পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চিন্তা-তৰঙ্গ। • আছিল কোৱঁৰ বহু মােৰ সুসন্তান বিধাতা কৰিলে হায় সৱাকো নির্বাণ! সুৱৰি পুৰণি কথা বিবে হৃদয়। সপ্তদ্বীপ অধিশ্বৰী আছিলােহেঁ মই, ই দুটি নয়নে ৰজা, ৰাজপুত্রগণ কৰিছিলোঁ সদা মই কিমান দর্শন। যতেক দেখিবা মােৰ অৰণ্য কানন, আছিল এদিন পূর্ণ ঋষিৰ আশ্রম। মৃগয়াত ৰত বহু ৰজাৰ সন্তান, ফুৰিছিল চাই চাই সেইবােৰ স্থান বেদ, যােগ, আধ্যাত্মিক জ্ঞান ধৰ্ম্মে ভৰা, আছিল অনেক মােৰ যুবৰাজ লৰ; স্বার্থত্যাগী, আত্মত্যাগী বহুত সন্তান অছিল কোৱঁৰ সাধি পৰৰ কল্যাণ নাচিছিল বক্ষে মােৰ বহুত নন্দন, বীতি নীতি চৰিত্ৰ আৰু সদাচাৰ কৰিছিলে পৃথিবীয়ে মােৰ পৰা ধাৰ। নান গৌৰৱত ফুলি শিক্ষিত সন্তানে হাঁহিছিলে চাই চাই পৃথিবীৰ পপানে। দেখিছিলে সকলােকে যেন পশুপ্রায় বিচাৰি ধৰাত নিজ সমান নেপাই।