্য্য বুলি আছিল বখান,
ইহঁত কিয়নো হ’ল আজি থান-থান?
ইজাতিয়ে কৰে মোৰ নামৰ দুৰ্ণাম।
কি দেখিবা যুৱৰাজ আজি ভাৰতত
দুৰ্ব্বলতা পূৰ্ণ মিল নাই কাৰো মত,
পশ্চিমৰ ঢৌৱে এৱে তোলপাৰ কৰি
নেৰাখিছে একো মত থান থিত ধৰি।
পতিব্ৰতা বীৰবালা ভাৰত ললনা,
অৱনীত নাই যাৰ নামৰ তুলনা,
আজি ঘৰে ঘৰে সৱে মূৰ্খতা দোষত
সোমাই সোমাই আছে এন্ধাৰ কোঠত।
কি কম কোৱঁৰ মই মনৰ বেজাৰ।
আছিলো এদিনা হায় ৰত্নৰ আগাৰ।
মহামূল্য হীৰা আদি অতুল বিভৱে
আছিলে ফুলাই মােক অৰ্থৰ গৌৰৱে।
কিন্তু হে কোৱঁৰ দেখা আজি একো নাই
কান্দিছে সন্তানবােৰে খাবলৈ নেপাই।
বিধতাৰ লেখা কদা নেযায় খণ্ডন
ঘটিছে, ঘটিব যিটো কপাল লিখন।
এটি কথাইহে মােৰ দহিছে পৰাণ
দেখিও নহয় এক অধম সন্তান!
ব্রিটনৰ ৰাজ্য আজি বৰ সুখময়।
গাইছে ধৰাই গীত-উন্নতিৰ জয় ;
বইছে শান্তিৰ বায়ু জুৰাই জুৰাই
জিবতুৱা সন্তানৰ ভ্ৰুভঙ্গিকে নাই,
আহাঁ যুৱৰাজ আহাঁ দাসীৰ কোলালৈ
মন চেঁচা কৰাে চাই এবাৰ মুখলৈ।
বাসন্তীৰ বিয়া
(১৮৮৯ কলিকতাত লেখা)
পূবত হাঁহিৰে ঊষা সুন্দৰীয়ে
কইছে ফেচানীক উৰুলি দিয়া,
ফুলেশ্বৰী বোলা বাসন্তী আইটি
লগত ভোমোৰা বোপাটিৰ বিয়া।
নামতী কুলীয়ে দিছে নাম লগাই
অ’ বাসন্তী কেতেকীয়ে গায়
আগে গাওঁ ময় আগে গাওঁ ময়
বুলি দ্বন্দ কৰে ভাটো শালিকাই।
ফেঁহুৱে মাতোতে টুনিটিয়ে গালে।
উলাহি নধৰি আনন্দেৰে হিয়া
তালে তাল ধৰি গাই কুকুৰাই,
“চৰাইটি হে দেও বাসন্তী বিয়া”।
মাতে সখিয়তী সখিঔ সখিঔ
সখি ধৰিবলৈ বিচাৰি আহি।
ভীমৰাজে সুহুৰিৰে বোলে ঔ-ঔ
বাজে যেনে কৰি মধুৰ বাঁহী।
ৰঙ্গেৰে শিয়ালে কৰে হৰিধ্বনি,
মাতে কি দিবলৈ বুলি “হোৱা, হোৱা”।
শলাগি ঢোৰাই লগালে মাতোটি
“চেবাছ্ চেবাছ্", বুলি “থোৱা থোৱা"
পুৱা ফুলেশ্বৰী কোনে পানী তুলি
নোৱাই পিন্ধালে মুকুতাৰ মালা
এনুৱা শুৱনী তুলি মুখ খনি
ওকালৈনো কোমল হাঁহিৰে চালা?
লাহতী গোলাপে মেলিলে নয়ন
লাহে মূৰ দাঙ্গি যেতিয়াৰ পৰা।
আঙ্গুলী টোৱাঁই কয় কৰবীয়ে
সৌৱা ফুলেশ্বৰী ভোমোৰাহে চোৱাঁ।
পলাশ, পাৰলি, হাহিঁছে উজলি,
ৰাঙ্গলী সুন্দৰী মদাৰৰ কলি
অশোক কিংশুক ফুলি ভৰি
হাহিঁছা কালৈনো চকুটিহে মেলি?
কঠাল গছতে কপৌ ফুল জুপি,
কোন লাহতীলৈ গাথিঁছাহে মালা?
গোন্ধে মল মলমলাই আইটী চঁপাই
সাজি পাৰি কালৈ ওপৰত ৰলা?
