সমললৈ যাওক

পৃষ্ঠা:চিন্তা-তৰঙ্গ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
চিন্তা-তৰঙ্গ

স্বাধীনতা অৰ্থ স্বেচ্ছাচাৰিতা নহয়,
 উচ্ছৃঙ্খল অনেক নেতা ভাৰতৰ
স্বাৰ্থপৰ, কৰিব দেশৰ উদ্ধাৰ
 নুবুজি অভিপ্ৰায় একো ঈশ্বৰৰ।

আগতে গুচাই নিজক ইন্দ্ৰিয় অধীন
 নিজৰ দোষ নিজ গাত বিচাৰি চাই,
কৰি সংশোধন নিজ হৃদয় মন,
 দেশহিত সাধে সিটে প্ৰেমক বিলাই।

নাম লওঁ বুলি যদি স্বদেশ-প্ৰেমিক
 হব খোজে কোনো জন জানিবা নিশ্চয়
কপট অন্তৰ আৰু উদাৰতা হীন
 তাৰ কাম দেশহিত নহয় নহয়।

স্বাৰ্থ পুহি অন্তৰত বুজায় যি নেতা
 তেনেলোকে স্বজাতিক নিয়ায় তললৈ,
হাত কৰে সহজে বিদেশীয়ে তাক
 বিনাশে সি স্বজাতিক জনম যুগলৈ।

এনেদৰে হিমগিৰি গৌৰি-শঙ্কৰ
 আৰু কথা শুনা কওঁ, কলে পুনৰায়
মহাশত্ৰু জাতিভেদ এই ভাৰতৰ
 পেলালে সি হিন্দুৰ জাতীয় শক্তি খাই।