কথা-গীতা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কথা-গীতা
লেখক ভট্টদেৱ

[  ]


কথা-গীতা।



বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য্য

বিৰচিত










পণ্ডিত শ্ৰীযুক্তহেমচন্দ্ৰদেৱগােস্বামী

সম্পাদিত।

[  ]
কথা-গীতা।


বৈকুণ্ঠনাথ কবিৰত্ন’ভাগৱত-ভট্টাচাৰ্য্য

বিৰচিত।


পণ্ডিত শ্ৰীযুক্ত হেমচন্দ্ৰ দেৱগোস্বামী

সম্পাদিত।


শ্ৰীশৰৎচন্দ্ৰ গোস্বামী দ্বাৰা

প্ৰকাশিত।


দ্বিতীয় সংস্কৰণ।

১৮৪৫ শক।


মূল্য এটকা।

[  ]
 

কলিকাতা— ৬নং কলেজ স্কোয়াৰ,

সাম্য-প্ৰেসে,

শ্ৰীউপেন্দ্ৰনাথ দাস দ্বাৰা মুদ্ৰিত।

 

[  ]
উৎসৰ্গ-পত্ৰ।

যত্ৰাসীদ্ভগৱানসীমমহিমাগৌৰাঙ্গৰূপীস্বয়ং

 তত্ৰৈকোহখিলপুণ্যভূমিৰমৰস্ৰোতস্বতীৰোধসি।

শ্ৰীমদ্ভাগৱতাৰ্থভাষণচণঃ কৃষ্ণৈকতানান্তৰঃ

 শ্ৰীমান্‌বৈষ্ণৱসত্তমোদ্বিজকুলে গৌৰাঙ্গনামাবসৎ।।

সত্বেকদা কিল পিতুৰ্লঘুসোদৰেণ

 নাৰায়ণেন সহভূসুৰ কুঞ্জৰেণ।

শ্ৰী কামৰূপবিষয়ান্তৰৱস্থিতং তৎ

 সৌমাৰপীঠমগমদ্গজৰত্নৰম্যম্‌।।

তস্মিম্নেকোদ্বিজকুলমণিৰৱংশিগোপালনামা

 ৱাৎসীদ্দ্বিষ্ণোশ্চৰণনলিনধ্যানসংসিদ্ধকামঃ।

শ্ৰীমদ্দামোদৰগুৰুচতুসত্ৰমূলাধিকাৰী।

 শশ্বদ্বিষ্ণোশ্চৰণকমলপ্ৰেমভক্তিপ্ৰচাৰী।।

শ্ৰুত্বৈতৎ পৰয়ামুদান্তিকমগাস্যাত্মনিষ্ঠাবতঃ

 শ্ৰীমদ্ভাগৱতীয়পদ্যনিচয়ং গৌৰাঙ্গআৱৰ্ত্তয়ন্।

মেধাং সোস্য বিমৃষ্য ধৰ্ম্মবিষয়াং নিষ্ঠাঞ্চ শিষ্টাগ্ৰণী

 ৰ্ধৰ্ম্মাচাৰ্য্যপদে ন্যযুঙ্‌ক্ততমথোশিষ্যাংশ্চতস্মৈ দদৌ॥

অথ সমজনি নাম তস্ব্যাৱংশে।

 ভজনবলেন বশীকৃতাত্তৱংশে।

ডমৰুধৰ ইতি প্ৰসিদ্ধনামা

 ডমৰুধৰপ্ৰতিমোবিশুদ্ধধামা।।

[  ]

আসীত্তোলনদেৱ ইত্যভিহিতস্তত্ৰৈব নেবাৰ্চ্চনে 

শশ্বৎ সন্নিতোদুৱাৰিবড়ুৱাৱংশোদ্ভ্বোযোদ্বিজঃ।

সত্বেকাং শুভকন্যকামজনয়ল্লক্ষীমিৱাম্ভোনিধি- 

স্তস্যাঃ শ্ৰীঘনকান্তিনামবপুষশ্চিহ্লং বিলোক্যাকৰোৎ॥

বাল্যেজ্ঞানবতীশিৱাৰ্চ্চনৰতিঃ শান্তাগভীৰাকৃতিঃ 

পিত্ৰোৰ্ভক্তিমতী চৰিত্ৰবসতিৰ্দীনানুকম্পাৱতী।

শিল্পজ্ঞানৱতী সদাধৃতিমতী বিদ্যাৱতী হ্ৰীমতী 

কালেভ্ৰাতৃমতী বিলক্ষণগতিঃ সাভূচ্ছুভে জাগ্ৰতী॥

অথ ডমৰুধৰস্তৎ-পাণিমাদত্তকালে 

গ্ৰহতিথিশশিতাৰা-কাললগ্নেমনুকুলে।

উপগতবতীকালে ধৰ্ম্মতস্তত্ৰপত্ন্যং 

তনয়মজনয়ম্মাং হেমচন্দ্ৰাভিধানম্‌॥

কিঞ্চায়ং প্ৰতিযামমৰ্চ্চিতশিবোবিশ্বেশ্বৰস্যালয়ে 

কাশ্যাং ন্যস্যকলেৱৰং শিৱচতুৰ্দ্দশ্যান্তুযামেস্তিমে।

জ্ঞানেনৈৱশিৱত্বমাপসহসা নামস্মৰন্‌ শ্ৰীহৰেঃ 

কীৰ্ত্তিং স্থাপিতৱাংশ্চসুস্থিৰতৰাং কাশ্যাং 

স্বদেশেপি চ॥

অজ্ঞস্য মে পৰবতঃ পিতৰৌসুতস্য 

নাস্তীহ যৎ কিমপি বামৃণমুক্তয়েতৎ।

গীতামৃতং ভগৱদুক্তমিদং যুৱাভ্যা 

মুৎসৃষ্টমদ্যতুময়ান্তৰজাতভক্ত্যা॥

[  ]
A FEW OPINIONS ON
KATHA GITA.

Sir Prafulla Chandra Ray says :-

 "Indeed the prose Gita of Bhatta Deva composed in the sixteenth century is unique of its kind. I had an opportunity of coming across an excellent edition of this book, which we owe to the patriotism and scholar- ship of Pandit Hemchandra Goswami. It is a priceless treasure. Assamese prose literature developed to a stage in the far distant sixteenth century, which no other literature of the world reached except the writings of Hooker and Latimer in England. There has been a controversy for long about the independance and identity of the Assamese language. This is extremely foolish. This is due I hold to the provincial patriotism and the national conceit of the Bengalees living in Assam. The Katha Gita shows clearly that the Assamese literature developed to a standard in the Sixteenth Century which the Bengali literature had reached only in the time of Iswar Chandra and Bankim Chandra. In fact if some Assamese scholars now get up and say that it is the Bengalee who has borrowed his prose from Assamese Literature and enriched his own, it will be very difficult to dislodge him. I think the question may now be considered as solved and [  ] settled for good. I say this not only as a representative Bengalee but as the Ex-President of the Bengal Literary Conference.”


Sir Ashutosh Mukerjee Kt says :-

 “The people who could write Gita in such prose in; the Sixteenth Century was not a small people.”

Brookside, 

Shillong, Oct. 10, 1919

Dear Sir,

 Please accept my thanks for sending me a copy of your Katha Gita. It is a very striking book, interesting from many points of view. You may very well be proud of the author of this book who could handle prose in such a remarkably lucid style more than a century before we had any prose books in Bengali.


Yours Sincerely. 

Sd/- Rabindra Nath Tagore


এই কিতাপ তলত লিখা ঠিকনাত পোৱা যায়।

শ্ৰীশৰৎচন্দ্ৰ গোস্বামী, উজান বজাৰ, গৌহাটি।

[  ]

পাতনি।

প্ৰথম সংস্কৰণ।

 আমি আজি ৺ভট্টদেৱৰ ৰচিত কথা-গীতা পুথিখনি কিতাপৰ আকাৰে ছপাই তাক ৰাইজৰ হাতত অৰ্পণ কৰিলোঁ। আজিকালি ইউৰুপৰ মহাৰণৰ বাবে, কিতাপ ছপা কৰোৱা কিমান খৰচৰ কথা হৈ উঠিছে, তাক কিতাপ ছপোৱা মানুহ মাত্ৰেই গম পাইছে। এনে হেন দিনতো যে আমি খৰচলৈ আওকাণ কৰি এই পুথিখনি ছপা কৰিবলৈ আগ বাঢ়িছোঁ তাৰ ঘাই কাৰণ হৈছে পূজনীয়া মোৰ মৰমৰ আইৰ আদেশ পালন কৰা। তেখেতে এই পুথিখনি আদিৰপৰা অন্তলৈকে শুনি, আমাৰ ভাষাত এনে এখন সুন্দৰ পুথি আছে, অথচ আমাৰ মানুহে তাৰ সোৱাদ লব পৰা নাই সেই কথাত বেজাৰ কৰি, পুথিখন ছপা কৰি উলিয়াবৰ নিমিত্তে মোক আদেশ কৰে। আইৰ আদেশত ছপা কৰোৱা হল বাবেই কিতাপ খনি আই আৰু স্বৰ্গীয় পিতৃদেৱতাৰ নামে উৎসৰ্গ কৰা হল।

 এই পুথি ছপোৱাৰ আন এটা কাৰণ হৈছে পুৰণি অসমীয়া সাহিত্য উদ্ধাৰ কৰা। পুৰণি পুথিবিলাকেই আমাৰ সাহিত্যৰ ৰাজহাড়ৰ নিচিনা, সেইগুণে এই পুথিবিলাকক নষ্ট হবলৈ নিদি যিমান সোনকালে পৰা যায় সিমান সোনকালে ছপা কৰি ৰক্ষা কৰা সকলো অসমীয়াৰে কৰ্ত্তব্য কাম। পুৰণি সাহিত্য উদ্ধাৰ কৰা যে অতি ভাল কাম তাক মুখে মুখে সকলোৱে স্বীকাৰ কৰে আৰু কেতিয়াবা সাহিত্য সভাপতি তাক উদ্ধাৰ আৰু ৰক্ষা কৰিবৰ নিমিত্তে সংকল্প কৰাও দেখা যায় কিন্তু আজিলৈকে কোনো অসমীয়া সাহিত্য সভাই বা কোনো অসমীয়া শিক্ষিত লোকে এখনি পুৰণি পুথিও ছপা কৰি উলিয়াইছে বুলি আমাৰ মনত নপৰে। অনেকে হয়তো নিজেই এখন ফচহু কিতাপ লিখি তাকে [ ১০ ] ছপা কৰি উলিয়াই নিজকে ধন্য মানে, অথচ তেনে কিতাপৰ পৰা আমাৰ সাহিত্যৰ যে কি উপকাৰ হয় তাক এবাৰো ভাবি নেচায়। এইবোৰ বড় আক্ষেপৰ কথা নহয়নে? সকলো অসমীয়া সাহিত্যসেৱকে কথাটো এবাৰ গমি চোৱা উচিত।

 এই পুথি ছপোৱাৰ আৰু এটা কাৰণে হৈছে অসমীয়া ৰাইজক দেখুওবা যে আমাৰ ভাষা আৰু সাহিত্য আগৰ দিনত কেনে চহকী আছিল। ভাৰতবৰ্ষৰ অতি কম দেশী ভাষাইহে পুৰণি গদ্য সাহিত্যৰ গৌৰৱ কৰিব পাৰে। আন কি আজিকালি সাহিত্য-সম্পদত অতি চহকী বঙ্গালী ভাষাতো ইংৰাজৰ আমোলত ১৮৮৩ খৃষ্টাব্দত ৺ৰামৰাম বসুএ লিখা প্ৰতাপাদিত্যই প্ৰথম গদ্যৰ কিতাপ। অথচ যি অসমীয়া ভাষাক এটা বেলেগ ভাষা বুলি প্ৰমাণ কৰিবলৈকে এশ বছৰ তুমুল যুদ্ধ কৰিব লগীয়া হৈছিল, সেই অসমীয়া ভাষাত ৩০০ বছৰৰ আগেয়ে গীতা ভাগৱতৰ নিচিনা গভীৰ দাৰ্শনিক তত্ত্বৰ গ্ৰন্থবিলাক সৰল আৰু সুললিত অসমীয়া গদ্যত ৰচিত হৈছিল ই অসমীয়া জাতিৰ আৰু ভাষাৰ পক্ষে কম সৌভাগ্য আৰু গৌৰৱৰ কথা নহয়।

 আৰু এটা কাৰণ হৈছে আমাৰ মানুহৰ মাজত গীতাৰ মহৎশিক্ষা প্ৰচাৰ কৰা। গীতা এখন জগৎবিখ্যাত দৰ্শন শাস্ত্ৰ। পৃথিবীৰ সকলো দেশৰ ডাঙ্গৰ ডাঙ্গৰ পণ্ডিতবিলাকে এই শাস্ত্ৰত মানুহৰ জীৱনৰ অতি জটিল সমস্যাবিলাকৰ সিদ্ধান্ত দেখি একে আষাৰে ইয়াক এখন অতি শ্ৰেষ্ঠ আৰু আদৰণীয় পুথি বুলি স্বীকাৰ কৰিছে আৰু সকলো সভ্য আৰু শিক্ষিত জাতিয়ে এই পুথিক নিজ নিজ দেশৰ ভাষাত অনুবাদ কৰি পঢ়ি তাত গভীৰ দাৰ্শনিক তত্ত্ববিলাকৰ সুন্দৰ মীমাংসা দেখি বিস্ময় মানিছে। আমাৰ পূৰ্ব্ব পুৰুষবিলাকেও ৩০০|৪০০ বছৰৰ আগেয়েই ভালকৈ বুজি ছিল যে গীতাৰ মহৎ শিক্ষা আমাৰ মানুহৰ মাজত প্ৰচাৰ কৰা বড় [ ১১ ] আৱশ্যক। আমাৰ দেশত প্ৰচলিত বৈষ্ণৱ ধৰ্ম্মৰ ভেটি হৈছে গীতা আৰু ভাগৱত। বোধ কৰো সকলোৱে স্বীকাৰ কৰিব যে আজিকালি ধৰ্ম্ম শিক্ষাৰ ব্যাঘাত হোৱাত, আমাৰ দেশত প্ৰচলিত বৈষ্ণৱ ধৰ্ম্মত অনেক আবৰ্জ্জনা গোট খাইছে; সেই আবৰ্জ্জনাবোৰ দূৰ কৰিবলৈ গীতাৰ পবিত্ৰ আৰু উদাৰ শিক্ষাৰ বিশেষ আৱশ্যক। অনেক মানুহৰ ধাৰণা যে গীতাৰ শিক্ষা বৰ্ত্তমান যুগৰ মানুহৰ জীৱনৰ উপযোগী নহয়। আন কথা কবৰ সকাম নাই, এখন বৈষ্ণৱধৰ্ম্ম প্ৰচাৰৰ কেন্দ্ৰস্বৰূপ প্ৰধান থানত, এজন উদাসীন উঠন ভকতৰ মুখত গীতাৰ বিষয়ে মতামত শুনি আমাৰ হহাঁকন্দাৰ মেল হৈছিল। বৰাগী হৈ যোৱাৰ ভয়ত হেনো অনেক উদাসীন ভকতে গীতা নপঢ়ে আৰু সেই ভয়তে হেনো আজিকালি অনেক উদাসীন সত্ৰত গীতা পাঠ কৰা নহয়। কথাতো সঁচা হলে ইয়াত কৈ আৰু কিবা ডাঙ্গৰ বেজাৰৰ কথা আছেনে! গীতাৰ শিক্ষা প্ৰচাৰৰ দ্বাৰায়ে এইবোৰ কুসংস্কাৰ দূৰ নকৰিলে আৰু কৰিবৰ আন উপায় নাই।

 এইবিলাক উদ্দেশ্য আগত লৈ আমি এই কিতাপখনি প্ৰকাশ কৰিলোঁ। কিতাপ খনিৰ পাঠ যিমান দূৰ পৰা যায় শুদ্ধ কৰিবৰ নিমিত্তে আমি তলত লিখা পুথি কেইখন ভালকৈ ৰিজাই এই সংস্কৰণ যুগুত কৰিছোঁ।

 (১) নগাঁৱৰ পুথি। এইখন এখন অতি পুৰণি সাঁচীপতীয়া পুথি। শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত ব্ৰহ্মকান্ত গোস্বামীয়ে এই পুথিখন সংগ্ৰহ কৰি দিছিল। এই পুথিখনত নকল কৰা শক নেথাকিলেও, তাৰ আখৰ আৰু লিখাৰ ঠাঁচ দেখি অনুমান কৰিব পাৰি যে এই পুথি অন্ততঃ ২৫০ বছৰৰ আগেয়েই লিখা হৈছিল। সাঁচীপাত বিলাকৰ সৰহ ভাগকে পোকে খাই থকাসৰকা কৰাত অনেক ঠাইত আখৰ পঢ়িব নোৱৰা হৈছে। এই পুথি কোনোবা সংস্কৃত নজনা মানুহে লিখা হব পায়; সেই [ ১২ ] গুণেই তাৰ সংস্কৃত শ্লোকবিলাক প্ৰায়েই ভুল আৰু গোটেইখন পুথিও বৰ্ণাশুদ্ধিৰে ভৰা।

 (২) কামৰূপৰ পুথি। এইখন ১৭০০ শকত লিখা এখন সাঁচী- পতীয়া পুথি। এইখন পুথিত বৰ্ণাশুদ্ধি দোষ নিচেই কম আৰু তাৰ আখৰবিলাকো বড় সুন্দৰ আৰু স্পষ্ট। এইখন বড়পেটাৰ অন্তৰ্গত কেওঁটকুচি সত্ৰৰ পুথি; সেই সত্ৰৰ ডেকা ভট্টদেৱৰ বংশৰে শ্ৰীযুত হৰেন্দ্ৰ- নাৰায়ণ গোস্বামীয়ে তাক আনি দিছিল। এই পুথি নোপোৱা হলে কি জানি এই কিতাপ প্ৰকাশ কৰাই সম্ভৱ নহলহেতেন।

 (৩) বড়পেটাৰ ছপা কিতাপ। ৺ ভট্টদেৱৰ কথা-গীতা, কিতাপ আকাৰে ছপা হোৱা এয়েই প্ৰথম। এই কিতাপ বড়পেটাৰ অন্তৰ্গত বড়িগাঁও নিবাসী ৺ অনাদৰ দাস উকিলে ১২৮২ চনত ছপা কৰে। ৪৩ বছৰৰ আগেয়ে এই পুথি কিতাপ আকাৰে ছপা কৰি উলিওৱাৰ বাবে ৺ অনাদৰ দাস উকিল মহাশয় আমাৰ অশেষ ধন্যবাদৰ পাত্ৰ। কিন্তু দুখৰ বিষয় এইহে যে কিতাপখন আদিৰে পৰা অন্তলৈকে অশুদ্ধ পাঠেৰে ভৰা আৰু সেইগুণে ইয়াক পঢ়ি গীতাৰ অৰ্থ বুজাও অসম্ভৱ। তাত বাজেও এই কিতাপ আজিকালি কতো পাবলৈ নাইকিয়া। আমি অনেক পুৰুষাৰ্থ কৰিহে পাটবাউসী সত্ৰৰ বৰ্ত্তমান অধিকাৰ ৺ ভট্টদেৱৰ বংশধৰ মাননীয় শ্ৰীশ্ৰীযুক্ত গোবিন্দদেৱ গোস্বামীৰ পৰা যেনে তেনে মতে জীৰ্ণাৱস্থাৰ এখন কিতাপ সংগ্ৰহ কৰিছোঁ। ৺ অনাদৰ দাস উকিল মহাশয়ে ছপোৱা কিতাপৰ এইখনেই শেষ সংখ্যা হলেও হব পাৰে। এই কিতাপত অনেক ভুল থাকিলেও ইয়াৰ পৰাও যে আমি ঠায়ে ঠায়ে উপকাৰ পোৱা নাই তেনে নহয়।

 আমি এতিয়া কথা-গীতাৰ যি সংস্কৰণ প্ৰকাশ কৰিলোঁ তাৰ আদিতে পাঠক সকলৰ সুবিধাৰ নিমিত্তে ৺ভট্টদেৱৰ এখনি সঙেক্ষপ জীবন চৰিত [ ১৩ ] (৫) দিয়া হৈছে। ৺ভট্টদেৱৰ বেলেগ চৰিত্ৰ পুথি নথকাত কেইবাখনিও পুৰণি পুথিৰ পৰা সংগ্ৰহ কৰি এই জীবনী প্ৰস্তুত কৰা হৈছে। ভট্টদেৱৰ জীবনীত বাজেও এই কিতাপত এখনি ভূমিকা দিয়া হৈছে। ভূমিকাত গীতাই কি শিক্ষা দিছে সেই সম্বন্ধে দুই চাৰি আষাৰ কথা কবলৈ চেষ্টা কৰা হৈছে। তাত যি ভুলভ্ৰান্তি হৈছে সহৃদয় পাঠক সকলে যেন তাক নিজ গুণে মৰ্ষণ কৰিব এই গোহাৰি। ৺ভট্টদেৱৰ কথা-গীতাই অসমীয়া ৰাইজৰ পৰা উচিত আদৰ পালে, সেই গ্ৰন্থকাৰৰে কথা-ভাগৱতো প্ৰকাশ কৰি এদিন অসমীয়া ৰাইজৰ হাতত দিবৰ মন থাকিল।

 পৰিশেষত বন্ধুবৰ শ্ৰীযুত ব্ৰহ্মকান্ত গোস্বামীয়ে আৰু শ্ৰদ্ধাস্পদ শ্ৰীযুত হৰেন্দ্ৰনাৰায়ণ গোস্বামীয়ে মূল পুথি সংগ্ৰহ কৰি দি সহায় কৰা বাবে, পাটবাউসী সত্ৰাধিকাৰ মাননীয় শ্ৰীশ্ৰীযুত গোবিন্দদেব গোস্বামীয়ে আৰু বিয়াহকুচি সত্ৰৰ শ্ৰীযুত হৰিদেৱ গোস্বামীয়ে ৺ভট্টদেৱৰ জীবনী সম্বন্ধে সহায় কৰা বাবে, স্নেহাস্পদ শ্ৰীমান ইন্দ্ৰেশ্বৰ শৰ্মা আৰু শ্ৰীযুত হৰেন্দ্ৰনাৰায়ণ গোস্বামীয়ে অনেক কষ্টেৰে ওপৰত কোৱা এটাই কেইখন পুথি ৰিজাই ছপাবৰ নিমিত্তে এটা নকল প্ৰস্তুত কৰি দিয়া বাবে, তেওঁবিলাকৰ নথৈ শলাগ লৈ এই পাতনিৰ উপসংহাৰ কৰিলোঁ।

গুৱাহাটী।
জন্মাষ্টমী৷ ১৮৪০ শক।

শ্ৰীহেমচন্দ্ৰ গোস্বামী৷
 
___
[ ১৪ ]

দ্বিতীয় সংস্কৰণ।

 এই কিতাপ প্ৰথম বাৰ প্ৰকাশ কৰোতে কেতিয়াও নেভাবিছিলো যে সি তিনি চাৰি মাহৰ ভিতৰতে বিক্ৰী হৈ যাব। তাৰ পাচৰ পৰা অনেক অসমীয়া আৰু বঙ্গালী ভদ্ৰলোেকে এই কিতাপৰ অনুসন্ধান কৰি আছে। কিতাপ নথকাত তেওঁবিলাকক দিব পৰা নাছিলোঁ। আগৰ বাৰত ৫০০ কপি মাত্ৰ পোৱা গৈছিল, এই বাৰ ১০০০ কপি ছপোৱা হৈছে। প্ৰথমবাৰ ছপা কবোৱাত যি যি বৰ্ণাশুদ্ধি দোষ আছিল তাক এইবাৰ শুদ্ধ কৰি দিয়া হৈছে। তথাপি বিদেশত ছপা হোৱাৰ বাবে ইয়াত যে বৰ্ণাশুদ্ধি দোষ নাই তাক ডাঠি কব নোৱাৰি।

 ৺স্বৰ্গীয় ভোলানাথ বৰুৱা ডাঙ্গৰীয়াই এই সংস্কৰণ ছাপোৱাৰ গোটেই খিনি খৰচ দিবলৈ গাত লৈছিল আৰু তাৰ বাবে এশ টকা দিছিলো। কিন্তু দুৰ্ভাগ্যবশত তেখেতে অকালতে নৰ-নাট সামৰিব লগীয়া হোৱাত তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে, সকলো ভগৱানৰ ইচ্ছা। তেখেতৰ আত্মাই যেন সদ্গতি লাভ কৰে এয়ে ঈশ্বৰৰ ওচৰত আমাৰ প্ৰাৰ্থনা। এই কিতাপৰ প্ৰথম সংস্কৰণ ৰাইজে যেনে মৰমৰ চকুৰে চাইছিল এই সংস্কৰণো যেন তেনে মৰমৰ চকুৰেই চাই এয়ে ৰাইজৰ ওচৰত আমাৰ গোহাৰি। ইতি-

গুৱাহাটী।
১৮৪৬ শক।

শ্ৰীহেমচন্দ্ৰ গোস্বামী
 
____

[ ১৫ ]
 
সূচী।
 বিষয়৷ পিঠি
গ্ৰন্থকাৰৰ সূচনা
প্ৰথম অধ্যায়৷ (বিষাদ যোগ)
দ্বিতীয় অধ্যায়৷ (সাঙ্খ্য যোগ) ১০
তৃতীয় অধ্যায়৷ (কৰ্ম্ম যোগ) ২২
চতুৰ্থ অধ্যায়৷ (জ্ঞান যোগ) ২৯
পঞ্চম অধ্যায়৷ (সন্ন্যাস যোগ) ৩৮
ষষ্ঠ অধ্যায়৷ (ধ্যান যোগ) ৪৪
সপ্তম অধ্যায়৷ (বিজ্ঞান যোগ) ৫০
অষ্টম অধ্যায়৷ (অক্ষৰব্ৰহ্ম যোগ) ৫৯
নৱম অধ্যায়৷ (ৰাজবিদ্যাৰাজগুহ্য যোগ) ৬১
দশম অধ্যায়৷ (বিভূতি যোগ) ৬৯
একাদশ অধ্যায়৷ (বিশ্বৰূপদৰ্শন যোগ) ৭৫
দ্বাদশ অধ্যায়৷ (ভক্তি যোগ) ৮৩
ত্ৰয়োদশ অধ্যায়৷ (ক্ষেত্ৰক্ষেত্ৰজ্ঞবিভাগ যোগ) ৮৭
চতুৰ্দ্দশ অধ্যায়৷ (গুণত্ৰয়বিভাগ যোগ) ৯৪
পঞ্চদশ অধ্যায়৷ (পুৰুষোত্তম যোগ) ৯৮
ষোড়শ অধ্যায়৷ (দৈবাসুৰসম্পদবিভাগ যোগ) ১০২
সপ্তদশ অধ্যায়৷ (শ্ৰদ্ধাত্ৰয়বিভাগ যোগ) ১০৬
অষ্টাদশ অধ্যায়৷ (মোক্ষ যোগ) ১১১

_____

[ ১৭ ]

[ ১৯ ]
ভূমিকা।

“নাৰায়ণং নমস্কৃত্য নৰঞ্চৈব নৰোত্তমম্।
দেবীং সৰস্বতীং চৈব ততোজয়মূদীৰয়েৎ”॥

 শ্ৰীমদ্ভগৱদ্গীতা পৃথিবীৰ ভিতৰত এখন অতুলনীয় গ্ৰন্থ। এনে এখন অমূল্য গ্ৰন্থক যে সমস্ত সভ্য জগতে আদৰ আৰু শ্ৰদ্ধা কৰিব সি একো গীতাৰ মহত্ব।আচৰিত কথা নহয়। পৃথিবীৰ ভিতৰত এনে কোনো সভ্য ভাষা নাই যি ভাষাত গীতাৰ ভাঙ্গণী ৰচিত হোৱা নাই; এনে কোনো সভ্য জাতি নাই যি গীতা পঢ়ি তাক এখন অতি গভীৰ দৰ্শন শাস্ত্ৰ বুলি স্বীকাৰ কৰা নাই। গেলেলোজ নামে এজন গ্ৰীক পণ্ডিতে ইয়াক গ্ৰীক ভাষালৈ ভাঙ্গিছে, ষ্টেনিশ্লেও নামে এজন ইটালী দেশৰ পণ্ডিতে ইয়াক ইটালীয়ান ভাষালৈ ভাঙ্গিছে, বৰ্নোফ নামে এজন ফ্ৰেঞ্চ পণ্ডিতে ইয়াক ফ্ৰেঞ্চ ভাষালৈ আৰু লেচেন নামে এজন পণ্ডিতে লেটিন ভাষালৈ অনুবাদ কৰিছে। ইংৰাজী ভাষালৈ ইয়াক কেইবা জনো ডাঙ্গৰ পণ্ডিতে তৰ্জমা কৰিছে, যেনে উইলকিন, টমচন, জন ডেভিচ, মেথিউ আৰ্ণন্ড, টেলাঙ্গ আৰু এনি বেচান্ত। যেতিয়া ভাৰতবৰ্ষত ওৱাৰেন হেষ্টিংচ গবৰ্ণৰ জেনেৰেল আছিল, তেতিয়া প্ৰথমে চাৰ্লচ উইলকিনে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ ৰচনা কৰি ভাৰত- বৰ্ষৰ আৰ্য ঋষিবিলাকৰ তত্ত্ব-জ্ঞান সম্বন্ধে জগতবাসীক তধা লগায়।

 যি শাস্ত্ৰক বিদেশীয় পণ্ডিতবিলাকে ইমান আদৰ কৰিছে, ভাৰতবৰ্ষৰ পণ্ডিতবিলাকে যে, সেই শাস্ত্ৰক সকলো শাস্ত্ৰৰ ওপৰত ঠাই দিব তাক কবৰে সকাম নাই। সনাতন ধৰ্ম্মৰ গূঢ় তত্ত্ববিলাক যি উপনিষদ শাস্ত্ৰ [ ২০ ] বিলাকৰ ভিতৰত নিহিত আছে, ভাৰতবৰ্ষৰ পণ্ডিতবিলাকে গীতাক সেই সকলো উপনিষদৰ সাৰ পদাৰ্থ বুলি স্বীকাৰ কৰিছে।

সৰ্ব্বোপনিষদো গাবো দোগ্ধা গোপালনন্দনঃ।
পাৰ্থোবৎসঃ সুধীৰ্ভোক্তা দুগ্ধং গীতামৃতং মহৎ॥

গীতা সকলো আৰ্য্য জ্ঞানৰ আকৰ বাবেই আগৰ কালৰ ঋষিসকলে একবাক্যে স্বীকাৰ কৰিছিল, যে ভগৱানৰ মুখপদ্মৰ পৰা বাজ হোৱা গীতা ভালকৈ পঢ়িলে বহু শাস্ত্ৰ পঢ়াৰ কোনো আৱশ্যক নাই।

গীতা সুগীতা কৰ্ত্তব্যা কিমন্যৈঃ শাস্ত্ৰ বিস্তৰৈঃ।
যা স্বয়ং পদ্মনাভস্য মুখপদ্মবিনিসৃতা॥

ভট্টদেবেও গ্ৰন্থৰ সূচনাত সেই কথাকে সমৰ্থন কৰি লিখিছে :–“পুৰুষে গীতাক মাত্ৰ শ্ৰবণ কীৰ্ত্তন স্মৰণ কৰিব, আন শাস্ত্ৰ বিস্তৰত কি প্ৰয়োজন, যি গীতা ভগৱন্তৰ মুখপদ্মত ব্যক্ত হুয়া আছা।” ভগৱান শ্ৰীকৃষ্ণে নিজে কৈছে “গীতা মে হৃদয়োপাৰ্থ।” শ্ৰীকৃষ্ণ হৈছে ভাৰতবৰ্ষৰ আত্মস্বৰূপ আৰু হিন্দু জাতিৰ সৰ্বস্ব ধন। সেই কৃষ্ণৰে হৃদয় হৈছে কি নে গীতা!

 গীতাৰ ওচৰত ভাৰতবৰ্ষ যে কিমান ঋণী তাক কৈ শেষ কৰিব নোৱাৰি। যেতিয়া বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত গোটেই খন ভাৰতবৰ্ষ প্ৰায় বৌদ্ধ ভাবাপন্ন হৈ উঠিছিল আৰু গীতাৰ ওচৰত ভাৰত ঋণা।যেতিয়া বৌদ্ধ ধৰ্মৰ খুন্দাত ভাৰতৰ আৰ্য্যধৰ্ম্ম মৃতকল্প হৈ উঠিছিল, তেতিয়া ভগৱান শঙ্কৰাচাৰ্য্যে প্ৰধানকৈ গীতাৰ সহায়তে, ভাৰতভূমিত আৰ্য ধৰ্মৰ পুনৰ প্ৰতিষ্ঠা কৰে। গীতা সনাতন ধৰ্মৰ মৃত সঞ্জীবনী মন্ত্ৰ। যেতিয়া ইউৰোপীয় জাতিবিলাকে প্ৰথমতে ভাৰতবৰ্ষত প্ৰাধান্য লাভ কৰে তেতিয়া তেওঁবিলাকৰ মনত এই দেশৰ হিন্দু জাতি সম্বন্ধে অনেক কুসংস্কাৰ আছিল। তেওঁবিলাকে ভাৰতবৰ্ষৰ আৰ্য জাতিটোক [ ২১ ] • সাঙ্খ্যৰ মতে এই জগতসৃষ্টিৰ মুলত দুটা কাৰণ বৰ্ত্তমান অৰ্থাৎ পুৰুষ আৰু প্ৰকৃতি। পুৰুষ হৈছে চৈতন্য, প্ৰকৃতি জড় আৰু ত্ৰিগুণাত্মিকা৷ এই পুৰুষ আৰু প্ৰকৃতিৰ সংযোগত জগতৰ উদ্ভৱ হৈছে। জগতৰ সকলো বস্তুতে সদাই দুটা বিপৰীত ৰকমৰ ভাব দেখিবলৈ পোৱা যায়। এটা নিত্য বা স্থায়ী ভাব আৰু আনটো অনিত্য বা পৰিবৰ্ত্তনশীল ভাব। সকলো বস্তুতে প্ৰতি মুহুৰ্ত্ততে পৰিবৰ্ত্তন হ’ব লাগিছে; এক ঘণ্টাৰ আগেয়ে যি বস্তু যেনে আছিল, এঘণ্টাৰ পাচত আৰু সি তেনে অৱস্থাত নাই; কিয়নো সি আগতকৈ এঘণ্টাৰ পুৰণি হ’ল আৰু সেই অনুসাৰেই তাৰ উপাদানবিলাকৰ ভিতৰতো পৰিবৰ্ত্তন হল। এই দৰে উপাদান বিলাকৰ ভিতৰত মুহুৰ্ত্তে মুহুৰ্ত্তে পৰিবৰ্ত্তন হলেও, মূল সত্তাৰ কোনো লৰচৰ নহয়। মই উপজিবৰ দিন ধৰি আজিলৈকে যিমান ডাঙ্গৰ হৈছোঁ, তাৰ ভিতৰত মোৰ কিমান পৰিবৰ্ত্তন হ’ল তাৰ লেখ নাই কিন্তু মই সেইদিনা যি আছিলো আজিও সেই ময়েই, মইৰ কোনো পৰিবৰ্ত্তন নাই। জগতৰ এই স্থায়ী, অপৰিবৰ্ত্তনশীল আৰু নিত্য ভাবেই পুৰুষ আৰু পৰিবৰ্ত্তনশীল বা অনিত্য ভাবেই প্ৰকৃতি। এই জড় আৰু চৈতন্যৰ সংযোগৰ ফলতে জগতৰ উদ্ভৱ হৈছে। নিত্যৰ লগত অনিত্য সদাই আলোৰ লগত ছায়া থকা দি আছে। এই প্ৰকৃতিয়েই দৰ্শন শাস্ত্ৰৰ মতে মায়া, ভক্তি শাস্ত্ৰ মতে হলাদিনী বা আনন্দময়ী আৰু তন্ত্ৰ শাস্ত্ৰ মতে ইচ্ছাময়ীৰূপে, জীবত অধিষ্ঠান কৰিছে। মানুহৰ স্বভাব হৈছে, চিন্তা কৰা, অনুভব কৰা আৰু ইচ্ছা কৰা। চিন্তাৰ ফল জ্ঞান,অনুভূতিৰ স্থূল প্ৰেম আৰু ইচ্ছাৰ ফল কৰ্ম্ম। চিন্তা, অনুভূতি আৰু ইচ্ছা এই তিনটা উৰ্দ্ধগামী বৃত্তিৰ স্ফুৰণতে মানুহজাতিৰ ক্ৰমোন্নতি সাধিত হৈ আহিছে, আৰু সেই গুণেই গীতাই এই তিনটা বৃত্তিৰ অনুশীলনৰ নিমিত্তে কৰ্ম্ম, জ্ঞান আৰু ভক্তি এই তিনি পথৰ বিধান কৰিছে। এই তিনটা মাৰ্গ অবলম্বন কৰি আসুৰিক বৃত্তি [ ২২ ] বিলাকৰ দমন আৰু দৈব বৃত্তিবিলাকৰ স্ফূৰণ কৰিবলৈ যি ধৰ্ম্মই শিক্ষা দিয়ে সেয়ে সনাতন ধৰ্ম্ম আৰু গীতায়ো এই তিনটা পথকে উপদেশ দিছে।

 সনাতন ধৰ্ম্মত অধিকাৰী ভেদে আৰু মানুহৰ প্ৰকৃতি আৰু প্ৰবৃত্তি অনুসাৰে যদিও নানা পথৰ উল্লেখ দেখিবলৈ পোৱা যায় তথাপি মূলত এটাইবোৰ মত বা পথ যে একে সেয়েহে প্ৰমাণিত হয়। হিন্দুৰতিনি পথৰ সমন্বয়। ছখন দৰ্শন শাস্ত্ৰক, যেনে ন্যায়, সাঙ্খ্য, মীমাংসা, বৈশেষিক, যোগ, আৰু বেদান্তক অনেকে বিপৰীত মতৰ দৰ্শন শাস্ত্ৰ বুলি ভাবে। কিন্তু প্ৰকৃতপক্ষে সিবিলাকে বেলেগ বেলেগ মত প্ৰবৰ্ত্তনৰ চেষ্টা নকৰি এটা সত্যকেহে বেলেগ বেলেগ ফালৰ পৰা প্ৰমাণ কৰিছে। ব্ৰহ্মবিন্দু উপনিষদত এঠাইত কৈছে:—

গবামনেক বৰ্ণাণাং ক্ষীৰস্যাপ্যেক বৰ্ণতা।
ক্ষীৰবৎ পশ্যতে জ্ঞানং লিঙ্গিনস্তু গবাং যথা॥

সেই দৰে গীতাৰ তিনওটা পথৰ যে শিক্ষা একেই, তাক সহজে বুজিব পাৰি। মনুষ্য জীবনৰ চৰম উদ্দেশ্য হৈছে মোক্ষ বা ভগবৎ প্ৰাপ্তি। স্বধৰ্ম্ম বা কৰ্ত্তব্য পালনেই হৈছে ভগবৎ প্ৰাপ্তিৰ উপায়। মনুষ্য জীৱন আদিৰ পৰা অন্তলৈকে এটা শৃঙ্খলাবদ্ধ কৰ্ত্তব্যৰ ধাৰা মাত্ৰ। মানুহে কৰ্ত্তব্য জ্ঞান লাভ কৰে নীতি শিক্ষাৰ পৰা। নীতি শিক্ষাৰ আদেশ পালি কাম কৰোতে কৰোতে যেতিয়া চিত্ত শুদ্ধ হয়, তেতিয়া মানুহে জ্ঞান লাভ কৰে আৰু সেই জ্ঞানৰ অনুশীলনৰ পৰাই কৰ্ত্তব্য জ্ঞান লাভ কৰে। কৰ্ত্তব্য জ্ঞান লাভ কৰিলেই যে মানুহে কৰ্ত্তব্য কাম কৰে তেনে নহয়। কৰ্ত্তব্য জ্ঞানৰ লগত যেতিয়া প্ৰেম বা ভক্তি যোগ হয় তেতিয়াহে মানুহে কৰ্ত্তব্য কাম কৰিবলৈ আগ বাঢ়ে। প্ৰেম বা ভক্তিযুক্ত কৰ্ত্তব্য কামেই নিষ্কাম কৰ্ম্ম। সেই গুণে নিষ্কাম কৰ্ম্মৰ মূলত হয় স্নেহ, নহয় প্ৰেম, নহয় ভক্তি লগা আছে। কিন্তু প্ৰেম বা ভক্তি লাভৰ উপায় হৈছে ত্যাগ; যত ত্যাগৰ [ ২৩ ] ভাব নাই তত প্ৰেম বা ভক্তিয়ে কেতিয়াও গা কৰিব নোৱাৰে। এই ত্যাগৰ শিক্ষাইগী তাৰ চৰম শিক্ষা—সন্ন্যাস। যেতিয়া আমি ক্ষুদ্ৰ মইটোক কোঁচাই অনন৷ তেতিয়া ত্যাগ আমাৰ পক্ষে অসম্ভৱ যেন লাগে কিন্তু যেতিয়া আমি তাক বহলাবলৈ অভ্যাস কৰোহক তেতিয়া ত্যাগতকৈ আনন্দৰ বিষয় আৰু একো নাইকিয়া হয়। গীতাই শিক্ষা দিয়ে এই ক্ষুদ্ৰ মইটোক বহলাই বহলাই আমি কেনেকৈ সমস্ত বিশ্বতে এই মইক দেখিবলৈ পাওঁ আৰু আন পিনে এই মইতে কেনেকৈ সমস্ত বিশ্বক দৰ্শন কৰো। এই দৰে বিশ্বৰূপ দৰ্শন কৰিবলৈকে গীতাই কৰ্ম্ম, ভক্তি আৰু জ্ঞান উপদেশ দিছে। গীতাই কৈছে কৰ্ম্ম কৰা, কিয়নো তুমি কৰ্ম্মৰ পৰাই উদ্ভৱ হৈছা আৰু কৰ্ম্ম কৰাই তোমাৰ স্বভাৱ; আৰু কৈছে যদি কৰ্ম্ম বন্ধনৰ পৰা মুক্ত হব খোজা বা ভগৱানক পাব খোজা তেনেহলে, কৰ্ম্মৰ ফল আশা নকৰি কেৱল কৰ্ত্তব্য বোধেৰে কয় কৰা আৰু কৰ্ত্তব্য কাম কি তাক জ্ঞানৰ দ্বাৰাই জানি লোৱা আৰু ঈশ্বৰক প্ৰেম বা ভক্তি কৰিবলৈ শিকা, তেতিয়া কৰ্ত্তব্য কাম কৰিবলৈ তোমাৰ আপুনি ৰতি হব। ঈশ্বৰৰ প্ৰতি অনুৰাগী হবৰ নিমিত্তে ত্যাগ অৰ্থাৎ অনাসক্ত ভোগ অভ্যাস কৰা। তেনেহলে গীতাত তিনটা বেলেগ বেলেগ পথৰ উপদেশ দিছে বুলি ভাবিলে গীতাৰ প্ৰকৃত শিক্ষা কেতিয়াও লাভ কৰিব নোৱাৰি।

