পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
চিন্তা-তৰঙ্গ

বৈশ্যে কৰা ভাওনা পৃথিবীৰ ভিতৰ
 হব অন্তৰধান শূদিৰৰ হে পাল
পৰিব ইবাৰ, ঘুৰিছে চকৰি চোৱা,
 নাযায় একেদৰে দিন সৰব কাল।

কোনে পাৰে বাধা দিব প্ৰকৃতি বিধান
 উত্থান পতন সদা নিয়ম কালৰ
যি এক জাতি শক্তি এবাৰ বঢ়া হয়
 পতন নিশ্চয় গুৰি মাথো দৰপৰ।

নতুন পৃথিবী এবে হব ক্ৰমে ক্ৰমে,
 যাব হিংসা ঘিণ নৰ হব বন্ধা প্ৰেমে,
জগত ভিতৰ শান্তি কৰিব বিৰাজ,
 শূদিৰৰ হে শকতি বাঢ়ি যাব ক্ৰমে।

ভুগিছে অত্যাচাৰ বহুদিন শূদিৰে
 বামুণ, ক্ষত্ৰিয় আৰু বৈশ্য সকলৰ,
আহিব লগিছে শুভ দিন শূদিৰৰ,
 পূৰ্ণ হব অভি প্ৰায় মঙ্গল ময়ৰ।

কিন্তু শূদ্ৰে অকলে নাশাসে ধৰণী
 ধৰ্ম্মবীৰ বামুণ হব সাৰথি তাৰ,
মানিব ঈশ্বৰ সদৌ মানৱ জগতে,
 মনুষ্যত্ব ধৰ্ম হব ক্ৰমশঃ প্ৰচাৰ।