পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা-তৰঙ্গ।

নাছিল অধৰ্ম্ম অন্যায় ৰণৰ নীতি
 ধাৰ্ম্মিক বীৰ আৰ্য্য জাতি ভাৰতৰ,
পলাতক জনক কদা নবধে জীৱন।
 পৃষ্ঠভঙ্গ দি যুজত যি হয় কাতৰ।

অধৰমে যুৰিলে দেশ কলি ফেৰত
 শিশু তিৰী বধ কৰা বৰ্ষি অগ্নিবাণ
নাছিল আৰ্য্যৰ নীতি তেতিয়া দিনত
 বোমাৰে দি গাঁও ভঙা বধ কৰা প্ৰাণ।

যুজাৰুসকল বিনা আৰ্য্যে কাকে হত্যা
 নকৰিছিল কোনো দিন অন্যায় ৰণত;
যুদ্ধ গৈ পাতিছিল বহল পথাৰত
 গাওঁ নগৰৰ পৰা বহুত দূৰত?

নিদিষ্ট ঠাই বিনা আৰ্য্যে কতো ৰণ
 নকৰিছিল কোনো দিন গাঁও নগৰত,
কিন্তু এৱে দেখো তেনে ধৰ্ম্ম গুণ নাই—
 ডুবিল মানৱ জাতি দোৰ্ঘোৰ পাপত!

দেখো সভ্য বোলা জাতি আজি পৃথিবীত
 নিষ্ঠুৰ পশুৰ দৰে পাতে মহা ৰণ,
মেছিন, কামান, বোম আদি অগ্নিবাণে।
 অস্ত্ৰহীন ৰাইজকো কৰে সংহৰণ।