 আমি গীতাৰ অধ্যায় আৰু কাণ্ড বিভাগলৈ মন কৰিলেও সেই একে কথাকে দেখিবলৈ পাওঁহক৷ গীতাত অঠৰটা অধ্যায় আছে আৰু প্ৰতি ছয় অধ্যায়ে একোটা কাণ্ড হৈছে। বেদত যেনেকৈ তিনিটা কাণ্ডগীতাৰ বিভাগ। আছে যেনে কৰ্ম্ম কাণ্ড, উপাসনা কাণ্ড আৰু জ্ঞান কাণ্ড, গীতাতো তেনেকৈ তিনিটা কাও আছে। ইয়াৰ প্ৰথম ছয় অধ্যায় লৈ কৰ্ম্ম কাণ্ড, দ্বিতীয় ছয় অধ্যায় লৈ উপাসনা কাণ্ড, আৰু শেহৰ ছয় অধ্যায় লৈ জ্ঞান [ ২৪ ] কাণ্ড হৈছে। প্ৰত্যেক কাণ্ডতে কৰ্ম্ম ভক্তি আৰু জ্ঞানৰ কথা থাকিলেও, আগৰ কাণ্ডত কৰ্ম্ম, মাজৰ কাণ্ডত ভক্তি আৰু শেহৰ কাণ্ডত জ্ঞানৰ বিষয়ে বিশেষকৈ কোৱা হৈছে। জ্ঞান আৰু কৰ্ম্মক বেলেগকৈ ধৰিবলৈ গলেহে তাৰ ভিতৰত বিৰোধ উপস্থিত হয় আৰু এই বিৰোধৰ পৰাই যত বাদবিতণ্ডাৰ সৃষ্টি। এই বিৰোধৰ সামঞ্জস্য স্থাপন কৰিবৰ নিমিত্তেই গীতাই কৰ্ম্ম আৰু জ্ঞানৰ মাজত ভক্তিক স্থাপন কৰিছে, যেনে কৰ্ম্ম+ভক্তি+জ্ঞান। ভক্তি শূন্য কৰ্ম্মই হৈছে সকাম কৰ্ম্ম আৰু ভক্তিযুক্ত কৰ্ম্মই হৈহে নিষ্কাম কৰ্ম; ভক্তশূন্য জ্ঞানৰ ফল অহঙ্কাৰ আৰু জ্ঞান শূন্য ভক্তিও অন্ধ-বিশ্বাস। যোগিনী তন্ত্ৰৰ এঠাইত মহাদেবে পাৰ্ব্বতীক কৈছে:—

“কৰ্ম্মণা লভতে ভক্তিংভক্ত্যা জ্ঞানমৃপালভেৎ।
জ্ঞনান্মুক্তিম্মতা তেবি সত্যং সত্যং ময়োচ্যতে॥”

সেই গুণেই গীতাই ভক্তক কৰ্ম্ম আৰু জ্ঞানৰ মাজত ৰাখি এটাই কেইটা মাৰ্গৰ সামঞ্জস্য স্থাপন কৰি জীৱৰ উপায় নিৰ্দ্দেশ কৰিছে।

 আমি ওপৰত ত্যাগৰ কথা কৈ আহিছো৷ গীতা কেনে ত্যাগ শিক্ষা দিছে তাক এবাৰ ভাবি চোৱা যাওক। ত্যাগ আয্য শিক্ষাৰ আদেশ আৰু আৰ্য্য নীতিৰ প্ৰধান অঙ্গক (ভাগশূন্য ত্যাগৰ একো অৰ্থগীতাৰ ত্যাগ। নাই। সেই গুণে ভোগৰ নিমিত্তে যত্নশীল নহৈ ত্যাগ মন্ত্ৰৰ অভ্যাস কৰিবলৈ যোৱা অসম্ভৱ৷ ত্যাগৰ শিক্ষা হব লাগিব ভোগৰ ভিতৰত। তোমাৰ যেনিবা একোৱেই নাই ত্যাগ কৰিবা কি? যি মানুহৰ ঘোড়াগাড়ী থাকোঁতেও থোজকাঢ়ি গৈছে, তেওঁ ত্যাগ অভ্যাস কৰিছে সঁচা কিন্তু যাৰ ঘোড়াগাড়ী নাই তেওঁ খোজকাঢ়ি নগৈ বা কি কৰিব। তেওঁ খোজকাঢ়ি যোৱাত ত্যাগৰ শিক্ষা কেনেকৈ হব। সেই গুণে সংসাৰত ভোগৰ নিমিত্তে চেষ্টিত হৈ ত্যাগ শিকিবলৈ অভ্যাস কৰাহে গীতাৰ অভিপ্ৰায় আৰু সেই [ ২৫ ] গুণেই, যতী আৰু বানপ্ৰস্থ এই দুই নিবৃত্তিপৰ আশ্ৰমক, ব্ৰহ্মচৰ্য্য আৰু গৃহস্থাশ্ৰম এই দুই প্ৰবৃত্তিপৰ আশ্ৰমৰ পিচত আৰ্য্য শাস্ত্ৰে বিধান কৰিছে আৰু গীতাৰ শিক্ষাও এয়ে। নতুবা প্ৰকৃত ব্ৰহ্মজ্ঞান লাভৰ নিমিত্তে, ত্যাগৰ আদৰ্শ শিকিবৰ নিমিত্তে, কৌপীন-ধাৰী শুকদেৱক নাৰদে, ৰাজৰ্ষী জনকৰ ওচৰলৈ নপঠালেহেতেন। মহাভাৰতৰ শান্তিপৰ্বত ব্যাসদেৱে, তেওঁৰ পুত্ৰ শুকদেৱক উপদেশ দিছে, যে যি তপোবনত জন্মগ্ৰহণ কৰি ভোগৰ আস্বাদ গ্ৰহণ নকৰাকৈয়ে ত্যাগী হয় তেওঁৰ ধৰ্ম্ম অলপহে হয় কিন্তু যি গৃহস্থাশ্ৰমত জন্মগ্ৰহণ কৰি ভোগৰ আস্বাদ লৈ তাক পৰিত্যাগ কৰিব পাবে তেৱেঁইহে প্ৰকৃত ধাৰ্ম্মিক৷ ব্ৰহ্মচাৰী অৱস্থাত স্বধৰ্ম্ম পালনৰ নিমিত্তে উপযুক্ত হবলৈ সংযম শিক্ষা কৰি জ্ঞান আৰু শক্তি সঞ্চয় কৰিব লাগে; গৃহস্থাশ্ৰম ত এই ধৰ্ম্মক অনুষ্ঠান কৰিব লাগে। স্বধৰ্ম্মৰ সম্পূৰ্ণ অনুষ্ঠান কৰা হলেই বানপ্ৰস্থ আৰু সন্ন্যাসৰ অধিকাৰ লাভ কৰে৷ গৃহস্থাশ্ৰমত প্ৰবেশ কৰি সকলো ৰকম সাংসাৰিক ত্যাগ অভ্যাস নিমিত্তে পুৰুষাৰ্থ কৰি তাত সিদ্ধি লাভ কৰিব আৰু তাৰ লগে লগে অভ্যাস কৰিব, এয়েই গীতাৰ মহতি শিক্ষা৷ এই শিক্ষা পাহৰি তাৰ আন অৰ্থ কৰাতে আয্যজাতিৰ এনে দুৰ্দ্দশা আৰু আয্য ধৰ্ম্মৰ এনে মানৰ অৱস্থা৷

 গীতাৰ শিক্ষা অনন্ত। গীতাই শিক্ষা দিছে আত্মা অবিনাশী, দেহৰ মৃত্যু আছে কিন্তু আত্মা অমৰ, সুখ দুখ মিচা৷ ই কেৱল বিষয়ৰ লগত ইন্দ্ৰিয়ৰ যোগ, আত্মজ্ঞানেই সকলোতকৈ শ্ৰেষ্ঠ জ্ঞান,গীতাৰ শিক্ষা। কৰ্ত্তব্য পালনেই স্বধৰ্ম্ম, হৃদয়ৰ দুৰ্ব্বলতাই কৰ্ত্তব্যৰ পথত বিঘিণি; ঈশ্বৰত আত্ম নিবেদন কৰি কৰ্ম্মত ৰতি, কৰ্ম্মফলত বিৰতি, সিদ্ধি, অসিদ্ধি জয় পৰাজয়ত সমজ্ঞান কৰি সাধন মাৰ্গত আগবাঢ়ি স্থিতপ্ৰজ্ঞহৈ সংসাৰৰ দুখ দুৰ্গতিৰ হাত সাৰি মনত চিৰশান্তি লাভ কৰাৰ উপায়, ইত্যাদি সনাতন আৰ্য্য ধৰ্ম্মৰ সকলো বিষয়কে [ ২৬ ] গীতাই অতি সুন্দৰ আৰু শৃঙ্খলা মতে শিক্ষা দিছে। সংসাৰলৈ পিঠি দি সংসাৰৰ সকলো বিষয়কে তুচ্ছজ্ঞান কৰি কেৱল ধ্যান কৰি বহি থকা গীতাই উপদেশ দিয়া ধৰ্ম্ম কেতিয়াও নহয়। গীতাৰ শিক্ষা মতে নচলা বাবেই আৰ্য্যজাতিৰ এই দুৰ্দ্দশা আৰু আৰ্য্য ধৰ্ম্মৰ এনে দুৰাৱস্থা। আৰ্য্য ধৰ্ম্মৰ পুনৰুত্থানৰ একমাত্ৰ উপায় হৈছে আকৌ গীতাৰ উদাৰ শিক্ষা মানুহৰ মাজত প্ৰচাৰ কৰা।

ভাৰতবৰ্ষত আৰ্য্য প্ৰভাব বিস্তাৰ বিশেষকৈ সনাতন ধৰ্ম্মৰ সহায়েৰে আমাৰ দেশত গীতাৰ সাধিত হৈছিল৷ আমাৰ দেশত গীতাৰ আলোচনা। অৱশ্যে অনাৰ্য্য জাতিবিলাকক বশ কৰিবৰ নিমিত্তে ধেনু কাঁড় যে ব্যবহাৰ কৰিব লগা নহৈছিল এনেও নহয়।

“অগ্ৰতঃ চতুৰোবেদাঃ পৃষ্ঠতঃ সশৰং ধনুঃ ।
উভাভ্যাং চ সমৰ্গোহহং শাপাদপি শৰাদপি॥”

তেওঁবিলাকে যেতিয়া যলৈকে গৈছিল, সনাতন ধৰ্ম্মৰ গ্ৰন্থবিলাক লগতলৈ গৈছিল। সকলো শাস্ত্ৰৰ সাৰ আৰু হিন্দুজাতিৰ জীবনসৰ্বস্ব গীতাক যে লগত নিনিছিল তেনে নহয়। সেই গুণে এই দেশত আৰ্য্য বসতি স্থাপিত হোৱা কালৰে পৰা গীতাৰ আলোচনা আছিল বুলি ধৰিব পাৰি। অসম দেশত আজিকালিও কশ্চিৎ হে এঘৰ ব্ৰাহ্মণ পোৱা যাব, যাৰ ঘৰত এখন সাঁচীপতীয়া গীতা নাই। গীতা-পাঠ এতিয়াও এটা নিত্যনৈমিত্তিক কৰ্ম্মৰ ভিতৰত। অসমীয়া হিন্দুৱে আজিকালিও পিতৃমাতৃৰ শ্ৰাদ্ধৰ ওচৰত ভক্তিৰে গীতা পাঠ কৰায়। অনেক ব্ৰাহ্মণ আছে যাৰ গোটেইখন গীতা কণ্ঠস্থ আৰু যি নিতৌ পূজা সেৱাৰ অন্তত গোটেইখন গীতা আবৃত্তি কৰিহে অন্নগ্ৰহণ কৰে। ব্ৰাহ্মণবিলাকে গীতাৰ মহতি শিক্ষাৰ আস্বাদ নিজে গ্ৰহণ কৰিয়েই যে সন্তুষ্ট আছিল তেনে নহয়, যাতে সংস্কৃত অনভিজ্ঞ তিৰোতা আৰু শূদিৰৰ এই জ্ঞানৰ পৰা বঞ্চিত নহয় তাৰ নিমিত্তে, অসমীয়া গদ্য আৰু [ ২৭ ] পদ্যত গীতা অনুবাদ কৰিছিল। প্ৰথমতে অসমীয়া ভাষাত এই পুথীৰ অনু- বাদ শ্ৰীশ্ৰীদামোদৰ দেৱৰ মাজু ককায়েক ৺ৰত্নাকৰ দেৱে ৰচনা কৰে। মানুহৰ মাজত গীতাৰ শিক্ষা অতি প্ৰীতিকৰ কৰিবৰ নিমিত্তে তাক তেওঁ কীৰ্ত্তনৰ সুৰবান্ধি ৰচনা কৰিছিল। এইখন পুথী এতিয়াও ছাপা হৈ ওলোৱা নাই। এইখনত বাজেও ভট্টদেৱৰ কথা-গীতাৰ গদ্য আৰু ৺গোবিন্দ মিশ্ৰৰ গীতাৰ পদ্য অনুবাদ অসমীয়া সাহিত্যৰ অমূল্য নিধি। ৺গোবিন্দ মিশ্ৰৰ গীতাৰ অনেক সংস্কৰণ ছাপা হৈছে। ৺ভট্টদেৱৰ কথা-গীতা প্ৰকাশ কৰি আমি আজি অসমীয়া ৰাইজৰ হাতত দিলো। এই তিনিখনত বাহিৰেও যে আমাৰ ভাষাত গীতা ৰচিত হোৱা নাছিল তাক কব নোৱাৰি। আগৰ দিনত এই দেশত সকলো শ্ৰেণীৰ মানুহৰ মাজতে যে গীতাৰ শিক্ষাৰ বিশেষ প্ৰচলন আছিল তাক ভালকৈ বুজিব পাৰি। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যেন গীতাৰ উদাৰ শিক্ষা আকৌ আমাৰ মানুহৰ মাজত প্ৰচাৰিত হয়, আকৌ অসমীয়া মানুহে নিজ নিজ কৰ্ত্তব্য বুজি স্বধম্ম পালন কৰি নিজৰ মঙ্গল, জাতিৰ মঙ্গল সাধন কৰি অৱশেষত ভগৱানৰ চৰণপদ্ম লাভ কৰে। ওঁ তৎ সৎ।

_____

[ ২৯ ]

ভট্টদেৱৰ জীবনী।*

 আজি প্ৰায় তিনি শ তিনি কুৰি বছৰ মান হল এজন পৰম প্ৰতিভাশালী মহাপুৰুষে এই দেশত জন্ম গ্ৰহণ কৰি আমাৰ দেশৰ মুখ উজ্জ্বল কৰি থৈ গৈছে। সেই মহাপুৰুষ জনেই হৈছে আৰম্ভণ৷পূজ্যপাদ ৺ বৈকুণ্ঠনাথ দেৱ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য। তেওঁ অসমৰ এক প্ৰসন্ধ পণ্ডিত বংশত জন্ম গ্ৰহণ কৰি অসমীয়া ভাষা আৰু জাতিৰ অশেষ কল্যাণ সাধি, অসমীয়া মানুহক চিৰকালৰ নিমিত্তে তেওঁৰ ওচৰত ঘৰুৱা কৰি থৈ গৈছে। তেওঁ আমাৰ দেশৰ প্ৰখ্যাত ধৰ্ম্মপ্ৰচাৰক শ্ৰীশ্ৰীদামোদৰ দেৱৰ এজন প্ৰধান অন্তৰঙ্গ প্ৰিয় শিষ্য আছিল; সেই গুণে তেওঁৰ জীৱনৰ প্ৰধান প্ৰধান ঘটনাবিলাকত দামোদৰ দেৱৰ প্ৰভাৱ বিশেষৰূপে দেখিবলৈ পোৱা যায়। আন কি ইয়াত লিখা তেওঁৰ জীবনৰ ঘটনাবিলাকো দামোদৰ দেৱৰ চৰিত্ৰ পুথিবিলাকৰ পৰাহে সংগ্ৰহ কৰা হৈছে৷ অৱশ্যে আমি পাটবাউসী আৰু বিয়াহকুচি সত্ৰত অনুসন্ধান কৰিও তেওঁৰ জীবনী সম্বন্ধে কোনো কোনো কথা জানিব পাৰি ইয়াত যোগ দিছোহঁক; তথাপি আমি সাহি কব নোৱাৰো যে ভট্টদেৱব বিষয়ে জানিব লগীয়া সকলো কথাই ইয়াত ঠাই পাইছে। আচল কথা কবলৈ গলে ই ভট্টদেৱৰ জীবনীৰ এখন আঁচনি মাথোন। সুনিপুণ খনিকৰে আগলৈ এই আঁচনিত ৰহন লগাই ভট্টদেৱৰ জীবনৰ সৌন্দৰ্য্য বাহিৰ কৰিব, এই আশাৰে আমি ইয়াকে আজি অসমীয়া ৰাইজক উপহাৰ দিলোঁ।

________________________________________________________________________

 * এই ৰচনাখনি ১৯১৮ ইংৰাজী চনৰ ২২ জুলাই তাৰিখে গুৱাহাটীৰ অ-ভা-উ-সা সভাৰ বৈঠকত কৰ্জ্জনহলত পাঠ কৰা হৈছিল। [ ৩০ ]  অসম দেশৰ উজনি অঞ্চলত পিঙ্গলা নামে এখন গাঁও আছিল। সেই গাঁৱতে “বড়ওঝা” নামে পৰাশৰ বংশ পৰিচয়৷  গোত্ৰৰ এজন পণ্ডিত ব্ৰাহ্মণ আছিল। তেওঁৰ ঘাই নাম প্ৰিয়োত্তম আছিল। তেওঁ  এজন বড় নামজলা পণ্ডিত আছিল আৰু অনেক ঠাইৰ পৰা ছাতৰ আহি তেওঁৰ ছাতৰশালীত পঢ়িছিল হি। তেওঁ বড় ডাঙ্গৰ পণ্ডিত আছিল বাবে তেওঁক সকলোৱে “বড়ওঝা” বুলিছিল:-

“আপুনি পণ্ডিত বহু শাস্ত্ৰক পঢ়াইলা।
সি কাৰণে তান নাম “বড়ওঝা” ভৈলা॥”

 বড়ওঝাৰ এটি পুত্ৰ জন্মে আৰ পঢ়ি শুনি তেওঁ বড় পণ্ডিত হোৱাত, তেওঁ শ্ৰীচন্দভাৰতী বুলি খ্যাত হয়। শ্ৰীচন্দ্ৰভাৰতী তেওঁৰ নাম নহয়, উপাধি হে। আমাৰ সাহিত্যৰ বঘাসুৰ-বধ আদি কাব্য লিখোঁতাও শ্ৰীচন্দ্ৰভাৰতী বা অনন্ত কন্দলী আছিল। কোনেও আকৌ এই জনকে সেই জন বুলি যেন ভুল নকৰে। কোনো কাৰণত শ্ৰীচন্দ্ৰভাৰতীয়ে পিঙ্গলা গাঁও এৰি, কামৰূপৰ ভেড়াগ্ৰামলৈ উঠি আহে। এই ভেড়াগাঁও, বড়পেটা মহকুমাৰ বড়নগৰৰ ভিতৰত আছিল। আজিকালি ভেড়াগাঁৱৰ |৫ মাইলৰ ভিতৰতো জনপ্ৰাণী নাই; বেঁকী নৈৰ উৎপাতত তাৰ পৰা কেতিয়াবাই মানুহ-দুনুহ উঠি গৈছে। একালত যে ভেড়াগাঁও এখন ৰৰৈয়া গাওঁ আছিল, তাৰ সাখীস্বৰূপে সেই ঠাইত আজিকালি কেই জোপামান পুৰণি ডাঙ্গৰ গছ মাথোন ঠিয় দি আছে। এই ভেড়াগাঁৱত বসতি কৰাৰ কিছুকালৰ পাচত শ্ৰীচন্দ্ৰভাৰতীৰ এটি পুত্ৰ জন্ম হয়। কালক্ৰমে সেই লৰাই লিখা-পঢ়া শিকি এজন নামজলা ডাঙ্গৰ পণ্ডিত হয় আৰু তেওঁ কবিসৰস্বতী নামে খ্যাত হয়। কোনো কোনোৱে কয় যে তেওঁৰ আচল নাম পুৰুষোত্তম হে আছিল, কবিসৰস্বতী তেওৰ খিতাপ হে আছিল। সি যি কি নহওক কবিসৰস্বতী এজন অতি ধীৰ আৰু শান্ত প্ৰকৃতিৰ লোক আছিল আৰু এজন প্ৰসিদ্ধ বৈদান্তিক [ ৩১ ] পণ্ডিত আছিল। তেওঁ তাৰাদেবী নামে এক কন্যাক বিবাহ কৰিছিল। অনেক বয়সলৈকে তেওঁৰ সতিসন্তান নোহোৱাত তাৰাদেবীয়ে সদাই বেজাৰ কৰিছিল। হেন সময়তে বড়নগৰলৈ এজন বিচক্ষণ পণ্ডিত সন্ন্যাসী আহিছিল। কবিসৰস্বতীয়ে সন্ন্যাসী পাণ্ডিত্যৰ কথা শুনি বড়নগৰলৈ গৈ তেওঁক দেখা কৰিলে গৈ। সন্ন্যাসীয়ে কবিসৰস্বতীৰ লগত কথন-মথন কবি বড় ভাল পালে আৰু তেওঁক ভাগৱতৰ বেদস্থতি ব্যাখ্যা কৰি শুনাবলৈ ধৰিলে। কবিসৰস্বতীৰ অতি সুন্দৰ ব্যাখ্যা শুনি সন্ন্যাসী তেওঁৰ ওপৰত বড় প্ৰসন্ন হল আৰু তেওঁক অলপ ভস্ম দি আশীৰ্ব্বাদ কৰি কলে যে তেওঁৰ দুটি পৰম পণ্ডিত পুত্ৰ লাভ হব। কবিসৰস্বতীয়ে অতি শ্ৰদ্ধাৰে সেই ভস্ম আনি তাৰাদেবীৰ হাতত দি সন্ন্যাসীৰ আশীৰ্ব্বাদৰ কথা কোৱাত তাৰাদেবীয়ে মনত বড় আনন্দ পালে। কিছু কালৰ পাচত সন্ন্যাসীৰ বৰত তাৰাদেবীৰ গৰ্ভত এটি এটিকৈ কবিসৰস্বতীৰ দুটি পুত্ৰ জন্ম হল। তেওঁ প্ৰথমটিৰ নাম থলে ৰমাকান্ত আৰু দ্বিতীয়টিৰ নাম হলে বৈকুণ্ঠনাথ। কালক্ৰমত দুই জনেই অগাধ পণ্ডিত হৈ উঠিল। বৈকুণ্ঠনাথেই পাচত ভট্টদেৱ নামে খ্যাত হল। ভট্টদেৱে সম্ভৱতঃ ১৪৮০ বা তাৰ ওচৰাওচৰি কোনো শকত জন্ম গ্ৰহণ কৰে। এনে অনুমান কৰিবৰ কাৰণ পাচত দেখা যাব। আমি অনেক যতনেৰে সংগ্ৰহ কৰি ইয়াৰ লগত ভট্টদেৱৰ পুৰুষনামা এখন দিছোহঁক।

 ৰমাকান্ত আৰু বৈকুণ্ঠনাথ অকালন বয়সতে মাতৃহীন হল। সেই সময়ত বড়নগৰত গোপালদেৱ নামে শিক্ষা  এজন প্ৰসিদ্ধ পণ্ডিতে টোল পাতি ছাতৰ পঢ়ৱাইছিল। কবিসৰস্বতীয়ে তেওঁৰ দুইটি   লৰাক এই টোলতে পঢ়িবলৈ দিলে। দুয়ো ভায়েক সৰুৰে পৰা অতি চোকা বুধিৰ লৰা আছিল। দুই চাৰি বছৰৰ ভিতৰতে দুয়ো ব্যাকৰণ, স্মৃতি, কাব্য, পুৰাণ, ইতিহাস আদি শাস্ত্ৰত বিশেষৰূপে [ ৩২ ] পাৰ্গত হৈ উঠিল। অলপ দিনৰ ভিতৰতে বৈকুণ্ঠনাথৰ পণ্ডিতালিৰ কথা চাৰিও ফালে বিয়াপি পৰিল৷ সকলোৱে কোৱাকুই কৰিবলৈ ধৰিলে যে বৈকুণ্ঠনাথে যেনে ভাগৱত ব্যাখ্যা কৰে, তেনেকৈ আৰু কোনো পণ্ডিতে ব্যাখ্যা কৰিব নেজানে। মহা মহা পণ্ডিতবিলাকে জন্ম গ্ৰহণ কৰি যি বংশক উজ্জ্বল কৰি গৈছিল, সেই বংশত বৈকুণ্ঠনাথে জন্মলৈ তাক আৰু উজ্জ্বল আৰু পবিত্ৰ কৰিলে।

 ৺গোপালদেৱৰ টোলত পঢ়ি বৈকুণ্ঠনাথে কিবা উপাধি পাইছিল নে নাই তাক কব নোৱাৰি কিন্তু তেওঁ “ভাগৱত- ভাগৱত-ভট্টাচাৰ্য্য৷ ভট্টাচাৰ্য্য” উপাধি বড়নগৰৰ ব্ৰাহ্মণ সমাজৰ পৰা পাইছিল। খুদিয়া সত্ত্ৰৰ প্ৰতিস্থাপক আৰু ঘোযা-ৰত্নৰ গ্ৰন্থকাৰ ৺গোপাল মিশ্ৰ, বৈকুণ্ঠনাথৰ সহপাঠী আৰু সখী আছিল। ৺গোপাল মিশ্ৰই তেওঁৰ পিতৃশ্ৰাদ্ধ উপলক্ষে খুদিয়াত এক সভা পাতিছিল; সেই সভাত বৈকুণ্ঠনাথ আৰু বড়নগৰৰ ব্ৰাহ্মণ পণ্ডিতবিলাক উপস্থিত আছিল, আৰু বৈকুণ্ঠনাথে ভাগৱত পঢ়ি ব্যাখ্যা কৰিছিল। তেওৰ মুখে ভাগৱতৰ সুললিত ব্যাখ্যা শুনি সভাত থকা সকলো মানুহ মুগ্ধ হৈছিল। গোপাল মিশ্ৰই আৰু ব্ৰাহ্মণ পণ্ডিতসকলে, সেই সভাতে বৈকুণ্ঠনাথক “ভাগৱত-ভট্টাচাৰ্য” উপাধি দিলে। সেই দিন ধৰি তেওঁৰ বৈকুণ্ঠনাথ নাম তল পৰি ভাগৱত-ভট্টাচাৰ্য্য বা ভট্টদেৱ নাম হে জলি উঠিল। তাৰ পাচত তেওঁ অনেক গ্ৰন্থ ৰচনা কৰিলেও আৰু কবিৰত্ন উপাধিৰে ভূষিত হলেও, আজিলৈকে মানুহে তেওঁক ভট্টদেৱ বুলিলেহে জানে।

 এইদৰে নিত্য নৈমিত্তিক ক্ৰিয়া কৰি ভট্টদেৱ ভেড়াগাঁৱতে আছিল। মাজে মাজে তেওঁ ভাগৱত ব্যাখ্যা কৰি মানুহক দামোদৰ দেৱৰ শিষ্য৷ শুনাইছিল। সকলোৱে তেঁওৰ মুখে শ্ৰীকৃষ্ণৰ লীলা তত্ত্বৰ আস্বাদ লৈ ধন্য মানিছিল৷ তেতিয়া শ্ৰীশ্ৰীদামোদৰ দেৱে [ ৩৩ ] লীলা-তত্ত্বৰ আস্বাদ লৈ ধন্য মানিছিল। তেতিয়া শ্ৰীশ্ৰীদামোদৰ দেৱে পাটবাউসীত সত্ৰ স্থাপন কৰি অসমৰ কেইওফালে বিশিষ্ট বিশিষ্ট লোকক ধৰ্ম্মাচাৰ্য্য নিযুক্ত কৰি পঠিয়াই ভাগৱতা ধৰ্ম প্ৰচাৰ কৰিছে; উজনি অসমলৈ ৺বংশীগোপালক পঠিয়াইছে, উত্তৰ ফালে ৺ভগৱানদেৱক পঠিয়াইছে আৰু দক্ষিণে ৺সন্তভূষণক পঠিয়াইছে। এই দৰে কেইওফালে ভাগৱতী ধৰ্ম প্ৰচাৰৰ লগে লগে দামোদৰ দেৱৰ আধ্যাত্মিক জীৱনৰ কথা বিয়াপি পৰিছে আৰু নাৰা-বাৰী পণ্ডিত মুখ সকলোৱে তেওঁৰ চৰণছত্ৰৰ তলত আশ্ৰয় লবৰ নিমিত্তে দলে দলে আহিব লাগিছে, এনে সময়তে ভট্টদেৱৰ পিক কবি সৰস্বতীয়ে এদিন পুতেকক মাতি কলে :-

“শুনা বাপু ভট্টদেৱ কৰিয়োক মন।
বৈষ্ণৱৰ পদে যাই লৈয়োক শৰণ॥
কৃষ্ণত শৰণ যিতো নৰে নলৱয়।
কদাচিতো নুগুচে সংসাৰ মৃত্যুভয়॥
ভক্ত ভক্তি ভগৱন্ত কহয় শাস্ত্ৰত।
আক নজানিয়া নৰে পড়ে সংসাৰত॥
নিশ্চয় শৰণ যেবে লৈলেক সন্তত।
নথাকয় অহঙ্কাৰ তাহাৰ দেহত॥
সংসাৰ তৰিলা সিতো জানা নষ্ট কৰি।
তুমি যাই সন্ত-গুৰু মানি ভজা হৰি॥” — ভূষণ-দ্বিজ৷

 ভট্টদেৱে পিতৃ আজ্ঞা শিৰত লৈ দামোদৰ দেৱক দৰ্শন কৰিবলৈ পাটবাউসীলৈ আহিল। দামোদৰ দেৱক দেখিলে:-

“মহাতেজৱন্ত বৃদ্ধ শৰীৰ অত্যন্ত।
ভক্তি যেন মূৰ্ত্তি ধৰি প্ৰকাশ কৰন্ত॥”—ৰামৰায়।

[ ৩৪ ]  দামোদৰ দেৱৰ সাধু শান্ত উজ্জ্বল মূৰ্ত্তি দেখি, ভট্টদেৱে ভক্তিভাবে গৈ দামোদৰ দেৱৰ চৰণত প্ৰণিপাত কৰিলে।

“নমিলন্ত যাই দামোদৰ চৰণত॥
অবনত ভাবে প্ৰভু বোলয় বচন।
ভব তৰিবাৰ হেতু কৰায়ো শৰণ॥” — ৰামৰায়।

 দামোদৰ দেৱে ভট্টদেৱৰ পৰিচয় লৈ পাটবাউসীতে তেওঁক কিছুদিন আশ্বাস দি ৰাখি ভাগৱত পঢ়িবলৈ দিলে। ভট্টদেৱৰ মুখে ভাগৱত শুনি দামোদৰ দেৱ আৰু সত্ৰৰ ভকতসকলে বৰ আনন্দ পালে। দামোদৰ দেৱে, তেওঁক কিছু দিনৰ পাচত ঘৰলৈ যাবলৈ অনুমতি দিলে আৰু ভাল তিথিবাৰ চাই এদিন আহি শৰণ লবলৈ কলে। ভট্টদেৱে ঘৰলৈ উভতি গৈ কিছুদিন তাতে থাকি, ভাল দিনবাৰ চাই আকৌ পাটবাউসীলৈ আহি দামোদৰ দেৱৰ ওচৰত শৰণ ললেহি৷

“দামোদৰ পদে প্ৰভু লৈলন্ত শৰণ।
সঙ্গোপাঙ্গে দিলা কৃষ্ণ নাম মহাধন॥
ভট্টাচাৰ্য্য দেৱে দামোদৰক ভজিলা।
প্ৰিয় শিষ্য জানি দেৱে সমস্তে কহিলা ॥ —ৰা—ৰা ৷

 এইদৰে শৰণ লৈ ভট্টদেৱে দামোদৰ দেৱৰ ওচৰত আধ্যাত্মিক শিক্ষা লাভ কৰিবলৈ ধৰিলে আৰু  কবিৰত্ন উপাধি ৷ পাটবাউসী সত্ৰতে ভাগৱত পাঠ কৰি আছিল। এনেতে বড়নগৰৰ প্ৰধান  প্ৰধান মুখীয়াল মানুহ কেইজনমান আহি দামোদৰ দেৱক জনালেহি যে বড়নগৰত থাকি তেওঁবিলাকক ভাগৱত শুনাবৰ নিমিত্তে এজন ভাল ভাগৱতী দিব লাগে। দামোদৰ দেৱে তেওঁবিলাকৰ মনৰ অভিপ্ৰায় বুজি ভট্টদেৱকে সেই কামৰ নিমিত্তে যাবলৈ অনুমতি কৰিলে। এই কথাত বড়নগৰীয়া মানুহে মনত বড় আনন্দ পালে। বড়নগৰৰ মানুহবিলাকে [ ৩৫ ] ভট্টদেবৰ মুখে ভাগৱতৰ ব্যাখ্যা শুনি, শ্ৰীকৃষ্ণ লীলাৰ অপূৰ্ব্ব মাধুৰী অনুভব কৰি কৃতাৰ্থ হল আৰু সকলোৱে সভাপাতি ভট্টদেৱক কবিৰত্ন উপাধিৰে ভূষিত কৰিলে। ভট্টদেৱেও এই উপাধি অতি আগ্ৰহেৰে গ্ৰহণ কৰিলে। ভট্টদেৱে যিমানবিলাক গ্ৰন্থ ৰচনা কৰিছে, সকলো বিলাকৰ ভণিতাতে তেওঁ নিজক ‘কবিৰত্ন’ বুলিহে উল্লেখ কৰিছে। সেই কালত এই উপাধিৰে আন আন মানুহ থাকিলেও ‘কবিৰত্ন” বুলিলে সকলোৱে ভট্টদেৱকহে বুজিছিল।

 শুক্ৰধ্বজ বা চিলাৰাইৰ পুত্ৰ ৰঘুদেৱ বিজয়নগৰত ৰাজধানী পাতি কামৰূপত ৰাজত্ব কৰি, ১৫১৫ দামোদৰদেৱ আৰু অসমীয়া গদ্য ভাষা৷ শকত স্বৰ্গী হয় আৰু দামোদৰদেব আৰু সেই শকতে তেওঁৰ  পুত্ৰ পৰীক্ষিতনাৰায়ণ ৰজা হয়৷ পৰীক্ষিত বড় পৰাক্ৰমী ৰজা হলেও, সৰুৰেপৰা তেওঁ উদ্ধত প্ৰকৃতিৰ মানুহ আছিল। দামোদৰদেৱে বলি কাটি দুৰ্গাপূজা কৰিবলৈ মানা কৰা বুলি শুনি, তেওঁ দামোদৰদেৱক তেওঁৰ ৰাজধানী বিজয়নগৰলৈ ধৰাই নিয়ে। এই বিজয়নগৰ গদাধৰ নৈৰ দাতি আজিকালিৰ বিজনী ৰাজ্যৰ কোনো এঠাইত আছিল। অনেকে অনুমান কৰে বিজয়নগৰৰ পৰাই বিজনীৰ উদ্ভৱ হৈছে। বিজয়নগৰলৈ যাবৰ সময়ত দামোদৰদেৱে ভট্টদেৱক বড়নগৰৰ পৰা মাতি আনি পাটবাউসী সত্ৰত ৰখীয়া কৰি থৈ যায়। যাবৰ সময়ত আন আন উপদেশৰ লগতে, তেওঁক অসমীয়া গদ্য ভাষাত ভাগৱতৰ ভাঙ্গনি কৰিবলৈ কৈ যায়;—

“আৰু এক জগত ঈশ্বৰ আজ্ঞা ধৰা ।
কথাবন্ধে একখণ্ড ভাগৱত কৰা ॥
পূৰ্ব্বে মহাপুৰুষে কৰিলা দশস্কন্ধ ।
কীৰ্ত্তন ভটিমা চবি দুলৰী সুছন্দ ॥৩৩৮
তাত কৰি সুগম কৰিয়ো ভাগৱত ।
স্ত্ৰীশূদ্ৰ সৰ্ব্বলোকে বুঝে যেন মত॥”—ৰা-ৰা।

[ ৩৬ ] পুথিবিলাক ৰচনা কৰিছিল, সেই বিষয়ে অনেক প্ৰমাণ আছে। যেনে,

প্ৰভুৰ আজ্ঞায়ে  বাৰ কন্ধ ভাঙ্গি
 কথাৰূপ কৰিলন্ত।
গীতা ৰত্নাবলী,  কথাৰূপে তাকো,
 কৰিলন্ত বিৰচন ॥
স্ত্ৰী শূদ্ৰ শিশু সমস্তে বুঝয়
 পঢ়ন্তে নাহি দূষণ ॥ ৯২৭ —ৰা-ৰা।

আন এঠাইত আছে :-

প্ৰভু দামোদৰৰ আজ্ঞায়ে মহাশন্ত।
শ্লোক ভাঙ্গি ভাগৱত কথা কৰিলন্ত ॥
অবিৰোধে স্ত্ৰী শূদ্ৰ চাণ্ডালে পঢয় ।
সঙ্খেপিয়া কথাৰূপ কৈলা মহাশয়॥ ৯৪২ ৰা–ৰা।


 ইয়াত বাজেও ভট্টদেৱ লিখা পুথিবিলাকৰ ঠায়ে ঠায়ে তেওঁ সেই কথা গৌৰবেৰে উল্লেখ কৰিছে। কি এক অপূৰ্ব্ব মাহেন্দ্ৰ ক্ষণত, অসম দেশৰ ভাগ্য আকাশত এই মহাপুৰুষ দুজনৰ সংযোগ হৈছিল, যাৰ ফলত আজি অসমীয়া জাতিয়ে পৰম গৌৰবেৰে জগতত অসমীয়া গদ্য সাহিত্য সম্পদৰ ঘোষণা কৰিব পাৰিছে। ভট্টদেৱ তেওৰ সময়ৰ এজন বিখ্যাত সংস্কৃত পণ্ডিত আহিল, আৰু সেই সময়ত গ্ৰন্থ ৰচনা কৰিলে পদ্যত ৰচনা কৰাহে ৰীতি আছিল; এনেস্থলত ভট্টদেৱে যে গীতা ভাগৱত আদি গ্ৰন্থ অসমীয়া গদ্যত অনুবাদ কৰিলে, সি কেৱল দামোদৰ দেৱৰ বিশেষ অনুৰোধত। সেইগুণে অসমীয়া গদ্য সাহিত্যৰ সৃষ্টি কাৰ্য্যত ভট্টদেৱ যন্ত্ৰ মাথোন, দামোদৰ দেৱ হে যন্ত্ৰী। জগতত অসমীয়া ভাষা থাকে মানে, এই দুজন মহাপুৰুষৰ অক্ষয় কীৰ্ত্তি খিলঞ্জিয়া হৈ জলি থাকিব আৰু তেওঁবিলাকৰ শুভমিলনে, অসমীয়া সাহিত্য [ ৩৭ ] ভড়াঁলত যি অমূল্য সম্পত্তি দান কৰিলে, তাৰ কাৰণে অসমীয়া জাতি চিৰকাল তেওঁবিলাকৰ ওচৰত কৃতজ্ঞ থাকিব।

গ্ৰন্থাৱলী।দামোদৰ দেৱ বিজয়নগৰলৈ যোৱাৰ পাচত ভট্টদেৱ কিছুদিন বড়নগৰতে থাকি তেওঁ ভাগৱত ব্যাখ্যা শেষ কৰি,দামোদৰ দেৱৰ আজ্ঞা অনুসৰি পাটবাউসীলৈ আহে।তেতিয়া পাটবাউসী সত্ৰত দামোদৰ দেৱৰ ভতিজাক কৃষ্ণদেৱেই প্ৰধান হৈ থাকে আৰু ভট্টদেৱে তাতে থাকি ভাগৱত পাঠ কৰিছিল৷ ভট্টদেৱ সংস্কৃত ভাষাত ভক্তিসাৰ, ভক্তিবিবেকৰ নিচিনা গ্ৰন্থ আৰু অসমীয়া ভাষাত, কথা-ভাগৱত, কথা-গীতা আদি কেইবা খনিও গদ্যগ্ৰন্থ আৰু গুৰুবংশাৱলী, প্ৰসঙ্গমালা আদি পদ্যগ্ৰন্থ লিখি থৈ গৈছে৷ ভট্টদেৱ এই দেশত জন্ম নলৈ ভাৰতবৰ্ষৰ আন দেশত জন্মিবলৈ হোৱাহলে, তেওঁ আজি সকলো সভ্য জাতিবিলাকৰ কৰ লগত চিনাকী হলহেতেন। যশস্যাৰ শ্মশান ভূমি দুদ্দশয়া অসম দেশত জন্ম গ্ৰহণ কৰি প্ৰায় চাৰে তিনিশ বছৰৰ আগেয়ে তেও অমাৰ ভাষাৰ আৰু সাহিত্যৰ কি উন্নতি কৰি থৈ গৈছে তাক আম অসমীয়া মানুহে নিজেই নাজানো, ইয়াতকৈ আৰু লাজৰ কথা কিবা আছেনে?

