সমললৈ যাওক

পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
চিন্তা-তৰঙ্গ।

উত্তৰিলে এনে কথা শুনি গিৰিৰাজ
 বজ্ৰৰ নিৰ্ঘোষ মাতে শব্দ অতিশয়,
ভীৰু কাপুৰুষ তোৰ দৰে মূৰ্খ নাই
 বিচাৰিছ অসমত সাধুসঙ্গ তই!

হোৱা নাই অসমত মহাত্মা জনম,
 লব পাৰে অসমীয়া যাৰ গুণ আৰ্হি
শুকান চিতীয়া বুকু লোক সকলৰ
 মুখত নথকা কাৰো সৰলতা হাঁহি।

সৰল হাঁহিয়ে কৰে স্বভাৱ প্ৰমাণ
 পেটত নথকা জেং জাবৰ মনৰ
অসম ডাঙ্গৰীয়া দেখোঁ অনেকক
 নুগুচে শুকান হাঁহি সদায় মুখৰ।

যি দেশত জন্ম লভে প্ৰেমিক সুজন
 সি দেশৰ আকাশত উঠে উতলনি
সত্য ধৰ্ম্ম ঢৌ সদা যাৰ প্ৰেম কম্পে
 কৰে মানুহক দেৱ পশুৰ সলনি।

দেখি আছোঁ বৰ্তমান ভাৰতৰ মই
 ঘৰে ঘৰে দৃষ্টি মোৰ বহুদূৰলৈ
অজ্ঞান নৰ-পশু ই অৱনী ভিতৰ
 আত্মদ্ৰোহী নাই প্ৰেম কাৰো স্বদেশলৈ।