সমললৈ যাওক

পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
চিন্তা-তৰঙ্গ

নৈমিষ অৰণ্য আদি বদৰি আশ্ৰম
 মহষি সকলে যে পতা শিক্ষালয়
বামুণ শূদিৰ তাত নাছিল প্ৰভেদ
 জ্ঞানৰ গুণত শূদিৰ বামুণ হয়।

জাতি নহয় বামুণ উপাধি গুণৰ
 যাৰ আছে গুণ তাকেহে কয় বামুণ,
তাক ধৰিবলৈ লাগে অনেক সাধনা,
 বামুণ নহয় জাত মাত্ৰ স্বত্ব গুণ।

এনে গুণ নথকায়ো আজি হয় বামুণ,
 ধৰ্ম্মৰ দোকান কেৱল পতাৰ কাৰণ,
ই কাৰণে ভাৰতে হেৰালে স্বাধীনতা
 ইয়াকো শিক্ষিত লোকে কৰে সমৰ্থন।

সেই বদৰি নৈমিষাৰণ্য শ্মশ্ৰমত
 ব্যাস, বশিষ্ঠ, গৌতম আদি ঋষি যত,
কৰিছিল চিন্তা নানা জ্ঞান-বিজ্ঞানৰ
 বিষয় সৰ্ব্বদা অতিশয় উৎসাহত।

পাতি বিদ্যালয় যত আশ্ৰমবিলাক,
 নগৰ, গাওঁ, অৰণ্য আদি নানা ঠাই,
সাধাৰণ শিক্ষা নানা আছিল বিস্তাৰ
 ব্যাধো [১] বামুণ হ’ল ব্ৰহ্মজ্ঞান পাই।


  1. * ধৰ্ম্মব্যাধ—মহাভাৰত শান্তি পৰ্ব্ব।