ভক্তিসাৰভট্টদেৱৰ এই খনিয়েই প্ৰথম পুথি। দামোদৰ দেৱব শিষ্যত্ব গ্ৰহণ কৰাৰ অলপ পাচতে দামোদৰ দেৱৰ আজ্ঞা মতে তেওঁ এই পুথি ৰচনা কবে। এই পুথি সংস্কৃত ভাষাত লিখা। সেই সময়ত বিজয়নগৰত যদুমণি চক্ৰবৰ্ত্তী নামে এজন ৰাজপণ্ডিত আছিল। তেওঁ কেতিয়াবা কেতিয়াবা দামোদৰদেৱৰ লগত সাক্ষাত কৰি তেওঁৰ লগত আধ্যাত্মিক বিষয়ত আলাপ কৰি বড় আনন্দ লাভ কৰিছিল। এদিন যদুমণি চক্ৰবৰ্ত্তীয়ে দামোদৰ দেৱক কলে যে শ্ৰীকৃষ্ণ ভগৱানৰ কলা অৱতাৰ হে পূৰ্ণ অৱতাৰ নহয়। দামোদৰ দেৱে [ ৩৮ ] চক্ৰবৰ্ত্তীৰ এই কথাত মনত বৰ বেজাৰ পালে, আৰু তেওঁৰ প্ৰিয় শিষ্য ভট্টদেৱক, শ্ৰীকৃষ্ণ যে পূৰ্ণব্ৰহ্মৰ অৱতাৰ, অংশাৱতাৰ নহয়, আমাৰ শাস্ত্ৰবিলাকক পৰা, এই কথা প্ৰমাণ কৰা শ্লোকবিলাক উদ্ধাৰ কৰি, এখনি পুথি লিখিবলৈ আদেশ কৰিলে। ভট্টদেৱে অতি আগ্ৰহেৰে এই কাজ হাতত ললে আৰু তাক অলপ দিনৰ ভিতৰতে সমাধা কৰিলে। ভট্টদেৱৰ এইয়েই প্ৰথম গ্ৰন্থ। তেওঁৰ বয়স তেতিয়া সম্ভৱতঃ ৩০/৩২ বছৰৰ সৰহ নহয়। তেওঁ কৰা পুথি বুলি জানিলে কি জানি যদুমণি চক্ৰবৰ্ত্তীৰ নিচিনা ডাঙ্গৰ পণ্ডিত এজনে তাক গ্ৰাহ্য নকৰেই, এই ভাবি সেই পুথিৰ ভণিতাত ভট্টদেৱে কৃষ্ণভাৰতীৰ নাম দিলে, আৰু দামোদৰদেৱক সেই কথা বুজাই কলে। কৃষ্ণ ভাৰতী এজন আমাৰ দেশৰ বড় ডাঙ্গৰ পণ্ডিত আছিল। তেওঁৰ বিষয়ে ৰত্নমালা ব্যাকৰণত ৺পুৰুষোত্তম বিদ্যাবাগীশে এই দৰে লিখি থৈ গৈছে। “কৃষ্ণ ভাৰতীৰায়াতি বেদান্তবন কেশৰী। পলায়ুদ্ধং পলাযুদ্ধং ভোভি তাৰ্কিক দিগ্‌গজাঃ।” দামোদৰ দেৱে ভক্তিসাৰ পুথিখন এদিন যদুমণি চক্ৰবৰ্ত্তীক দেখুৱালে। যদুমণিয়ে পুথিখনি আগৰ পৰা গুৰিলৈকে পঢ়ি তেওঁ কৃষ্ণভাৰতীৰ পাণ্ডিত্যৰ অশেষ প্ৰশংসা কৰিলে আৰু শ্ৰীকৃষ্ণক পূৰ্ণ অৱতাৰ বুলি স্বীকাৰ কৰাই দামোদৰ দেৱৰ ওচৰত শৰণ ললে। ভট্টদেৱে যি ভাবি যি কৰিছিল সেয়ে সিদ্ধি হল। আমি এই পুথি এতিয়াও দেখিবলৈ পোৱা নাই কিন্তু তাৰ বিষয়ে যি জানিব পৰিছো, শ্ৰীকৃষ্ণৰ পূৰ্ণ অৱতাৰ প্ৰমাণ কৰাই এই পুথিৰ প্ৰধান কথা৷

 কথা-ভাগৱতেই ভট্টদেৱৰ সকলো গ্ৰন্থৰ ভিতৰত প্ৰধান আৰু এই গ্ৰন্থ তেওঁৰ অপৰিসীম পৰিশ্ৰমৰ কথা-ভাগৱত৷  ফল। পূৰ্ব্বে কোৱা হৈছে কেনেকৈ দামোদৰদেৱে, তেওঁক ভাগৱতৰ কথা  কৰিবলৈ উপদেশ দিয়ে। ভট্টদেৱে গুৰুৰ আজ্ঞা শিৰত [ ৩৯ ] লৈ কথা-ভাগৱত কৰিবলৈ হাতত লয়। তেওঁ যেতিয়া বড়নগৰত ভাগৱত ব্যাখ্যা কৰি থাকে, তেতিয়াই তেওঁ এই কাম আৰম্ভ কৰে। চৰিত্ৰপুথিত সেই বিষয়ে এই দৰে লিখিছে:—

ভাগৱত শুনি তাৰা সন্তোষ লভিলা
কথা-ভাগৱত বড়নগৰে কৰিলা ॥ ২৯১ ৰা-ৰা।

 দামোদৰদেৱ এবছৰ বিজয়নগৰত থকাৰ পাচত, পৰীক্ষিতনাৰায়ণ ৰজাই তেওঁক দেশ এৰি যাবলৈ কোৱাত, তেওঁ সোণকোষ পাৰ হৈ প্ৰায় ১৫১৬ শকত লক্ষ্মীনাৰায়ণ ৰজাৰ দেশলৈ যায়৷ দামোদৰ দেৱে সোণ-কোষ নৈ পাৰ হবৰ বেলিকা ভট্টদেৱে ভাগৱতৰ প্ৰথম কন্ধৰ অসমীয়া গদ্য ভাঙ্গনি দি দামোদৰ দেৱক সেৱা কৰিলে গৈ। দামোদৰ দেৱে প্ৰথম কন্ধৰ ভাঙ্গনি চাই বড় ভাল নুবুলিলে, কিয়নো, ভট্টদেৱে কেৱল ভাগৱতৰ মূল শ্লোকবিলাকৰে কথা নকৰি তাৰ টীকা ভাষ্য সকলোবিলাকৰ ভাঙ্গনি কৰিছিল।

“কিন্তু এত খানি,  বহু কথা ভৈলে
 পুথিয়ো হইবে বড় ।
বাহ্ৰয় কন্ধৰ,  কথাক লিখিতে
 লাগিবে পাত বিস্তৰ ॥
এতেকে ইহাক,  কহিতে নপাৰি
 নকৰিবে কেহোঁ যত্ন।
সঙ্ক্ষেপ কৰিয়া,  সাৰমাত্ৰ লৈয়া
 কৰা কথা কবিৰত্ন॥” ২২৫ ৰা–ৰা।

 ভট্টদেৱ দামোদৰ দেৱৰ পৰা এনে কথা শুনি মনে মনে বড় বেজাৰ পালে কিন্তু কি কৰিব গুৰুৰ আদেশ। তেওঁ তেতিয়া কথা-ভাগবত বাহুল্য ভাবে নিলিখি সঙ্ক্ষেপকৈ লিখিবলৈ স্থিৰ কৰিলে দামোদৰদেৱ [ ৪০ ] কোচবিহাৰলৈ গলত ভট্টদেৱ পাটবাউসীলৈ উভটি আহি কথা-ভাগৱত লিখি শেষ কৰে। এই ভাগৱত সঙ্ক্ষেপ কৈ কৰিলেও শেষ্ কৰোতে প্ৰায় ৪ বছৰ লাগিছিল। প্ৰায় ১৫১৫ শকত ভট্টদেৱে কথা-ভাগৱত লিখিবলৈ ধৰে আৰু প্ৰায় ১৫১৯ শকতহে তাক লিখি শেষ কৰে। দামোদৰদেৱে ১৫২০ শকত বহাগৰ শুক্লা প্ৰতিপদ তিথিত কোচবিহাৰত বৈকুণ্ঠপুৰ ধামত তনুত্যাগ কৰে। তেওঁৰ মৃত্যুৰ কিছু দিন আগতে পাটবাউসীত কৃষ্ণদেৱে ভট্টদেৱৰ লগত কল কৰা শুনি দামোদৰদেৱে দুইকো কোচবিহাৰলৈ মাতি পঠিয়াই আৰু দুইলৈকো কৈ পঠিয়াই যে তেওঁ আৰু সৰহ দিন এই সংসাৰত নেথাকে, সেই গুণে তেওঁলৈ যেন কিছু সুখাদ্য বস্তু লৈ যায়। এই কথা শুনি কৃষ্ণদেৱে অনেক উপাদেয় সুখাদ্য বস্তু লগত লৈ কোচবিহাৰলৈ যাত্ৰা কৰিলে; ভট্টদেৱেও তেওঁৰ কথা-ভাগৱত শেষ কৰি ভালকৈ লিখি লৈ দামোদৰ দেৱৰ ওচৰলৈ গল৷ দামোদৰ দেৱে কৃষ্ণদেৱে নিয়া নশ্বৰ খাদ্যবস্তু বিলাকলৈ চকুকে নিদিলে কিন্তু ভট্টদেৱে নিয়া কথা-ভাগৱত খনি অতি আগ্ৰহেৰে হাত পাতি লৈ, ‘অন্তিম কালত ভবৰোগৰ মহৌষধ এই ভাগৱত শাস্ত্ৰই আমাৰ পৰম সুখাদ্য’ বুলি গ্ৰহণ কৰিলে আৰু ভট্টদেৱক এই কথাভাগৱত কৰাৰ জন্যে অশেষ প্ৰশংসা কৰিলে আৰু সেই দিনাই ভট্টদেৱক পাটবাউসী সত্ৰৰ অধিকাৰ পাতিলে বুলি প্ৰচাৰ কৰিলে। তেওঁৰ আপোন ভতিজা কৃষ্ণদেৱক সেই সত্ৰতে ভাগৱতী হৈ থাকিবলৈ কলে।

“অয়ং নিজপৰোবেত্তি গণনাং লঘুচেতসাম্।
উদাৰচেতসাং পুংসাং বসুধৈব কুটুম্বকম্॥”

 মহাপুৰুষবিলাকৰ বিচাৰ আৰু বিবেচনা এনেকুৱাই। কৃষ্ণদেৱ নিজ ভতিজাক হলেও তেওঁক যেতিয়া সত্ৰৰ অধিকাৰৰ উপযুক্ত নেদেখিলে তেতিয়া ভট্টদেৱক উপযুক্ত দেখি দামোদৰদেৱে তেওঁৰ মূৰতে ধৰ্ম্মৰ ভাৰ [ ৪১ ]
 

“ভতিজাত তেজি মৰ্ম্ম,  আনক দিলেক ধৰ্ম্ম,
 পালিবৰ যোগ্য হেন দেখি।”

 চাবলৈ গলে দামোদৰদেৱ যেন তেওঁৰ হৃদয়ৰ প্ৰিয়ধন কথা-ভাগৱতলৈ বাট চাইহে অতদিন কোচবিহাৰত জিয়াই আছিল। কথা-ভাগৱত পোৱাৰ অলপদিনৰ পাচতে তেওঁ নৰ-নাট সামৰিলে৷ ভট্টদেৱ পাটবাউসী সত্ৰৰ অধিকাৰ হোৱাৰ গুৰিও এই কথা-ভাগৱতকে বুলিব পাৰি। কথা-ভাগৱত অসমীয়া সাহিত্যৰ এক অমূল্য সম্পত্তি। এই পুথি প্ৰকাশ হলে অসমীয়া ৰাইজে বুজিব পাৰিব ভট্টদেৱে কথা-ভাগৱত ৰচনা কৰি অসমীয়া ভাষাৰ কি অসীম উপকাৰ কৰি গৈছে।

 কথা-ভাগৱতৰ পিচতে, ভট্টদেৱৰ কথা-গীতাও অসমীয়া সাহিত্য ভঁড়ালৰ এখনি অমুল্য ৰত্ন। কথা- কথা-গীতা৷ গীতাৰ ৰচনাৰ কাল সঠিককৈ কোৱা টান, তথাপি ইয়াক যে কথা-ভাগৱতৰ পাচত লিখিছিল, তেনে ভাবিবৰ অনেক কাৰণ আছে। প্ৰথমতে চৰিত্ৰ পুথিত দেখিবলৈ পোৱা যায়,

“যি কালে গীতাৰ কথা কৰা মহাসন্ত।
সেহিকালে “আত্মসাৎ” কৰি ধৰিলন্ত॥
দ্বাদশ কন্ধৰ কথা যি কালে দিলন্ত।
সেহিকালে “আত্মসঙ্গী” কৰিয়া লৈলন্ত॥” —ৰা-ৰা।

 এই পদ ফাকিত লোচৰ অৰ্জ্জুনদেৱৰ লগত ভট্টদেৱৰ সম্বন্ধ উল্লেখ কৰিছে অৰ্থাৎ ভট্টদেৱে গীতাৰ কথা কৰোঁতে অৰ্জ্জুন দেৱক “আত্মসাৎ” কৰি ললে আৰু ভাগৱতৰ কথা কৰোতে তেওঁক “আত্মসঙ্গী” কৰি ললে। আত্মসঙ্গী আৰু আত্মসাৎ এই দুই অৱস্থাৰ ভিতৰত আত্মসাৎ যে বেছি ঘনিষ্ঠ অৱস্থা তাক সহজে বুজিব পাৰি। আত্মসঙ্গী অৱস্থাত সঙ্গী বা লগৰীয়া ভাবেই প্ৰধান কিন্তু আত্মসাৎ অৱস্থাত, অভেদাত্মা ভাবৰ ইঙ্গিত [ ৪২ ] আছে। ভকতীয়া আতৈ আৰু আতা, এই দুই সম্বন্ধে প্ৰায় তেনেকুৱাই। আতৈ অৰ্থাৎ আত্মা-ইৱ আৰু আতা অৰ্থাৎ আত্মা, ইয়াৰ ভিতৰত যেনে প্ৰভেদ, আত্মসঙ্গী আৰু আত্মসাং তাৰ ভিতৰতো প্ৰায় তেনে প্ৰভেদেই। এই দুই সম্বন্ধৰ ভিতৰত যে আত্মসঙ্গী আগৰ আৰু আত্মসাৎ পাচৰ তাক অলপ ভাবিলেই বুজিব পাৰি। সেইগুণে আমি কথা-গীতা কথা-ভাগৱতৰ পাচত লিখা বুলি ভাবে। তেনে ভাবিবৰ আন কাৰণো আছে। দুইখন গ্ৰন্থৰ ৰচনা ৰিজাই চালেও অনেক তাৰতম্য দেখিবলৈ পোৱা যায়। কথা-ভাগৱতৰ ভাষাতকৈ কথা-গীতাৰ ভাষা বেছি কোমল আৰু সৰল। কথা-ভাগৱতত যিমান পুৰণি অপ্ৰচলিত শব্দৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় কথা-গীতাত সিমান নাই। কথা-ভাগৱতৰ ৰচনাতকৈ কথা-গীতাৰ ৰচনাও বেছি গ্ৰাঞ্জল আৰু মধুৰ ৷ ওপৰত দেখুওৱা হেতুবাদৰ পৰা আমি কথা-গীতাক, কথা-ভাগৱতৰ পাচৰ গ্ৰন্থ বুলি অনুমান কৰিছোঁ। আমাৰ অনুমান ঠিক হলে, দামোদৰদেৱ স্বৰ্গী হোৱাৰ পাচত হে ভট্টদেৱে কথাগীতা লিখা যেন লাগে৷ * কথা-গীতাৰ ভাষা, তিনিশ বছৰৰ আগৰ অসমীয়া গদ্য ভাষাৰ চানেকী হলেও, দুই চাৰি পুৰণি অপ্ৰচলিত শব্দ এৰি দিলে, তাক আজিকালিৰ অসমীয়া গদ্য ভাষাৰ লগত অলপ হে অমিল দেখা যায়। তেওঁ সংস্কৃত ভাষাত এজন অগাধ পণ্ডিত আছিল; তথাপি যে তেওঁৰ লিখাত সংস্কৃত শব্দৰ প্ৰয়োগ ইমান কম তাক দেখিলে বিস্ময় মানিব লাগে।

 এইখন ভট্টদেৱে লিখা এখন সংস্কৃত গ্ৰন্থ। ই এখন বৈষ্ণৱ ধৰ্ম্ম সম্বন্ধে বিষ্ণুপুৰি সন্ন্যাসীৰ ভক্তি ৰত্নাৱলীৰ শ্ৰেণীৰ পুথি। ভট্টদেৱে বিষ্ণুপুৰি

________________________________________________________________________   * আমি ৺নীলকণ্ঠ দাসে লিখা চৰিত্ৰত এতিয়া দেখিছোঁ যে কথা-ভাগৱত কথা-গীতাৰ আগেয়ে লিখা সঁচা আৰু ৺ভট্টদেৱৰ কথা-ভাগৱতৰ দৰে কথা-গীতাকো শ্ৰীদামোদৰ দেৱৰ জীবিত কালতে তেখেতক সমৰ্পণ কৰে। [ ৪৩ ] সন্ন্যাসীৰ ভক্তি-ৰত্নাৱলীৰ অসমীয়া কথা কৰিছিল, কাজেই তেওঁ সেই পুথিৰ পৰা অনেক সহায় পাইছিল ভাবিব পাৰি কিন্তু ৰত্নাৱলীৰ লগত ভক্তিবিবেকৰ এক বিষয়ত বিশেষ অমিল ভক্তিবিবেক।দেখিবলৈ পোৱা যায়। বিষ্ণুপুৰিয়ে ৰত্নাৱলীত কেৱল ভাগৱতৰ পৰাহে শ্লোক উদ্ধাৰ কৰিছে কিন্তু ভট্টদেৱে ভক্তিবিবেকত ভাগৱতত বাহিৰেও অনেক পুৰাণৰ পৰা শ্লোক উদ্ধাৰ কৰিছে আৰু তাত বাজেও তেওঁ ৰুদ্ৰযামল, বিষ্ণুযামল, আদি শাস্ত্ৰৰ পৰাও প্ৰমাণ উদ্ধাৰ কৰিছে। এঠাইত ঋগ্বেদৰ পৰাও ঋক্‌ উদ্ধাৰ কৰা দেখা যায়। ভট্টদেৱে এই গ্ৰন্থ ১৫৪৩ শকত লিখে। তেওঁ পুথিৰ শেষত এই দৰে ভণিতা দিছে :—

শ্ৰীমদ্দামোদৰবৰ সদোমণ্ডপেসাধুযুষ্টে
তিষ্ঠন্ শ্ৰীকৃষ্ণদিষ্টাত্তদনুগতৰতৌ সৰ্ব্বশাস্ত্ৰাণুসাৰাৎ।
শ্ৰীমদ্ভক্তিববেকগ্ৰন্থমকৰোৎ শাকেষুগ্নিবেদেষুভিশ্চন্দ্ৰে
মাঘদিনে দিনেশদিবসে তেনৈবতুষ্যেদ্ধৰিঃ ॥ ভ, বি৷

 ভক্তিবিবেকত বাজে তেওঁ আৰু এখন সংস্কৃত পুথি লেখি থৈ গৈছে তাৰ নাম শৰণ সংগ্ৰহ৷ এইখনো এখন ভক্তি শাস্ত্ৰ আৰু তাত শৰণৰ উদ্দেশ্য, অৰ্থ আৰু প্ৰণালী বিশদৰূপে বৰ্ণনা শৰণ সংগ্ৰহ৷কৰা আছে।

 এই কেইখনত বাহিৰেও ভট্টদেৱে আৰু কেইবাখনো সৰু সৰু গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেওঁ বিষ্ণুপুৰি সন্ন্যাসীৰ ভক্তি-ৰত্নাৱলী অসমীয়া গদ্যত অনুবাদ কৰি গৈছে। সাত্বত তন্ত্ৰ বুলি আন আন গ্ৰন্থ৷ এখনি অতি উপাদেয় বৈষ্ণৱ ধৰ্ম্ম বিষয়ে সংস্কৃত পুথিৰো তেওঁ এখন অসমীয়া অনুবাদ কৰি থৈ গৈছে বুলি শুনা গৈছে। তাত বাজেও দামোদৰ-ব্যাখ্যান আদি আৰু কেইখনমান তেওঁ কৰা [ ৪৪ ] সাম্প্ৰদায়িক গদ্য গ্ৰন্থ আছে বুলি শুনিছো। তেওঁ লিখা প্ৰায় এটাইবিলাক গ্ৰন্থই গদ্য, পদ্য অলপ হে; প্ৰসঙ্গমালা আৰু গুৰুবংশাৱলী এই দুখন পুথি তেওঁ পদ্যত লিখিছিল। ইয়াত বাজে পদ্যত তেওঁ লিখা দামোদৰ দেৱৰ বিষয়ে এটি বড় সুললিত গুৰুভটিমা আছে। তেওঁ যদিও পদ্যত অলপ হে লেখি থৈ গৈছে তাৰে পৰা বুজিব পাৰি যে তেওঁ গদ্যৰ দৰেই পদ্যৰ ৰচনাত সিদ্ধহস্ত আছিল।

 পাটবাউসী সত্ৰত অধিকাৰ ৷ দামোদৰ দেৱৰ মৃত্যু শক ১৫২০। অনেকে তেখেতৰ মৃত্যু শক  ১৫০২ বুলি ভুল কৰে। এই ভুল তলত লিখা শ্লোকটোৰ পৰা হৈছে:—

শ্ৰীকৃষ্ণোনিজধামগোহখিল জনান্ দৃষ্টাতু পাপাশয়ান্
সৎধৰ্ম্ম প্ৰথনেচ্ছয়া কলিযুগে দামোদৰাখ্যোহভবৎ।
শাকে দিঙ্মঅনুসঙ্খ্যয়াবিগণিতে ধৰ্ম্মানজনানগ্ৰাহয়ণ্
শাকে দ্যম্বৰবানচন্দ্ৰগণিতেহগচ্ছৎ পুনৰ্ধামষু॥

 এই শ্লোক মতে দামোদৰ দেৱৰ জন্ম শক হৈছে—“দিঙ্মনু সঙ্খ্যয়া” দিক্‌ মানে ১০ আৰু মনু মানে ১৪ অৰ্থাৎ ১৪১০ শকত তেওঁৰ জন্ম। এই জন্মৰ শকটো ঠিক আছে। শ্লোক মতে মৃত্যু শক হৈছে “দ্যম্বৰবানচন্দ্ৰ” অৰ্থাৎ ১৫০২ শক। দামোদৰ দেৱক পৰীক্ষিত ৰজাই বিজয়পুৰলৈ ধৰাই নিয়ে, এইটো এটা ঐতিহাসিক সত্য আৰু পৰীক্ষিত ৰজা ৰাজপাটত বহে ১৫১৫ শকত। সেইগুণে ১৫১৫ শকত ৰজা হৈ পৰীক্ষিতে তেখেতক ১৫০২ শকৰ আগেয়ে বিজয়পুৰলৈ নিওৱা অসম্ভৱ। আমি এই শ্লোকটোৰ “দ্যম্বৰ” পাঠটোৰ ঠাইত খংকৰ’ পাঠ পাইছোঁ। ‘খংকৰ’ পাঠ হলে, তেওঁৰ মৃত্যু শক ১৫২০ হয় আৰু তেতিয়াহে ১৫১৫ শকত বা তাৰ অলপ পাচতে তেওঁক পৰীক্ষিত ৰজাই বিজয়পুৰলৈ নিয়া সম্ভৱ হয়। তাত বাজেও দামোদৰ দেৱ বিজয়নগৰ এৰি কোচবিহাৰলৈ যোৱাৰ পাচত [ ৪৫ ] পৰীক্ষিত নাৰায়ণ আৰু লক্ষ্মীনাৰায়ণৰ মাজত যুজ লাগে আৰু সেই যুজত লক্ষ্মীনাৰায়ণ হাৰি দিল্লীৰ মছলমান পাৎচাৰ শৰণাগত হয়। আকবৰনামা মতে লক্ষ্মীনাৰায়ণে ১৫১৬ ইংৰাজী চনত বা ১৫১৮ শকত মছলমান পাৎচাৰ শৰণাগত হয়। সেই আপাহতে দিল্লীৰ পাৎচাই যুজত জিকি পৰীক্ষিতক ধৰাই নি তেওঁৰ দেশ দখল কৰে। দামোদৰ দেৱ তেতিয়া কোচবিহাৰত। দামোদৰ দেৱে এই কথা শুনি কলে:—

“শুনি দামোদৰ দেৱে বুলিলা বচন।
পৰীক্ষিত ৰাজ্যত আছয় যতজন ॥ ৭৫৩
ইদানীক সবে আল্লা খোদাই বোলক।” ৰা–ৰা।

 ইয়াৰ পৰাও দেখা যায় যে দামোদৰ দেৱ কোচবিহাৰত ১৫১৮ কলৈকে জীবিত আছিল৷ সেইগুণে আমি ১৫২০ শককে দামোদৰ দেৱ স্বগী হোৱা শক বুলি স্থিৰ কৰিছোঁ। তেনেহলে ১৫২০ শকৰ ব'হাগ মাহৰ শুক্লা প্ৰতিপদ তিথিত তেখেতে দেহ এৰে আৰু তাৰ অলপ আগতে অৰ্থাৎ ১৫১৯ শকত ভট্টদেৱক পাটবাউসী সত্ৰৰ অধিকাৰ পদত বৰণ কৰে। তেওঁৰ ভতিজাক কৃষ্ণদেৱক অধিকাৰ ভাৰ নিদিয়া দেখি তেওঁ খং কৰি পাটবাউসী এৰি পোমৰা সত্ৰ স্থাপন কৰি থাকিল গৈ। ভট্টদেৱৰ বংশই ১৫১৯ শকৰে পৰা আজিলৈকে পাটবাউসীত অধিকাৰ হৈ আহিছে; ওপৰত দিয়া পুৰুষ-নামাৰ পৰাই তাক ভালকৈ বুজা যায়। অধিকাৰ হৈ পাটবাউসী সত্ৰৰ গৌৰৱ আগৰ দৰেই আটুট ৰাখি ভট্টদেৱ অনেক বছৰ সেই ঠাইতে আছিল। দামোদৰদেৱৰ দিনত পাটবাউসী সত্ৰৰ ভকতবিলাক “অসঙ্গ” অৰ্থাৎ উদাসীন আছিল। ভট্টদেৱে কোনো কোনো ভকতৰ চিত্ত বিচলিত হোৱা যেন দেখি, এনেকুৱা গাৰ বন্ধেৰে কৰা ব্ৰহ্মচৰ্য্যহীন উদাসীন প্ৰথাৰ ফল শেষত অতি বিষম হব বুলি ভাবি, ভকতবিলাকক আশ্ৰমী হবলৈ আদেশ কৰিলে:— [ ৪৬ ]

“কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশ।
ই সবে বেঢ়িয়া কৰে মহন্তক দ্বেষ॥
এই হেতু গড় বান্ধি যুঝিবে বুলিলা।
তান আজ্ঞা লই সবে বিবাহ কৰিলা ॥”

 তেতিয়াৰে পৰা পাটবাউসী, উদাসীন সত্ৰ গুচি আশ্ৰমী সত্ৰ হল। এই কাৰ্য্যৰ পৰা ভালকৈ বুজিৰ পাৰি ভট্টদেৱৰ দৃষ্টি কিমান চোকা আৰু দীঘল আছিল আৰু তেওঁৰ মানসিক আৰু নৈতিক বল কিমান বেছি আছিল। আজিকালিও এনেকুৱা উদাসীন প্ৰথাৰ কুফল অনেকে দেখিছে কিন্তু তাৰ সংস্কাৰ কৰিবলৈ কেইজনে সাহ কৰে। এইদৰে দামোদৰ দেৱৰ সৰ্বস্বৰ অধিকাৰী হৈ ভট্টদেৱে পাটবাউসী সত্ৰত বহি কেউফালে ভাগৱতী ধৰ্ম প্ৰচাৰ কৰাকে জীবনৰ ব্ৰত কৰি ললে।

“বছৰে বছৰে,  পঢ়াই ভাগৱত,
 কৰা ছাত্ৰ অধ্যাপন।
কৰি সুশিক্ষিত  যাক যেন মত
 নাম দেন্ত তপোধন॥

এহি ক্ৰমে এক অযুত ব্ৰাহ্মণ,
 ভাগৱতী কৰিলন্ত।
অনুৰূপে বস্ত্ৰ, পৰিধান দিয়া,
 সবাকে নাম দিলন্ত॥

সহস্ৰ সংখ্যাত মেধী পাতিলন্ত,
 কামৰূপ প্ৰদেশত।
শ্ৰীদামোদৰ দেৱৰ ধৰ্ম্মৰ
 মহিমা বঢ়াই ৰাজ্যত॥”

[ ৪৭ ]  পাটবাউসী সত্ৰত বহাগ মাহৰ শুক্লা প্ৰতিপদ তিথিত দামোদৰ দেৱৰ বৈকুণ্ঠ যাত্ৰা উপলক্ষে বছৰি এটা দামোদৰ দেৱৰ তিথি৷  বড় ডাঙ্গৰ মহোৎসৱ হৈছিল। তাত প্ৰায় বছৰি কুড়ি হাজাৰ মানুহ  গোট খাইছিল। ভট্টদেৱে এই উৎসৱৰ সকলো খৰচ নিজে কৰিছিল।

“মহোৎসৱ কালে,  একস্থান হোৱে,
 বিংশতি হাজাৰ নৰ ॥ ৯২৪
মেধী মহাজন, ব্ৰাহ্মণ সজ্জন,
 সবে হোৱে একস্থান।
প্ৰভু ভট্টদেৱ, সমস্তকে দেস্ত,
 চাৰিবিধ অন্ন পান ॥
ওজা পালী নট, নটুৱা বিয়াস,
 ব্ৰাহ্মণ যতেক যান্ত।
দানে মানে সম-  স্তকে সন্তোষিয়া,
 বিদায় দিয়া পঠান্ত ॥”


 মহোৎসৱ শেষ হবৰ দিনা ভট্টদেৱে তাত গোট খোৱা সকলো মেধীৰ মহলা লৈছিল। প্ৰতিজন মেধীকে ভাগৱতৰ ২৷৩ শ্লোক ব্যাখ্যা কৰিবলৈ দিছিল আৰু তেওঁবিলাকক যোগ্যতা অনুসাৰে অৰিহনা দি বিদায় দিছিল। সেই সময়ত অসম আৰু কোচবিহাৰত ধৰ্ম্ম সম্বন্ধে সকলো কথাতে সকলো মানুহে ভট্টদেৱৰ মতকে গ্ৰহণ কৰিছিল:-

“অসম ৰাজ্যৰ,  পৰা বেহাৰৰ,
 সীমা কৰি কামৰূপ।
ভট্টদেৱ আজ্ঞা,  বাধন্তা নাহিকে,
 যেন চক্ৰবৰ্ত্তী ভূপ। ৯২৮

[ ৪৮ ]

দুতয় ৰাজ্যৰ, ভকতি পন্থৰ,
 ভট্টদেৱ দণ্ডধাৰী।
যত মেধীগণ, আছে স্থানে স্থান,
 সমস্তৰে অধিকাৰী॥”

 ভট্টদেৱে যে মানুহৰ ওচৰত ইমান সম্মান আৰু প্ৰতিপত্তি লাভ কৰিছিল তাৰ কাৰণ আছিল, তেওঁৰ পাণ্ডিত্য৷ অসাধাৰণ পাণ্ডিত্য আৰু আদৰ্শ ধৰ্ম্মজীবন। তেওঁক সেইকালৰ মানুহে পাণ্ডিত্যৰ নিমিত্তে ব্যাসৰ সৈতে তুলনা কৰিছিল; আন কি দামোদৰ দেৱে তেওঁক কৈছিল :—

“শুনা কবিৰত্ন তুমি ব্যাস সমসৰ।
তুমি মোৰ বান্ধৱ অপৰ দামোদৰ॥”
“যাতে তুমি সম পণ্ডিত গহন,
  ইতো যে দেশত নাই।”

 তেওঁক সকলোৱে একবাক্যে আমাৰ দেশৰ সেইকালৰ এজন অদ্বিতীয় পণ্ডিত বুলি স্বীকাৰ কৰিছিল।

“পণ্ডিত গহন, প্ৰচণ্ড পৰম,
 যাক সম নাহি কেৱ ।
পদ পদাৰ্থত, জোৰন্তা নাহিক
 সাক্ষাতে যে ব্যাসদেৱ ॥
মহা সন্তধীৰ, গুণৰ মন্দিৰ,
 পণ্ডিতৰ শিৰোমণি॥”

 তেওঁৰ পাণ্ডিত্যৰ খ্যাতি যে আমাৰ দেশতে সীমাবদ্ধ আছিল তেনে নহয়; আন দেশৰ পণ্ডিতবিলাকেও তেওঁৰ ওচৰত বাদ কৰিবলৈ আহিছিল:— [ ৪৯ ]

“স্বদেশী বিদেশী, পণ্ডিত সকলে,
 বাদ কৰিবাক চান্ত।
শ্ৰীভট্টদেৱৰ, কক্ষা লাৰিবাক,
 বিচাৰি সন্ধি নাপান্ত।”

 ভট্টদেৱৰ টোলত যে কেৱল আমাৰ দেশৰ ছাত্ৰই হে পঢ়ি উপাধি লৈছিল এনে নহয়, বঙ্গদেশৰ অনেক ছাত্ৰই আহি তেওঁৰ টোলত পঢ়ি উপাধি গ্ৰহণ কৰি লোকত যশস্যা লাভ কৰিছিল।

“তান মুখে পঢ়ি বেদ গীতা ভাগৱত।
পশ্চিমা সমন্তে পাইলা যশস্য। লোকত।

 তেওঁ যে এজন অদ্বিতীয় পণ্ডিত হে আছিল তেনে নহয়, তেওঁ এজন পৰম ধাৰ্ম্মিক পুৰুষ আছিল।  ধৰ্ম্ম-জীৱন৷ তেওঁ যেতিয়া ভাগৱত পঢ়ে তেতিয়া তাত মানুহে নতুন ৰকমৰ ৰস  পায়; বাটৰ বাটৰুৱাই তেওঁৰ ভাগৱত ব্যাখ্যা শুনি ৰ-লাগি ৰৈ থাকে আৰু তেওঁৰ হৃদয় প্ৰেমৰসত পৰিপ্লুত হৈ চকুৰ পানীয়ে বাট নেদেখা হয়। তেওঁৰ হাতৰ এপাত নিৰ্ম্মালী পালে মানুহে হাততে সৰগ পোৱাদি পাইছিল৷ তেওঁৰ পদধূলী মূৰত লৈ মানুহে ধন্য মানিছিল।

“ভট্টদেৱ হাতে এক পাত নিৰ্ম্মালাক।
পালে যেন আনন্দতে পাৱে বৈকুণ্ঠক॥”

“যি থানত ভট্ট, দেৱ বসি থাকা,
 পদৰেণু লোকে লৱে।
পদৰেণু লন্তে, মাটি খান্দি নেন্তে,
 এক হাত খাল হোৱে॥”

 তেওঁ দামোদৰ দেৱৰ আজ্ঞা মতে অন্তৰত কৈবল্য ভক্তিৰ সাধক [ ৫০ ] হলেও বাহিৰত ব্ৰাহ্মণৰ যি স্বধৰ্ম্ম তাক কেতিয়াও নেৰিছিল। দামোদৰদেৱে তেওঁক এই উপদেশ দিছিল:-

“বাহিৰত বেড়া  দিয়া অন্তৰত,
  দেখিবা সকলো মিচা ।
কৰ্ম্মৰ ভাগক,   লোকক দেখায়া,
 আপুনিও আচৰিবা ॥”

 ভট্টদেৱে ব্ৰহ্মমুহুৰ্ততে উঠি প্ৰাতঃস্নান কৰি, সন্ধ্যাবন্দনাদি শেষ কৰি পুৱাৰ প্ৰসঙ্গত বহে গৈ; প্ৰসঙ্গ শেষ হলে নিজে ভাগবত ব্যাখ্যা কৰে। ভাগৱতৰ শেষত পদ পুৰি পাঠ শুনে; তেতিয়া প্ৰায় দুপৰ হয় গৈ আৰু তেতিয়া দুপৰৰ প্ৰসঙ্গত বহে। দুপৰীয়া প্ৰসঙ্গৰ পাচত নাম ধৰা হয় আৰু নামৰ পাচত নটুৱা নাচে তাৰ পাচত তেওঁ ঘৰলৈ গৈ আকৌ স্নান কৰি নিত্যপূজা কৰে। নিত্য পূজাৰ শেষত দিনৌ অঠাৰ অধ্যায় গীতা মুখেৰে আবৃত্তি কৰে। গোটাইথন গীতা শাস্ত্ৰ তেওঁৰ কণ্ঠস্থ আছিল৷ তাৰ পাচত তেওঁ ভোজন কৰি অলপ বিশ্ৰাম কৰে। বিশ্ৰামৰ পাচত ছাতৰশালীলে গৈ লৰা পঢ়ৱায় গৈ; বিয়লিৰ প্ৰসঙ্গৰ নাম ডাকিলে, তেওঁ ছাতৰশালীৰ পৰা গৈ প্ৰসঙ্গত যোগ দিয়ে গৈ। প্ৰসঙ্গ শেষ হলে আকৌ ভাগৱত ব্যাখ্যা কৰে। এই দৰে বছেৰেকত বাৰকন্ধ ভাগৱত দুবাৰ ব্যাখ্যা শেষ কৰে। সূৰ্য্য অস্তৰ সময়ত ঘৰলৈ গৈ সায়ংসন্ধ্যা শেষ কৰি আহি আকৌ ভাতিৰ প্ৰসঙ্গত বহি প্ৰসঙ্গ শেষ হলে ঘৰলৈ গৈ ভোজন কৰি দৈনিক কাম শেষ কৰে। তেওঁ সদাই এই নিয়মে জীবন যাপন কৰিছিল। তেওঁৰ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ ইমান বেছি আছিল যে তেওঁ কেতিয়াও কোনো বিপদতে অলপপ বিচলিত নহৈছিল৷ ভট্টদেৱৰ গদাধৰ নামে এজন মাত্ৰ উপযুক্ত পুত্ৰ আছিল। তেও ডেকা কালতে বিচক্ষণ পণ্ডিত হৈ শ্ৰীনিবাস কবিৰাজ আদি উপাধিৰে ভূষিত হৈছিল। প্ৰথম ভাৰ্য্যাৰ [ ৫১ ] পৰা গদাধৰৰ কোনো সতি সন্তান নোহোৱা দেখি তেওঁলৈ আকৌ এবাৰ বিবাহ কৰালে। দৈব বিপাকত গদাধৰৰ অকাল মৃত্যু হল আৰু তেওঁৰ দুই জনা পত্নী তেওঁৰ লগতে সতী গল, ভট্টদেৱৰ ঘৰ একেবাৰেই শূন্য হল, তথাপি তেওঁ কটাহিকে নকৰিলে।

