পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


PLEASE HANDLE THE BU0K CAREFULt. চিন্তা-তৰঙ্গ স্বদেশপ্রেমিক কৰি বিধি সৰজিলে জীৱন কেৱল দুখ দৰিদ্ৰতা ভৰা ঘনে পৰে ঘনে কৰে ধন উপার্জন | নাসাৰিলাে হাত তেও ঘােৰ দুখ পৰা। নহলে ধন অসমে বৰ ঘিণ কৰে কিয়নো ইখান ধন খােছামুদী দেশ ধন পালে ডাঙৰীয়া বৰ অহঙ্কাৰী ওফোন্দা মুখেৰে ধৰা অহঙ্কাৰ বেশ। বিশেষ ঘৈনী সকল বৰকৈ চোকা দুখীয়া হলে প্রতিবাসীৰ নলয় খবৰ, ওচৰচুবুৰীয়াক কৰে অতিকৈ ঘৃণা | ইদেশত নাই গােন্ধ অকণাে প্রেম। বৰ ভয় পাওঁ গিৰি থাকি অসমত সত্যক আশ্ৰয় কৰি থকাৰ বাবত কি জানিবা অপমানে এই দেহ ভােগে দুখীয়া হৈ থাকিলে অন্তিম কালত। নকৰো মই চিন্তা এই কথাৰ বাবে নাপালোঁ কৰিব একো দেশৰ কাৰণে, এইহে চিন্তাই মােৰ মন বৰ, পােৰে। হৰি কৃপা বিনা তাক পাৰে কোন জনে।