পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৪০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
চিন্তা-তৰঙ্গ

ওতপ্ৰোত ভাবে আছে প্ৰবেশি যিজন
 অনন্ত ভুৱন যুৰি পৰম আতমা
ভাষাৰ কবিত্ব ভাৱ নুবুজিহে তাৰ
 মূৰ্খে ঈশ্বৰ পূজে গঢ়ি তাৰ প্ৰতিমা।

নহয় এতেকে চাৰি হাত আকাৰৰ,
 সৃষ্টিৰ ৰহস্য চাৰি প্ৰকাৰ বুজায়,
আৱৰ্ত্তন বিৱৰ্ত্তন আৰু পৰিণাম,
 ঘুৰি ঘুৰি সৃষ্টি তত্ত্ব আহে আৰু যায়।

শঙ্খ, চক্ৰ, গদা, পদ্ম চাৰিটি হাতৰ
 সৃষ্টিৰ ৰহস্য তত্ত্ব প্ৰকাশ কৰয়,
চক্ৰে সৃষ্টি নতুন কৰিবৰ আগতে
 সময় জাননী তাক শঙ্খই ফুকয়।

গদাই ৰাখে সৃষ্টি শাসি নিয়মত
 পদ্মে তাক কৰি ৰাখে শান্তিৰ স্থাপনা
গভীৰ সৃষ্টিৰ তত্ত্ব প্ৰকৃতি বিধান
 নিৰ্ব্বন্ধি ৰাখিছে তাক পৰম আতমা।

ফুকিছে সময় বাণী শঙ্খে আজি কালি
 ঘুৰিব ধৰিছে চক্ৰ শুনা এই বাৰ
শূদিৰৰ ৰাজত্বয়ে সকলো জাতিৰ
 হব পৃথিবীত এই ইচ্ছা বিধাতাৰ।