পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা-তৰঙ্গ।

তোমাৰ বক্ষত আজি সুখে বাস কৰে
 নিৰমাণি আচৰিত অতি ৰম্য ঘৰ,
সুন্দৰ সুন্দৰী কেনে নৰ-নাৰী।
 আহিছে সগৰ্ব্বে যেন দেখোঁ বৃটনৰ।

এই শ্বেতকায় জাতি এনে পৰাক্ৰমী
 কঁপায় ধৰণী আজি তলমল কৰি;
অগ্নি বায়ু বৰুণে সেৱিছে চৰণে
 ই জাতিৰ সদায়হে কৰযোৰ কৰি।

শাৰি শাৰি শ্বেতকায় ৰমণী সকল
 ফুৰিছে উলাহ কৰি সগৰ্ব্বে মনত;
লগত লগৰী কৰি পুৰুষসকল
 ফুৰিছে সকলো যেনে অতি সন্তোষত।

অহ! কি সুন্দৰ দেখোঁ ই নগৰ শোভা
 এই যেন সচাকৈয়ে অমৰ ভুৱন,
বোলে নে ইয়াকেই বৈজয়ন্তী পুৰী
 ৰাতিও প্ৰকাশে যত সূৰ্য্যৰ কিৰণ।

নাই ইয়াত অমাৱস্যা ৰাতি কোনো দিন
 বিষাদৰ কলা মেঘে নাঢাকেও মন,
খেলিছে আনন্দ গীতে * আকাশত ঢৌ।
 সহ কামিনীৰ কণ্ঠ সুৰৰ মিলন।

যুৰোপীয়ানসকলৰ বল-নাচৰ গান বাজনা।