পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
চিন্তা-তৰঙ্গ

চোৱা হেৰা ঘূৰি আছে চক্ৰ সুদশন
 নিয়ন্তা জনৰ সিটো নিয়ম বান্ধন
আৱৰ্ত্তন, বিবৰ্ত্তন আৰু সম্বৰ্ত্তন
 ঘুৰি ঘুৰি পৰে আহি পৰিবৰতন।

এনে চক্ৰ ঘুৰণিত কত জাতি লয়
 মানুহৰ বুৰঞ্জীত অনেক যুগৰ
আছে বহুত জাতিৰ পাপৰ কাহিনী
 নুমালে অধৰ্ম্মে নাম বহু জাতি নৰ।

সেই হৰি মহাবিষ্ণু চাৰি হাত যাৰ
 ধাতা পাতা বিশ্বেশ্বৰ হয় সেইজন
সেই পৰমাত্মা যিটো বিশ্ব-বিয়াপক
 সিহে মাত্ৰ ই জগতক কৰিছে চালন।

মানুহ মাত্ৰ যন্ত্ৰ নহয় স্বতন্তৰ
 চক্ৰৰ ঘুৰণিত ঘুৰে ওপৰ তল,
ইয়াকেই বোলে কৰ্ম্মবন্ধ অখণ্ডন,
 মিছাতেই মানুহে নিজক কৰে বৰ।

মহাবিষ্ণু সেই হৰি নহয় সাকাৰ
 নিৰাকাৰ সৰ্ব্বব্যাপী মাথোঁ নিৰঞ্জন
অজ্ঞান মানুহে তাক পাতিছে সাকাৰ
 নুবুজি ঋষিৰ তত্ত্ব গভীৰ দৰ্শন।