পাতিছোঁ হাতটি আই দয়া কৰা,
এটি সুন্দৰ ফুল মােক দিয়া,
বুজিলোঁ বুজিলোঁ মিছাতে খুজিলোঁ
পাতিছা আজিহে বাসন্তীৰ বিয়া।
বকুল বন্দুলী উলহ মাদলী,
আনন্দ হাঁহিৰে সজাইছে ধৰা,
জাতি জুতি সখি হাঁহে খলখলি
ফুলিছে তগৰ গগনৰ তৰা।
তগৰ তলতে ফুলিছে নিলাজী
লুকাই ওৰণী ধৰিছে লাজৰ,
ইবেলা বতাহে পকা পাত এটি
পেলাই পৰশি লগালে জগৰ,
গল জঁই পৰি লাজত তললৈ
নুমাল হাঁহিটি ৰঙ্গুৱা মুখৰ,
ভাল লাজকুৰী বােৱাৰী জনীক
পাত ঔ তগৰ লগালি জগৰ।
উঠাহে আইটী কৰিছোঁ কাকুতি,
এবেলি চকুটি মেলিহে চোৱাঁ,
তুলিছে বতাহে ই বুলি হাতেৰে,
উঠা আইদেও বাসন্তীৰ বিয়া,
অতনো কাকুতি মিছাতে কৰিলে,
নিছিঙ্গিল বান্ধ তথাপি ৰোহৰ।
জগৰীয়া বায়ু ভাগৰি পলাল,
পাত ঔ তগৰ লগালি জগৰ।
ৰঙ্গা বেলিটিৰ তেজ বই পৰা
মুখে দৰশন পূৱত দিলে,
হেঙ্গুলী হাঁহিৰে বিলনি হাঁহিলে
কোনেনো ইদৰে ৰহণ আঁকিলে
নতুন পাতৰে শোভিত নাহৰ
পাতৰ জেউতি জিলিকি উঠিল
পাতে পাতে যেন একোটি বালক
সূৰ্য্য আহি আহি ইয়াত উদিল।
মনত কৰিছে যেন এই আশা
চাবলৈ বাসন্তীৰ মঙ্গল বিয়া
ইঙ্গিতেৰে যেন কইছে নিলাজীক
চকু মেলি হেৰা এবাৰ চোৱাঁ।
কোনো মতে ৰোঁহ ভাঙ্গিব নোৱাৰি
খঙ্গে আকাশলৈ তপন গল,
খঙ্গৰ অনলে শৰীৰ দহিলে,
লাখ বেলি মিলি একোটি হ'ল।
বহাগৰ বিহু।
(১৮৮৭ ইং সদিয়াত লেখা)
বিহু উৰুকা ৰাতি হল অন্তৰধান,
কেতেকী চৰায়ে কৰে পুৱতীয়া গান।
দীঘলতি এছাৰিৰে ধৰা হাতে হাতে
লৰা বুঢ়া খেদে গৰু ধুৱাৱলৈ ঘাটে।
গাইছে লৰাই গীত গৰু ধোৱা অন্তে
নাচিছে চাপৰি চেৱে গৰুক খেদোঁতে।
আনন্দৰ কোলাহল অসম গগনে;
তুলিছে শূন্যত ঢৌ, গগন নচালে।
তৰু, তৃণ, লতা মানে যত পৰ্ব্বতৰ,
শুনা হেৰা বৰ বিহু অসম দেশৰ।
বিহুত বলিয়া আজি দুখীয়া আসাম
মাৰিছে ঢোলৰ চেও গা-দাঙ-গা দাঙ,
বৰ্হম থুৰিৰে কলা ওঠ ৰাঙ্গী মুখী
গাভৰু পাট গাভৰু শাৰী শাৰী সখি
বজাইছে চাপৰি তাল ঠেই ঠেই ঠেই।
শলাগিছে ডেকা লৰা বুলি সেই সেই।
জনীদিয়েক গাভৰুৱে জোনাকী পৰুৱা
নাচৰ চেৱত সৰা কানৰ থুৰীয়া,
স্বৰগৰ পৰা যেন সৰিল তৰাটি,
বোটলে কাটি হৈ মাৰি মিছিকি হাহিঁটি।
ফুলা যেন গোলাপৰ পাহিটি
প্ৰকাশিছে প্ৰকৃতিৰ সৰল হাহিঁটি।
বিচিত্ৰ শদিয়া ভূমি প্ৰকৃতি কানন
চাৰি পিনে আছে বেৰি গিৰি অগণন।
উঠিল গিৰিত গই প্ৰতিধ্বনি ৰোল,
সাগৰৰ পৰা যেন উঠিল কল্লোল,
যতেক বাজিছে ঢোল গাওদাং গাওদাং
আবৰ পৰ্ব্বতে বোলে মীপাক ভাঙ্গ ভাঙ্গ।[১]
মিচিমি পৰ্ব্বতে কয় টোপনি ভাঙ্গ ভাঙ্গ
পাটকায়ে বোলে একতাক মাতি আন আন।
নগাৰ পৰ্ব্বতে কান্দে অসম দুখীয়া
ই অসম আজিকিয় বিহুত বলীয়া!
