পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাতনি। মই বহুদিনৰ পৰা পুৰাণ আৰু ইতিহাস পঢ়ি পঢ়ি ইয়া- কেইহে পাইছে যে, প্রাচীন আৰ্য জাতিৰ মূল জ্ঞান পৃথিবীৰ সদৌ মানৱ জাতিয়ে ক্রমে শিক্ষা কৰি জ্ঞানী আৰু সভ্য হৈ পৰিছে, মনুত লেখা আছে, “এতদ্দেশ প্রসূতস্য সকাশাদগ্র জন্মনি স্বং স্বং চৰিত্ৰ শিক্ষেৰণ পৃথিব্যাং সৰ্ব্ব মানবা”। পৃথিবীৰ সৰ্বমানৱ জাতিক আচাৰ চৰিত্ৰ আদি জ্ঞান শিক্ষাৰ নিমিত্তে ভাৰতৰ আৰ্য জাতিয়ে এদিন আহ্বান কৰিছিল, আজি ভাৰতত সেই আৰ্য জাতি কালৰ ঢৌত একেবাৰে লুকাল। আমি এতিয়া প্রাচীন যুগৰ সভ্য বােলােৱা জ্ঞান আৰু সভ্যতা পাহৰি এনে বিশৃঙ্খল হিন্দু জাতি হৈ পৰিছে। যে, আমাৰ ভিতৰত দেশ-প্ৰেম আৰু একতাৰ অতিশয় অভাৱ হৈ পৰিছে, এই নিমিত্তে মই হিন্দু নামটিৰ মানে কৰে দৌ গুণৌ হিনো হিন্দু, হিন্দু শব্দৰ দীর্ঘ ঈকাৰ নহৈ হ্রস্ব ইকাৰ হােৱা মই ভুল বুর্জো। আমাৰ ভিতৰত এটি বৰ দোষ হৈ পৰিছে যে, আমাৰ ইংৰাজী শিক্ষিত ডেকা সকলে বর্তমান ৰামায়ণ, মহাভাৰতৰ কথাকে কব নােৱাৰে, ইউৰূপৰৰ ফালৰ পুৰাণ আৰু বুৰঞ্জীকেহে সা বুলি মানে। অনেকে ইংৰাজী পঢ়ি ৰামকো নথকা পাতে শ্রীকৃষ্ণকে নথকা পাতে আৰু মহাভাৰত ৰাময়ৰ সকলাে কথাকে কবি কল্পনা পাতে। এই