পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চিন্তা-তৰঙ্গ প্রচাৰিলে যি দেশে বেদান্ত দর্শন কৰিলে বেদকে অন্ত অসীম জ্ঞানৰ এনে মহা জ্ঞানী ঋষি যত জন্মিছিল ভাবা নে নাছিল সৃষ্টি কল কৌশলৰ ? দুৰ্য্যোধন সজা জতুগৃহ যাৰ নাম খাৰ বাৰুদ আদি বিস্ফোৰক বস্তুৰে থৈছিল ভৰাই খানি মৃত্তিকাৰ তল বধিবলৈ পাণ্ডু পুত্র কৌৰৱ নিষ্টুৰে। থাকিলহেঁতেন যদি ঋষি ভাৰতত, নহলহেঁতেন এনে কদাপি বিলাই, নির্বোধ অজ্ঞানী সন্তানৰ দ্বাৰা অন্তৰ অসাৰ যাৰ হিংসা দ্বেষে পাই।” কান্দি কান্দি ধৱলাই এনেদৰে কৈ নিতাল মাৰিলে হৈ শােকত বিহ্বল, গৌৰীশঙ্কৰ চাই এতিয়া সুধিলে। দেখিছোঁহে গিৰি তুমি নিমাত কেৱল। হে গৌৰীশঙ্কৰ, লুপ্ত আজি নাম তােৰ মহাযােগী শঙ্কৰৰ যোেগ পীঠস্থান ভাৰত কবিৰ তুমি আৰাধ্য দেৱতা কিয় আছ মৌনী হৈ দিয়াহে উত্তৰ