“নিবাস হেন,  তনয় মৰিল
 দুই ভাৰ্য্যা লগে গৈলা।
ভকতিৰ কিনো,  আশ্চৰ্য্য মহিমা,
 বিৰক্ত প্ৰভু নভৈলা ॥”
“দেখে ভট্টদেৱ,  পূৰ্ব্বৱতে ৰসি
 আছন্ত ৰঞ্জি সভাক।
হৰিষ বদনে,  ভাগৱত ব্যাখ্যা,
 কৰিবাক লাগিছন্ত ॥”

ভট্টদেৱৰ নিচিনা কৰ্ম্মী, জ্ঞানী আৰু একান্ত ভক্তৰ পক্ষে হে এনে ধৈৰ্য্য সম্ভৱ; আনৰ পক্ষে অসম্ভৱ বুলিলেও বঢ়াই কোৱা নহয়।

 এইদৰে আনন্দ মনেৰে তেওঁ পাটবাউসীত হৰিভক্তি প্ৰচাৰ কৰি থাকোতে দামোদৰ পাটোৱাৰী নামে ব্যাসকুচি৷ এটা খলুৱা মানুহে, পাটবাউসী সত্ৰৰ ভকতবিলাকক নানা ৰকমে পয়মাল  কৰিবলৈ ধৰিলে। ভট্টদেৱে এই মানুহটোৰ ব্যবহাৰত বড় অসন্তুষ্ট হৈ পাটবাউসী সত্ৰ এৰি বুড়িলুইতৰ দাঁতিত ব্যাসকুচি নামে এক নতুন সত্ৰ স্থাপন কৰি তাতে থাকিল গৈ। তেতিয়া তেওঁৰ ককায়েক ৰমাকান্ত আৰু তেওঁৰ ভতিজাক বাসুদেৱ বিদ্যানিবাস দুয়ৰো কাল হৈছে। বাসুদেৱৰ পুত্ৰ ভানুদেৰ বিদ্যাবিশাৰদক পাটবাউসী আৰু বিয়াহকুচি দুয়ো সত্ৰৰ অধিকাৰ পাতি তেওঁ নৰতনু পৰিত্যাগ কৰে৷ গীতা তেওঁৰ ইমান প্ৰিয় গ্ৰন্থ আছিল যে দেহা এৰিবৰ দিনাও তেওঁ অঠাৰ অধ্যায় [ ৫২ ] গীতাৰ আবৃত্তি শেষ কৰি হে প্ৰাণত্যাগ কৰিছে। তেওঁ পুহ মাহৰ কৃষ্ণা সপ্তমত সম্ভৱতঃ ১৫৬০ শকত নৰতনু পৰিত্যাগ কৰে। বুড়িলুইতৰ দাঁতিত অতি সমাৰোহেৰে চিতা সাজি ভট্টদেৱৰ নশ্বৰ দেহ অগ্নিত উচৰ্গা কৰা হল। দেখোঁতে দেখোঁতে, খোল, কৰতাল, শঙ্খ, মৃদঙ্গ, আৰু হৰিধ্বনিৰ লগতে তেওঁৰ দেহ ধোঁৱাহৈ ওপৰলৈ উৰি গুচি গল; অসম আইৰ বুকু চিৰকালৰ নিমিত্তে উদং হৈ গল।

 আমি দামোদৰ দেৱৰ কাল ১৪১০-১৫২০ শক আৰু ভট্টদেৱৰ কাল ১৪৮৩-১৫৬০ শক বুলি স্থিৰ ভট্টদেৱৰ কাল৷  কৰিছো। দামোদৰ দেৱৰ কাল সম্বন্ধে যি কবলগীয়া তাক আগেয়েই কোৱা  হৈছে কিন্তু ভট্টদেৱৰ কাল সম্বন্ধে আমাৰ বক্তব্য এতিয়াও কবলে বাকী আছে। ভট্টদেৱৰ পুৰুষনামৰ পৰা দেখা যাব যে পাটবাউসী সত্ৰৰ বৰ্ত্তমান অধিকাৰ শ্ৰীশ্ৰীযুত গোবিন্দদেৱ গোস্বামীৰ পৰা ভট্টদেৱৰ ককায়েক ৰমাকান্তলৈকে ১০ পুৰুষ হৈছে; তিন পুৰুষত এশ বছৰ ধৰা নিয়মেৰে এই দহ পুৰুষৰ ভিতৰত প্ৰায় ৩৫০ বছৰ হয়। এই হিচাপ মতে ভট্টদেৱৰ জন্মকাল প্ৰায় ১৪৯০ শক হব লাগে; কিন্তু আমি জানো দামোদৰদেৱ বিজয়নগৰলৈ যোৱাৰ আগেয়েই ভট্টদেৱে দামোদৰ দেৱত শৰণ লৈছে আৰু ১৫১৬ শকত ভাগৱতৰ প্ৰথম কন্ধৰ কথা-ভাঙ্গনি শেষ কৰি দামোদৰ দেৱৰ হাতত দিছে। তেনেহলে দেখা যায় প্ৰায় ২৬ বছৰ বয়সত তেওঁ কথা-ভাগৱত লিখিবলৈ হাতত লয়। এইটো বড় সম্ভবপৰ নহয়, কিয়নো ভট্টদেৱে শৰণ লোৱাৰ আগেয়েই এজন ডাঙ্গৰ পণ্ডিত বুলি খ্যাত হৈছিল; তেওঁ যে ২০১২ বছৰ বয়সতে শিক্ষা সমাপন কৰি পণ্ডিত বুলি এনে খ্যাতিলাভ কৰিব তেনে বিশ্বাস নহয়। আমাৰ বোধেৰে তেওঁ শৰণ লওঁতে অন্ততঃ ৩০৷৩২ বছৰ বয়সীয়া আৰু ভাগৱত অনুবাদ কৰোতে ৩৫৷৩৬ বছৰ বয়সীয়া আছিল৷ এই হিচাপে তেওঁৰ জন্ম শক [ ৫৩ ] প্ৰায় ১৪৮০ শক হয়। দুই লেখৰ ভিতৰত যি ১০ বছৰৰ তাৰতম্য হয় তাক ধৰিব লগীয়া নহয়। তেওঁ জনশ্ৰুতি মতে চাৰি কুড়ি বছৰ জীয়াই আছিল। তেনেহলে তেওঁৰ মৃত্যু শক প্ৰায় ১৪৮০+৮০ = ১৫৬০ হয়। তেওঁ ১৫৪৩ শকত ভক্তিবিবেক শেষ কৰে আৰু ককায়েকৰ নাতিয়েক ৺ভানুদেৱ বিদ্যাবিশাৰদক পাটবাউসী সত্ৰৰ অধিকাৰ পতাৰ পাচতহে দেহ এড়ে, কাজেই তেওঁ চাৰি কুড়ি বছৰ জীয়াই থকা একো অসম্ভৱ নহয়।

 সামৰণিত কবলৈ বিশেষ একো নাই। ভট্টদেৱৰ এইখন এখন নিচেই ছুটি আৰু মুঠ জীবনী৷ ইয়াকে সামৰণি৷  বহলাই আলোচনা কৰিলে আমাৰ ভাষাত এখন মূল্যবান কিতাপ হব পাৰে।  অসমীয়া গদ্য সাহিত্যৰ সৃষ্টিকৰ্ত্তা ভট্টদেৱ এজন অসাধাৰণ মহাপুৰুষ আছিল। যি সময়ত ভাৰতবৰ্ষৰ প্ৰায় কোনো ঠাইতে মানুহে গদ্য ভাষাত গ্ৰন্থ ৰচনা নকৰিছিল, সেই সময়ত ভট্টদেৱে গীতা ভাগৱত আদি অনেক পুথি অসমীয়া গদ্যত লিখি অসমীয়া ভাষাৰ অশেষ উপকাৰ কৰি গল। তেওঁৰ সেই উপকাৰৰ ধাৰ অসমীয়া জাতিয়ে কেতিয়াও সুজিব নোৱাৰে। তেওঁ ১৪৮০ শকত অসমৰ সাহিত্য আকাশত উদয় হৈ প্ৰায় চাৰি কুড়ি বছৰ অসমত জ্ঞানৰ পোহৰ বিলাই ১৫৬০ শকত অস্ত গল। তেওঁ অস্ত গল হয় কিন্তু তেওঁৰ প্ৰতিভাৰ বিমল কিৰণে অসমীয়া ভাষা আৰু সাহিত্যক আজিও জিলিকাই ৰাখিছে আৰু যতদিন এই ভাষা আৰু সাহিত্য জগতত থাকিব ততদিন তেওঁৰ প্ৰতিভাৰ পোহৰতে সি জিলিকি থাকিব।

[ ৫৫ ]
 

কথা-গীতা।

গ্ৰন্থকাৰৰ সূচনা।

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

যোগীতামৃতমুদ্দধাৰসুধিয়াং ভক্ত্যৰ্থিনাং কৰ্ম্মিনাম্
মুক্ত্যৈ প্ৰীতিসুখায় চিত্তশুচয়ে স্বাত্মৈকনিষ্ঠাত্মনাম্।
নিঃশেষোপনিষৎপয়োধিহৃদয়াৎ সখ্যে কৃপাপূৰ্ণতঃ
তং শ্ৰীকৃষ্ণমনন্তমচ্যুতমজং নন্দাত্মজং সংশ্ৰয়ে॥
 প্ৰণম্য গোবিন্দপদাৰবিন্দ-
 মানন্দসন্দোহসমৃদ্ধয়ে সতাম্।
 হৃদীশ্বৰানন্তনিদেশলেশা-
 দ্গীতামৃতাদ্ধেঃ কথয়ামি গাথাম্॥

 জয় জয় পৰমানন্দ নন্দনন্দন পুৰুষোত্তম শ্ৰীকৃষ্ণ গোবিন্ধ গোপীনাথ কমলাকান্ত সুশান্ত পৰমেশ্বৰ তোমাৰ পদাৰবিন্দত কৌটি কৌটি প্ৰণাম কৰো। যাৰ নাম মাত্ৰে সকল জগতৰে পাপ হৰে, চিত্তকো নিৰ্ম্মল কৰে, পৰম জ্ঞান মিলাৱে, ভুক্তি মুক্তি হৰিভক্তিকে দেই, হেন দৈৱকানন্দন শ্ৰীকৃষ্ণক প্ৰণাম কৰো। ব্ৰহ্মামহেশো যাৰ আজ্ঞা ধৰা, লক্ষ্মীয়ো যাক সততে সেৱা কৰা, হেন সৰ্ব্বেশ্বৰ ভগৱন্তক প্ৰতি সহস্ৰ প্ৰণাম কৰো। [ ৫৬ ] হে কৃপাৰ সাগৰ দামোদৰ তযু গুণ গীতামৃতক কথাবন্ধে ৰচিতে ইছা কৰো, যদি কৃপাৰ এক লেশ কৰা তেবে পাৰি। তোমাৰ চৰণপদ্মত কায়বাক্যমনে শৰণ পশিলো।

 যদ্যপি আমি শ্ৰীকৃষ্ণৰ প্ৰসাদে শ্ৰীধৰী শাঙ্কৰী দামোদৰী ভাস্কৰী চাৰিয়ো টীকা বিচাৰ কৰিছি, তথাপি প্ৰায় শ্ৰীধৰী টীকাৰ মতে কথা নিবন্ধিবো; তাহাৰ যুক্তি শুনা। শাঙ্কৰী টীকা জ্ঞানক প্ৰধান কৰি ব্যাখ্যা কৰে, ভাষ্কৰী কৰ্ম্মক প্ৰধান কৰে, শ্ৰীধৰী ভক্তি মাত্ৰ নিৰূপণ কৰে, দামোদৰী তিনিয়ো যোগ সমে কহে। এতেকে বৈষ্ণৱসবৰ প্ৰীতিৰ তাৰ্থে ভক্তিপ্ৰধান টীকাৰ মতকে প্ৰায় লিখিবোঁ; ভক্তিৰ অনুকূল দেখি কিছো কিছো তাৰাৰ মতকো নিবন্ধিবো। জ্ঞান কৰ্ম্ম ৰাখিতেসে শাঙ্কৰী ভাষ্কৰীৰ বিবাদ, ভক্তিত কিছো বিবাদ নকৰিছে; এতেকে ভক্তিপন্থ সবাৰো সম্মত।

 প্ৰথমে শ্ৰীধৰস্বামী আপুনাৰ ইষ্ট দেৱতাক প্ৰণাম কৰন্ত। যি ভগৱন্তে অনন্তৰ অনন্ত মুখৰ ব্যাখ্যা চাতুৰ্য্যক একে মুখে ধৰা, হেন অদ্ভুত পৰমানন্দ মাধৱক বন্দো। এতেকে হৰিহৰ মূৰ্ত্তিক অভেদে প্ৰণাম কৰি কাৰ্য্যৰ নিৰ্ণয় কৰন্ত। লক্ষ্মীৰ পতি জগদীশক উমাপতি বিশ্বনাথক আদৰে প্ৰণাম কৰি, সাধুসবৰ ভক্তিত বশ হুয়া, গীতাৰ ব্যাখ্যা সুবোধিনী নাম টীকা কৰিবো, ভাষ্যকাৰ শঙ্কৰৰ মতক মতি অনুসাৰে বিচাৰিয়া তাৰ ব্যাখ্যাৰূপ আনন্দগিৰিৰ বচনকো মতি অনুসাৰে বিচাৰিয়া গীতা ব্যাখ্যাক আৰম্ভিবো; যাৰ পাঠ মাত্ৰে গীতাক [ ৫৭ ] ব্যাখ্যা কৰা যাই, সেই সুবোধিনী টীকাক বুদ্ধিমন্তসবে চিন্তন কৰোক; আবে সৰ্ব্বটীকাৰ অনুসাৰে গীতা কথনৰ কাৰণ কহোঁ।

 ভগৱন্ত পুৰুষোত্তমে জীৱক কৃপায়ে চৌবিশ তত্ত্বে ব্ৰহ্মাণ্ড স্ৰজি তাতে ব্ৰহ্মাক উদ্ভৱ কৰাইলা; ব্ৰহ্মাৰ পুত্ৰ মৰীচ্যাদিৰ মুখে প্ৰবৃত্তি মাৰ্গ প্ৰৱৰ্তাইলা .. সনকাদিৰ মুখে নিবৃত্তি পন্থ দেখাইলা; সেই নিবৃত্তি মাৰ্গে বহুলোক নিস্তৰিবাৰ নেদেখি, পৰম কৃপায়ে পৰিপূৰ্ণৰূপে, দৈৱকীৰ উদৰে উদয় হুয়া বহুবিধ লীলা কৰিলা, নিজ যশ প্ৰকাশিলা; যাৰ শ্ৰবণ কীৰ্ত্তন স্মৰণে, মহাপাপী সংসাৰ তৰে; তাক গুৰুশিষ্য মতে প্ৰৱৰ্ত্তাইবে লাগি, নৰ অবতাৰ হুয়া সকলগুণমন্দিৰ সৰ্ব্বজনপ্ৰবোধসঞ্চাৰশক্তিযুক্ত অৰ্জ্জুনক সখী কৰিলা৷ যেন তৈল বিন্দুমাত্ৰো জল এক প্ৰদেশত পৰিলে সকল জলক ব্যাপয়, ধূলীত পৰিলে পুনু সেহি মতে ৰহে, তেমনে বিশিষ্ট জনত উত্তম কথা অল্প কহিলে, সকল লোকতে প্ৰৱৰ্ত্তে; এই অৰ্থে অৰ্জ্জুনৰ যুদ্ধ সমুখত তত্ত্বৰ অজ্ঞানে শোক মোহ বঢ়াই, জ্ঞান দূৰ কৰি নিজ ধৰ্ম্ম ত্যাগ, পৰধৰ্ম্মত অভিসন্ধি কৰি, শোক মোঁহ সাগৰত মগ্ন কৰিলা; তেবে ভগৱন্ত কৃষ্ণে ধৰ্ম্মজ্ঞান ভক্তিৰ উপদেশে শোক মোহ সাগৰৰ উদ্ধাৰ কৰিলা। সেই ভগৱন্তৰ উপদিষ্ট অৰ্থক বেদব্যাসে সাতশ শ্লোকে নিবন্ধন কৰিলা। প্ৰায় কৃষ্ণ মুখ নিসৃত শ্লোককে লিখিলা; কতোসব তাৰ সঙ্গতিৰ অৰ্থে আপুনিয়ো কৰিলা। আক স্কন্দপুৰাণত গীতামাহাত্ম্যত [ ৫৮ ] কহিছা। পুৰুষে গীতাক মাত্ৰ শ্ৰৱণ কীৰ্ত্তন স্মৰণ কৰিব, আন শাস্ত্ৰ বিস্তৰত কি প্ৰয়োজন, যি গীতা ভগৱন্তৰ মুখপদ্মত ব্যক্ত হুয়া আছা। তাত প্ৰথমে কৃষ্ণ অৰ্জ্জুনৰ সম্বাদ প্ৰস্তাব কথা কহন্ত৷

[ ৫৯ ]
 
কথা-গীতা।
 
প্ৰথম অধ্যায়
 

 ধৃতৰাষ্ট্ৰে সঞ্চয়ত প্ৰশ্ন কৰন্ত। হে সঞ্জয়, মোৰ পুত্ৰসব পাণ্ডুপুত্ৰসবো ধৰ্ম্মভূমি কুৰুক্ষেত্ৰত যুদ্ধক ইছাই মিলিত হুয়া কি কৰ্ম্ম কৰিলা তাক মোত কহা। সঞ্জয়ে কহন্ত জানা ৰাজা, পাণ্ডৱৰ সেনাসব ব্যূহৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুয্যোধনে দ্ৰোণ আচাৰ্য্যৰ সমীপক গৈয়া বুলিবে লাগিলা, হে আচায্য পাণ্ডৱসবৰ বিস্তৰ সেনাসব দেখা; দ্ৰুপদৰ পুত্ৰ তযু শিষ্য ধৃষ্টদ্যুম্নে ব্যুহ ৰচি আছে, যাত ভীমাৰ্জ্জুন সম মহাধনুদ্ধৰ বাৰসব আছে, তাৰ নাম শুনা; সাত্যকা বিৰাট চেকিতান কাশিৰাজ পুৰুজিত কুন্তি- ভোজ শৈব্য যুধামন্যু উত্তমৌজা সুভদ্ৰাৰ পুত্ৰ অভিমন্যু দ্ৰোপদীৰ পাঞ্চ পুত্ৰ প্ৰতিবিন্ধ্যাদি; তাৰা সবে মহাৰথী। তাৰ লক্ষণ কহন্ত; যি একে দশসহস্ৰ ৰথীক যুঝই তাক মহাৰথী বুলি; যি অপৰিমিত ৰথীক যুঝই তাকে অতিৰখী বুলি; একে একে যুঝিলে ৰধী বুলি; দুই ৰথে একক যুঝিলে অৰ্দ্ধৰথী বুলি। আমাৰ সৈন্যৰো যি যি বিশিষ্ট সেনাপতিসব তাক কহো সাবধানে শুনা; তুমি গুৰুদ্ৰোণ ভীষ্ম পিতামহ কৰ্ণ মহাৰথী কৃপ অগ্ৰগণি অশ্বত্থামা বিকৰ্ণ [ ৬০ ] সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা; আনো বিস্তৰ বীৰসব মোৰ অৰ্থে প্ৰাণকো এড়িবে ইছা কৰিছে; সবে নানা অস্ত্ৰত নিপুণ, সবে যুদ্ধত বিশাৰদ। এহি মহাবীৰসবে যুক্ত হুইতেও ভীষ্ম সেনাপতি সৰ্ব্বভাৱে ৰাখিতেও, আমাৰ একাদশ অক্ষৌহিণী সেনা পাণ্ডৱ সমে যুঝিবে অসমৰ্থ হেন প্ৰকাশ কৰে। ই পাণ্ডৱৰ সাত অক্ষৌহিণী সেনা ভীম সেনাপতি মাত্ৰ ৰক্ষিত হুয়ো, আমাক যুঝিবে সমৰ্থ হেন প্ৰকাশ কৰে। এতেকে তোৰাসবে সাবধানে, আপুনাৰ যুদ্ধ ভূমিত থাকি ভীষ্মক ভালমতে ৰক্ষা কৰিবা; সমুখে যুঝিতে যেন পাচৰ আসি কেহো প্ৰহাৰ নকৰে; ভীষ্মৰ বলেসে আমাৰ বল। এমনে বহুমানযুক্ত ৰাজাৰ বচন শুনি, মহাপ্ৰতাপী কুৰুবৃদ্ধ ভীষ্মে ৰাজাৰ হৰিষ বঢ়াই সৰ্ব্ব প্ৰাণীৰ ভয়ঙ্কৰ, সিংহৰ সদৃশ যুদ্ধ- নাদ কৰি, উচ্চ কৰি শঙ্খ বজাইলা। এমনে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকল ঠাইতে শঙ্খ, ভেৰী, পণব, আনক, গোমুখ আদি নানা বাদ্য বজাইলা; তাৰ মহাশব্দ হৈল। আৱে পাণ্ডৱ সৈন্যৰ যুদ্ধোৎসৱ শুনা। শুক্লবৰ্ণ চাৰি হয়যুক্ত মহাৰথত থাকি কৃষ্ণঅৰ্জ্জুনে দিব্য দুই শঙ্খ বাদ্য কৰিলা; তাৰ নাম কহোঁ; শ্ৰীকৃষ্ণে পাঞ্চজন্য শঙ্খক বাদ্য কৰিলা; অৰ্জ্জুনে দেব- দত্ত নাম শঙ্খ বজাইলা; পৌণ্ড্ৰ নাম মহাশঙ্খক ভীমে ফুঙ্কিলা; অনন্তবিজয় নাম শঙ্খক যুধিষ্ঠিৰে বজাইলা। নকুলে সুঘোষ নাম শঙ্খক, সহদেবে মণিপুষ্পক, ধ্বনি কৰিলা। কাশিৰাজ শিখণ্ডী ধৃষ্টদ্যুম্ন বিৰাট সাত্যকি দ্ৰুপদ দ্ৰোপদীৰ [ ৬১ ] পঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু, আৰাসবো পৃথকে পৃথকে শঙ্খসব শব্দ কৰিলা। সেই শঙ্খৰ মহাশব্দে আকাশ পৃথিবী সমে দশোদিশ পূৰি, কৌৰব সেনাৰ মহাভয় জন্মাই হৃদয় বিদাৰণ কৰিলা। পাচে কপিধ্বজ অৰ্জ্জুনে কৌৰব সৈন্যক যুদ্ধত সমুখে থাকিবাৰ দেখি, অন্ত্ৰবৃষ্টিয়ো পৰিবে লাগিলে, গাণ্ডীৱ ধনু ধৰি হৃষিকেশ ভগবন্তক এই বাক্য বুলিলা; হে অচ্যুত এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিয়ো, যাৱন্তে যুঝন্তা বীৰসবক চাঞো; বুলিবা তুমি ঘুঝন্তাসে যুদ্ধচাবা নহৱা; তাত শুনা। মঞি কাৰ সমে যুদ্ধ কৰিম, দুৰ্ব্বুদ্ধি দুৰ্য্যোধনৰ প্ৰীতি কৰিবাক ইছাই যি যি বীৰসব আসিছে তাৰাক চাঞো; তাৱত দুই সেনাৰ মধ্যত উত্তম ৰথক ৰাখিবা।

 সঞ্জয়ে বোলন্ত, জানা ৰাজা, অৰ্জ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণে সকল ৰাজাৰ মাঝত ভীষ্ম দ্ৰোণ সমুখত দুই সেনাৰ মধ্যত উত্তম ৰথ ৰাখি বুলিলা; হে পাৰ্থ, কুৰুবীৰসবক চক্ষু মেলি দেখা; তাত অৰ্জ্জুনে পিতৃব্য পিতামহ আচাৰ্য্য মাতুল ভাতৃ ভাতৃপুত্ৰ পৌত্ৰ সখী শশুৰ সুহৃদসব দুয়ো সেনাত দেখিলা। সেই সকল বন্ধুসব যুদ্ধক ইছাই সমুখে থাকিবাৰ দেখি, পৰম কৃপায়ে ব্যাপ্ত হুয়া মহাদুষ্‌খ পাযা কুন্তিপুত্ৰ অৰ্জ্জুনে শ্ৰীকৃষ্ণক এই বাক বুলিলা; হে কৃষ্ণ এই জ্ঞাতিসব যুঝিবে ইছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কৰচৰণাদি ভাগি যাই, মুখো শুখাই, শৰীৰো কাম্পে, ৰোমো সিহঁৰে, গাণ্ডীৱ ধনু হাতৰ খসি পড়ে, চৰ্ম্মো তাপ কৰে। আছোক যুঝিম আগত [ ৬২ ] থাকিবে নপাৰো, মনো মহাভ্ৰম হয়, বিমঙ্গলসবো দেখোঁ, উপৰত শগুণ ফুৰে, শৃগালে আৰাৱ কৰে, যুদ্ধত স্বজনক বধি কিছো ফল নেদেখো, বিজযকো আকাঙ্ক্ষা নকৰো, ৰাজ্যকো ইছা নকৰো, সুখকো নবাঞ্ছো। হে গোবিন্দ, আমাৰ ৰাজ্য ভোগত জীবনত কি প্ৰযোজন। যি বন্ধসবৰ অৰ্থে আমৰা ৰাজ্যভোগ সুখক ইছা কৰি, সি বন্ধসব প্ৰাণধন ত্যাগক অঙ্গীকাৰ কৰি যুদ্ধত উপস্থিত হুযা আছে, তাক শুনা; আচাৰ্য্য পিতৃব্যপুত্ৰ পিতামহ মাতুল শশুৰ শ্যালা সমন্ধীসব। হে মধুসুদন, আৰা সদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিবে ইছা নকৰি। ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও বন্ধুসব নবধি, পৃথিবীমাত্ৰৰ পদে নবধিব তাক কি বুলিম। হে জনাৰ্দ্দন! ধৃতৰাষ্ট্ৰৰ পুত্ৰসব বধিলে, আমাৰ কি প্ৰীতি হৈব। যদ্যপি আৰা আমাক বিষ দিয়া মাৰিতে চাইছে, অগ্নিযো দিছে, ধন সৰ্ব্বস্বো হৰিছে, ৰাজ্যভাৰো কাঢ়ি লৈযা আছে, ভাৰ্য্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঝিছে, এই ছয় দোষে আৰাসবে আততায়ী, অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলেয়ো দোষ নাই, তথাপি ধৰ্মশাস্ত্ৰক অপেক্ষায়ে আৰাক বধিলে আমাক দোষে পাইব। এতেকে ধৃতৰাষ্ট্ৰৰ পুত্ৰসব আমাৰ বান্ধৱ, তাৰাক বধিতে আমাৰ ভাল নহে যাতো বন্ধু- সবৰ বধ অন্যায় অধৰ্ম্মক দেখি। হে মাধৱ বন্ধুসব বধি কেজনে ইহুলোকত সুখী হইবোঁ। যদ্যপি আৰা লোভত থাকি কুলক্ষয় দোষ মিত্ৰদ্ৰোহ পাপকো নেদেখে, তথাপি [ ৬৩ ] আমি সেই দোষ দেখি, কেনে পাপত নিবৃত্তি নহৈবো। আবে সেই দোষক শুনা। কুলক্ষয় হইলে কুলধৰ্ম্ম নষ্ট হুইব। ধৰ্ম্ম নষ্ট হৈলে অবশিষ্ট কুলকো অধৰ্ম্মে ব্যাপিব; অধৰ্ম্মে ব্যাপিলে কুলস্ত্ৰীসব দুষ্টা হুইব। স্ত্ৰীসব দুষ্টা হৈলে বৰ্ণসঙ্কৰ হৈব, বৰ্ণসঙ্কৰ হৈলে কুলৰ নৰক গতি হৈব। তেবে পিতৃসব লুপ্তপিণ্ডজলাঞ্জলি হুয়া পৰিব। এই দোষসবে জাতিধৰ্ম্ম কুলধৰ্ম্ম বৰ্ণাশ্ৰমধৰ্ম্ম নস্ট হুয়া মনুষ্যসব নৰকত বাস কৰিব। আক আমি স্মৃতিত শুনিছি; অহো কি কস্ট! মহাপাপ কৰিতে আমি নিশ্চয় কাৰলো; ৰাজ্য সুখ লোভে স্বজন বধিতে উদ্যত হৈলো; এমনে মহা তাপ কৰি মৰিতে নিশ্চয় কৰন্ত। মঞি অস্ত্ৰ নধৰি মৌনে ৰহো, তেবে যদি দুৰ্য্যোধনাদি অস্ত্ৰ ধৰি মোকে বধে তেবে মোৰ মহাপ্ৰিয় হয়, যাতো পাপ নিসিজিব। সঞ্জয়ে কহন্ত, জানা ৰাজা যুদ্ধৰ সমুখত অৰ্জ্জুনে এই বাক্য বুলি ধনুশৰ এডি শোকে কম্পিত হৈয়া ৰথৰ উপৰতে বসিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং কবিৰত্নকৃতায়াং
সৈন্যদৰ্শনোনাম প্ৰথমোহধ্যায়ঃ॥ ১ ॥

 হে শ্ৰীকৃষ্ণ মোৰ পৰম গুৰু অন্তৰ্যামী হৃষিকেশ তুমি যি কৰাইলা আমি তাকেসে কৰি; এতেকে আমাৰ কিছো স্বতন্ত্ৰ নাই। তাক আপুনি জানি নিজ গুণে সন্তোষ হুয়া কিছো কৃপা কৰা, যেমনে সাধু সঙ্গত তযু গুণ গাইতে পাৰো। তোমাৰ চৰণপদ্মত মনে সহস্ৰ কৌটিবাৰ দণ্ডৱত কৰো। সামাজিক ডাকি হৰিবোল হৰি।

অন্তৰ্য্যন্তাসৰ্ব্বলোকস্য নাথঃ স্বাৰ্থং দাতুং মোহিতোযেনপাখাণ
তং সৰ্ব্বজ্ঞং চিদগুৰুং দেবদেবং বন্দে কৃষ্ণং কৃষ্ণসূতং শপ্ৰণাম॥

[ ৬৪ ]
 
দ্বিতীয় অধ্যায়।

 পাচে কি প্ৰৱৰ্ত্তিল এই অপেক্ষাত সঞ্জয়ে কহন্ত, জানা ৰাজা, এমনে অৰ্জ্জুন কৃপায়ে ব্যাপ্ত হুয়া শোকলোতকে আকুল- নেত্ৰ হুয়া খেদ কৰিতে, অৰ্জ্জুনক মধুসূদন ভগৱন্তে বুলিবে লাগিলা। হে পৰন্তপ সখি, এই যুদ্ধসঙ্কটত কেনে তোমাৰ স্বতসে মোহ ভৈল, আক সাধুসবে নতো কৰে, স্বৰ্গকো নসাধে, অধৰ্ম্মো হয়, অকীৰ্ত্তিকো কৰে। এতেকে তুমি কাতৰ নকৰিবা। তোমাত ই যোগ্য নহে। অন্যায় কাৰ্পণ্য এড়ি যুদ্ধক উঠা। অৰ্জ্জুনে বোলন্ত হে মধুসূদন, মঞি কাতৰে যুদ্ধ এড়িলো, ই নহে; কিন্তু অন্যায় দেখিসে নিবৰ্ত্তিলো তাক শুনা। ভীষ্মপিতামহ, দ্ৰোণগুৰু, দুইকো পূজা কৰিতে লাগে; যাক বচনতো যুঝিম বুলিতে ভাল নহে, তাৰাক কেমনে শৰে যুৰ্দ্ধ কৰিম? যদি বোলা তেবে তোমাৰ দেহযাত্ৰাও নুহিবেক, তাত শুনা। পৰলোক অহিত গুৰু বধ নকৰি, ইহলোকত ভিক্ষান্ন ভোজনো উচিত হয়। গুৰুবধ কৰিলে পুনু ইহলোকত ৰুধিৰে লিপ্ত অৰ্থকামসব ভোজন কৰিম। যদি বোলা তেবে তাৰাকে যুদ্ধত নিবৰ্ত্তাৱা, সিয়ো নঘটয়। যুধিষ্ঠিৰৰ আগে ভীষ্মে কহিছা, অৰ্থৰ দাস পুৰুষ, অৰ্থ কাৰো দাস নহে, আক তুমি সত্যে জানিবা। এতেকে অৰ্থ দিয়া কৌৰবে আমাক বন্ধ কৰিছে, এহি হেতু জানি, তাৰা অৰ্থতৃষ্ণাকুল হুয়া যুদ্ধ এড়িবে নহে। এতেকে [ ৬৫ ] তাৰাৰ বধ অবশ্যে হৈব। যদি অধৰ্ম্মকে অঙ্গীকাৰ কৰো তথাপি আমাৰ জয় বা পৰাজয় অধিক তাকো নজানো। আমাৰ জয়ো পুনু ফলত পৰাজয়সে হৈব। যাৰাক মাৰি আমৰা জীবাক ইছা নকৰিম, তাৰাসবে যুদ্ধত সমুখে আছে। আৰাক মাৰি আমি কেমনে জীবো। এই কাৰ্পণ্য কুলক্ষয় দোষেও মোৰ সবে শূৰ স্বভাব গুচিল; যুদ্ধ এড়ি ক্ষত্ৰিয়ৰ ভিক্ষা ধৰ্ম্ম বা অধৰ্ম্ম আতে মূঢ়চিত্ত হৈলো। এতেকে তোমাত পুছোঁ, যি শ্ৰেয়স হয় তাক নিশ্চয় কৰি কহা। তোমাৰ মঞি শিষ্য হৈলো, চৰণত শৰণ লৈলো; এতেকে মোক শিখাৱা। যদি বোলা তুমি বিচাৰি যি যুক্ত হৱে তাকে কৰা, তাত শুনা। মোৰ ইন্দ্ৰিয় শোষণ শোকক যি কৰ্ম্মে দূৰ কৰিব তাক নেদেখো। যদি ভূমিত অকণ্টকা সৰ্ব্বসমৃদ্ধি ৰাজ্য পাঞো, দেৱৰ ইন্দ্ৰ যদি হঞো, তথাপি শোক নিবৃত্তিৰ উপায় নেদেখো।

 সঞ্জয়ে কহন্ত, এই বাক্য গোবিন্দক বুলি, গুড়াকেশ অৰ্জ্জুনে নুযুঝিম বুলিয়া মৌনে ৰহিলা। হৃষিকেশ ভগৱন্তো হাস্যবদনে দেহাত্মবিবেক দেখাই তাহান মোহ দূৰ কৰিতে এই বাক্য বুলিলা; হে সখি অৰ্জ্জুন, তুমি শোকৰ অবিষয় বন্ধু সবক শোক কৰা, তাত মঞি বোধ দিলেও পণ্ডিতসবৰ বাদ- সব কহা, তুমি পুনু পণ্ডিত নহৱা; যি পুনু পণ্ডিত হয়, সি জীয়ন্তা মৰন্তা দুইকো শোক নকৰে। তাৰ হেতু শুনা; যেন মঞি অনাদি ঈশ্বৰ লীলাতনু ধৰিতে এড়িতেয়ো নাইকা নহোঁ, কিন্তু সদায়ে থাকো। তুমি এই ৰাজাসবো উপজি মৰিও [ ৬৬ ] মোৰ অংশ পদে নাইকা নহৱা, কিন্তু সততে থাকা। পৰমাৰ্থত জন্ম মৰণ নাই নিমিত্তে শোক নকৰিবা। যদি বোলা তুমি ঈশ্বৰৰ জন্ম মৰণ নাই, ই সত্য হয়, জীবৰ পনু জন্ম মৰণ প্ৰসিদ্ধ আছে, তাত শুনা। যেন দেহী পুৰুষৰ এই দেহাতে দেহ নিবন্ধন কৌমাৰ যৌবন জৰা অবস্থা হয, দেহান্তৰ প্ৰাপ্তিকো তেমনে বঝিবা। এতেকে যি ধীৰ হয় সি দেহৰ উৎপত্তি বিনাশত মোহ নাযাই। যদি বোলা মঞি বন্ধুসবক শোক নকৰো কিন্তু তাৰাৰ বিযোগে দুষখ পাইবো বুলি আপুনাকে শোক কৰো, তাত শুনা। যেন অনিত্য অস্থিৰ বিষযসম্বন্ধসব স্বভাবে পুৰুষক শীত-উষ্ণ সুখ-দুখ দেই, তেমনে হষ্টসংযোগবিযোগাদিয়ো সুখ-দুখ দেই, তাক সহন ধীৰৰ উচিত হয়। প্ৰতিকাৰ কৰণতো কৰি মহাফল সাধে পদে, সহনেসে ভাল দেখি যি ধাৰ জনক বিষয়সম্বন্ধসবে অভিভব নকৰে, সি সুখে-দুখে সম হুয়া, ধৰ্ম্মজ্ঞান দ্বাৰায়ে মোক্ষক লাগি যোগ্য হয়। যদি বোল৷ তথাপি শীত-উষ্ণ অতি দুঃসহ, তাক সহিতে কদাচিত আত্মা নষ্ট হবা পাৰে, তাত শুনা। পুৰুষৰ শীত-উষ্ণ সহিতে আত্মাও নষ্ট নহয়। মিথ্যা -তোষ্ণাদিৰ আত্মত স্থিতি নঘটয়। সত্য আত্মাৰ বিনাশ নাই। এই সন্ত অসন্তৰ তত্ত্বদৰ্শীসবে নিৰ্ণয় দেখিছে। এহ্নয় জ্ঞান হৈলে সবে সহিবে পাৰিবা। যি আত্মায়ে সকল দেহাদিক সাক্ষীৰূপে ব্যাপি আছে, তাঙ্ক অবিনাশী কৰি জানিবা; সেই অব্যয় আত্মাৰ বিনাশ কৰিতে কেঞো নপাৰে। এতেকে [ ৬৭ ] অবিনাশী নিত্য অপৰিচ্ছিন্ন আত্মাৰ সম্বন্ধী দেহৰে অন্ত আছে; সুখ দুষ্‌খ সম্বন্ধ হয়। আত্মাৰ পুনু বিনাশ নাই। সুখ দুষ্‌খ সম্বন্ধে নঘটে। এতেকে মোহ জন্য শোক এড়ি স্বধৰ্ম্ম যুদ্ধ কৰাঁ। এমনে ভীষ্মদিৰ মৃত্যু নিমিত্ত শোক নিবাৰিলা।