ওখ হিম গিৰি, তুমি বেষ্টিত পৰ্ব্বতে,
গগন পৰশি আছাঁ ওখ শিৰ গোটে,
কোৱা বহু জানা মোক বিস্মৃতি আখ্যান
ৰুক্মিণীৰ পিতা দেৱ ভীষ্মক ৰাজন
সঁচানে হে এই দেশ, আছিল নে তাৰ?
এই নে কুণ্ডীল পুৰী, দিয়া সমাচাৰ।
- ↑ মীপাক আবৰ ভাষাত গোলামক বোলে।
মীপাক ভাঙ্গ অৰ্থাৎ গোলাম বান্ধ গুচা।
পাতিছিল ৰুক্মিণীৰ বিবাহ যিদিনা।
আছিল নে পৰ্ব্বতীয়া জাতি সেই দিনা?
নাচিছিল নে সেই দিনা মিৰি জাতি বালা
সৌ যে শোভে শাৰী শাৰী বন ফুল মালা।
সেন্দুৰী টেমাটি যেন মুখক উজলি।
ঘনকৈ নাচিছে যেনে গগন বিজুলি।
দেখোৱাহে আইটী হাঁহি এটিবাৰ
লভোক মোৰ মনে মুক্তি দুখৰ চিন্তাৰ।
নিৰ্দ্দোষী হাঁহিৰে হঁহা দেখি বদনত
ভাবি এই কথা মোৰ পৰিল মনত।
বিহুৰ ধেমালিয়ে বছৰৰ পিছে,
সকলো মনত হয়, হৰষ ধৰিছে,
ভয় হয় সতীৰ বা কৰে মতিভ্ৰম
বিহুৰ গীতবোৰ বৰ নিলাজ অভং।
নিলাজ গীতৰ ঠাই গাই বীৰ গীত
উচতাই অসমক কৰা উছাহিত।
শুনোৱা বীবৰ গীত উদগাই বল
বাঢ়ে যেন অভাগাৰ মনে আশা বল।
সৌজনী আইটী যে কেতেকী চৰাইটি,
বিজুলীৰ পোহেৰেৰে হাঁহিছে হাঁহিটি,
দেৱতাৰ কন্যা নতু ৰুক্মিণীৰ ভণী
ঘনে চোৱাঁ অভাগালৈ কিয় চন্দ্ৰাননী?
তোমাক দেখি সুন্দৰী অভাগাৰ প্ৰাণ
হৰ্ষত বিষাদ লাগি হই গল ম্লান।
হৃদয়ত থকা মোৰ ছবিটি সোমাই,
ঢাকিছিল বহুদিনহে যাক পাহৰাই
তোমাৰ সুৱৰ্ণ মূৰ্ত্তি কান্তিৰ প্ৰকাশে
উজলালে আজি তাক হৃদয় আকাশে।
সেই উমা[১] প্ৰতিমূৰ্ত্তি হৃদয় পটৰ
দেখা দিলে আজি মোক প্ৰেয়সী স্নেহৰ
নিঠুৰ কালে কাঢ়ি নিলে হায়! অকালে
কলৈ গল উমা মোক তিয়াগী অকলে?
প্ৰাণৰ প্ৰেয়সী তুমি বৰ মৰমৰ
ভূবনী ভনীয়ে মাতে তোমাৰ লগৰ।
আহিহে এবাৰ প্ৰিয়ে দিয়া দৰশন
বৰাঁহি নিচুক মোক কৰিছো ক্ৰন্দন।
হেৰা বন দেৱ কন্যে তোমাৰ মূৰতি
লুকুৱা নেমাৰি হাঁহি কৰিছো কাকুতি
তোমাক দেখিলে মোৰ বিদৰে পৰাণ
হয় ঘনে ঘনে উমা প্ৰিয়াৰ স্মৰণ।
- ↑ মোৰ প্ৰথম বিবাহিত সহধৰ্ম্মিণী কলাবাৰী ডিফলু চাৰুচন্দ্ৰ
গোসাঁইৰ জীয়েক।
মৰা জীয়া সংসাৰত নাই খতিখন
হে হৰি প্ৰিয় সখা জীৱন জীৱন।
আহিছোঁ আলহী মাত্ৰ সংসাৰ ঘৰলৈ
অকলৈ উপজিছোঁ যাম অকলেই।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )