পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
চিন্তা-তৰঙ্গ।

স্বৰগৰ পৰা যেন সৰিল তৰাটি,
বোটলে কাটি হৈ মাৰি মিছিকি হাহিঁটি।
ফুলা যেন গোলাপৰ পাহিটি
প্ৰকাশিছে প্ৰকৃতিৰ সৰল হাহিঁটি।
বিচিত্ৰ শদিয়া ভূমি প্ৰকৃতি কানন
চাৰি পিনে আছে বেৰি গিৰি অগণন।
উঠিল গিৰিত গই প্ৰতিধ্বনি ৰোল,
সাগৰৰ পৰা যেন উঠিল কল্লোল,
যতেক বাজিছে ঢোল গাওদাং গাওদাং
আবৰ পৰ্ব্বতে বোলে মীপাক ভাঙ্গ ভাঙ্গ।[১]
মিচিমি পৰ্ব্বতে কয় টোপনি ভাঙ্গ ভাঙ্গ
পাটকায়ে বোলে একতাক মাতি আন আন।
নগাৰ পৰ্ব্বতে কান্দে অসম দুখীয়া
ই অসম আজিকিয় বিহুত বলীয়া!
ওখ হিম গিৰি, তুমি বেষ্টিত পৰ্ব্বতে,
গগন পৰশি আছাঁ ওখ শিৰ গোটে,
কোৱা বহু জানা মোক বিস্মৃতি আখ্যান
ৰুক্মিণীৰ পিতা দেৱ ভীষ্মক ৰাজন
সঁচানে হে এই দেশ, আছিল নে তাৰ?
এই নে কুণ্ডীল পুৰী, দিয়া সমাচাৰ।


  1. মীপাক আবৰ ভাষাত গোলামক বোলে।
    মীপাক ভাঙ্গ অৰ্থাৎ গোলাম বান্ধ গুচা।