 মঞি বাধবো বুলি যি দুষ্‌খ.কহিছা, তাকো তেমনে অকাৰণ জানিবা; যি জনে এই আত্মাক মাৰে মৰে বুলি জানে, তাক অজ্ঞানী বুলি মানি। পৰমাৰ্থত আত্মাক নমাৰে নমৰে। স্বৰূপত আত্মাৰ জন্ম নাই, মৰণো নঘটে, আছে হেনো নোহে, টুটনো নাই, পৰিণামো নেদেখি, বৃদ্ধিয়ো নহয়; এতেকে শৰীৰ নষ্ট হৈলে, আত্মাৰ নাশ নাই। যি পুৰুষে এই আত্মাক অবিনাশী অজ অব্যয় নিত্য কৰিয়া জানে, সি কাক মৰাই- বেক, কাক মাৰিব? এতেকে প্ৰযোজক বুলি, মোতো দোষ দৃষ্টি নকৰিবা। যদি বোলা আত্মাক অবিনাশী জানিয়ো তান শৰীৰ নাশ দেখি শোক কৰো, তাত শুনা। যেন মনুষ্যে জীৰ্ণবস্ত্ৰক পৰিত্যাগ কৰি, নবীন বস্ত্ৰক গ্ৰহণ কৰে, এমনে আত্মায়ো পুৰাণ দেহক এড়ি, নবীন দেহক স্বীকাৰ কৰে; কৰ্ম্মনিবন্ধন নূতন দেহ অৱশ্যে হৈব। জীৰ্ণ দেহনাশত শোক কৰিতে নালাগে। এই আত্মাক অস্ত্ৰেয়ো নাকাটে, অগ্নিয়ো নদহে, জলেয়ো কোমল নকৰে, বায়ুয়ো নুশুখাৱে। এতেকে' অছেদ্য অদাহ্য অক্লেদ্য অশোচ্য নিত্য সৰ্ব্বগত অচল সনাতন অব্যক্ত অচিন্ত্য অপ্ৰাপ্য কৰি কহে। হেন আত্মাক জানি তুমি [ ৬৮ ] শোক কৰিতে যোগ্য নহৱা। আত্মাৰ জন্ম মৰণ নাই পদে শোক কৰিতে নলাগে, আক কহিলো। যদি বোলা আত্মা দেহৰ লগতে জন্ম হয়, দেহৰ মৰণে মৰয়, তথাপি তুমি শোক কৰিতে যোগ্য নহৱা, তাৰ যুক্তি শুনা। জন্ম হৈলে আপুনাৰ কৰ্ম্মে মৰণ নিশ্চয় হৈব, মৃতকৰো সেই দেহৰ কৰ্ম্মে জন্মো অবশ্যে হৈব, এতেকে অপৰিহাৰ্য্য কাৰ্যত তুমি বিদ্বন্ত হুয়া কেনে শোক কৰা। দেহাদিৰ স্বভাৱ দেখি দেহোপাধিয়ে আত্মাৰ জন্ম মৰণ মানি, শোক কৰিতে নাপাৱা। অব্যক্ত প্ৰধান হন্তে, সকল শৰীৰ উৎপন্ন হুয়াছে; মাঝত মাত্ৰ ব্যক্ত হুয়াছে; পুনু অব্যক্ততে লয় হৈবেক। এতেকে দেহাদি প্ৰপঞ্চ স্বপ্ন সম তাত কেনে তুমি শোক কৰা। যদি বোলা তেবে কেনে বিদ্বন্তসবে শোক কৰে; সিয়ো আত্মাৰ অজ্ঞানত ঘটে। বিবেকী জনো শাস্ত্ৰ আচাৰ্য্যৰ উপদেশে আত্মাক দেখিয়ো, আশ্চৰ্য্য হেন দেখে; সৰ্ব্বগত নিত্য জ্ঞানআনন্দ আত্মক সম্ভাবিবে নপাৰে; তেমনে কহিয়ো শুনিয়ো আত্মাক কেঞো নাজানে। এতেকে জানিবা, সকল দেহত আত্মাক নিত্য অবধ্য জানি তুমি কাকো লাগি শোক কৰিতে অৰ্হ নহবা। যি বুলিছা মোৰ শৰীৰ কাম্পে সি যুক্ত নহে। আত্মাৰ নাশ নাই পদে কম্পিবে নৰিহে; স্বধৰ্ম্ম দেখিয়ো কম্পিবে নাপাই। যি বুলিছা স্বজনক বধি শ্ৰেয়স নেদেখো, তাত শুনা। ন্যায় যুদ্ধ বিনে ক্ষত্ৰিয়ৰ আন শ্ৰেয়স নাই। মহা শ্ৰেয়স তোমাৰ আপুনি মিলিছে, তাত কেমনে কম্পা; ভাগ্যৱন্ত ক্ষত্ৰিয়সবে [ ৬৯ ] অপ্ৰাৰ্থিত এমন যুদ্ধক লভে; যাতো আক অনাবৃত স্বৰ্গদ্বাৰ বুলি। যদি তুমি এই ধৰ্ম্ম যুদ্ধ নকৰা, তেবে ধৰ্ম্ম কীৰ্ত্তি দুইকো এড়ি পাপক লভিবা; সকল লোকেও অকীৰ্ত্তি কহিব।. উত্তম জনৰ মৰণতো কৰি অকীৰ্ত্তি বড় দেখি। মহাৰথীসবে মানিব, অৰ্জ্জুন ভয়ে যুদ্ধত নিবৰ্ত্তিলা; যাৰা তোমাক বড় বুলি সতকাৰ কৰিছিল, তাৰাৰ আগত লঘু হৈবা। শত্ৰুসবে তোমাৰ সামৰ্থ্যক নিন্দি অনেক অবাক্য বুলিব; তাত পৰে আউৰ কি দুষ্‌খ আছে? যদি কৰ্ণাদি তোমাক বধে, তেবে স্বৰ্গ লভিবা; যদি তাৰাক জিনা, তেবে পৃথিবীক ভোগ কৰিবা; দুয়ো পক্ষে তোমাৰ লাভ দেখি। এতেকে নিশ্চয় কৰি যুদ্ধক উঠা। যি বুলিছা আৰাক মাৰি মঞি পাপক পাইম, তাত শুনা। সুখ-দুখ, লাভ-অলাভ, জয়-পৰাজয়ক সম দেখি হৰিষ বিষাদ নকৰি, স্বধৰ্ম্ম বুদ্ধিয়ে যুদ্ধ কৰিলে কদাচিতো পাপ নলভিবা। এমনে জ্ঞানযোগ উপসংহৰি তাৰ সাধন কৰ্ম্ম- যোগ কহিতে লাগিলা। জানা অৰ্জ্জুন, জ্ঞানযোগত কৰণীয় বুদ্ধি তোমাত কহিলো; তথাপি যদি তোমাৰ আত্মবোধ নহৈল, আবে জ্ঞানৰ সাধন কৰ্ম্মযোগত বুদ্ধি শুনা। তেবে ঈশ্বৰাৰ্পিত কৰ্ম্মযোগে চিত্ত শুদ্ধ হৈলে, ঈশ্বৰৰ প্ৰসাদে আত্মাক জানি কৰ্ম্ম এড়িবা। যদি বোলা কৃষি আদি কৰ্ম্মত কদাচিত বিঘ্ন বাহুল্যে ফলব্যভিচাৰ দেখি, তেমনে মন্ত্ৰাদি বৈগুণ্য কৰ্ম্ম- যোগতো হয়। তেবে কেমনে কৰ্ম্মযোগে কৰ্ম্মবন্ধ দূৰ কৰিব, তাত শুনা। এই ঈশ্বৰাৰ্পিত কৰ্ম্মযোগৰ অসম্ভৱ নাই, দোষো [ ৭০ ] নঘটে। ঈশ্বৰৰ উদ্দেশে বিঘ্নবৈগুণ্য নসম্ভবে। ই ধৰ্ম্মৰ অল্প আৰম্ভো সংসাৰত ৰক্ষা কৰে। কাম্য কৰ্ম্ম হেন কিঞ্চিত বৈগুণ্য মাত্ৰো বিফল নহে, আৰ যুক্তি শুনা। দুয়ো কৰ্ম্মৰ বৈষম্য দেখা। ঈশ্বৰ আৰাধন কৰ্ম্মযোগত পৰমেশ্বৰৰ সেৱায়ে মঞি নিশ্চয়ে তৰিম, এই নিশ্চয়াত্মিকা বৃদ্ধি একমাত্ৰ। অব্যৱসায়ী বহিৰ্মুখসবৰ আন কামনাই অনেক বুদ্ধি হয়, তাতে গুণকৰ্ম্মবশে বাহুল্য হয়; ঈশ্বৰ আৰাধন, নিত্য নৈমিত্তিক কৰ্ম্ম, কিঞ্চিদ্বৈগুণ্যেও নষ্ট নহে। যিমান শক্তি সেইমানকেসে বিধান কৰে। ঈশ্বৰ উদ্দেশে বিঘ্নবৈগুণ্যো দূৰ হয়; কাম্য কৰ্ম্ম, পুনু তেমন নহে। এতেকে দুয়ো কৰ্ম্মৰ মহা বৈষম্য বুঝিবা। যদি বোলা সকামী সবো দুষ্‌খমূল কামনাসব এড়ি একনিষ্ঠ হুয়া কেনে ঈশ্বৰক নভজে, তাত শুনা। যাৰা সবে পুষ্পিত বিষলতা, সম আপাত ৰমণীয় বেদৰ স্বৰ্গাদি ফল শ্ৰুতিবচনক পৰম ফল কৰি বোলে; যাতো বেদৰ স্তুতিপৰ বচনত প্ৰীত হুয়া জ্ঞান শূন্য হুয়াছে। এতেকে স্বৰ্গত পৰ ঈশ্বৰকো প্ৰাপ্য কৰি নোবোলে। কামে আকুলচিত্ত হুয়া স্বৰ্গকে মহাপুৰুষাৰ্থ বুলি মানে। স্বৰ্গভোগ অন্তৰে জন্ম ধৰি কৰ্ম্ম কৰি পুনু স্বৰ্গ পাইবো বুলি মানে; ভোগ ঐশ্বৰ্য্যক পাইবাক লাগি নানা কৰ্ম্মসবো কৰে; সদাই ভোগ ঐশ্বৰ্য্যক আসক্তি কৰি থাকে; বেদৰ পুষ্পিত বাক্যে চিত্তকো হৰিছে। এতেকে তাৰাসব একনিষ্ঠ হুয়া পৰমেশ্বৰক ভজিবে নপাৰে। যদি বোলা স্বৰ্গাদি যেবে পৰম ফল নহে, তেবে কেনে বেদে [ ৭১ ] তাৰ সাধন কৰি, কৰ্ম্মসব বিধান কৰে, তাত শুনা। সকামী লোকক প্ৰতিসে বেদে কৰ্ম্মফল কহে, তুমি নিষ্কামী হুৱা। নিষ্কামী হৈবাৰ উপায় শুনা। সুখ দুষ্‌খক সহা, মহাধৈৰ্য্যক আশ্ৰয় কৰা, অপ্ৰাপ্ত বস্তুক স্বীকাৰ এড়া, প্ৰাপ্ত বস্তুকো ৰক্ষা তেজা, তেবে নিষ্কামী অৱশ্যে হৈবা। যদি বোলা, বেদোক্ত নানা ফল এড়ি নিষ্কাম হুয়া পৰমেশ্বৰৰ আৰাধনত যি ব্যৱসায় বুদ্ধি কহিলা, আক কুবুদ্ধিসে বুলি, তাত শুনা। যেন বাপী কূপ তড়াগত যিমান স্নানপানাদি কাৰ্য্য হয়, সিমান কাৰ্য্য মহাহ্ৰদত একে ঠাই হয়; তেমনে সকল বেদোক্ত কৰ্ম্মত যিমান ফল হয়, সিমান ফল নিশ্চয়াত্মিকাবুদ্ধিযুক্ত ব্ৰহ্মনিষ্ঠৰ হয়। ব্ৰহ্মানন্দত ক্ষুদ্ৰানন্দসব অন্তৰ্ভাব হুয়া আছে। ব্ৰহ্মানন্দ ৰসৰ লৱলেশ কণাক প্ৰাণীসবে আস্বাদন কৰে। এতেকে আক সুবুদ্ধি কৰি জানিবা। তেবে সকল কৰ্ম্মৰ ফল পৰমেশ্বৰ আৰাধনতে মোৰ হৈব বুলি প্ৰৱৰ্ত্তিব। তাক নিবাৰি বোলন্ত তত্ত্বজ্ঞানাৰ্থী তোমাৰ কৰ্ম্মতেসে অধিকাৰ। বন্ধহেতু ফলত কামনা নহৌক। যদি বোলা, কৰ্ম্ম কৰিলে ফল আপুনি হৈব, তাত শুনা। কামনা কৰিলেসে ফল হয়; অকামীত ফল তোমাৰ নহৈব। বন্ধভয়ে কৰ্ম্ম অকৰণতো নিষ্ঠা নকৰিবা; কিন্তু পৰমেশ্বৰত একনিষ্ঠা হুয়া আসক্তি এড়ি কৰ্ম্মসব কৰা। তাৰ ফল, জ্ঞানৰ সিদ্ধি অসিদ্ধিতো সম হুয়া, কেবল ঈশ্বৰত অৰ্পণ কৰি কৰা; যাতে সম ভাৱক যোগ বুলি কহে। ঈশ্বৰাৰ্পিত কৰ্ম্মত কৰি, কাম্য কৰ্ম্ম অত্যন্ত অপকৃষ্ট, এতেকে তুমি ঈশ্বৰত

 
[ ৭২ ]
 

শৰণ লৈয়া, জ্ঞান সাধন নিষ্কাম কৰ্ম্মযোগ আচৰা। সকামী জনক অতি কৃপণ জানিবা। নিষ্কাম কৰ্ম্মযোগী অতি শ্ৰেষ্ঠ, যাতো সি ঈশ্বৰৰ প্ৰসাদে এই জন্মতে পাপ পুণ্য দুইকো এড়ে। এতেকে তুমি ঈশ্বৰৰ অৰ্থে কৰ্ম্মসব কৰা; সেই কৰ্ম্মে বন্ধ দূৰ কৰি মোক্ষ সাধিব; যেমনে কৰ্ম্মে মোক্ষ সাধে, সেই প্ৰকাৰ শুনা। বিবেকীসবে, কৰ্ম্মজন্য ফলসৰ ঈশ্বৰত অৰ্পি কৰ্ম্ম বন্ধ এড়াই, নিৰুপদ্ৰৱ বিষ্ণুপদ মোক্ষ পাৱে। যদি বোলা, মঞি কেতিয়া সেই ফল পাইবু, তাত শুনা। এমনে পৰমেশ্বৰক আৰাধন কৰিতে, যেখন তান প্ৰসাদে, দেহত অভিমান এড়ি তোমাৰ বুদ্ধি সবাতে বিৰক্ত হুয়া, ঈশ্বৰত নিশ্চল হুয়া ৰহে, তেখনে মোক্ষক লভিবা।  সেই জ্ঞানীৰ লক্ষণ জানিতে, অৰ্জ্জুনে পুছন্ত। হে কেশৱ, স্থিতপ্ৰজ্ঞৰ কি লক্ষণ, কেমন বচন, আচৰণ, ব্ৰজন, তাক মোত কহা। ভগৱন্তে বোলন্ত, জানা অৰ্জ্জুন, সাধক পুৰুষৰ যি জ্ঞান সাধন, সিদ্ধিৰ তাকে লক্ষণ বুঝিবা। এতেকে সিদ্ধিৰ লক্ষণ সব শুনা। যেখন পুৰুষে অযত্নে আত্মসুখত তুষ্ট হুয়া ক্ষুদ্ৰ বিষয় অভিলাষ এড়ে, তেখনে তাক: স্থিতপ্ৰজ্ঞ বুলি। আৰো তাৰ কিছো লক্ষণ শুনা, দুষ্‌খতো মনে ক্ষোভ নহে, সুখতো স্পৃহা নকৰে, কাহাতো প্ৰীতি ভয় নকৰে, এমনে ‘স্থিতপ্ৰজ্ঞৰ লক্ষণ কাহাক বোলে’ প্ৰশ্নৰ উত্তৰ কহন্ত। কোনো ঠাই স্নেহ নাচৰে, যেন কূৰ্ম্মে অনায়াসে কৰচৰণমুখক সঙ্কোচ কৰে, তেমনে জ্ঞানীয়ো আন বিষয়ৰ পৰা ইন্দ্ৰিয়ক ৰাখে। যদি বোলা ইন্দ্ৰিয়সবৰ [ ৭৩ ] বিষয়ত অপ্ৰবৃত্তিয়ো স্থিতপ্ৰজ্ঞৰ লক্ষণ হৈবাক নৰিহে। জৰ, আতুৰ, উপবাসপৰৰো বিষয়ত অপ্ৰবৃত্তি দেখি, তাত শুনা। জৰ আদিৰ বিষয়ত অপ্ৰবৃত্তি দেখি, তথাপি তাৰাৰ মনত বিষয়ৰ ৰাগ থাকে; স্থিতপ্ৰজ্ঞৰ পুনু সিয়ো নাই। ইন্দ্ৰিয় নিয়মন নহৈলে স্থিতপ্ৰজ্ঞ নঘটে, এতেকে সাধক অৱস্থাত মহাযত্ব কৰিতে লাগে। বিবেকী জনৰো মোক্ষক যত্ন কৰিতেয়ো ক্ষোভক ইন্দ্ৰিয়সব হঠাতে মনক হৰে। এতেকে যোগী ইন্দ্ৰিয়ক নিয়মি মৎপৰ হুয়া ৰহিব। যাৰ ইন্দ্ৰিয় অধীন হৈল, তাৰ বুদ্ধি স্থিৰ হৈল জানিবা। আসন প্ৰশ্নৰো আতে উত্তৰ বুঝিবা। বাহ্য় ইন্দ্ৰিয় নিয়ম নহৈলে দোষ কহি, মন নিয়ম নকৰিলে দোষ কহন্ত। গুণ বুদ্ধি বিষয়ক চিন্তিলে পুৰুষৰ তাতে আসক্তি হয়। তবে তাত কাম জন্মে, কামৰ প্ৰতিঘাটে ক্ৰোধ হয়। ক্ৰোধ হৈলে কাৰ্য্য অকাৰ্য্য বিবেক গুচে। তেবে তাৰ শাস্ত্ৰ আচাৰ্য্য উপদেশত ভ্ৰম হয়, তেবে পুৰুষৰ বুদ্ধি নাশ হয়; বুদ্ধিনাশ হৈলে মৃতক সম হয়। যদি বোলা ইন্দ্ৰিয়সব সততে বিষয়ত প্ৰৱৰ্ত্তে তাক নিৰোধন অশক্য, এতেকে ইদোষ এড়া নযায়, কেমনে স্থিত প্ৰজ্ঞ হৈব, তাত শুনা। যাৰ মন ইন্দ্ৰিয় বশবৰ্ত্তী হৈল, সি ৰাগ দ্বেষ এড়ি বিষয় ভোগ কৰিতেও শান্তিক লভে। শান্তচিত্ত পুৰুষৰ সকল দুষ্‌খ নষ্ট হয়, বুদ্ধিয়ো স্থিৰ হয়। অজিতেন্দ্ৰিয় পুৰুষৰ, শাস্ত্ৰ আচাৰ্য্যৰ উপদেশেও আত্মাবিষয় বুদ্ধি নঘটে, ধ্যানো নাই, ধ্যান নহৈলে শাস্তিয়ো নাই। অশান্তৰ কৈত মোক্ষ [ ৭৪ ] হয়, আৰ হেতু শুনা। ইন্দ্ৰিয় বশ্য নহৈলে, স্বেচ্ছায় বিষয়ত প্ৰৱৰ্ত্তে, তাৰ মধ্যত একে ইন্দ্ৰিয় মনে পুৰুষৰ বুদ্ধি হৰে, সকল ইন্দ্ৰিয় হৰিব তাক কি বুলিম। যেন প্ৰমত্ত কৰ্ণধাৰ হৈলে বায়ুএ নৌকাক সৰ্ব্বতো ভ্ৰমাই, তেমনে অজ্ঞানীৰ মনো বিষয়ত ফুৰে। এতেকে যাৰ ইন্দ্ৰিয়সব বিষয়ত হন্তে সততে নিবৰ্ত্তন হৈল, তাকে স্থিতপ্ৰজ্ঞ বুঝিবা। যদি বোলা সুপ্ত হেন সকল ইন্দ্ৰিয়ৰ ব্যাপাৰ শূন্য কোনো জন নেদেখি, এতেকে ই লক্ষণক আমি সম্ভাবিবে নপাৰি, তাত শুনা। যি ব্ৰহ্মনিষ্ঠাত সকল লোকৰ ব্যাপাৰ নাই, তাতে যিতো জিতেন্দ্ৰিয় হুয়া জাগি থাকে, যি বিষয়নিষ্ঠাত লোকসব প্ৰৱৰ্ত্তে তাত বিবেকীসবো ব্যাপাৰ নকৰে। যেন দিনান্ধ উলূকসব ৰাত্ৰিতেসে দেখে, দিনত চক্ষু মেলি থাকিতেও নে- দেখে, তেমনে বিবেকীসবো আহাৰাদি কৰিতেও ব্ৰহ্মতেসে দৃষ্টি, বিষয়ত নথাকে। যদি বোলা বিষয়ত দৃষ্টি নহৈলে কেমনে ভোগ কৰে তাত শুনা। যেন নানা নদী পূৰিত সমুদ্ৰক আন জলসব প্ৰবিষ্ট হয়, তথাপি সাগৰে মৰ্য্যাদা নেৰে, তেমনে বিবেকীক প্ৰাৰব্ধ কৰ্ম্মে বিষয় ভোগ কৰাই কিন্তু স্বৰূপত চালিবে নপাৰে। সেই জনে মোক্ষ লভে, কাম ভোগ- পৰে নাপাই। এতেকে যি প্ৰাপ্ত কামভোগসব এড়ি, অপ্ৰাপ্ততে পৃহা নকৰি, অহঙ্কাৰ মমকাৰ তেজি আত্মত মন দিয়া প্ৰাৰব্ধ ভোগে, যি মিলাৱে তাকে ভোগ কৰে, সেইজনে মোক্ষ লভে। [ ৭৫ ]  আকে উপসংহৰি কহন্ত। ঈশ্বৰ আৰাধিতে এই ব্ৰহ্মনিষ্ঠাক ঈশ্বৰ প্ৰসাদে পায়া পুৰুষ সংসাৰী নহে, সততে ব্ৰহ্মনিষ্ঠাত থাকি সংসাৰী নহৈব তাক কি বুলিম। অন্তকালত ক্ষণমাত্ৰ এই ব্ৰহ্মনিষ্ঠাত ৰহি ব্ৰহ্মানন্দ লভে। যি ভগৱন্তে শোকপঙ্কমগ্ন অৰ্জ্জুন ভক্তক সাংখ্যযোগ উপদেশে উদ্ধাৰ কৰিলা, সেই কৃষ্ণত মঞি শৰণ পশিলো।

ইতি শ্ৰীভগৱদ্গীতাসূপনিষৎসু গীতাকথায়াং সাংখ্যযোগোনাম
দ্বিতীয়োহধ্যায়ঃ॥২৷

 হে সামাজিকসব দেখ ভগৱন্তৰ লোকক কৃপা। অৰ্জ্জুনক উপলক্ষ কৰি সকল লোক তৰিবাক প্ৰতি গীতাশাস্ত্ৰ কহিলা। এতেকে বি সুবুদ্ধি হয় তেবে সত্বৰে হৰিক ভজা। আয়ু পুনু পদ্মপত্ৰ জল সম স্থিৰ নহে। হে কৃষ্ণ ভক্তৱৎসল কৰুণাসাগৰ যেমনে তোমাৰ চৰণ পদ্মত মোৰ মন ভ্ৰমৰ ৰহে তেমনে দায়া কৰা। কৌটিবাৰ প্ৰণাম কৰি কাৰ্পণ্য কৰোঁ। সামাজিক সবো ডাকি হৰি বোল হৰি।

যোভক্তমোহমপহাপয়িতুং জগাদ দেহাত্মবোধমথকৰ্ম্মতদঙ্গভূতম্।
জিজ্ঞাসবে কৰুণয়া স্থিতপ্ৰজ্ঞচিহ্লং তস্মৈ নমোহস্তু গুৰৱে যদুনন্দনায়॥

[ ৭৬ ]
 

তৃতীয় অধ্যায়।

 এমনে দ্বিতীয় অধ্যায়ত প্ৰথমে মোক্ষ সাধন দেহাত্মবিবেক কহিলা, পাচে কৰ্ম্ম কহিলা; কিন্তু গৌণ মুখ্য স্পষ্ট কৰি নকহিলা। জ্ঞানীৰ, নিষ্কাম নিৰহঙ্কাৰ জিতেন্দ্ৰিয় আদি গুণ শুনি, কৰ্ম্মত কৰি জ্ঞানক শ্ৰেষ্ঠ মানি! অৰ্জ্জুনে পোছন্ত, হে জনাৰ্দ্দন, কৰ্ম্মযোগত কৰি যদি জ্ঞানযোগ শ্ৰেষ্ঠ হয় তেবে কেনে মোক হিংসা কৰ্ম্মত প্ৰবৰ্ত্তাৱা। কোনো বেলা কৰ্ম্মক প্ৰশংসা, কতো জ্ঞানক প্ৰশংসা শুনি, মোৰ বুদ্ধি নিশ্চল নহে। এতেকে দুইৰ মধ্যত একটা নিশ্চয় কৰি কহা, যাক আচৰি মঞি মোক্ষ লভিম।

 আৰ উত্তৰ ভগৱন্তে কহন্ত। জানা অৰ্জ্জুন যদি মঞি অন্যোন্যক অপেক্ষা নকৰি মোক্ষ সাধন কৰি কৰ্ম্মযোগ জ্ঞানযোগ কহিছোঁ, তেবে তুমাৰ প্ৰশ্ন দুইৰ মধ্যত এক কহা বুলি ঘটে; মঞি পুনু তেমন নকহোঁ। কিন্তু দুয়ো মতে একে ব্ৰহ্মনিষ্ঠা কহিছোঁ। ই লোকত শুদ্ধচিত্ত অশুদ্ধচিত্ত ভেদে দুই বিধ অধিকাৰী। তাৰ অৰ্থে দুই বিধ ব্ৰহ্মনিষ্ঠা পূৰ্ব্ব অধ্যায়তে মঞি সৰ্ব্বজ্ঞে স্পষ্টমতে কহিছোঁ, তাক শুনা। শুদ্ধচিত্ত হুয়া জ্ঞানভূমিক যি পায়াছে, তাৰ জ্ঞানযোগে ব্ৰহ্মনিষ্ঠা কহিছো, এতেকে চিত্তশুদ্ধি দ্বাৰা জ্ঞান নহে পৰ্য্যন্ত কৰ্ম্মযোগ আচৰিব। যাতো কৰ্ম্ম নকৰিলে জ্ঞানো নহে। যদি বোলা সন্যাসত হন্তে জ্ঞান হৈব, কৰ্ম্মত কি কাৰ্য? [ ৭৭ ] তাত শুনা। চিত্তশুদ্ধি বিনে কেৱল সন্যাসত জ্ঞান নঘটে। কৰ্ম্মন্যাস পদেও কৰ্ম্মত অনাসক্ত মাত্র কহে। সমূলে কৰ্ম্মত্যাগ নঘটে। যাতে কোনাে অৱস্থাত কোনাে পুৰুষ কৰ্ম্ম নকৰি ক্ষণেকো নথাকে, স্বভাবৰ গুণে অৱশ্যে কৰ্ম্ম কৰাইব। এতেকে অজ্ঞানী কৰ্ম্মত্যাগীক নিন্দা কৰন্ত। যি পুৰুষে বাক্য- পাণি-পাদক নিগ্রহ কৰি মনে ভগৱন্তৰ ধ্যান ছলে বিষয়ক স্মৰি থাকে, অশুদ্ধচিত্তপদে ধ্যানতো স্থিতি নাই, তাক মূঢ় কপটাচাৰ বুলি। যি জ্ঞানেন্দ্ৰিয়ৰ বৃত্তি ভগৱন্তৰ অধীন মানি কৰ্ম্মেন্দ্ৰিয়ৰ কৰ্ম্মকো ভগৱন্তত অর্পণ কৰে সি চিত্তশুদ্ধি দ্বাৰায়ে জ্ঞান পাৱে। এতেকে তুমি হৰিত অৰ্পি নিত্যনৈমিত্তিক কৰ্ম্ম কৰা। অকৰণত কৰি কৰ্ম্মকৰণে শ্রেষ্ঠ। সকল কৰ্ম্ম এড়িলে তোমাৰ দেহ নিৰ্ব্বাহো নহৈব। সাংখ্য মতে সকল কৰ্ম্মকে বন্ধ বােলে। তাৰ উত্তৰ শুনা। ঈশ্বৰার্পিত কৰ্ম্ম বিনে আন কৰ্ম্মে বন্ধ কৰে। এতেকে তুমি বিষ্ণুৰ প্ৰীতিৰ অৰ্থে নিষ্কাম হুয়া কৰ্ম্মসব কৰা। মােৰ বাক্যত থাকি কৰ্ম্মকৰ্ত্তাসে শ্রেষ্ঠ। ব্ৰহ্মাৰ বচনতো কৰ্ম্মকৰণে শ্রেষ্ঠ। শুনা, পূৰ্ব্বত ব্রহ্মা যজ্ঞৰ অধিকাৰী ব্রাহ্মণাদি প্রজা স্ৰজিয়া বুলিলা যজ্ঞ কৰি তােৰা সব বৃদ্ধি হৱা। এই যজ্ঞে তােৰাৰ মনবাঞ্ছনি পূৰিব। যজ্ঞৰ লগতে আন কৰ্ম্ম বুঝিবা।

 সকাম কৰ্ম্মৰ প্রশংসা যদ্যপি গীতাৰ অভিমত নহে, তথাপি অকৰণত কৰি শ্ৰেষ্ঠপদে কহিলা। যদি বােলা কেমনে যজ্ঞে মনবাঞ্ছা পূৰিব, তাত শুনা। যজ্ঞৰ দ্ৰব্যে [ ৭৮ ] দেৱক তুষ্ট কৰায়। দেৱসবো বৃষ্টিৰ দ্বাৰে শস্য সম্পন্ন কৰি তোৰাক বৃদ্ধি কৰাউক। এমনে অন্যোন্যে বৃদ্ধি কৰিতে সবে শ্ৰেয়স লভিবা। যজ্ঞ নকৰিলে দোষ শুনা। দেবসবে বৃষ্টি কৰি প্ৰজাৰ অন্নাদি দিয়াছে। এতেকে দেৱক নেদি যি ভোজন কৰে তাক চৌৰ বুলি। যজ্ঞ কৰি যি ভোজন কৰে সি পঞ্চসূনা পাপত মুক্ত হয়। পঞ্চসূনাক শুনা, ঢেঙ্কী পটা আখা পানীৰ কলস বাঢ়নী এই পঞ্চ, প্ৰাণীৰ বধস্থান। যি সবে পঞ্চযজ্ঞ নকৰি ভোজন কৰে সি দুৰাচাৰী পাপক মাত্ৰ ভোজন কৰে। জগতচক্ৰৰ প্ৰবৃত্তি হেতু কৰ্ম্ম; এতেকে কৰ্ম্ম কৰিবে লাগে, তাক শুনা। অন্ন যদি শুক্ৰশোণিতৰূপে পৰিণাম গৈল তেবে প্ৰাণীসব উপজে। মেঘৰ বৃষ্টিয়ে অন্ন হয়, যজ্ঞৰ ধূমে মেঘ হয়, যজ্ঞো কৰ্ম্মত উদ্ভৱ হয়, কৰ্ম্মো বেদত প্ৰকাশয়, বেদো পৰম্ব্ৰহ্মত জন্মে। এতেকে ব্ৰহ্মক সৰ্ব্বগত জানিবা। তথাপি যজ্ঞ উপায়েসে ব্ৰহ্মক পাই। এতেকে যজ্ঞ ব্ৰহ্মৰ প্ৰিয়তম, লোকৰ সততে কৰিবে লাগে। যি যজ্ঞ নকৰে তাৰ বৃথা জীৱন জানিবা।

 এমনে্‌ অজ্ঞানী পুৰুষৰ কৰ্ম্ম কৰিবে লাগে। যি পুনু আত্মাত ৰতি আত্মাত তৃপিতি আত্মাত তুষ্ট হৈল, বিষয় অপেক্ষা নকৰে, তাৰ কৰ্ম্ম কৰিবে নলাগে, তাৰ হেতু শুনা। জ্ঞানী জনৰ কৰ্ম্ম কৰিলেয়ো পুণ্য নাই, নকৰিলেয়ো দোষ নাই, নিৰহঙ্কাৰ পদে বিধি নিষেধৰ হাত এড়াইছে। যদি বোলা দেৱতা বিঘ্ন কৰিব, তাত শুনা। জ্ঞানী [ ৭৯ ] পুৰুষৰ মোক্ষক লাগি কোনো জন আশ্ৰয় নাই। দেৱকৃত বিঘ্ন, জ্ঞান প্ৰাপ্তিৰ পূৰ্ব্বত যেখন কৰ্ম্ম কৰিছিল; জ্ঞান পাইলে পুনু সবাৰে প্ৰিয় হয়, তেবে কেওঁ বিঘ্ন নকৰে। এনয় জ্ঞানীৰ কৰ্ম্ম কৰিতে নলাগে, আনৰ নহে। এতেকে তুমি ফলত ইছা এড়ি অৱশ্যে নিত্যনৈমিত্তিক কৰ্ম্ম কৰা। অনাসক্ত হুয়া কৰ্ম্ম কৰিলে চিত্তশুদ্ধি জ্ঞানৰ দ্বাৰায় অনায়াসে মোক্ষ লভিবা। আত সদাচাৰ প্ৰমাণ লৱা। পূৰ্ব্বত জনকাদি ৰাজা সবে কৰ্ম্ম কৰি চিত্তশুদ্ধ হুয়া জ্ঞান লভিছে। যদি তুমি আপুনাক জ্ঞানী বুলি মানা, তথাপি লোকৰ সংগ্ৰহ দেখি কৰ্ম্ম কৰিবে যোগ্য হৱা। শ্ৰেষ্ঠ জনে যি কৰ্ম্ম কৰে প্ৰাকৃত জনে তাকে আচৰে, শ্ৰেষ্ঠে যি প্ৰমাণ মানে অন্যসবে তাকে অনু- সৰে। আত মোতে দৃষ্টান্ত বুঝিবা। মোৰ তিনিয়ো লোকত কিছো কৰ্ত্তব্য নাই, পাইবে লাগিয়ো কিছো নেদেখি, তথাপি মঞি কৰ্ম্ম কৰোঁ। যদি আলাসত কোনো দিন কৰ্ম্ম নকৰিলো, তেবে মোৰ পথকে সকল লোকে অনুসৰিব, তেবে কৰ্ম্মলোপে সকল লোক নষ্ট হৈব, তেবে যি বৰ্ণসঙ্কৰ হৈব, তাৰো মঞিসে কৰ্ত্তা হৈবোঁ। তেবে সকল লোকক মঞিসে নষ্ট কৰিলোঁ। এতেকে অজ্ঞানী আসক্ত হুয়া যেমনে কৰে, জ্ঞানী অনাসক্ত হুয়া তেমনে কৰিব। কদাচিতো অকৰ্ত্তাত্মবোধে অজ্ঞানীৰ বুদ্ধিভেদ নকৰিব, কিন্তু আপুনি আচৰি তাকো কৰাইব।, বুদ্ধি ভেদ কৰিলে কৰ্ম্মত শ্ৰদ্ধা এড়িব, জ্ঞানো নলভিব, উভয়এ ভ্ৰংশ হুয়া নষ্ট হৈব। যদি জ্ঞানীয়ো কৰ্ম্ম কৰিবে লাগে, তেবে [ ৮০ ] জ্ঞানী অজ্ঞানীৰ কি বিশেষ হৈল, তাত শুনা। অজ্ঞানী জনে অহঙ্কাৰে মােহিত হুয়া ইন্দ্ৰিয়ৰ কৰ্ম্মক মঞি কৰোঁ বুলি মানে। জ্ঞানী পুনু, ইন্দ্রিযে আপুনাৰ বিষয়ত প্ৰৱৰ্ত্তে, মঞি নকৰোঁ মানিয়া আসক্তি নকৰে। প্ৰকৃতিৰ গুণে মূঢ় হৈয়া অজ্ঞানী- সব কৰ্ম্মত আসক্তি কৰে, জ্ঞানীসবে তাক নকৰিব, কিন্তু ঈশ্বৰত অৰ্পি কৰিবে বুলিব। এমনে কহিলোঁ জ্ঞানীৰো কৰ্ম্ম কৰিবে লাগে। তুমি পুনু ইদানাক জ্ঞানী নতো হব , এতেকে অন্তর্যামীৰ অধীন হুয়া ঈশ্বৰৰ অৰ্থে নিষ্কামে মােত অর্পি কম্ম কৰা, শােক এৰি যুদ্ধক উঠা।

 এই প্ৰকাৰে কম্মকৰণৰ গুণ শুনা । যি সবে মােৰ বাক্যত শ্রদ্ধা কৰি দুষ্‌খৰূপ কম্মত কেনে কৃষ্ণে প্রবাত্তান্ত, ইদোষ দৃষ্টি নকৰিয়া মােৰ মতক আচৰে সিয়ো জ্ঞানী সদৃশ কৰ্ম্মে মুক্ত হয়। আক নাচৰিলে দোষ শুনা। যি অসুয়া কৰি মােৰ মতক নাচৰে তাক জ্ঞানমূঢ় অচেতন জানিবা । যদি বোলা আক মহাফল জানি সকল লােকে কেনে ইন্দ্রিয়ক নিয়মি নিষ্কাম কৰ্ম্ম নকৰে, তাত শুনা। গুণ দোষ জানিয়ো পুৰুষে পূৰ্ব্ব কম্মবাসনায়ে সেই কৰ্ম্মতেসে প্ৰৱৰ্ত্তে, নিষ্কাম কৰ্ম্ম কৰিতে নপাৰে। যদি পূৰ্ব্ব কৰ্ম্ম বাসনায়ে প্রবৃত্তি হয়, তেবে বিধিনিষেধ বিফল হৈল, তাত শুনা। যদ্যপি সকল ইন্দ্ৰিয়ৰ আপুনাৰ বিষয়ত ৰাগ দ্বেষ আছে তথাপি তাৰ বশ্য নহৈব বুলি শাস্ত্রে নিয়ম কৰে। যাতো মুমুক্ষুসবৰ কামক্রোধ পৰম শত্রু, আৰ এমন অভিপ্রায় [ ৮১ ] বুঝিবা। স্মৰণ মাত্ৰকে বিষয়ে ৰাগদ্বেষ জন্মায়। অসাবধান পুৰুষক গম্ভীৰ স্ৰোত হেন অনৰ্থতো প্ৰৱত্তাৱে; শাস্ত্ৰে পুনু তাত পূৰ্বেব ৰাগদ্বেষ প্ৰতিবন্ধক পৰমেশ্বৰ ভজনাদিত প্ৰৱত্তাৱে, যেন গম্ভীৰ স্ৰোতঃপাতৰ পূৰ্ব্বত নৌকাক আশ্ৰয় কৰিলে অনৰ্থ নাপাই। এমনে কহিলা পশুৰ হেন স্বাভাবিক বৃত্তি এড়ি পুৰুষে ধৰ্ম্ম কৰিব, তেবে স্বধৰ্ম্ম যুদ্ধাদি দুষ্‌খপদে কৰণ নজাই। পৰধৰ্ম্ম অহিংসাদি সুকৰ মানি প্ৰৱৰ্ত্তিবে ইছা দেখি বোলন্ত, হে অৰ্জ্জুন, সব্বাঙ্গ সম্পন্ন পৰধম্মত কৰি অঙ্গহীন স্বধৰ্ম্মকো শ্ৰেষ্ঠ জানিবা; যাতো স্বধৰ্ম্ম যুদ্ধত মঁৰিয়ো স্বৰ্গ পাই, পৰধৰ্ম্মে পুনু নৰকক নেই।

 ৰাগ দ্বেষৰ অধীন নহৈব বুলিছা, তাক অশক্য দেখি অৰ্জ্জুনে পোছন্ত। হে শ্ৰীকৃষ্ণ, পুৰুষে পাপক অনৰ্থ জানি কৰিবে ইছা নকৰে, তথাপি কোনে প্ৰেৰিত নিমিত্তে কৰে, তাক মোত কহা। ভগৱন্তে বোলন্ত জানা অৰ্জ্জুন তুমি যেহেতু পুছিলা তাক এই কামকে জানিবা। যদি বোলা ক্ৰোধকো পূৰ্ব্বতে কহিছা, তাত শুনা। কামে প্ৰতিহত হৈলে ক্ৰোধৰূপে পৰিণাম হৱে, কামক জিনিলে ক্ৰোধক জিনা যাই, এতেকে দুইকো এক কৰি কহিলোঁ। কাম ৰজো গুণত উদ্ভৱ হুয়াছে। সত্ব বৃদ্ধি, ৰজোগুণ ক্ষয় হৈলে সে কামক জিনা যাই। আক সামদানে সাৰা নাযাই, যাতো উগ্ৰ, দুষ্পুৰ, এতেকে আক শত্ৰু কৰিয়া জানিব। যেন অগ্নিক ধূমে, দৰ্পণক মলে, গৰ্ভক চৰ্ম্মে আবৰি থাকে, তেমনে কামে জ্ঞান আবৰিছে। অজ্ঞানী [ ৮২ ] পুৰুষৰ কাম, প্ৰথমে সুখৰ হেতু, পৰিণামত বিষৰস। জ্ঞানী পুনু তেখনে অনৰ্থৰ হেতু জানি, বৈৰী মানে। এতেকে কামে নানা ৰূপ ধৰে, অনেক ভোগেয়ো অগ্নিসম তৃপ্তি নাই। আবে তাক জিনিবে উপায় শুনা। ইন্দ্ৰিয় মন বুদ্ধি কামৰ স্থান বুঝিবা। এতেকে শ্ৰবণ দৰ্শনাদিয়ে কাম উৎপন্ন হুয়া, জ্ঞানক আবৰি পুৰুষকো মোহ কৰাৱে। তুমি মোহত পূৰ্ব্বে ইন্দ্ৰিয় মন বুদ্ধি নিয়ম কৰি, পাপৰূপ কামক নষ্ট কৰা, যাতো জ্ঞান বিজ্ঞানক নাশ কৰে। যাত চিত্ত দিলে ইন্দ্ৰিয়াদিক নিয়ম কৰিবে পাৰিবা, তাক দেহাদিত পৃথক কৰি শুনা। স্থূল দেহত কৰি প্ৰকাশক পদে ইন্দ্ৰিয়সব শ্ৰেষ্ঠ, ইন্দ্ৰিয়ত কৰি প্ৰৱত্তক পদে মন শ্ৰেষ্ঠ, মনতো কৰি নিশ্চয় কৰে পদে বুদ্ধি শ্ৰেষ্ঠ, বুদ্ধিতো কৰি সাক্ষী পদে আত্মা শ্ৰেষ্ঠ। এমনে বুদ্ধিত পৰ আত্মাক জানি মন নিশ্চয় কৰি কামক নষ্ট কৰা। বিবেকা সবে স্বধম্মে যাক আৰাধিয়া ভক্তি দ্বাৰায় মুক্তি লভিছে, হেন পৰমানন্দ কৃষ্ণক সকল কম্ম সমপি সন্তোষ কৰাউক।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং তৃতীয়োহধ্যায়ঃ॥৩॥

