পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৭ চিন্তা-তৰঙ্গ।

পাতিছে। হাতটি আই দয়া কৰা, এটি সুন্দৰ ফুল মােক দিয়া, বুজিলো বুজিলো মিছাতে খুজিলো পাতিছা আজিহে বাসন্তীৰ বিয়া। বকুল বন্দুলী উলহ মাদলী, আনন্দ হাঁহিৰে সজাইছে ধৰা, জাতি জুতি সখি হাঁহে খলখলি ফুলিছে তগৰ গগনৰ তৰা। তগৰ তলতে ফুলিছে নিলাজী লুকাই ওৰণী ধৰিছে লাজৰ, ইবেলা বতাহে পকা পাত এটি পেলাই পৰশি লগালে জগৰ, গল জই পৰি লাজত তললৈ নুমাল হাঁহিটি ৰঙ্গুৱা মুখৰ, ভাল লাজকুৰী বােৱাৰী জনীক পাত ঔ তগৰ লগালি জগৰ। উঠাহে আইটী কৰিছে৷ কাকুতি, এবেলি চকুটি মেলিহে চোৱা, তুলিছে বতাহে ই বুলি হাতেৰে, উঠা আইদেও বাসন্তীৰ বিয়া,