পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা-তৰঙ্গ


এনেদৰে কিহে গিৰি তোমাৰ হিয়াত
 বিজ্ঞান কৌশল কাৰ্য্য এতিয়াৰ যেনে
দেখাইছিল নে হিন্দুৰ পূৰ্ব্ব পিতৃহঁতে,
 কঁপাই পৃথিবী নিজ-বাহু পৰাক্ৰমে?

কৰিছিল বিজুলীৰ চাকিৰে পোহৰ
 এনেদৰে সিহঁতৰ কোৱাচোঁ নগৰ?
সঁচাকৈয়ে বিমান আছিল সিহঁতৰ
 ফুৰিছিল আকাশেদি দেশ-দেশান্তৰ?

কৰিছিলে সিসকলে কলৰ জাহাজ
 ফুৰিবলৈ সমুদ্ৰেদি বাণিজ্য কাৰণ;
হাৱাগাড়ী [১] সিহঁতৰ কথাটিনে সচাঁ
 কৰিবলৈ ৰং মনে ত্বৰিত ভ্ৰমণ?

আছিল নে অগ্নি অস্ত্ৰ হিলৈ বৰতোপ
 সিদিনাৰ প্ৰতাপী আৰ্য্যৰ দিনত?
আছিলনে সিদিনা এনে সাংঘাতিক ব্যোম্
 নৰহত্যা কৰিবলৈ উঠি আকাশত?

এনে কাপুৰুষ দৰে কৰিছিল ৰণ
 আৰ্য্যেও তেতিয়া কিহে ভাৰতৰ?
আছিলনে বীৰ এনে কাপুৰুষ দৰে
 বিনশা জীৱন অস্ত্ৰ নথকা লোকৰ?


  1. (১) Motor Car.