হে নৰনাৰীসব দেখ কৃষ্ণৰ লোকক কেন কৃপা। নিত্য নৈমিত্তিক কৰ্ম্ম নকৰিলে পুৰুষৰ নৰক হয়, হেন কৰ্ম্মকো অৰ্পণ মাত্ৰে তুষ্ট হয়, এতেকে তাঙ্ক পৰম কৃপালু জানি সততে ভজা। প্ৰথমে ডাক চাৰি হৰিবোল হৰি।

অকৃত্বা যজ্জনো যাতি নিৰয়স্তস্য কৰ্ম্মণঃ।
সমৰ্পণাদ্‌যন্তুতোৰ তমহং কৃষ্ণমাশ্ৰয়ে॥

[ ৮৩ ]
 
চতুৰ্থ অধ্যায়।

 এমনে দুই অধ্যায়ে কৰ্ম্মযোগ সাধন, জ্ঞানযোগ মোক্ষ সাধন, বুলি কহিলা। তাকে ব্ৰহ্মাৰ্পণাদি গুণ বিধানে জীবেশ্বৰতত্ত্ব কহিবাক লাগি প্ৰথমে সম্প্ৰদায় দেখাই ভগৱন্তে বোলন্ত, জানা অৰ্জ্জুন, এই অব্যয়ফল যোগ কথা পূৰ্ব্বত মঞি আদিত্যৰ আগত কহিছোঁ; আদিত্যে আপুনাৰ পুত্ৰ শ্ৰাদ্ধদেৱ মনুত কহিলা; মনুও স্বপুত্ৰ ইক্ষ্বাকুত কহিলা। এই পৰম্পৰায় ৰাজঋষিসবে জানিলা। পাচে অনেক কালে সম্প্ৰদায় বিছিন্ন হৈল। সেই যোগ আজি মঞি তোমাত কহিলোঁ। আক আনৰ আগত নকহোঁ। তুমি ভক্ত সখী পদে কহিলোঁ, যাতো ই যোগ উত্তম ৰহস্য, ভগৱন্তে আদিত্যক প্ৰতি যোগ উপদেশ অসম্ভৱ দেখি অৰ্জ্জুনে পোছন্ত। হে ভগৱন্ত, তোমাৰ জন্ম ইদানীক, আদিত্যৰ জন্ম পূৰ্ব্বত, তুমি ইদানীন্তন হুয়া চিৰন্তন আদিত্যত যে কহিলা, আক মঞি কেমনে জানিম। ৰূপান্তৰে উপদেশ দিলো বুলি ভগৱন্তে উত্তৰ কহন্ত। হে অৰ্জ্জুন, তোমাৰ মোৰ অনেক জন্ম অতিক্ৰমি গৈল, অলুপ্ত বিদ্যাশক্তি পদে তাক মঞি জানো। অবিদ্যাবৃত পদে তুমি তাক নাজানা। যদি বোলা তুমি অনাদি অবিনাশী ঈশ্বৰ, পাপপুণ্য শূন্য, কেনে জীবৰ সদৃশ জন্ম ধৰা, তাত শুনা। যদ্যপি মঞি অজ অব্যয় ঈশ্বৰ, কৰ্ম্মৰো অধীন নহোঁ, তথাপি শুদ্ধ সত্ব প্ৰকৃতিক [ ৮৪ ] স্বীকাৰ কৰি বিশুদ্ধ সত্ব মূৰ্ত্তিয়ে অখণ্ড জ্ঞান বল বীৰ্য্যাদি শক্তিয়ে আপুনাৰ মায়ায়ে অৱতাৰ ধৰো। যদি বোলা কেতিয়া অবতাৰ ধৰা, তাত শুনা। যেখন ধৰ্ম্মৰ হানি অধৰ্ম্মৰ উদ্ভৱ হয়, তেখনে সাধুৰ ৰক্ষাৰ্থে, দুৰ্জনৰ নাশ নিমিত্তে, ধৰ্ম্ম প্ৰতিপালন পদে যুগে যুগে মঞি অবতাৰ ধৰো। যেন মাতৃয়ে পুত্ৰক লালন তাডন কৰিতেও নিৰ্দ্দয় নহে, তেমনে মঞিয়ো সাধুক ৰাখি অসাধুক নাশ কৰিতেও বৈষম্য শঙ্কা নকৰিবা। মঞি আপুনাৰ ইছাই জন্ম ধৰো। ধৰ্ম্মপালন নিমিত্তে আন লৌকিক কৰ্ম্ম কৰো; আক যি জানে, সি দেহত অভিমান এড়ি মোক পাৱে।

 যদি বোলা কেমনে জন্ম কৰ্ম্মক জানিলে তোমাক পাৱে, তাক শুনা। মঞি শুদ্ধ সত্ব অবতাৰে ধৰ্ম্ম পালন কৰো। এই মোৰ পৰম কাৰুণিক জানি, ৰাগ ভয় ক্ৰোধ এড়ি মোতে একচিত্ত হুয়া, মোকে আশ্ৰয় কৰি মোক উপাসা কৰে, তেবে মোৰ প্ৰসাদে জ্ঞান ভক্তি পায়া পৰম শুদ্ধ হুয়া, অজ্ঞান ছাড়ি মোৰ সাযুজ্যক বিস্তৰ লোকে পায়াছে। হেন নুবুলিবা ইদানীকসে মোৰ ভক্তি প্ৰৱৰ্ত্তিছে। আত এমন অৰ্থ বুঝিবা, বিদ্যা অবিদ্যা উপাধিয়ে ঈশ্বৰ জীব দেখায়, ঈশ্বৰ অবিদ্যা অভাবে নিত্যশুদ্ধ। জীৱ ঈশ্বৰ প্ৰসাদে জ্ঞান পায়া অজ্ঞান এড়ি শুদ্ধ হুয়া চিদাংশে ঐক্য বুঝিবা। যদি বোলা তুমাত বিষম আছে, যাতো এক শৰণপৰকেসে আপুনাৰ স্বৰূপ দিয়া, সকামীক নেদা, আত শুনা। যি জনে মোক সকামে বা নিষ্কামে বা যেমনে ভজে, তাকো মঞি তেমনে তাৰ বাঞ্ছিত ফলদানে অনুগ্ৰহ কৰোঁ। সকামী [ ৮৫ ] সবো মোক এডি ইন্দ্ৰাদিক ভজে বুলি তাৰাকো উপেক্ষা নকৰোঁ। যাতো সকল লোকে সকল প্ৰকাৰে মোকে অনুবৰ্ত্তে। হেন নুবুলিবা, তেবে মোক্ষৰ অৰ্থে কিসক সবে নভজে, তাত শুনা।

 এই মনুষ্য লোকত শীঘ্ৰে কৰ্ম্মফলক আকাঙক্ষা কৰি ইন্দ্ৰাদি দেবতাক ভজে, সাক্ষাতে মোক নভজে। যাতো কৰ্ম্ম ফল শীঘ্ৰে হয, জ্ঞানৰ ফল. মোক্ষ শীঘ্ৰে নঘটে। তাত হেন বুলিবা কেযো সকামে কেযো নিষ্কামে প্ৰবৰ্ত্তে। কম্ম- বৈচিত্ৰ দেখি, কৰ্ম্মকৰ্ত্তা ব্ৰাহ্মণাদিৰো উত্তম অধম কৰা, কেমনে তোমাৰ বৈষম্য নাই, আত শুনা। গুণকৰ্ম্ম বিভাগে, চাৰিযো জাতিক মঞি স্ৰজিছোঁ ই সত্য হয। তাত সত্ব প্ৰধান ব্ৰাহ্মণৰ শমদমাদি কৰ্ম্ম। ৰজ প্ৰধান ক্ষত্ৰিযৰ যুদ্ধাদি কৰ্ম্ম। ৰজ স্তম প্ৰধান বৈশ্যৰ কৃষি বাণিজ্য কৰ্ম্ম। তম প্ৰধান শূদ্ৰৰ তিনিযো জাতিৰ শুশ্ৰুষাদি কৰ্ম্ম। এমনে কৰ্ত্তা হন্তে ফলত অকৰ্ত্তা কৰি মোক জানিবা যাতো আসক্তি নাই পদে শ্ৰম নপাউ। নিৰহঙ্কাৰ পদে জগতৰ সৃষ্টি আদি কৰ্ম্মতো মোৰ আসক্তি নাই। আপ্তকাম পদে ফলতো স্পৃহা নাই। মোক কৰ্ম্মে বন্ধ নকৰিব তাক কি বুলিবো। কৰ্ম্মত অনাসক্ত কৰি যি মোক জানে সিও কৰ্ম্মে বন্ধ নহে। মোৰ নিৰ্ল্লেপ কাৰণ নিৰহঙ্কাৰ নিস্পৃহাদি জানন্তাৰো অহঙ্কাৰ শিথিল হয়। অহঙ্কাৰ এড়ি কৰ্ম্ম কৰিলে বন্ধ নহে জানি পূৰ্ব্বত জনকাদি মুমুক্ষুসবো কৰ্ম্ম কৰিছে। এতেকে তুমি প্ৰথমে কৰ্ম্ম কৰা। সিয়ো কৰ্ম্ম তত্ত্বজ্ঞানী সমে বিচাৰ কৰি কৰিবা লোক পৰম্পৰায়ে নকৰিবা। [ ৮৬ ] যাতো কাক বুলি কৰ্ম্ম কৰণ, কাক বুলি অকৰণ, আতে বিবেকী সবো মোহ হুয়াছে। সেই কৰ্ম্ম তুমাৰ আগত কহোঁ, যাক আচৰি সংসাৰত মুক্ত হৈবা। যদি বোলা লোক প্ৰসিদ্ধ দেহাদিৰ ব্যাপাৰকে কৰ্ম্ম বুলি, তাৰ অব্যাপাৰকে অকৰ্ম্ম বুলি, কেনে বোলা বিবেকীসবো আত মোহ হুয়াছে, তাত শুনা। বিহিত ব্যাপাৰ কৰ্ম্মৰো বুঝিবে আছে, অব্যাপাৰ অকৰ্ম্মৰো বুঝিবে আছে, নিষিদ্ধ ব্যাপাৰ বিকৰ্ম্মৰো বুঝিবে আছে, যাতো কৰ্ম্ম অকৰ্ম্ম বিকৰ্ম্মৰ তত্ত্ব দুৰ্ব্বোধ। তাক সাবধান মনে শুনা। পৰমেশ্বৰ আৰাধনাৰ্থ কৰ্ম্মত জ্ঞান সাধন পদে বন্ধ নহে বুলি অকম্ম যি দেখে, বিহিত অকৰণে অকৰ্ম্মতো দোষ হেতু বন্ধ হয় জানি কৰ্ম্ম যি দেখে, সি কৰ্ম্মকৰন্তা মনুষ্যৰ মধ্যত বুদ্ধিমন্ত। যাতো সেই কৰ্ম্মে জ্ঞান লভিবা। এতেকে তাক যোগী সৰ্ব্ব কৰ্ম্ম কৰ্ত্তা বুলি। ঈশ্বৰাৰ্পিত কৰ্ম্মত সকল কৰ্ম্মফল অন্তৰ্ভাব হুয়াছে। আৰুৰুক্ষ পুৰুষৰ তৃতীয় অধ্যায়ে যি কৰ্ম্মযোগ কহিছো, তাৰে প্ৰপঞ্চ বুঝিবা। যেখন আৰু- ৰুক্ষৰে কৰ্ম্ম বন্ধ নহে, তবে আৰূঢ় কৈত বন্ধ হয়। তাত এমন অৰ্থ আৰূঢ় পুৰুষে দেহেন্দ্ৰিয়াদি ব্যাপাৰ কৰ্ম্মত প্ৰবৰ্ত্তি- তেও আত্মা দেহাদি ব্যতিৰেক অনুভবে স্বাভাবিক কৰ্ম্মকো অকৰ্ম্ম দেখে। তেমনে অজ্ঞানত দুষ্‌খ বুদ্ধি, কৰ্ম্মত্যাগত কপটাচাৰ পদে কৰ্ম্ম যি দেখে, তাক মনুষ্যৰ মধ্যত পণ্ডিত বুলি। সি যদৃচ্ছালাভ আহাৰাদি কৰ্ম্ম কৰিতেও অকৰ্ত্তাত্মজ্ঞানে সমাধিতে থাকে। এতেকে জ্ঞানী স্বভাব প্ৰাপ্ত কলঞ্জ ভক্ষণা[ ৮৭ ] দিয়ো দোষ নহে। অজ্ঞানী পুৰুষৰ ৰাগত কৰিলে দোষ হয়। আত বিকৰ্ম্মৰো তত্ত্ব কহিলা। উক্ত অৰ্থক স্পষ্ট কৰি কহন্ত। যাৰ সকল কৰ্ম্মফল সঙ্কল্প ৰহিত হৈল, সেই কৰ্ম্মে শুদ্ধচিত্ত হৈলে জ্ঞানাগ্নিয়ে সকলক নাশ কৰিল, তাক পণ্ডিত বুলি। কৰ্ম্ম ফলত আসক্তি এড়ি নিজানন্দে তৃপ্ত হুয়া কাকো আশ্ৰয় নকৰি কৰ্ম্ম কৰিতেও পুৰুষ অকৰ্ম্ম্য হয়। যি নিষ্কাম হুয়া দেহ মন নিয়ম কৰিল, সকল পৰিগ্ৰহ এড়িল, সি অভিমান এড়ি কৰ্ম্ম কৰিতেও বন্ধ নহে। যি অপ্ৰাৰ্থিত লাভত তুষ্ট হুয়া শীতোষ্ণাদি দ্বন্দ্ব সহে, কাৰো লগত বৈৰ মৎসৰ নকৰে, লাভ অলাভত হৰ্ষ বিষাদ নাই, সি স্বাভাবিক বিহিত কৰ্ম্ম কৰিতেও বন্ধ নহে। যি সকল সঙ্গ এড়ি ৰাগাদি ৰহিত হুয়া জ্ঞানত চিত্তক স্থিৰ কৰি ঈশ্বৰৰ অৰ্থে কৰ্ম্ম কৰে, তাৰ সকল কৰ্ম্ম লয় যায়। এমনে কহিলা, ঈশ্বৰৰ আৰাধনাৰ্থ কৰ্ম্ম জ্ঞান সাধন হেতু বন্ধ নহে পদে অকৰ্ম্ম। আৰূঢ় অৱস্থাত অকৰ্ত্তাত্মজ্ঞান বাধিত পদে স্বাভাবিক কৰ্ম্মো অকৰ্ম্মক হয়।

 ইদানীক কৰ্ম্ম তাৰ সাধনতো ব্ৰহ্মকে অনুগত দেখিলে, তাৰ কৰ্ম্মলয় প্ৰকাৰ কহন্ত। যজ্ঞৰ সকল সাধনতে যি ব্ৰহ্মদৃষ্টি কৰে সি ব্ৰহ্মকে পাৱে। সবাতে ব্ৰহ্মদৰ্শন জ্ঞানক যজ্ঞ বুলি কহিলা। যাতো সকল যজ্ঞ সাধনত আৰু পায়। এতেকে সকল যজ্ঞত কৰি শ্ৰেষ্ঠ দেখাইবে লাগি অধিকাৰী ভেদে জ্ঞানৰ সাধন দ্বাদশ যজ্ঞ কহন্ত। কতো কৰ্ম্মযোগী- সবে ইন্দ্ৰাদি যজনকে যজ্ঞ বুলি কৰে। জ্ঞানযোগীসবে ব্ৰহ্ম

 
[ ৮৮ ]
 

অগ্নিত সকল কৰ্ম্মকে লয় কৰে, আক জ্ঞান যজ্ঞ বুলি। নৈষ্ঠিক ব্ৰহ্মচাৰীসবে সংযম অগ্নিত ইন্দ্ৰিয়ক লয় কৰে। গৃহস্থসবে ভোগত অনাসক্ত হুয়া ইন্দ্ৰিয় অগ্নিত বিষয়ক হোম কৰে। জ্ঞাননিষ্ঠসবে দশ ইন্দ্ৰিয় দশ প্ৰাণৰ কৰ্ম্মক আত্মাত মন নিয়মি অগ্নিত হোম আচৰে। তাতে শ্ৰোত্ৰৰ শ্ৰবণ, চক্ষুৰ দৰ্শন, জিহ্বাৰ আস্বাদন, ত্বচৰ স্পৰ্শ, ঘ্ৰাণৰ গন্ধ, এই জ্ঞানেন্দ্ৰিয়ৰ কৰ্ম্ম | বাগিন্দ্ৰিয়ৰ বচন, হস্তৰ আদান, চৰণৰ গতি, পায়ুপস্থৰ মলজলত্যাগ, এই কৰ্ম্মেন্দ্ৰিয়ৰ কৰ্ম্ম। পানৰ উৰ্দ্ধ গমন, অপানৰ অধোনয়ন, সমানৰ অন্নপানৰ একত্ৰিকৰণ, উদানৰ উৰ্দ্ধনয়ন, ব্যানৰ আকুঞ্চন, পাদপ্ৰসাৰণাদি কৰ্ম্ম। উদ্গাৰত নাগ, উম্মীলনত কূৰ্ম্ম, হাঞ্চিত কৃকৰ, হামিত দেবদত্ত, মৃতককো নেড়ে সৰ্ব্বব্যাপী ধনঞ্জয় বায়ু। কতোসবে সুবৰ্ণাদি দানকে যজ্ঞ বুলি আচৰে। কোনোসবে চান্দ্ৰায়ণাদি তপকে যজ্ঞ বুলি কৰে। চিত্তবৃত্তি নিৰোধকে কতোসবে যজ্ঞ বোলে। কতোসবে বেদপাঠ বেদাৰ্থ জ্ঞানকে যজ্ঞ বোলে। কতোসবে পূৰক কালত অধোবৃত্তি, অপানত উৰ্দ্ধ বৃত্তি প্ৰাণক হোম কৰে। কুম্ভক- কালত অপানৰ গতি নিৰোধ কৰি থাকে। ৰেচক কালত অপানক প্ৰাণত হোম কৰে। এমনে পূৰক কুম্ভক ৰেচককে প্ৰাণায়াম যজ্ঞ বোলে। অপৰসবে আহাৰ সঙ্কোচকে অভ্যাস কৰিতে আপুনি ইন্দ্ৰিয় জীৰ্ণ হৈলে, ইন্দ্ৰিয়বৃত্তি লয় হোমক ভাবনা কৰে, এমন প্ৰকাৰো বুলি। কতোসবে অজপা মন্ত্ৰৰ অভ্যাসকে যজ্ঞ বোলে। কতোসবে উদৰৰ দুই ভাগ অন্নে [ ৮৯ ] পূৰণ কৰে, এক ভাগ জলে পূৰে, বায়ু প্ৰচাৰৰ অৰ্থে এক ভাগ ৰাখে। এমনে নিয়ত আহাৰ হুয়া কুম্ভক কৰি পান অপানৰ গতিক নিৰোধি প্ৰণায়ামপৰ হুয়া ইন্দ্ৰিয় সকলক প্ৰাণত লয় কৰে।

 এই বাহ যজ্ঞৰ ফল শুনা। যজ্ঞকাৰীসব যজ্ঞে পাপক নাশ কৰি যজ্ঞৰ অৱশেষ কালত অমৃতৰূপ অনিষিদ্ধ অন্নদি খায়া জ্ঞানৰ দ্বাৰায়ে সনাতন ব্ৰহ্মক পাৱে। অযজ্ঞ পুৰুষৰ অল্প সুখো মনুষ্য লোকে নাই, কৈত পৰলোকত উত্তম সুখ হয়। এতেকে সৰ্ব্বথা যজ্ঞ কৰিবে লাগে। এমনে বেদমুখে বহুবিধ যজ্ঞ কহিছোঁ, তথাপি তাক কায়বাক্যমনোজন্য জানিবা। আত্মা কৰ্ম্ম অগোচৰ পদে তান স্বৰূপক নাপাৱে। আক জানি জ্ঞাননিষ্ঠ হুয়া সংসাৰত মুক্ত হৈবা। দেহাদি ব্যাপাৰ জন্য দৈবাদি যজ্ঞত কৰি জ্ঞান যজ্ঞক শ্ৰেষ্ঠ জানিবা। যাতো সকল কৰ্ম্মফল সহিতে জ্ঞানত অন্তৰ্ভাব হুয়াছে। সেই জ্ঞানৰ মহন্তৰ সেৱা মুখ্য কাৰণ। এতেকে তুমি ভক্তিমন্ত জ্ঞানীক দণ্ডৱতে প্ৰণিপাত কৰা; পাচে সেৱা কৰি প্ৰশ্ন কৰা— গুৰু মোৰ কেমনে সংসাৰ হৈল, কেমনে নিবৰ্ত্তে। তেবে তাৰা কৃপায়ে জ্ঞান উপদেশ দিব, যি জ্ঞানক পায়া পুনু বন্ধুবধাদিত মোহ নাপাইবা, যি জ্ঞানে সকল প্ৰাণীক আত্মাত অভেদে দেখিবা, আত্মাকে মঞি পৰমাত্মাত দেখিবা। যদ্যপি তুমি সকল পাপীতে কৰি অত্যন্ত পাপকাৰী হৱা, তথাপি সকল পাপ সমুদ্ৰক জ্ঞাননাৱে অনায়াসে তৰিবা। যেন কাষ্ঠ সমূহক [ ৯০ ] প্ৰজ্বলিত অগ্নিয়ে ভস্ম কৰে, তেমনে জ্ঞানাগ্নিয়ে প্ৰাৰব্ধ বিনে সকল কৰ্ম্মকে ভস্ম কৰে।

 প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি বিধ কৰ্ম্ম। যি কৰ্ম্মে দেহক আৰম্ভ কৰিছে তাক প্ৰাৰব্ধ বুলি, যি কৰ্ম্ম প্ৰসাৰিত শৰ সম ভোগে সে ক্ষয়। জ্ঞান প্ৰাপ্তিৰ পূৰ্ব্ব অৱস্থাৰ কৰ্ম্মক আৰব্ধ বুলি, যি জ্ঞান পাইলে ধনুৰ শৰ হেন নষ্ট হয়। জ্ঞান প্ৰাপ্তিৰ উত্তৰ কালৰ কৰ্ম্মক অনাৰব্ধ বুলি, সি টোণৰ শৰ সম নচলয়। এতেকে জ্ঞান সম শুদ্ধিকৰ বস্তু কোন ঠাইত নাই। হেন জ্ঞানক অনেক কাল কৰ্ম্মযোগ আচৰন্তে শুদ্ধচিত্ত হৈলে আপুনি লভে, কৰ্ম্মযোগ বিনে নপাৱে। এতেকে সকল লোকে প্ৰথমে জ্ঞান অভ্যাসিবে নাপাৰে। কৰ্ম্মযোগ কৰিলেও গুৰুৰ উপদেশত শ্ৰদ্ধা কৰিব, তাতে একনিষ্ঠ হৈব, নিয়তেন্দ্ৰিয় হৈব, তেবে জ্ঞানক অনায়াসে লভিব। জ্ঞান পায়া অল্প কালে মোক্ষ পাইব। এতেকে জ্ঞানৰ অধিকাৰী কহি অনধিকাৰী কহন্ত। যি গুৰুৰ উপদেশ নুবুঝে, বুঝিয়ো যি শ্ৰদ্ধা নকৰে, শ্ৰদ্ধা কৰিয়ো মোৰ হয় নহয় বুলি সংশয় কৰে, সি স্বাৰ্থত ভ্ৰংশ হয়। সবাতো কৰি সংশয়াত্মা সৰ্ব্বথা নষ্ট হয়। যাতো তাৰ ইহলোকো নাই, সংশয়তে ধনাৰ্জ্জন বিবাহো নঘটে, এতেকে সুখো নাই, ধৰ্ম্মো নিসিজে পদে পৰলোকো নাই।

 দুয়ো অধ্যায়ৰ অৰ্থক উপসংহৰি কহন্ত। প্ৰথমতে ঈশ্বৰত অৰ্পি সকল কৰ্ম্ম কৰিব; পাচে আত্মজ্ঞানে দেহত অহঙ্কাৰ এড়িব; সদায়ে অপ্ৰমাদে ৰহিব; তাক কৰ্ম্মে বন্ধ নকৰয়। এতেকে [ ৯১ ] শোকমোহাদি সংশয়ক জ্ঞানখড়েগ ছেদন কৰি কৰ্ম্মযোগক আশ্ৰয় কৰা। ক্ষত্ৰিয়ৰ উচিত যুদ্ধ কৰ্ম্মক লাগি উঠা। পুনু ব্যৱস্থাভেদে জ্ঞান কৰ্ম্মময় নিষ্ঠাক যি ভগৱন্তে কহিলা হেন সংশয়ছেত্তা ভগবন্তক প্ৰণাম কৰোঁ।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং চতুৰ্থোহধ্যায়ঃ॥৪॥

 হে কৃষ্ণ ভক্তবৎসল দীনদয়াল যেমনে কৰ্ম্মজ্ঞান সমুচ্চয় কৰি অৰ্জ্জুনৰ মোহপটল দূৰ কৰিলা তেমনে মোৰো অজ্ঞান দূৰ কৰি চৰণাৰবিন্দত সহজ শৰণ দিয়াঁ। তোমাৰ পাদপদ্মত কৌটি বাৰ প্ৰণাম কৰো। সামাজিক সব ডাকি হৰিবোল হৰি।

সখ্যুৰ্যথা মোহমহান্ধকাৰমপানুদৎ জ্ঞানদিবাকৰেণ।
তথা তমো মে হৰ দীননাথ নমামি তে পাদসৰোজযুগ্মম্॥

[ ৯২ ]
 

পঞ্চম অধ্যায়।

 পূৰ্ব্ব অধ্যায়ৰ অন্তত অজ্ঞান সম্ভূত শোক মোহাদি সংশয়ক জ্ঞানখড়েগ ছেদি কৰ্ম্ম কৰিবে বুলিলা। তাত পূৰ্ব্বাপৰ বিৰোধ দেখি অৰ্জ্জুনে পোছন্ত, হে কৃষ্ণ তুমি জ্ঞানীৰ কৰ্ম্মসন্ন্যাস কহিছা। এখন বোলা জ্ঞানখড়েগ সংশয় ছেদি কৰ্ম্ম কৰা। কৰ্ম্মসন্ন্যাস কৰ্ম্মযোগ একে পুৰুষৰ একে কালতে নঘটে; এতেকে দুইৰ মাঝত একক নিশ্চয় কৰি কহা।

 ভগৱন্তে বোলন্ত মঞি বেদান্তবিদ পৰমাত্মজ্ঞানীক প্ৰতি কৰ্ম্ম- যোগক নকহোঁ; যাতে পূৰ্ব্বোক্ত সন্ন্যাস সমে বিৰোধ হব; কিন্তু দেহাদিত অভিমান নিমিত্ত শোকমোহ সংশয়ক জ্ঞানখড়েগ ছেদি পৰমাত্মজ্ঞানৰ সাধন কৰ্ম্মযোগ কৰিবে বুলিছোঁ। কৰ্ম্মযোগে চিত্তশুদ্ধ হৈলে, পৰমাত্মজ্ঞান মিলিলে, কৰ্ম্ম ত্যাগ কৰিব। এতেকে সাধন কৰ্ম্মযোগ, সাধ্য জ্ঞান যোগৰ ভেদ নঘটে। যদ্যপি দুয়ে অধিকাৰী ভেদে মোক্ষ সাধে, তথাপি কৰ্ম্মসন্ন্যাসত কৰি কৰ্ম্মযোগ বিশেষ হয়। তাৰ হেতু শুনা। ৰাগদ্বেষ এড়ি পৰমেশ্বৰৰ অৰ্থে যি কৰ্ম্ম কৰে তাক সন্ন্যাস কৰি জানিবা। যাতো সি শুদ্ধচিত্ত হুয়া অনায়াসে জ্ঞান দ্বাৰায় মোক্ষ লভিব। এতেকে কৰ্ম্মযোগৰ সন্ন্যাসৰ একে ফল পদে এক বুলি। আক পৃথক বুলি অজ্ঞ সবেসে মানে পণ্ডিতে নমানে, যাতো একক আচৰি দুয়োৰো ফল পাই। আকে স্পষ্ট মতে শুনা, সন্ন্যাসীসবো যি ফল পাৱে তাক [ ৯৩ ] কৰ্ম্মীসবো জ্ঞানৰ দ্বাৰায়ে লভে। এতেকে সন্ন্যাসক কৰ্ম্মযোগক এক কৰি যি দেখে সেইসে সম্যক দেখে। যদি কৰ্ম্মযোগীৰো অন্তত সন্ন্যাসেসে জ্ঞাননিষ্ঠা, তেবে সন্ন্যাস আদ্যতে কৰোক হেন নুবুলিবা। কৰ্ম্মযোগ বিনে সন্ন্যাস প্ৰাপ্তি অশক্য। কৰ্ম্মযোগে যুক্ত হুয়া চিত্তশুদ্ধ লভি সন্ন্যাসী হুয়া অচিৰ কালতে ব্ৰহ্মক পাৱে। এমতে যিসবে কৰ্ম্মযোগ এড়ি সন্ন্যাসী হয় তাৰাৰ বুদ্ধিক দৈবে দূষিত কৰে। তেবে প্ৰমাদী বিষয়চিত্ত কলহত উৎসুক হয়। যদি বোলা কৰ্ম্মযোগাদিক্ৰমে ব্ৰহ্মক পাইলেও তাৰ পাচৰ কৰ্ম্মে বন্ধ হৈবেক, তাত শুনা। কৰ্ম্মযোগে যুক্ত হুয়া বিশুদ্ধ চিত্ত কৰি ইন্দ্ৰিয় দেহক জিনি সবাৰে আত্মা হুয়া লোকসংগ্ৰহ অৰ্থে কৰ্ম্ম কৰিতেও কৰ্ম্মে লিপ্ত নহে। বুলিবা আক বিৰুদ্ধ দেখি। কৰ্ম্ম কৰিতেও বন্ধ নহে, তাত শুনা। কৰ্ম্মযোগে যুক্ত হুয়া জ্ঞান পায়া দৰ্শনাদি কৰ্ম্ম কৰিতেও ইন্দ্ৰিয়সব বিষয়ত প্ৰবৰ্ত্তে মানি মঞি কিছো কৰ্ম্ম নকৰো বুলি মানে। তাতে চক্ষুৰ দৰ্শন শ্ৰোত্ৰৰ শ্ৰবণ, ত্বচৰ স্পৰ্শন, নাশাৰ আঘ্ৰাণ, জিহ্বাৰ আস্বাদন, চৰণৰ গতি, বুদ্ধিৰ নিদ্ৰা, প্ৰাণৰ শ্বাস, বাগিন্দ্ৰিয়ৰ প্ৰলাপ, পায়ুপস্থৰ ত্যাগ, হস্তৰ গ্ৰহণ, উন্মেষ নিমেষ, কূৰ্ম্মনাম প্ৰাণৰ ব্যাপাৰ।

 এতেকে কৰ্ম্ম কৰিতেও অভিমান নাই পদে ব্ৰহ্মজ্ঞানী লিপ্ত নহে। জ্ঞান প্ৰাপ্তিৰ পূৰ্ব্ব পাপ নাশ হয়, পাচৰ পাপে নোচোৱয়। যাৰ তেবে কৰ্ম্মত অভিমান আছে, তাৰ কৰ্ম্মলেপ দুৰ্ব্বাৰ হৈল। অশুদ্ধ চিত্ত পদে সন্ন্যাসো নঘটে, মহাশঙ্কট মিলিল, এই আশঙ্কাত শুনা। পৰমেশ্বৰত অৰ্পি ফলতো আসক্তি তেজি যি কৰ্ম্ম কৰে সি [ ৯৪ ] পাপে পুণ্যে লিপ্ত নহে, যেন পদ্মপত্ৰ জলত থাকিলেও জলে লিপ্ত নহে। বন্ধাভাব কহি মোক্ষ হেতুক সদাচাৰে দেখাঁও। যোগীসবে কায়ে স্নানাদি, মনে ধ্যানাদি, বুদ্ধিয়ে তত্ত্বনিশ্চয়াদি, চক্ষু আদি ইন্দ্ৰিয়ে দৰ্শনাদি কৰ্ম্মক, ফল সঙ্গ এড়ি চিত্তশুদ্ধিৰ অৰ্থে কৰন্ত। যদি বোলা সেই কৰ্ম্মে কেঞো বন্ধ হয়, কেঞো মুক্ত হয়, ই কেমন ব্যৱস্থা? আত শুনা, পৰমেশ্বৰত একনিষ্ঠ পুৰুষে ফল এড়ি কৰ্ম্ম কৰিতেও মোক্ষ পাৱে। বহিৰ্মুখ পুৰুষে কামনা প্ৰৱৰ্ত্তি ফলত আসক্ত হুয়া বন্ধ পাৱে। এমনে অশুদ্ধ চিত্তৰ সন্ন্যাসত কৰি কৰ্ম্মযোগ শ্ৰেষ্ঠ, আক প্ৰপঞ্চিলা।

 ইদানীক শুদ্ধচিত্তৰ সন্ন্যাস শ্ৰেষ্ঠ কহন্ত। যি শুদ্ধচিত্ত হৈল সি সকল কৰ্ম্মক মনে এড়ি নবদ্বাৰ পুৰত অভিমান এড়ি মহাসুখে থাকে। দুই নেত্ৰ দুই নাশা দুই কৰ্ণ মুখ পায়ুপস্থ এই নবদ্বাৰ দেহত দেহী হেন ৰহে। অহঙ্কাৰ নাই পদে কিছো নকৰে; মমকাৰ নাই পদে কিঞ্চিতো নকৰাৱে। যদি বোলা পৰমেশ্বৰে যাক সাধু কৰ্ম্ম কৰান্ত তাক উৰ্দ্ধক নেন্ত, যাক অসাধু কৰ্ম্ম কৰান্ত তাক অধক নেন্ত, এতেকে অস্বতন্ত্ৰ পুৰুষে কেমনে কৰ্ম্ম এড়িব। বুলিবা ঈশ্বৰে জ্ঞান মাৰ্গত প্ৰবৰ্ত্তাইলে এড়িব, তেবে ঈশ্বৰ প্ৰযোজক কৰ্ত্তা হৈলে নিৰ্দ্দয় বৈষম্যদোষে পাপ পুণ্য সম্বন্ধো হৈব, তাত শুনা। ঈশ্বৰে জীবক কৰ্ম্ম নকৰান্ত, ফলো নেদন্ত, কিন্তু ঈশ্বৰৰ সকাশত অনাদি অবিদ্যা কামৰ বশ হুয়া জীবসব প্ৰৱৰ্ত্তে। এতেকে সন্নিধানে প্ৰযোজক হুয়ো কাৰো পাপ পুণ্যক আদান নকৰে। [ ৯৫ ] যদি আপুনাৰ অৰ্থে কৰান্ত, তেবে ফলৰ প্ৰাপ্তি ঘটে। আপুনি পৰিপূৰ্ণকাম পদে আন ফলক স্পৃহা নাই কিন্তু অচিন্ত্য নিজ মায়ায়ে জীৱক পূৰ্ব্ব কৰ্ম্মে প্ৰবৰ্ত্তান্ত। তথাপি ভক্তক অনুগ্ৰহ অভক্তক নিগ্ৰহ কৰিতে বৈষম্য দেখি, কেমনে পূৰ্ণ- কাম বুলিব? তাত শুনা। নিগ্ৰহো দণ্ডৰূপ অনুগ্ৰহ হেন জ্ঞানক অজ্ঞানে যাৰাৰ ঢাকিছে, তাৰাসে ভগৱন্তত বৈষম্য মানে। যাৰা পুনু ভগৱন্তত বৈষম্য প্ৰাপক অজ্ঞানক জ্ঞানে নাশ কৰিল, তাৰাৰ সম্বন্ধি পৰিপূৰ্ণ ঈশ্বৰৰ জ্ঞান প্ৰকাশয়। যেন আদিত্যে অন্ধকাৰ দূৰ কৰি সমস্ত বস্তুক প্ৰকাশ কৰে, তেমনে ঈশ্বৰৰ জ্ঞানে অজ্ঞান নাশ কৰি আপুনি প্ৰকাশ কৰে। এমনে ঈশ্বৰক যাৰা উপাসা কৰে, তাৰ ফল শুনা। হেন ঈশ্বৰত বুদ্ধি প্ৰযত্ন নিষ্ঠা আশ্ৰয় যাৰা কৰিছে, তাৰা তান প্ৰসাদে লব্ধজ্ঞান হুয়া সকল পাপ এড়াই মুক্তি পাৱে। বুলিবা যি সবে মুক্তি লভে, সি জ্ঞানীসব কেমন? তাক শুনা। বিদ্যা বিনয়যুক্ত ব্ৰাহ্মণত শ্বপচ চাণ্ডালতো গো হস্তী কুকুৰতো সমান ব্ৰহ্ম দেখে, তাকে জ্ঞানী বুলি। যদি বোলা বিষমত সম দৃষ্টি নিষেধ, তাক কৰিতে কেমনে জ্ঞানী হৈল।

 গৌতমে কহিছা—সমক যি বিষমে পূজা কৰে, বা বিষমক যি সমভাবে পূজা কৰে, সি ইহলোকত পৰলোকত ভ্ৰষ্ট হয়, তাত শুনা। যাৰ মন সাম্যত ৰহিল সি এই দেহতে সংসাৰক জিনিল। যাতো নিৰ্দ্দোষ সম ব্ৰহ্ম এতেকে সি ব্ৰহ্মতে থাকে। গৌতমোক্ত দোষ পুনু ব্ৰহ্মভাব প্ৰাপ্তিৰ পূৰ্ব্বতে সে বুঝিবা। ব্ৰহ্মপ্ৰাপ্তৰ চিহ্ন [ ৯৬ ] শুনা। যি ব্ৰহ্মক পায়াছে সি প্ৰিয় পায়ো হৰ্ষ নকৰে, অপ্ৰিয় পায়ো দুষ্‌খ নকৰে। যাতো মোহ এড়ি স্থিৰবুদ্ধি হুয়াছে। বাহ্য বিষয়ত আসক্তি এড়ি, মনত সাত্বিক সুখ পায়া থাকে। এমনে ব্ৰহ্মতে সমাধি কৰি অক্ষয় সুখ লভে। যদি বোলা প্ৰিয় বিষয় ভোগ নিবৃত্তি হৈলে কেমনে মোক্ষ পুৰুষাৰ্থ হৈল, তাত শুনা। সকল- বিষয়সুখকে স্পৰ্দ্ধা অসূয়া ব্যাপ্ত পদে দুষ্‌খৰ কাৰণ বুঝিবা। আদি অন্তো আছে এতেকে বিবেকী বিষয়ত প্ৰীতি নকৰে, এতেকে মোক্ষসে পুৰুষাৰ্থ হৈল। তাৰ কামক্ৰোধ বেগ প্ৰতিকূল তাক সহন সমৰ্থেসে মোক্ষভাগী হয়। যেন মৃতক পুৰুষে, কান্দন্তা যুবতী আলিঙ্গিতেও পুত্ৰাদি দহিতেও কামক্ৰোধৰ বেগক সহে, তেমনে জীবন্তো যি সহিল সেই যোগী মহাসুখী হয়। কেবল কামক্ৰোধ বেগ সহন মাত্ৰেও মোক্ষ নাপাৱে কিন্তু বিষয়ক এড়ি আত্মাত সুখক্ৰীড়া দৃষ্টি হুয়া ব্ৰহ্মত ৰহি ব্ৰহ্মনিৰ্ব্বান পাৱে। জ্ঞানীসবো ক্ষীণ-কল্মষ হুয়া সংশয় ছেদি চিত্তক নিয়মি সকল প্ৰাণীৰ হিত আচৰি ব্ৰহ্মলয় লভে। কামক্ৰোধ হীন সংযতচিত্ত সন্যাসীসবৰ দেহ পড়িলেসে মুক্তি ই নহে, কিন্তু জীয়ন্ততে মুক্তি দেখি।

 ইদানীক সঙেক্ষপি যোগ কহন্ত। বিষয় চিন্তা নকৰি ভ্ৰুবৰ মধ্যত চক্ষু ৰাখি পানক অপানক সম কৰি, ইন্দ্ৰিয় মন নিয়মি বুদ্ধিক নিয়মি মোক্ষক মাত্ৰ প্ৰাপ্য মানি কামক্ৰোধভয় তেজি যি মুনি হয় তাক জীয়ন্তে মুক্ত বুলি। কেৱল ইন্দ্ৰিয়াদি নিয়ম মাত্ৰেও মুক্তি নহে কিন্তু মোক জানিবে লাগে। ভক্তৰ অৰ্পিত যজ্ঞ তপৰ ভোক্তা লব্ধ ধৰ্ম্মপালক সকল লোকৰ মহন্ত [ ৯৭ ] ঈশ্বৰ সৰ্ব্বসুহৃদ সবাৰে অন্তৰ্যামি মোক জানি মোৰ প্ৰসাদে মোক্ষ পাৱে। যি ভগৱন্তে ভেদ শঙ্কা দূৰ কৰি কৰ্ম্মসন্ন্যাসৰ ক্ৰম কহিলা, হেন সৰ্ব্বজ্ঞ গুৰুক তুতি কৰোঁ।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং কবিৰত্নকৃতায়াং
সন্যাসযোগোনাম পঞ্চমোহধ্যায়ঃ॥৫॥

 হে সাধুসব, ই গীতাৰ সাৰ সমুচ্চয় কথা, নিজ অৰ্থৰ তাৎপৰ্য্য শ্ৰীকৃষ্ণৰ আজ্ঞায়ে যথামতি নিবন্ধি। আক মহাফল জানি শ্ৰবণ কীৰ্ত্তন কৰা। যদি সংসাৰ সাগৰ তৰিতে ইছা কৰা, প্ৰথমে ডাকি হৰিবোল হৰি।

তাবদৰ্পিতকৰ্ম্মাণি কুৰ্য্যাদযত্নেন মানবাঃ।
যাবদ্‌জ্ঞানোদয়ঃ সম্যগিত্যুক্তোযেন তং ভজে॥

[ ৯৮ ]
 

ষষ্ঠ অধ্যায়।

 চিত্তশুদ্ধ হৈলেও ধ্যান বিনে সন্যাস মাত্ৰত মুক্তি নহৈব। এতেকে ষষ্ঠ অধ্যায়ত ধ্যান যোগ বিবেক কৰি কহিবা। পূৰ্ব্ব অধ্যায়ৰ অন্তত সঙেক্ষপে উক্তযোগক প্ৰপঞ্চিবে প্ৰতি ষষ্ঠ অধ্যায় আৰম্ভ কৰিলা।

 ভগবন্তে বোলন্ত জানা অৰ্জ্জুন যি কৰ্ম্মফলক অপেক্ষা নকৰি মোত অৰ্পি বিহিত কৰ্ম্মকে আচৰে তাকে সন্যাসী বুলি, যোগীয়ো বুলি, সৰ্ব্বকৰ্ম্মত্যাগী নহে। তেবে যাৱত জীবে তাৰত কৰ্ম্ম কৰিবে লাগিল। এই আশঙ্কাৰ উত্তৰ শুনা। আৰুৰুক্ষ পুৰুষৰ চিত্তশুদ্ধিৰ হেতু কৰ্ম্মসাধন। আৰূঢ় পুৰুষৰ কৰ্ম্ম- নিবৃত্তিসে জ্ঞান পৰিপাকত সাধন বুঝিবা। যদি বোলা আৰূঢ় যোগী কেমন তাত শুনা। যেখন শব্দাদি বিষয়ত তাৰ সাধন কৰ্ম্মতো আসক্তি নকৰে, আসক্তিৰ কাৰণ ভোগতো বাঞ্ছা এড়িছে, তাক যোগাৰূঢ় বুলি। যাতো বিষয়ত আসক্তিয়ে বন্ধ হয়, এতেকে তাক এড়ি আপুনি আপুনাক উদ্ধাৰ কৰোক কদাচিতো অধক নেনোক। যিহেতু আপুনি আপুনাৰ বন্ধু হয়, যেমনে ৰিপু হয়, তাক শুনা। যি পুৰুষে আপুনাৰ মন, ইন্দ্ৰিয়ক জিনি হৰিক ভজিল, সেই আপুনাৰ বন্ধু আপুনি হৈল। যি অজিতেন্দ্ৰিয় হুয়া হৰি বিমুখ হৈল সি আপনাৰ শত্ৰু আপুনি হৈল। জিতেন্দ্ৰিয় প্ৰশান্ত পুৰুষৰ শীত উষ্ণ সুখ দুষ্‌খ মান অপমানতো [ ৯৯ ] মন আত্মনিষ্ঠ হয়, পৰমাত্মাও মনত প্ৰকাশ হন্ত। গুৰু উপদেশ পায়া অপৰোক্ষ অনুভবে তৃপ্তচিত্ত নিৰ্ব্বিকাৰ জিতেন্দ্ৰিয় হুয়া স্বৰ্ণ মৃতখণ্ড পাশানতো হেয় উপাদেয় দৃষ্টি তেজি ৰহিল, তাকে যোগাৰূঢ় বুলি। সুহৃদ মিত্ৰ উদাসীন মধ্যস্থ দ্বেষ্য বন্ধু সদাচাৰ দুৰাচাৰতো সমবুদ্ধি যুক্তি হৈলে, তাতো কৰি শ্ৰেষ্ঠ বুঝিবা।
 এমনে যোগাৰূঢ়ৰ লক্ষণ কাহ, ইদানাক তাৰ সাধন সমে যোগ কহন্ত। যোগী, সকলৰ সঙ্গ এড়ি ৰহস্য স্থানত, দ্ৰব্যত পৰিগ্ৰহ তেজি, নিৰপেক্ষ হুয়া নিয়তদেহ কৰি মনক সমাহিত কৰিব। শুদ্ধ স্থান সমান আসন থাপি উপৰত কুশ চৰ্ম্ম বস্ত্ৰ পাড়ি তাত পদ্মাসনে বসি মন ইন্দ্ৰিয়ক নিয়মি মন শুদ্ধিৰ অৰ্থে যোগক অভ্যাস কৰিব। আপুনাৰ দেহকো সম অচল কৰি নাসাৰ অগ্ৰ চায়া দৃঢ় যত্ন কৰি শান্তচিত্ত হুয়া ভয় তেজি ব্ৰহ্মচৰ্য্য ধৰি মোত চিত্ত দিয়া মোক পুৰুষাৰ্থ মানি মোৰ অধীন হুয়া ৰহিব। এমনে সদাই মনক যোজন কৰিতে নিয়ত চিত্ত হুয়া, সংসাৰ নিবৃত্তিৰ নিৰ্ব্বাণ মুকুতি মোৰ স্বৰূপৰ স্থিতিক সম্যকে লভে। যোগাভ্যাসনিষ্ঠৰ আহাৰাদি নিয়ম কহন্ত। অধিক ভোজন কৰিলে, কেবল নকৰিলেও যোগ নঘটে। তেমনে অতি নিদ্ৰালুৰ জাগ্ৰ- তৰো যোগ নঘটে। কিন্তু যুক্ত আহাৰ বিহাৰ ব্যাপাৰ নিদ্ৰা জাগৰণ হৈলে, সাৰ্ব্বদুষ্‌খ নিবৰ্ত্তক যোগ সিদ্ধ হয়। বুলিবা কেতিয়া পুৰুষ যোগ সিদ্ধ হৈব তাক শুনা। যেখন সকল কামত নিস্পৃহ হুয়া নিয়তচিত্ত আত্মত স্থিৰ হুয়া ৰহে তেখনে পুৰুষক [ ১০০ ] প্ৰাপ্তযোগী বুলি। যেন বাতশূন্য দেশত প্ৰদীপ নিঃকম্প প্ৰকাশ ৰূপে ৰহে তেমনে যোগীৰ চিত্ত আত্মাত প্ৰকাশ কৰে।

 পূৰ্ব্বত কৰ্ম্মকে যোগ বুলি কহিছাঁ ইদানীক সমাধিক যোগ বুলিলা। তেবে কোন মুখ্য যোগ এই অপেক্ষাত সমাধিকেসে স্বৰূপত ফলত যোগ কহন্ত। যোগ অভ্যাসে নিয়তচিত্ত যাত উপৰাম হয় তাকো যোগৰ স্বৰূপ বুঝিবা। তুষ্টিপ্ৰাপ্তি ফলে তাকে দেখান্ত। যাত শুদ্ধ মনে আত্মাক দেখি আপুনি তুষ্ট হয়, যাত অতিন্দ্ৰিয় আত্যন্তিক সুখ জানে, যাক বুদ্ধি সে আত্মাকাৰে গ্ৰহণ কৰে, যাত থাকি পুৰুষে স্বৰূপত নচলে, যাক লভি পুৰুষে অধিক লাভো নমানে, যাত থাকি মহাদুষে্‌খও অভিভব নহে, সেই অবস্থা বিশেষক যোগ কৰি জানিবা। আৰ সাধন পদেসে কৰ্ম্মক যোগ বুলিছোঁ। যাত বিষয়ৰ সুখ দুষ্‌খ বিয়োগ জীবৰো পৰমাত্মাত যোগ হয়। যিহেতু যোগে মহাফল সাধে। এতেকে শাস্ত্ৰ আচাৰ্য্যৰ উপদেশে যত্ন কৰি অভ্যাসিব। যদ্যপি শীঘ্ৰে সিদ্ধ নহে তথাপি দুষ্‌খ বুদ্ধি কৰি যত্ন শৈথিল্য নকৰিব। যোগৰ প্ৰতিকূল কামনাসবো এড়িব। মনে বিষয়ত দোষ দেখি ইন্দ্ৰিয়সব নিয়মিব। যদি পূৰ্ব্ব সংস্কাৰে মন চলে, তেবে ধাৰণায়ে কিছো কিছো কৰি স্থিৰ কৰিব। আত্মাত মন স্থিৰ কৰি কিছো নিচিন্তিব। নিশ্চল মনত আত্মা প্ৰকাশ হৈলে ধ্যানতো উপৰাম হৈব।

 ৰজো গুণ বশে চঞ্চল মন যদি বিষয়ক যাই, তাৰ পৰা আনি আত্মাত স্থিৰ কৰিব। তেবে ৰজোগুণ ক্ষয় হৈলে, প্ৰশান্ত [ ১০১ ] মনত ব্ৰহ্মৰূপ সমাধি সুখ মিলে। তেবে যােগী অবিদ্যা এড়ি কৃতার্থ হুয়া সর্বোত্তম সুখ লভি জীবন্মুক্ত হুয়আ ব্রহ্মসাক্ষাৎ- কাৰ কৰে, তাক শুনা। সৰ্ব্বপ্রাণীতে আত্মাক দেখে। আত্মাতে সৰ্ব্বপ্রাণীকো দেখে। এমনে সবাতে ব্রহ্মদৃষ্টি হয়। এবম্ভূত জ্ঞান সৰ্ব্বভূততে আত্মদৃষ্টি মােক্ষ সাধন। যি জনে মঞি পৰমেশ্বৰক সকল ভূততে দেখে, সকল ভূতকো মােতে দেখে, তাৰ মঞি অদৃশ্য নহোঁ তাক মঞি প্রত্যক্ষ হুয়া কৃপাদৃষ্টি চায়া অনুগ্রহ কৰোঁ। এমন অধিকাৰী পুৰুষ বিধিকিঙ্কৰ নহে। সৰ্ব্বভূতস্থিত মােক অভেদক আশ্রয় কৰি যি ভজে, সি যােগী সকল ধৰ্ম্ম এড়িয়ো মােতেসে প্রৱৰ্ত্তি মুক্ত হয়, কদাচিত ভ্রষ্ট নহে। যি জনে আপােন হেন সবাৰ সুখক বাঞ্ছে, সেই যােগী মােৰ মতে শ্রেষ্ঠ বুঝিবা।

 উক্ত লক্ষণ যােগৰ অসম্ভৱ দেখি অৰ্জ্জুনে পােছন্ত। হে মধুসূদন মনৰ লয় বিক্ষেপশূন্য যি যােগ তুমি কহিলা আৰ চিৰকাল স্থিতি নেদেখাে। যাতে মন স্বভাৱে চঞ্চল ; দেহ ইন্দ্ৰিয়ৰ ক্ষোভক বিচাৰিয়াে যাক জিনিবে নপাৰি, বিষয় বাসনা বন্ধ পদে ভেদ কৰাও নযাই। যেন বায়ূক নিৰােধন নযাই, তেমনে মনকো নিগ্রহ অশক্য দেখি। তান উক্তিক অঙ্গীকাৰ কৰি মন নিগ্রহ উপায়ক ভগৱন্তে কহন্ত-হে কৌন্তেয় চঞ্চলাদি দোষে মনক নিৰােধ অশক্য বুলি যে কহা ই সত্য হয়। তথাপি আত্মাৰ অভ্যাসে লয়ৰ প্রতিবন্ধ কৰি বিষয়ত বৈৰাগ্যে বিক্ষেপ নিবাৰি বৃত্তিশূন্য মনক ব্ৰহ্মাকাৰে ৰাখিতে পাৰি। এই উপায় বিনে যােগ দুষ্প্রাপ্য। অভ্যাস বৈৰাগ্যে যত্ন কৰি পুনু যােগক পাই। [ ১০২ ] তাত অৰ্জ্জুনে পোছন্ত; হে কৃষ্ণ প্ৰথমে পুৰুষ শ্ৰদ্ধায়ে প্ৰবৰ্ত্তিল। পাচে শিথিল অভ্যাস হুয়া যোগক এড়ি বিষয়পৰ হৈল তেবে কি গতি পাৱে? যেন মেঘখণ্ড পূৰ্ব্ব মেঘৰ পৰা বিয়োগ হৈলে মেঘান্তৰকো নাপাই মাঝতে লয় হৱে, তেমনে কৰ্ম্মসব ঈশ্বৰত অৰ্পিল পদে তাৰ ফল স্বৰ্গকো নাপাৱে। যোগ সিদ্ধ নহৈল পদে মোক্ষো নঘটে। এতেকে উভয় ভ্ৰংশ দেখি তুমি সৰ্ব্বজ্ঞে মোৰ ই সংশয় দুৰ কৰা। তোমাত বিনে আন সংশয়ছেত্তা নেদেখো। আৰ উত্তৰে ভগৱন্তে কহন্ত। হে পাৰ্থ যি শ্ৰদ্ধায়ে যোগত প্ৰৱৰ্ত্তিছে তাৰ ইহ- লোকত নাশ নঘটে, পৰলোকত নৰক নহৱে। সি কদাচিতো দুৰ্গতিক নপাৱে, কিন্তু পুণ্যৱন্তৰ স্থান পায়া অনেক কাল সুখ- ভোগ কৰি সদাচাৰী শ্ৰীমন্তৰ গৃহত সেই যোগভ্ৰষ্ট জন্ম লভে। অল্পকাল যোগ অভ্যাসি ভ্ৰংশ হৈলে এই গতি কহিলা। চিৰাভ্যস্ত যোগী পুনু যোগীৰ গৃহত জন্ম লভে। লোকৰ মধ্যত এই জন্ম দুৰ্লভ। তেবে দুয়ো প্ৰকাৰ জন্মত পূৰ্ব্ব অভ্যাসৰ বলে অধিক মতে যোগক লাগি যত্ন কৰে। যোগৰ জিজ্ঞাসুও বেদোক্ত কৰ্ম্ম ফলত কৰি অধিক ফল পায়া মুক্ত হয়, যোগ যুক্ত মুক্ত হৈব তাক কি বুলিবোঁ। এতেকে কৃচ্ছ্ৰ, চান্দ্ৰায়ণাদি তপোনিষ্ঠত কৰি যোগী শ্ৰেষ্ঠ, শাস্ত্ৰজ্ঞানীতো কৰি অধিক, কৰ্ম্মীত কৰি বৰ। এতেকে তুমি যোগী হৱা। যম নিয়মাদিপৰ যোগীত কৰি মোত আসক্ত চিত্ত হুয়া পৰম শ্ৰদ্ধায়ে মোক যি সততে ভজে সি উত্তম শ্ৰেষ্ঠ মোৰ মত, এতেকে তুমি মোৰ ভক্ত হৱা। ভক্তিযোগ [ ১০৩ ] শিৰোমণি কৰি যি ভগৱন্তে আত্মযোগ কহিলা, হেন ভক্তৰ নিধি পৰমানন্দ মাধৱক প্ৰণাম কৰোঁ।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং আত্মযোগোনাম ষষ্ঠোহধ্যায়ঃ॥৬॥

 হে সামাজিকসব দামোদৰী টীকায়ে কহিছা দুষ্কৰ দেখাইবে লাগি ভগৱন্তে কৰ্ম্মযোগ জ্ঞানক প্ৰথমে কহিলা। সুগম ভক্তিযোগ ইদানীক কাইবা। এতেকে ভগৱন্তক কৃপালু জানি ভক্তিমাৰ্গে সততে ভজা। ইদানীক ডাকি হৰিবোল হৰি।

যঃ সৰ্ব্বসাধনবিশিষ্টমুবাচযোগম
তস্মাৎ স্বকায়পদপঙ্কজভক্তিমাৰ্গম্।
শ্ৰেষ্ঠং সুখং নিজমতং কৃপয়া জগাদ
তস্মৈ নমোহস্তু গুৰবেহখিললোকগোপ্তে॥

 
[ ১০৪ ]
 
সপ্তম অধ্যায়।

 এমনে ছয় অধ্যায়ে বিজ্ঞেয় আত্মতত্ত্বক যোগ সমে কহিলা। ইদানীক ভজনীয় ঈশ্বৰৰ স্বৰূপ কহন্ত। পূৰ্ব্ব অধ্যায়ৰ অন্তত ভক্তিনিষ্ঠৰ শ্ৰেষ্ঠ কহিলা। তাতে কেমন তুমি যাৰ ভক্তি কৰিব, এই অপেক্ষাত ভগৱন্তে কহন্ত, মঞি পৰমেশ্বৰক আশ্ৰয় কৰি মোত আসক্ত মন হুয়া যোগক অভ্যাস কৰি সমগ্ৰ বল বিভূতি ঐশ্বৰ্য্যাদি সহিতে মোক যেমনে জানিবা তাক শুনা। অনুভব সহিত মোৰ জ্ঞানক নিশেষে কহোঁঁ, যাক জানি পুৰুষৰ আন জানিবে নথাকে। মোক জানিল মাত্ৰে কৃতাৰ্থ হয়। সিয়ো জ্ঞান মোৰ ভক্তি বিনে দুৰ্লভ জানিবা।

 অসংখ্যাত জীবৰ মধ্যত মনুষ্য ব্যতিৰেকে শ্ৰেয়সত প্ৰবৃত্তি নঘটে। মনুষ্য সহস্ৰৰ মধ্যতো কোনো জনেসে পুণ্যবশে জ্ঞানক লাগি যত্ন কৰে। যত্নকৰন্তা সহস্ৰৰ মধ্যত কোনো জনেসে তত্ত্বজ্ঞান জানে। তত্ত্বজ্ঞানী সহস্ৰৰো মধ্যত কোনো জনেসে মোৰ প্ৰসাদে মোক জানে। এমনে দুৰ্লভ জ্ঞানো তুমাত কৃপায়ে কহোঁ, সাবধানে শুনা। প্ৰকৃতি দ্বাৰায়ে সৃষ্ট্যাদি কত্তা ঈশ্বৰক কহিবাক লাগি পৰাপৰ ভেদে দুই প্ৰকৃতি কহন্ত। গন্ধ, ৰস, ৰূপ, স্পৰ্শ, শব্দ, অহঙ্কাৰ, মহত্তত্ত্ব, অবিদ্যা, এই অষ্টপ্ৰকাৰে ভিন্ন অপৰা নিকৃষ্টা প্ৰকৃতি জানিবা। আত অন্যা পৰা শ্ৰেষ্ঠা জীবৰূপকে বুঝিবা, যি চেতনৰূপায়ে [ ১০৫ ] স্বকৰ্ম্ম দ্বাৰায়ে জগতক ধৰিছে। চৰাচৰ জগতৰে এই দুই প্ৰকৃতিক কাৰণ জানিবা। তাতে জডা প্ৰকৃতি দেহৰূপে পৰিণাম হয়। চেতনা প্ৰকৃতি মোৰ অংশৰূপা, ভোক্তাৰূপে দেহত প্ৰবিষ্ট হুয়া আপুনাৰ কম্মে জগত ধৰে। যাতো সকল জগতৰ মোৰ দুই প্ৰকৃতি কাৰণ, এতেকে সমস্ত জগতৰে মোক পৰম কাৰণ জানিবা, ** কত্তাও মোকে বুঝিবা। মোত পৰ জগতৰ স্বতন্ত্ৰ কাৰণ কাকো নজানি। যেন সূত্ৰত মণিসৰ থাকে, তেমন সকল জগত মোকে আশ্ৰয় কৰি আছে।

 স্থিতিৰ হেতুক প্ৰপঞ্চি কহোঁ। জলত ৰসৰূপে মঞি আছোঁ; চন্দ্ৰসূৰ্য্যত প্ৰভা, বেদত প্ৰণব, আকাশত শব্দ, পুৰুষত উদ্যম, পৃথিবীত পুনু গন্ধ, অগ্নিত দাপ্তি, সকল প্ৰাণীত আয়, তপস্বীত তপ, চৰাচৰ ভূতৰ অবিনাশী ৰজ, বুদ্ধিমন্তৰ বুদ্ধি, তেজস্বীৰ তেজ, বলৱন্তৰ স্বধাম্মানুষ্ঠান বল, আপুনাৰ ভাৰ্য্যাত পুত্ৰ হেতু কান; আনোৰে সাত্ত্বিক ভাব শমদ্ম ৰজস ভাব হাদি, তামস ভ শোকমোহাদি, ইসবে মোৰ প্ৰকাত গুণৰ কাব্য পদে, মোত হন্তে জাত হুয়াছে জানিনা। মঞি পুনু জাব হেন তাৰ অবান হুয়া নৰহে। তাৰ পুনু মোৰ গধান হুয়া মোত প্ৰবত্তে। যদি বোলা এমন পৰমৰ তুমাক কিয় নোকে জানে, তত শুনা। এই তিনি গুণৰ ভাব কামোভাদিয়ে সকল জাত মোহিত হুয়া তিনি গুণত পৰ নিৰিকাৰ মোক জানে। তবে কোন জনে জানে যদি বোলা, তাক সাবধানে শুনা। মঞি পৰমে- শৰৰ মায়া আলোকিকী গুণময়ী অতি দুস্তৰা। তথাপি যি মোক [ ১০৬ ] অব্যভিচাৰ ভক্তিযে ভজে, সি দুস্তৰ মায়াক অনায়াসে তৰে, তেবে মোক জানে। বুলিবা তেবে কিয় সকল লোকে নভজে তাত শুনা। নৰাধম মহামূঢ় পাপীসব মোৰ মায়াযে শাস্ত্ৰ আচাৰ্য্যৰ উপদেশ হীন হুয়া, দম্ভ, দৰ্প, ক্ৰোধ, অহঙ্কাৰাদি অসুৰৰ ভাবক পাযা মোক নভজে। পুণ্যৱন্ত সবে পুনু মোকে ভজে। তাৰাও পুণ্য তাৰতম্যে চাৰিবিধ; অৰ্ত্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী; জ্বৰাদি পীড়িতক আৰ্ত্ত বুলি, সি যদি পূৰ্ব্বে কৃতপুণ্য হয তেবে মোক ভজে, অন্যথা ক্ষুদ্ৰদেৱক ভাজ সংসাৰী হয়। আত্মজ্ঞানলিপ্সুক জিজ্ঞাসু বুলি, সিযো যদি মহাপুণ্য কৰি থাকে, তেবে মোৰ ভক্তি কৰি মোক ভজে, অন্যথা জপতপাদি কৰিলে হয়। ইহলোক পৰলোক ভোগ সাধন অৰ্থকামুকক অৰ্থাৰ্থী বুলি সিযো যদি পৰম স্ৰকৃতি হয়, তেবে মোক মাত্ৰ সেবা কৰে অন্যথা শৈবশাক্ত হৈল হয়। আত্মতত্ত্ব জানন্তাক জ্ঞানী বলি, সিযো উত্তম ধম্মৰ বলেসে মোক আৰাধন কৰে; অন্যথা যোগ ধাৰণাদিত প্ৰবৰ্ত্তিল হয।

 চাৰিৰো মধ্যত জ্ঞানী শ্ৰেষ্ঠ, তাৰ হেতু শুনা। জ্ঞানী সদায় মোত নিষ্ঠ হুয়া মোত মাত্ৰ ভক্তি কৰে এতেকে তাৰ মঞি অত্যন্ত প্ৰিয, সিযো মোৰ পৰম প্ৰিয়। সিযো তিনি জনক সংসাৰী নুবুঝিবা কিন্তু মোক্ষভাগী হয়। জ্ঞানী পুনু মোত একচিত্ত হুয়া পৰম গতি মোক আশ্ৰয় কৰি মোত ব্যতিৰেকে আন ফল নমানে। এমন মোৰ ভক্ত অতি দুৰ্লভ। অনেক জন্মৰ পুণ্যৰ বৃদ্ধিয়ে অন্ত জন্মত চৰাচৰ জগতক বাসুদেব দৃষ্টি কৰি মোক ভজে। এমনে কহিলোঁ যি সকামী হুয়া কাম [ ১০৭ ] প্ৰাপ্তিৰ অৰ্থে পৰমেশ্বৰক ভজে সি কামক পায়া ভোগৰ অৱসানে বিৰক্ত হুঁয়া মুক্ত হয়। যি ৰাজস তামস কামমূঢ় হুয়া ক্ষুদ্ৰ দেৱতাক সেবা কৰে, সি সংসাৰত ফুৰে তাকে কহন্ত। পুত্ৰ কীৰ্ত্তি শত্ৰুজয়াদি কামনায়ে নষ্টজ্ঞান হুয়া ক্ষুদ্ৰ ভূতপ্ৰেতাদি দেৱতাক যি ভজে, পূৰ্ব্ব বাসনায়ে বশ্য হুয়া যি যি দেৱতাৰ যেমন ভজন প্ৰকাৰ তাক আশ্ৰয় কৰি, দেৱতা বিশেষক ভজে; তাৰ মধ্যত যি যি উপাসকে মোৰে মূৰ্ত্তি যি যি দেৱতাক শ্ৰদ্ধায়ে অৰ্চ্চিবে প্ৰবত্তে, সেই সেই জনৰ সেই সেই মূৰ্ত্তি বিষয় অৰ্চ্চন শ্ৰদ্ধাক মঞি অন্তৰ্যামী বিধান কৰোঁ। যেবে সেই উপাসকে সেই শ্ৰদ্ধায়ে সেই মূৰ্ত্তিক উপাসা কৰে, তেবে সেই বাঞ্ছিত কামক সেই দেৱতাত লভে। তাকো মঞি অন্তৰ্যামীৰূপে বিধান কৰোঁ।

 সকল দেৱতায়ে মোৰ মূৰ্ত্তি, মোৰ অধীন, ই অতি প্ৰসিদ্ধ। যদ্যপি সকল দেৱতা মোৰে মূৰ্ত্তি তাৰাৰ আৰাধনো পৰমাৰ্থত মোৰে আৰাধন, তাৰ ফলৰো মঞিসে দাতা। তথাপি সাক্ষাতে মোৰ ভক্তৰ তাৰাৰ ফল বৈষম্য হয়, তাক শুনা। সেই দেৱতাসেবক পৰিছিন্নদৃষ্টিসবৰ মঞি দত্ত ফলো বিনাশী হয়, তাকে দেখাঞো। যি দেৱতাক যজে সি বিনাশী দেবলোক পাৱে। মোৰ ভক্তসব পুনু আদিঅন্তশূন্য পৰমানন্দ মোকে পাৱে। যদি বোলা সমান প্ৰয়াসত ফলত মহাবিষম হৈলে, কেনে দেৱতান্তৰক এড়ি তুমাক নভজে, তাত শুনা। নিঃপ্ৰপঞ্চ হুয়া মঞিভক্তৰ অৰ্থে লীলায়ে মনুষ্য, মৎস্য, কুৰ্ম্মাদি ৰূপক ধৰিছোঁ; [ ১০৮ ] তাক নজানি অল্পবুদ্ধিসবে প্ৰাকৃত মনুষ্যাদি বুলি মানে। সৰ্ব্বোত্তম নিত্য অব্যয় মোৰ স্বৰূপ নজানি আদৰ নকৰে। আশুতোষ দেৱতান্তৰক তাৰা ভজে, এতেকে বিনাশী ফলক লভে। তাৰা বিশুদ্ধসত্ত্ব মোক যে নজানে তাৰ হেতু শুনা৷ মঞি সকল লোকৰ সম্বন্ধি প্ৰকাশ নহোঁ কিন্তু মোৰ ভক্তৰসে হঞো, যাতো যোগমায়ায়ে আবৃত হুয়াছোঁ; এতেকে মুঢ়লোকে অজ অব্যয় মোক নজানে ৷ সৰ্ব্বোত্তম মোক নজানে কহিছোঁ; সেই সৰ্ব্বোত্তমক অনাবৃত জ্ঞান শক্তিয়ে কহন্ত। মঞি মায়াৰ আশ্ৰয় পদে ভূতভবিষ্যদ্বৰ্ত্তমান সকল প্ৰাণীক জানো৷ মায়া মোহিত পদে মোক কেঞো নজানে। পুৰুষৰ স্থূলদেহৰ অনুকূলত ইছা, প্ৰতিকুলত দ্বেষ, তাত উদ্ভব সুখদুষ্খাদি নিমিত্ত মোহে সকল লোকসব মহামোহক পায়া সুখী দুষ্‌খী বুলি আপুনাক মানে, এতেকে মোক নজানি নভজে।

 কিয় তেবে কাকো ভজন্তা দেখি, তাত শুনা। যি পুণ্যকাৰা-সবৰ সকল প্ৰতিবন্ধক পাপ অন্ত হৈল তাৰা সমস্ত মোহ এড়ি দৃঢ় নিশ্চয় কৰি একান্ত হুয়া মোক লভে। এমনে মোক ভজিতে সকল জ্ঞাতব্য জানি কৃতাৰ্থ হয়। জৰা মৰণ নিৰাশাৰ অৰ্থে মোক আশ্ৰয় কৰি যি ভজে, সি পৰম্ব্ৰহ্মক জানে, সকল অধ্যাত্মকে জানে, তাৰ সাধন কৰ্ম্মকো জানে। এহ্ণয় জনৰ যোগ ভ্ৰংশ শঙ্কাও নাই, অধিভূত অধিদৈব অধিযজ্ঞ সহিতে যি মোক জানে, সেই মোত আসক্তচিত্ত পুৰুষে-মৰণ সময়তো মোক জানে, কদাচিতো ব্যাকুল হুয়া নপাসৰে। [ ১০৯ ] এতেকে মোৰ ভক্তৰ যোগভ্ৰংশ শঙ্কা নঘটে। কৃষ্ণভক্তসবে যত্নে ব্ৰহ্মজ্ঞান লভে : বিজ্ঞানযোগ নাম সপ্তম অধ্যায়ত এই কথা প্ৰকাশ কৰিলা ৷

ইতি শ্ৰীভগৱদ্গগীতাকথায়াং সপ্তমোহধ্যায়ঃ ॥ ৭ ॥

 হে সামাজিকসব দেখ যাক মহাযত্ন কৰি কৰ্ম্মজ্ঞানযোগ পথে পাৱে, তাক ভক্তিযোগে অনায়াসে লভে। ভ্ৰংশ শঙ্কা মৰণ সময়তো ব্যাকুল নাই, হেন ভক্তিপথক আশ্ৰয় কৰি ডাঁকি হৰিবোল হৰি।

যদযত্নতঃ কৰ্ম্মবিবেকযোগৈঃ সমশ্নুতে তদ্ধৰিসেবয়ৈব ।
নভ্ৰংশশঙ্কামৰণেনচাৰ্ত্তোযেনৈবমুক্তস্তমৃতং প্ৰপদ্যে ॥

[ ১১০ ]

অষ্টম অধ্যায়।

 কৃষ্ণত একচিত্তসবে ব্ৰহ্ম কৰ্ম্মাদি জানে, ই কহিছা সপ্তম অধ্যায়ত। অষ্টমত তাকে স্পষ্ট মতে কহিবা। পূৰ্ণ অধ্যায়ৰ অন্তত ভগৱন্তৰ কথিত সাত পদাৰ্থৰ তত্ত্বক জানিবে ইছায় অৰ্জ্জুনে পোছন্ত। হে পুৰুষোত্তম, ব্ৰহ্ম অধ্যাত্ম কৰ্ম্ম অধিভূত অধিদৈব অধিযজ্ঞ কাক বুলি। দেহত কেমনে বা যজ্ঞক অধিষ্ঠান কৰন্ত, মৰণ সময়ত বা কেমনে নিয়তচিত্তসবে জানে আক মোত বুঝায়া কহাঁ৷ প্ৰশ্নৰ ক্ৰমে ভগৱন্তে উত্তৰ কহন্ত। জগতৰ মূল কাৰণ অক্ষৰকে ব্ৰহ্ম বুলি। ভোক্তা জীয়ে অধ্যাত্ম, দেৱৰ উদ্দেশে দ্ৰব্য ত্যাগক কৰ্ম্ম কহে, বিনাশী দেহক অধিভূত কহি, সূৰ্য্যমণ্ডলবৰ্ত্তী বৈৰাজ পুৰুষক অধিদৈব বুলি, দেহৰ অন্তৰ্যামী মোকে অধিযজ্ঞ বোলে, যাতো দেহত থাকি অসঙ্গ হুয়া সন্নিধি মাত্ৰে যজ্ঞাদিক প্ৰবৰ্ত্তাঞো ৷ তুমিও অন্তৰ্যামীৰ অধীন আপুনাৰ প্ৰবৃত্তিক জানিবে যোগ্য হৱা৷

 অন্তকালত আন চিন্তা এড়ি মোক মাত্ৰ স্মৰি দেহক পৰিত্যাগ কৰি যি যাই, সি মোৰ স্বৰূপক পাৱে, আত সংশয় নাই। জানিবাৰ উপায় স্মৰণ, স্বৰূপ প্ৰাপ্তি ফল। কেবল মোক স্মৰি মোক পাৱে ই নিয়ম নহে কিন্তু অন্তকালত যাকে যাকে স্মৰে দেহ এড়ি তাকে তাকে পাৱে। অন্তকালত স্মৰণৰ হেতু শুনা। সদায় পুৰুষে যাক চিন্তে, অন্ত সময়তো তাতে মন পড়ে। যাতো [ ১১১ ] পূৰ্ব্বৰ বাসনা বশে মৰণ সময়ত স্মৰণ হয় তেমন নহে। এতেকে তুমি মোক সততে স্মৰা। চিত্তশুদ্ধি বিনে সততে স্মৰণ নঘটে। এতেকে চিত্তশুদ্ধিৰ অৰ্থে যুদ্ধাদি স্বধৰ্ম্ম কৰা। তেবে মোত মন বুদ্ধি অৰ্পিয়া অবশ্যে মোক পাইবা। সদায় স্মৰণৰ অভ্যাস তান্তৰঙ্গ সাধন, অভ্যাস যোগে আন বিষয়ক এড়ি একাগ্ৰচিত্ত হুয়া, পুৰুষে পৰমেশ্বৰক চিন্তি তাঙ্কে পাৱে। চিন্তনীয় পৰমেশ্বৰৰ বিশেষণ শুনা। সৰ্বজ্ঞ, অনাদি সিদ্ধ, সবাৰে নিয়ন্তা, সূক্ষ্মৰে সূক্ষ্ম, সবাৰে পোষক, অপৰিমিত মহিমা পদে অচিন্ত্যৰূপ, আদিত্য সম স্বপৰপ্ৰকাশক, প্ৰকৃতিত পৰ।

 এমন পৰমেশ্বৰক অন্তকালত ভক্তিযুক্ত পুৰুষে নিশ্চল মনে স্মৰি, সুযুস্না পথে ভ্ৰূৰ মধ্যত প্ৰাণক থৈয়া দেহ এড়ি পৰম পুৰুষক পাৱে। কেবল ধ্যানৰ অভ্যাসত কৰি প্ৰণৰ নাম সহিত অভ্যাসক অন্তৰঙ্গ কহন্ত। যি ব্ৰহ্মক বেদবেত্তাসবে কহে, বিগতৰাগ যোগীসবে যাত প্ৰবিষ্ট হয়, যাক জানিবে ইছায়ে গুৰুকুলত ব্ৰহ্মচৰ্য্যক কৰে, তাঙ্ক পাইবাৰ উপায় সঙেক্ষপে কহো। সকল ইন্দ্ৰিয়ক নিৰোধি মনকো হৃদয়ত স্থিৰ কৰি বিষয়ৰ গ্ৰহণ স্মৰণ এড়ি ভ্ৰূৰ মধ্যত প্ৰাণক ৰাখি ধৈৰ্য্যক আশ্ৰয় কৰি মুখত নাম উচ্চৰি নামৰ অৰ্থ মোক মনত স্মৰি দেহক এড়ি যি যাই সি পৰম গতিক পাৱে। এমনে দুষ্কৰ যোগমাৰ্গ কহি সুগম ভক্তিপন্থ কহন্ত। এমনে অন্তকালৰ ধাৰণায়ে মোৰ প্ৰাপ্তি নিৰন্তৰ অভ্যাসতসে হয়, আনৰ নহে, আকে দেখান্ত। আনত চিত্ত নেদি প্ৰতিদিন নিৰন্তৰে যি মোক স্মৰে সেই সংযত পুৰুষৰ মঞি সুখলভ্য হঞো আনৰ নহোঁ৷ মোক [ ১১২ ] পায়া দুয্‌খাশ্ৰয় অনিত্য জন্মক পুনু নলভে৷ যাতো সেই মহাত্মাসব মোক্ষক লভিল। সকল লোকতে পুনৰাবৃত্তি দেখায়। আকে দৃঢ় কৰন্ত। ব্ৰহ্মলোকৰে পৰা সকল লোকৰ পুনৰাবৰ্ত্তন আছে। যাৰা ব্ৰহ্মাক ঈশ্বৰ ভাবে চিন্তি ব্ৰহ্মলোক পায়াছে, তাৰা ব্ৰহ্মাৰ শত বৎসৰ অন্তৰে জ্ঞান পায়া মুক্তি লভে। কৰ্ম্মৰ দ্বাৰায় যাবা ব্ৰহ্মলোক গৈছে তাৰাৰ কদাচিতো মোক্ষ নঘট। মোক যাৰা পায়াছে তাৰাৰ কদাচিতো পুনৰ্জন্ম নাই। যদি বোলা তপস্বী দানী বিতৰাগ তিতিক্ষুসৰ ত্ৰৈলোক্যৰ উপৰত শোকবৰ্জ্জিত স্থান লভে।

 এমন পুৰাণ বাক্যে মহল্লোৰ্কাদি শ্ৰেষ্ঠ বুঝি; বিনাশী পদে বিশেষ নেদেখি; তেবে কেনে পুৰাণ বিশেষ কহিছে, এই আশঙ্কাত বহুকাল থাকে পদে বিশেষ কহিছা। এই আশয়ে আপুনাৰ প্ৰমাণে শতবৰ্ষ আয়ু, ব্ৰহ্মাৰ দিনে দিনে ত্ৰৈলোক্যৰ উৎপত্তি, ৰাত্ৰি ৰাত্ৰি প্ৰলয় দেখাইবে, ব্ৰহ্মাৰ দিন ৰাত্ৰিৰ প্ৰমাণ কহন্ত। চাৰি হাজাৰ যুগ প্ৰমাণ ব্ৰহ্মাৰ দিন, সেই মান ৰাত্ৰিক যোগবলে যি জানে তাকেসে দিনৰাত্ৰি বেত্তা বুলি। যাৰাৰ চন্দ্ৰ সূৰ্য্যৰ গতিয়ে অহেৰাত্ৰ জ্ঞান হয় সি অল্পদৰ্শী পদে আহোৰাত্ৰবেত্তা নহে। তাত এমন কাল গণন প্ৰকাৰ। মনুষ্যৰ বৰ্ষে দেৱৰ দিন ৰাত্ৰি, তেমন দিন ৰাত্ৰিৰ পক্ষ মাসাদিৰ ক্ৰমে দ্বাদশবৰ্ষ সহস্ৰে চাৰি যুগ হয়, চাৰি হাজাৰ যুগে ব্ৰহ্মাৰ এক দিন, ৰাত্ৰিয়ো সেইমান। তেমন দিন ৰাত্ৰিৰো পক্ষমাসাদি কল্পনায়ে বৰ্ষশত ব্ৰহ্মাৰ পৰমায়ু। সেই ব্ৰহ্মাৰ দিনত কাৰণৰ পৰা চৰাচৰ প্ৰাণী সব উৎপত্তি হয়। ৰাত্ৰি হৈলে কাৰণত লয় যাই। কৃত নাশ [ ১১৩ ] অকৃতৰ আগম শঙ্গা নিবাৰিতে বৈৰাগ্যৰ অৰ্থে সৃষ্টি প্ৰলয়ৰ অবিচ্ছেদ কহন্ত। পৃৰ্ব্বত যি প্ৰাণী সমূহ আছিল সেই প্ৰাণীসব কৰ্ম্মাদি পৰতন্ত্ৰ হুয়া ব্ৰহ্মাৰ দিনত হুয়া ৰাত্ৰিত লয় যাই। এমনে লোকৰ অনিত্য দেখাই পৰমেশ্বৰৰ ৰূপৰ নিত্য কহন্ত। চৰাচৰ জগতৰ কাৰণৰো কাৰণ ব্ৰহ্মা আদিৰ অগোচৰ। অনাদি সিদ্ধ সকল কাৰ্য্য কাৰণ নাশ হৈলেও যাৰ নাশ নাই, যাক অব্যক্ত অক্ষৰ বুলি, পৰম পুৰুষাৰ্থো যাক কহি, যাক পায়া পুনৰাবৰ্ত্তন নহে সেই মোৰ স্বৰূপ বুঝিবা। তাঙ্ক পাইবাৰ উপায় যদ্যপি বিস্তৰে কহিছোঁ, তথাপি ভক্তিক অন্তৰঙ্গ জানিবা।

 হে পাৰ্থ যাৰ মধ্যত সকল প্ৰাণী আছে, যি কাৰণ ৰূপে সকল জগতক ব্যাপি আছে, সেই পৰম পুৰুষক একান্ত ভক্তিএসে লাভ, ভক্তি বিনে আন উপায় নাই, এমনে কহিলা। পৰমেশ্বৰ উপাসকসব তান স্বৰূপ পায়া নিবৰ্ত্তন নহে, অভক্ত সব পুনু আবৰ্ত্তন হয়। তাতে কোন পন্থে গৈলে আবৰ্ত্তন নহে, কোন পন্থে গৈলে আবৰ্ত্তন হয়, এই অপেক্ষাত কহন্ত। যি কাল উপলক্ষিত মাৰ্গত যান্তা জ্ঞানী কৰ্ম্মীসব অনাবৃত্তি আবৃত্তিক যাই সেই দুই পন্থ কহোঁ। প্ৰথমে অনাবৃত্তি মাৰ্গ শুনা। অগ্নি দ্যোতি দিন শুক্লপক্ষ ষন্মাস উত্তৰায়ণ, এতেক দেৱতাযুক্ত পন্থে যায়া জ্ঞানীসব ব্ৰহ্মক পাৱে। আবৃত্তি পন্থ শুনা। ধূম ৰাত্ৰি কৃষ্ণপক্ষ ষন্মাস দক্ষিণায়ন এই দেৱতাযুক্ত মাৰ্গে যায়া কৰ্ম্মীসব স্বৰ্গ পায়া পুণ্যফল ভোগ কৰি পুনু আবৰ্ত্তি আসে। নিবৃত্তি কৰ্ম্ম সহিত উপাসায়ে ক্ৰম মুক্তি। কাম্য [ ১১৪ ] কৰ্ম্মে স্বৰ্গভোেগ অনন্তৰ আবৃত্তি, নিষিদ্ধ কৰ্ম্মে নৰক প্ৰাপ্তি, ক্ষুদ্ৰ কৰ্ম্মে ই ঠাইতে পুনু পুনু জন্ম হৱে। এই শুক্ল কৃষ্ণ দুই পন্থ অনাদি সিদ্ধ। জ্ঞানাধিকাৰী শুক্ল পন্থে মুক্তি পাৱে। কৰ্ম্মাধিকাৰী কৃষ্ণ পন্থে পুনু আবৰ্ত্তন হয়। এই দুই মাৰ্গক জানি যোগী কদাচিতো মোহ নহে, সুখ বৃদ্ধি অৰ্গাদি ফলকো কামনা নকৰে কিন্তু পৰমেশ্বৰনিষ্ঠ হয়। এতেকে তুমি সৰ্ব্বদায়ে মোত নিষ্ঠ হৱা। বেদ পঢ়ি যজ্ঞ কৰি তপ আচৰি দান দিয়া যি পুণ্যফল গায়, এই অষ্ট প্ৰশ্নৰ অৰ্থক জানি সি ফল লভে, তাতো অধিক যোগঐশ্বৰ্য্যক পাৱে৷ জ্ঞান হুয়া বিষ্ণুপদক পাৱে। অষ্টপ্ৰশ্নে বিশিষ্ট অষ্টম অধ্যায়ত, অষ্ট প্ৰকাৰে পৃষ্ট অষ্ট অৰ্থৰ নিৰ্ণয় কৰি স্পষ্ট উৎকৃষ্ট পন্থ ভক্তি সহিতে অস্ট প্ৰকাৰ সিদ্ধান্তক অক্লিষ্ট কৰি শ্ৰীকৃষ্ণে দিলা৷

ইতি শ্ৰীভগৱদ্গীতাকথায়াং অষ্টমোহধ্যায়ঃ ॥ ৮ ॥

 হে সাধুসব দেখ সপ্তম অষ্টম অধ্যাযত ভক্তি সহিতে যোগ কহিলা। সি দুষ্কৰ পদে কেবল ভক্তিযোগ কহিছা। এতেকে পৰম সুগম কেৱল ভক্তি ধৰি হৰি বোল হৰি।

যোভক্তিযুক্তমপিযোগপথং সুদুষ্‌খম্
প্ৰোবাচ লোককৃপয়া নিজভক্তিমাৰ্গম্।
যং প্ৰাপ্য ন ভবভয়ং লভতে কথঞ্চিৎ
তস্মৈ নমোহস্তু গুৰবে পুৰুষোত্তমায়॥

[ ১১৫ ]

নবম অধ্যায়।

 অষ্টম অধ্যায়ত শুদ্ধ ভক্তিয়ে পৰমেশ্বৰক পাই ই স্থিত হৈল। নবম অধ্যায়ত ভক্তি, ভগৱন্তৰো অত্যন্ত আশ্চৰ্য ঐশ্বৰ্য্য কহিবা। এমনে সপ্তম অষ্টম অধ্যায়ত কহিলা, কেৱল ভক্তিয়ে ভগৱন্তক লাভ, ইদানীক আপুনাৰ অচিন্ত্য ঐশ্বৰ্যক ভক্তিৰো অসাধাৰণ প্ৰভাবক প্ৰপঞ্চিৰে লাগি ভগৱন্ত কহন্ত। হে অৰ্জ্জুন, তুমাত ভক্তি সহিত ঈশ্বৰ জ্ঞান কহোঁ। যাতো পুনু পুনু আপুনাৰ মহিমা কহা বুলি পৰম কাৰুণিক মোত দোষ দৃষ্টি নকৰা। ধৰ্ম্মজ্ঞানক গুহ্য বুলি, দেহত ব্যতিৰেক আত্মজ্ঞানক গুহ্যতৰ বুলি, পৰমেশ্বৰ জ্ঞানক অতি ৰহস্য পদে গুহ্যতম কহি। যাক জানি সংসাৰৰ অনায়াসে মুক্ত হৈবা। হ জ্ঞান বিদ্যাৰ ৰাজা, গুহ্যৰো গুহ্য, উত্তম পবিত্ৰ দৃষ্টফল, সৰ্ব্ব ধৰ্ম্মৰ ফল পদে ধৰ্ম্মকেো নেড়িছে, কৰিবাকো সুখ অব্যয় ফল পদে যাৰ কিঞ্চিতৰো নাশ নাই।

 যদি বোলা ই ধৰ্ম্ম সুকৰ হৈলে কোনেনো সংসাৰী হৈব, আত শুনা। এই ভক্তি সহিত জ্ঞান লক্ষণ ধৰ্ম্মক আস্তিক্য বুদ্ধি স্বীকাৰ নকৰি, উপায়ান্তৰে মোক পাইবে যত্ন কৰন্তেও মোক নপায়া মৃত্যুযুক্ত সংসাৰ পথত ভ্ৰমে। এমনে প্ৰস্তুত জ্ঞানক প্ৰশংসা কৰি শ্ৰোতক সম্মুখ কৰাই সেই জ্ঞানক কহিবে লাগিলা। জানা অৰ্জ্জুন, মঞি অতীন্দ্ৰিয়মূৰ্ত্তি কাৰণৰূপে সকল জগতক ব্যাপি আছোঁ। এতেকে কাৰণৰূপ মোত সকল চৰাচৰ ব্যাপি [ ১১৬ ] আছে। এমন হৈলেও ঘটত মৃত্তিকা হেন মঞি নাহি কঞো, যাতে আকাশ সম অসঙ্গ; অসঙ্গ পদে প্ৰাণীসবো মোত নাই। যদি পূৰ্ব্বোক্ত ব্যাপক, আশ্ৰয়ক বিৰুদ্ধ দেখা তেবে মোৰ অসাধাৰণ ৰূপ ঐশ্বৰ্য্য অঘটন ঘটনা চাতুৰ্য্য যোগকো দেখা। মোৰ যোগমায়া বৈভব অতৰ্ক্য পদে কিছো বিৰুদ্ধ নহে। আনো আশ্চৰ্য্য দেখা; মঞি ভূভসবকো ধৰো, পালনো কৰো, তথাপি মোৰ স্বৰূপ ভূতস্থ নহে। আৰ এমন অভিপ্ৰায়, যেমন জীবে দেহক ধৰিয়া পালিয়া অহঙ্কাৰে যুক্ত হুয়া থাকে, তেমনে মঞো নিৰহঙ্কাৰ পদে জগতক ধৰিয়ো পালিয়ো তাত নথাকোঁ। অসঙ্গৰো আধাৰ আধেয় ভাৰক দৃষ্টান্তে কহোঁ৷ যেন বায় নিতান্তে আকাশত থাকি সৰ্ব্বগত হুয়ো নিৰবয়ব পদে আকাশ সমে যোগ নাই, তেমনে সকল ভূতকো মোতে বুঝিবা। অসঙ্গ ঈশ্বৰৰো যোগমায়ায়ে স্থিতি হেত কহি আবে সৃষ্টি প্ৰলয় হেতু কহন্ত।

 হে কৌন্তেয়, প্ৰলয় কালত সকল ভূতসব মোৰ ত্ৰিগুণময়ী মায়াত লয় যাই। সৃষ্টিকালত সেই ভূতসবক বিশেযে স্ৰজো ৷ অসঙ্গ নিৰ্ব্বিকাৰ হুয়া তুমি কেমনে স্ৰজা এই অপেক্ষাত কহন্ত। আপুনাৰ অধীন প্ৰকৃতিক অধিষ্ঠান কৰি জৰায়ুজ উদ্ভিজ স্বেদজ অণ্ডজসব প্ৰকৃতিত লয় হুয়াছিল। কৰ্ম্মাধীন এই চাৰিবিধ প্ৰাণীক পূৰ্ব্বকৰ্ম্ম নিমিত্ত স্বভাৱৰ অনুসাৰে মঞি স্ৰজাঞু। যদি বোলা এমনে নানাবিধ কৰ্ম্ম কৰিতে জীৱ সম তুমি কেনে বন্ধ নহৱা, তাত শুনা। হে ধনঞ্জয়, সেই সৃষ্টি আদি কৰ্ম্মসবে মোক বন্ধ নকৰে। কৰ্ম্মত আসক্তিসে বন্ধহেতু, আপ্তকাম পদে মোৰ আসক্তি নাই, [ ১১৭ ] উদাসীন হেন থাকোঁ, কেৱল উদাসীন হৈলে কৰ্ত্তা নঘটে। কৰ্ত্তা হৈলেও উদাসীন নহে, এতেকে উদাসীন হেন থাকোঁ, এই অৰ্থকে স্পষ্ট কৰন্ত। মঞি অধিষ্ঠাতা নিমিত্ত হৈলে প্ৰকৃতি চৰাচৰ জগতক প্ৰসৱ কৰে; এই হেতু জগত পুনু পুনু জাত হয় : সন্নিবি মাত্ৰে অধিষ্ঠান কৰো পদে কৰ্ত্তা উদাসীন দুয়ো ঘটে। যদি বোলা এমন পৰমেশ্বৰক কিয় কতোসবে আদৰ নকৰে, তাত শুনা। সৰ্ব্বভূত মহেশ্বৰৰূপ মোৰ পৰমতত্ত্ব নজানি মূঢ়সবে মোক অবজ্ঞা কৰে। যাতে শুদ্ধসত্বময় তনু হুয়ো ভক্ত ইছায়ে মনুষ্য আকাৰক আশ্ৰয় কৰিছোঁ৷ মোত অন্য দেবতান্তৰক শীঘ্ৰ ফলপ্ৰদ মানি বিফল আশা কৰি ব্যৰ্থকৰ্ম্মসব আচৰি ফলশূন্য কুতকাশ্ৰিত জ্ঞানক অভ্যাসি, বিক্ষিপ্ত চিত্ত হুয়া কামক্ৰোধাদিযুক্ত বুদ্ধিভ্ৰংশকৰ অসুৰ ৰাক্ষসৰ হেন ৰাজস তামস স্বভাৱক আশ্ৰয় কৰি মোক আদৰ নকৰে।

 যদি বোলা তেৰে তুমাক কোনে ভজে তাত শুনা। কামক্ৰোধে যাৰাৰ চিত্তক অভিভব নকৰে, সেই মহাত্মাসবে দেৱৰ হেন সাত্ত্বিক স্বভাবক আশ্ৰয় কৰি, অন্য দেৱাদিত মন নেদি, জগতৰ কাৰণ অব্যয় নিত্য মোক ভজে। তাৰাৰ ভজনৰ প্ৰকাৰ কহন্ত। কতোসবে দৃঢ় বিশ্বাসে সততে কীৰ্ত্তন কৰি মোক উপাসা কৰে; কতোসবে মোৰ গৃহ নিৰ্মাণ কৰি প্ৰতিমা থাপি দণ্ডছত্ৰসিংহাসনাদি দিয়া ধনধান্য সমৰ্পি গ্ৰাম ভূমি নিবেদি সদাই সেবা কৰে; কতোসবে মোক নানা শাস্ত্ৰে বিচাৰি হৰিসেবা সৰ্ব্বসম্মত জানি নিৰন্তৰে ভজে; কতোসবে স্বহস্তে হৰি[ ১১৮ ] মন্দিৰ মাৰ্জ্জনাদি কৰ্ম্ম প্ৰতিদিনে আচৰে; কতোসবে পঞ্চৰাত্ৰাদি বিধি অনুসাৰে নিত্য পূজা কৰে; কতোসবে দণ্ডৱতে প্ৰদক্ষিণ কৰি অষ্টাঙ্গে প্ৰণাম কৰে; কতোসবে অসন প্ৰাণায়ামাদি কৰি নিতান্তে ধ্যান কৰে; কতোসবে সকল লৌকিক বৈদিক কৰ্ম্ম হৰিত সমৰ্পণ কৰে; কতো বিবেকীসবে সাধুসঙ্গ লৈয়া শ্ৰবণ-কীৰ্ত্তন কৰে; কোনো সবে সবাতে বাসুদেব দৃষ্টি কৰি মোক উপাসা কৰে। আতে কতোসবে অভেদ ভাবনা আচৰে, কতোসবে দাসোহং ভাবনা কৰে। কতোসবে সৰ্ব্বাত্মা ভগবন্তক ব্ৰহ্মাৰুদ্ৰাদিৰূপে সেবা কৰে।

 সৰ্ব্বাত্মাকে প্ৰপঞ্চি কহন্ত। মঞি শ্ৰুতিবিহিত অগ্নিস্তোমাদি ক্ৰতূ৷ স্মৃতিবিহিত পঞ্চযজ্ঞাদিও মঞি৷ পিতৃৰ অন্নশ্ৰাদ্ধাদি, ধান্যাদিশস্য, ঔষধসব, মন্ত্ৰগণ, ঘৃত অগ্নি হোম, পিতৃ কৰ্ম্মফলবিধাতা, পিতামহ মঞি। জ্ঞাতব্য পাবন, প্ৰণব, ঋক, সাম, যজু, ফলপোষক মঞি। নিয়ন্তা সাক্ষা ভোগস্থান, ৰক্ষকহিতকৰ্ত্তা, স্ৰষ্টা সংহৰ্ত্তা আবাৰ লয়স্থান অবিনাশী কাৰণ মঞি। আদিত্যৰূপে গ্ৰীষ্মকালত তাপ মঞিসে কৰো। বৃষ্টিকালত মঞিসে বৰিষোঁ, কদাচিত নবৰিষোঁ। জীবন মৰণ দৃশ্য অদৃশ্য এইসব মেক মানি বহুধাৰূপে উপাসা কৰে। এমনে বহুপ্ৰকাৰে ভগৱন্তৰ ভজনমাৰ্গ আছে। তাৰ মধ্যত কুনো প্ৰকাৰে যি ভগৱন্তক নভজে তাৰ জন্ম মৰণ দুৰ্ব্বাৰ কহন্ত। যি সব তিনি বেদোক্ত কৰ্ম্মপৰ হুয়া নানা দেবতাৰূপ মোক নজানি, ভেদ দৃষ্টিকৰি দেবন্তাৰক ভজে, যজ্ঞশেষ অমৃত পান কৰি নিস্পাপ হুয়া স্বৰ্গক প্ৰাৰ্থনা কৰে, তাৰাসব যজ্ঞৰ ফল প্ৰাৰ্থিত [ ১১৯ ] স্বৰ্গক পায়া দেবৰ ভোগ্যসব ভোগ কৰে। পাচে ভোগপ্ৰাপক পুণ্য ক্ষয় হৈলে মনুষ্য লোকত পড়ে। পুনু ধৰ্ম্ম বাসনায়ে ধৰ্ম্ম কৰে। এমনে গতাগত ফলক লভে। মোৰ ভক্তসব পুনু মোৰ প্ৰসাদে কৃতাৰ্থ হয়৷ যিসব নিষ্কাম হুয়া নিতান্তে মোক উপাসা কৰে, সেই মোত একনিষ্ঠ ভক্তসবক প্ৰাৰ্থনা বিনেও মঞি ধৰ্ম্মঅৰ্থকামমোক্ষক দেঞু। যদি বোলা পৰমাৰ্থত তুমি বিনে দেৱতান্তৰ নাই, এতেকে অন্য দেবভক্তসবো তুমাৰে সেবক, কেনে গতাগত লভে তাত শুনা। যি সবে ভেদ দৃষ্টি কৰি পৰম শ্ৰহ্মায়ে অন্য দেবতাক উপাসা কৰে তাৰাও মোকে ভজে, ই সত্য হয়৷ তথাপি মোক্ষপ্ৰাপক বিধি বিনে যজে, এতেকে গতাগত লভে।

 আকে স্পষ্ট কৰি কহন্ত। মঞি সকল যজ্ঞৰ ভোক্তা ফলদাতা এমন মোক তাৰ পৰমাৰ্থত নজানে, এতেকে পুনৰাবৰ্ত্তন হয়। যাৰা সবে সকল দেবতাতে মঞি অন্তৰ্যামীক জানিয়া ভজে তাৰাৰ আবৰ্ত্তন নাই, আকে দেখান্ত। দেব উপাসকসব দেবকে যাই, পিতৃ উপাসকসব পিতৃকে যাই, ভূত প্ৰেতক যি ভজে সি ভূত প্ৰেতকে পাৱে, যি সবে মোক পূজা কৰে সি অক্ষয় পৰমানন্দ মোকে পায়। এমনে আপুনাৰ ভক্তৰ অক্ষয় ফল কহি ভক্তিৰো অনায়াস দেখান্ত। যি জনে ভক্তিয়ে মোক পত্ৰ পুষ্প ফল জল মাত্ৰ দেই, সেই শুদ্ধচিত্ত নিষ্কাম ভক্তৰ মঞি পৰম প্ৰীতিয়ে পুষ্পক পৰিধান কৰো, পত্ৰক দেহত ধৰে, ফলক ভোজন কৰো, জলকো পান কৰো ৷ [ ১২০ ]  মহালক্ষীপতি পৰমেশ্বৰ মোৰ ক্ষুদ্ৰ দেবৰ হেন বহুবিত্তসাধ্য যাগাদিত পৰিতোষ নাই, কিন্তু ভক্তিমাত্ৰতে পৰিতোষ। এতেকে ভক্তে দিয়া যৎকিঞ্চিৎ দ্ৰব্যকে তাক অনুগ্ৰহাৰ্থে স্বীকাৰ কৰো৷ যজ্ঞৰ অৰ্থে পশুসোমাদি হেন মোৰ অৰ্থে পত্ৰপুষ্পদিক যত্ন কৰি আনিবে নলাগে কিন্তু স্বভাবত শাস্ত্ৰত বা যি কিছো কৰা, যি ভোজন কৰা, যি হোম কৰা, যি দান কৰা, যি তপ আচৰা, ইসব মোত অৰ্পিত যেমনে হয় তেমনে কৰিবা। তেবে যি ফল পাইবা তাক শুনা। এমন কৰিলে কৰ্ম্মবন্ধন শুভাশুভ ফলে বিমুক্ত হৈবা। কৰ্ম্মসব মোত অৰ্পিত পদে তাৰ ফল বন্ধ নঘটে। এতেকে অৰ্পিত কৰ্ম্মযোগে যুক্ত হুয়া মোকে পাইবা।

 যদি বোলা তুমি ভক্তকেসে মোক্ষ দিয়া অভক্তক নেদা, তেবে তোমাৰো ৰাগদ্বেষাদিকৃত বৈষম্য আছে, তাত শুনা। মঞি সৰ্ব্বভূততে সম, মোৰ প্ৰিয়ো নাই দ্বেষ্যো নাই, তথাপি যি মোক ভজে তাকে মঞি অনুগ্ৰহ কৰো৷ আৰ এমন অভিপ্ৰায়, যেন অগ্নি আপুনাৰ সেবকসবৰ শীতাদি দুষ্‌খক দূৰ কৰিতেও বৈষম্য নহে, যেন কল্পতৰু আপুনাৰ উপাসকৰ কামনা পূৰিতেও বৈষম্য নাই, তেমনে মোৰ ভক্তৰ পক্ষ হন্তেও বৈষম্য নুবুঝিবা কিন্তু ভক্তিৰেসে ই মহিমা। মোৰ ভক্তিৰ অতৰ্ক্য প্ৰভাৱ কহোঁ সাবধানে শুনা৷ অত্যন্ত মহাপাতকীয়ো যদি পৃথকে দেৱতান্তৰ ভক্তি নকৰি মঞি পৰমেশ্বৰক সততে ভজে, তাক সাধু কৰি মানিবা৷ যাতো সি ভাল নিশ্চয় কৰিছে। [ ১২১ ]  যদি বোলা সম্যক নিশ্চয় মাত্ৰে কেমনে সাধু মানিবো তাত শুনা। দুৰাচাৰো মোক ভজি শীঘ্ৰে ধৰ্ম্মচিত্ত হয়। চিত্তৰ উপপ্লব নিবৃতি পৰমেশ্বৰ নিষ্ঠাকো লভে। কুতৰ্কবাদীসবে আক নামানিবে বুলি অৰ্জ্জুনৰ শঙ্কাকুল চিত্ত দেখি উৎসাহ বঢ়ান্ত। হে কৌন্তেয়, পঞ্চ মহাবাদ্য বজাই বিবাদীসবৰ সভাক যায়া বাহু উপৰক তুলি নিঃশঙ্ক হুয়া অঙ্গীকাৰ কৰা, দুৰাচাৰ জনো পৰমেশ্বৰৰ ভক্ত হুয়া কদাচিতো নষ্ট নহে কিন্তু কৃতাৰ্থ হৱে। তেবে তোমাৰ প্ৰৌঢ়ি দেখি কুতৰ্কবাদ এড়ি অসংশয় হুয়া তুমাকে গুৰু মানিব। আচাৰ ভ্ৰষ্টক মোৰ ভক্তি পবিত্ৰ কৰিব আক চিত্ৰ নেদেখিবা। অকুলীন অনধিকাৰীকো সংসাৰত মোচন কৰাই।

 হে পাৰ্থ, মোক আশ্ৰয় কৰি অন্ত্য জাতি চাণ্ডালাদিও, কৃষি বাণিজ্যত ৰত বৈশ্যসব, অধ্যয়নাদিহীন স্ত্ৰীশূদ্ৰাদিও মোকে সেৱা কৰি পৰম গতি পাৱে, আক নিশ্চয় কৰি জানিবা। পাপী চাণ্ডালাদিও মোক ভজি পৰম পদ লভে; তেবে কি বুলিবু কুলীন সদাচাৰীসব মোৰ ভক্ত হুয়া পৰমগতি পাই। পুণ্যৱন্ত ব্ৰাহ্মণসব ৰজাসব ঋষিসব মোৰ ভক্তি কৰি উত্তম গতি লভিব, তাক কি কহিবোঁ৷ এতেকে তুমি অনিত্য অসুখ ৰাজঋষি প্ৰবৰ দেহক পায়া মোক ভজা।

 অনিত্য পদে বিলম্ব নকৰি, অসুখ পদে সুখাৰ্থে উদ্যম তেজি সৰ্বদা মোক ভজা ৷ ভজন প্ৰকাৰ দেখায়া উপসংহৰি কহন্ত। হে অৰ্জ্জুন! তুমি মোত মন দিয়া, মোৰ সেবক হুয়া, [ ১২২ ] মোৰ যজনপৰ হুয়া, মোকে নমস্কাৰ কৰা। এতেক প্ৰকাৰে মৎপৰায়ণ হুয়া, মোত মন স্থিৰ কৰি পৰমানন্দৰূপ মোক পাইবা। এমনে ৰাজগুহ্যনাম নৱম অধ্যায়ত আপুনাৰ আশ্চৰ্য্য ঐশ্বৰ্যক ভক্তিৰো অসাধাৰণ ঐশ্বৰ্য্যক কৃপায়ে অচ্যুতে কহিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং নবমোহধ্যায়ঃ ॥ ৯ ॥

 হে সামাজিকসব দেখ ভগৱন্তে প্ৰথমে দুষ্কৰ জ্ঞান কৰ্ম্ম কহি নৱম অধ্যায়ত ভক্তি বিনে আন নকহিলা। এতেকে পৰম সুগম ভক্তি কৰি ডাকি হৰিবোল হৰি।

যোৰাজগুহ্যনিজপাদযুগাব্জভক্তিম্
নানাপ্ৰকাৰমবদদ্দয়য়া জনানাম্ ।
তস্মৈ নমোভুবনকোষনিধানবীজ-
স্থানীয় লোকপতয়ে গতয়ে স্বকানাম্ ॥

[ ১২৩ ]

দশম অধ্যায়।

  পূৰ্ব্বত সপ্তমাদি অধ্যায়ত সঙ্ক্ষেপে বিভূতিসব কহিলা। সবাতে ঈশ্বৰ দৃষ্টিৰ অৰ্থে দশম অধ্যায় তাকে বিস্তাৰ কৰি কহিবা। এমনে সপ্তমাদি অধ্যায়ত ভজনীয় পৰমেশ্বৰৰূপ নিৰূপিলা। তান বিভৃতিসবো সপ্তম অষ্টম নবম অধ্যায়ত সঙ্ক্ষেপে কহিছা। ইদানীক সেই বিভূতিক প্ৰপঞ্চিতে আপুনাৰ ভক্তিকো অবশ্যে কৰণীয় বৰ্ণাইতে শ্ৰীভগৱন্তে বোলন্ত । হে অৰ্জ্জুন ! যুদ্ধাদি স্বধৰ্ম্ম অনুষ্ঠানত মোৰ পৰিচৰ্য্যাতো তোমাৰ বাহুযুগল কুশল দেখি। এতেকে পুনু পৰমাৰ্থ নিষ্ঠবচন শুনা। যাতে মোৰ বাক্যামৃত শুনি প্ৰীতি পাৱা, এতেকে তুমাৰ হিতক ইছায়ে কঞো। উক্ত অৰ্থক পুনু কথনত দুৰ্জ্ঞেয় কহন্ত। মঞি জন্মৰহিত হুয়ো নানা বিভূতিয়ে আবিৰ্ভাব হঞু, তাক দেবগণো ঋষিগণো নজানন্ত।যাতে দেবৰ ঋষিৰ উৎপাদক পদে প্ৰবৰ্ত্তক পদেও মঞি কাৰণ। এতেকে মোৰ কৃপা বিনে মোক কেঞো নজানে। যি মোক অজ অনাদি লোক মহেশ্বৰ কৰি জানে সি মনুষ্য মধ্যত মোহৰহিত হুয়া সকল পাপে মুক্ত হয়।

 লোক মহেশ্বৰক প্ৰকট কৰি কহন্ত। সাৰসাৰ বিবেক, আত্ম-বিষয়জ্ঞান, মোহৰ অভাব, সহন স্বভাব, যথাৰ্থ ভাষণ, ৰাহ্যেন্দ্ৰিয় সংযম, মন নিৰোধ, অনুকূল প্ৰতিকূল জ্ঞান, উদ্ভব অনুদ্ভৱ, ভয় অভয়, অহিংসা, ৰাগ দ্বেষ নিবৃত্তি, সন্তোষ, শাৰীৰ, বাচনিক মানস [ ১২৪ ] তপ দান যশ অযশ অবিবেকাদিয়ো প্ৰাণীসবৰ মোত হন্তে হয়। ভৃণ্ড আদি সপ্তঋষি, সনকাদি চাৰি সিদ্ধ, স্বায়ম্ভূবাদি চতুৰ্দ্দশ মনু, এসব ব্ৰহ্মৰূপ মোত হন্তে জাত হুয়াছে। এতেকে সবাতে মোৰ প্ৰভাব আছে। যাৰাৰ লোকত পুত্ৰ পৌত্ৰাদি শিষ্য প্ৰশিষ্যাদিৰূপ প্ৰজাসৰ হুয়াছে, মোৰ এই বিভূতি ঐশ্বৰ্য্যক যি জানে, সি সম্যক জ্ঞানে যুক্ত হয়, আত সংশয় নকৰিবা।

 যেমনে বিভূতি ঐশ্বৰ্য্যক জানিলে সম্যক জ্ঞান পাৱে তাকে দেখাঞু। মঞিসকল জগতৰ ভৃগু আদি মনু আদিৰ দ্বাৰায়ে উৎপত্তিৰ কাৰণ। মোতহন্তে সবাৰে বুদ্ধিজ্ঞানাদি প্ৰবৰ্ত্তে, আক জনি বিবেকীসব প্ৰীতিযুক্ত হুয়া মোক ভজে। প্ৰীতিপূৰ্ব্বক ভজনকে দেখান্ত। মোত চিত্ত দিয়া মোত ইন্দ্ৰিয় অৰ্পি মোত জীবন ৰাখি সাধুসঙ্গত অন্যান্যে যুক্তি দিয়া মোক বুঝায়া মোক কীৰ্ত্তন কৰি পৰম সন্তোষ হয়, আনন্দো লভে। এমনে সদাই মোত চিত্ত দিয়া প্ৰীতিপূৰ্ব্বকে ভজন্তাসবক মঞি অপৰোক্ষ জ্ঞান দেঞু যি জ্ঞানে মোক পাৱে। তাৰাৰ অনুগ্ৰহাৰ্থে মঞি বুদ্ধিবৃত্তিত থাকি প্ৰকাশমান জ্ঞানদীপে সংসাৰ নাশ কৰোঁ৷ জ্ঞানদীপৰ ভক্তিপ্ৰসাদ ভৈল, সত্বগুণ আধাৰ ব্ৰহ্মচৰ্য্যাদি সাধনযুক্ত বুদ্ধি শলা, ভগৱন্তৰ ধ্যানে বৰ্দ্ধক, বিষয়নিবৃত্তচিত্তে ৰাগাদ্বেষাদি বায়ুনিবাৰক, নিৰন্তৰ ধ্যানজনিত জ্ঞান সাক্ষাৎকাৰে অগ্নিসংযোগ। এই শাঙ্কৰী টীকাৰ মত।

 সঙ্ক্ষেপে উক্ত বিভূতিক বাহুল্যমতে জানিষে ইছাই অৰ্জ্জুনে ভগৱন্তক স্তুতি কৰি পোছন্ত ৷ হে শ্ৰীকৃষ্ণ! তুমি পৰমব্ৰহ্ম [ ১২৫ ] পৰম আশ্ৰয় পৰম পবিত্ৰ নিত্য দিব্য স্বপ্ৰকাশ আদিদেব অজ ব্যাপক পুৰুষ কৰি ঋষিসবে কহে; দেবঋষি নাৰদ অসিভ দেবল ব্যাস তুমিও কহিছা। এতেকে মোৰ ইদানীক তোমাৰ ঐশ্বৰ্য্যত অসম্ভাবনা নিবৰ্ত্তিল৷ তুমি মোত যি কহা তাক সত্য কৰি মানিলো। তুমাৰ অভিব্যক্তিক আমাৰ অনুগ্ৰহাৰ্থে বুলি দেবগণে নজানে, আমাৰ নিগ্ৰহাৰ্থে হুয়াছে বুলি দানবসবে নজানে, কিন্তু আপুনাক আপুনি মাত্ৰ জানা আনে নজানে। অত্যন্ত সাদৰে বহুধা সম্বোধন কৰন্ত। হে পুৰুষোত্তম, হে ভূতভাবন, হে ভূতেশ, হে দেবদেব, হে জগতপতে, যি বিভূতিসবে তুমি ইহলোক ব্যাপি আছা, সেই দিব্য বিভূতিসব বিস্তৰে কহিবাক যোগ্য হৱা। কহিবাৰ প্ৰয়োজন দেখাই প্ৰাৰ্থনা কৰন্ত। হে ভগবন্ত! কুন বিভূতি ভেদে তুমাক সদাই চিন্তি মঞি জানি। কুন কুন পদাৰ্থত চিন্তনি হৱা। বহিৰ্মুখ চিত্ততো তুমি যেমনে চিন্তনি হৱা সেই সৰ্ব্বজ্ঞাদি যোগৈশ্বৰ্য্যক বিভূতিসবকো বিস্তাৰ কৰি কহা। তোমাৰ বচনামৃতক শুনন্তা মোৰ তৃপ্তি নহে। এই প্ৰাৰ্থনা শুনি ভগৱন্তে কহন্ত, হে অৰ্জ্জুন! তোমাৰ আগত মোৰ দিব্য বিভূতিক সঙ্ক্ষেপে কঞু, যাতো মোৰ বিভূতিভেদৰ অন্ত নাই। প্ৰথমে ঈশ্বৰ স্বৰূপ কহন্ত, হে গুড়াকেশ ! মঞি সকল ভূতৰ চিত্তত সৰ্ব্বজ্ঞাদি ৰূপে নিয়ন্তা হুয়া পৰমাত্মাৰূপে আছোঁ৷ সকল জগতৰ জন্ম স্থিতি সংহাৰৰ হেতু মোক জানিবা।

 ইদানীক বিভূতি কহন্ত। দ্বাদশ আদিত্যৰ মধ্যে বামন মঞি, প্ৰকাশৰ মধ্যত সূৰ্য্য, বায়ুৰ মধ্যত মৰীচি নাম বায়ু, নক্ষত্ৰ [ ১২৬ ] মধ্যে চন্দ্ৰ, বামনাদি অৰতাৰকো প্ৰভাবৰ অতিশয় মাত্ৰ কহিতে বিভূতি বুলি কহিলা। বেদৰ মধ্যত সাম বেদ, দেবৰ মধ্যত ইন্দ্ৰ, ভূতৰ সম্বন্ধি জ্ঞানশক্তি, ইন্দ্ৰিয়ৰ মধ্যত মন, ৰুদ্ৰৰ মধ্যত শঙ্কৰ, যক্ষ ৰাক্ষসৰ মধ্যত কুবেৰ, অষ্টবসুৰ মধ্যত অগ্নি, উচ্চ পৰ্ব্বতৰ মধ্যত মেৰু, পুৰোহিতৰ মধ্যত বৃহস্পতি, সেনাপতিৰ মধ্যে কাৰ্ত্তিকেয়, সৰোবৰ মধ্যে সমুদ্ৰ, মহৰ্ষিৰ মধ্যে ভৃগু, বচন মধ্যে প্ৰণব, দেবৰ্ষিৰ মধ্য নাৰদ, সিদ্ধমধ্যে কপিল, অশ্বমধ্যে উচ্চৈঃশ্ৰবা গজেন্দ্ৰ মধ্য ঐৰাবত, মনুষ্য মধ্যে ৰাজা, আয়ুধমধ্যে বজ্ৰ, ধেনুমধ্যে কামধেনু, পুত্ৰোৎপত্তিহেতু কাম, সৰ্পমধ্যে বাসুকি, নাগমধ্যে অনন্ত, জলজন্তুৰাজা বৰুণ, পিতৃৰ ৰাজা অৰ্য্যমা, নিয়ম কৰন্তাৰ মধ্যে যম, দৈত্যমধ্যে প্ৰহ্লাদ, বশ্যকৰন্তাৰ মধ্যে কাল, মৃগমধ্যে সিংহ, পক্ষীমধ্যে গৰুড়, বেগবন্তৰ মধ্যে বায়ু, শস্ত্ৰধাৰী মধ্যে শ্ৰীৰাম, মৎস্য মধ্যে মকৰ, নদীমধ্যে গঙ্গা, আকাশাদি পঞ্চ মহাভূতৰ আদি অন্ত মধ্য, বিদ্যাৰ মধ্যে আত্মবিদ্যা, জল্পবাদবিতণ্ডা মধ্যে বাদ৷ যাত দুয়ো বাদীয়ে আপুনাৰ পক্ষ ৰাখে, পৰপক্ষক যুক্তি দিয়া খণ্ডে তাক জল্প বুলি। যাত দুয়োজনে আত্মপক্ষ ৰক্ষা নকৰে, আন পক্ষক দূষণ কৰে তাক বিতণ্ডা বুলি। যাত দুয়োজনে আগ্ৰহ এড়ি তত্ত্বনিৰূপণ কৰে তাক বাদ কহি। অক্ষৰমধ্যে অকাৰ, সমাসমধ্যে দ্বন্দ্বসমাস, প্ৰবাহৰূপে অক্ষয় কাল, কৰ্ম্মফল বিধায়ক মধ্যে সৰ্ব্বকৰ্ম্মবিধাতা মঞি। সংহাৰক মধ্যে সৰ্ব্বসংহৰ্ত্তা মৃত্যু, ভাবি কল্যাণৰ মধ্যে অভ্যুদয়, স্ত্ৰীৰ মধ্যে শ্ৰী, কীৰ্ত্তি, সৰস্বতী, ধৃতি, মেধা, স্মৃতি ক্ষমাৰূপ সপ্ত দেবতা মঞি। সামবেদ মধ্যে বৃহৎসাম, ছন্দ[ ১২৭ ] মধ্যে গায়ত্ৰী ছন্দ, মাসমধ্যে মাৰ্গশীৰ্ষ, ঋতুমধ্যে বসন্ত, বঞ্চকৰ সম্বন্ধি দূতা, তেজস্বীৰ প্ৰভাব, জেতাসবৰ জয়, ব্যবসায়ীসবৰ উদ্যম, সাত্বিকৰ সত্ব, বৃষ্ণিবংশৰ যি মঞি তুমাক উপদেশ দেঞ সেই বাসুদেব।

ঈশ্বৰ কৃষ্ণৰ মনুষ্যৰূপক কহিছাঁ বুলি ভাস্কৰী টীকাত কহিছা। পাণ্ডৱমধ্যে তুমি অৰ্জ্জুন, মুনিৰ মধ্যত ব্যাস, জ্ঞানীৰ মধ্যত শুক্ৰ, দমন কৰন্তাৰ সম্বন্ধি দণ্ড, যি দণ্ডে অসংযতো সংযত হয়। জনিবে ইচ্ছা কৰন্তাৰ জয়, গুহ্যৰ সম্বন্ধি মৌনবচন, যাতে মৌনে বহিলে অভিপ্ৰায় নুবুঝি, জ্ঞানৱন্তৰ জ্ঞান, সকলভূতৰে উৎপত্তিহেতু বীজ, যাতে মঞি বিনে যি জন্ম হৈবে সি চৰাচৰ প্ৰাণী কিছো নাই। উপসংহৰি কহন্ত। অনন্তপদে বিভূতিসব নিঃশেষে কহিবে শক্য নহে। এই বিস্তৰ বিভূতিক সঙ্ক্ষেপে কহিলোঁ। পুনু অৰ্জ্জুনৰ আকাঙ্ক্ষা দেখি কিছো বিস্তৰে কহন্ত। যাক যাক ঐশ্বৰ্য্যৱন্ত শ্ৰীমন্ত, ধনৱন্ত, প্ৰভাবৱন্ত, গুণৱন্ত প্ৰাণী দেখা, তাক মোৰ বিভূতি বুলি জানিবা। বিস্তৰ পৃথক জ্ঞানত তুমাৰ কি কাৰ্য্য৷ সকল জগতকে মঞি একে অংশে প্ৰবেশ হুয়া ধৰিছোঁ। মোত ব্যতিৰেকে কিছো প্ৰাণী নাই। এতেকে সবাতে মোক দেখা৷ ইন্দ্ৰিয়ৰ দ্বাৰায় চিত্ত বিষয়ক যাইতেও ঈশ্বৰ দৃষ্টি বিধাৰণৰ অৰ্থে দশম অধ্যায় বিভূতি কহিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং বিভূতিযোগোহনাম দশমোহধ্যায়ঃ॥ ১০॥

 হে সাধুসব দেখ, প্ৰাণীত অবজ্ঞা উপেক্ষা দ্বেষ নিন্দা যাৱে থাকে [ ১২৮ ] ভাৱত ভক্তি কৰিতেও হৰি তুষ্ট নহন্ত। এতেকে প্ৰাণীত ঈশ্বৰদৃষ্টি কৰিবো লাগি ভগৱন্তে কহিলা। আকে জানি সাবধানে আচৰি সদাই হৰি বোল হৰি।

দ্বেষাদিচতুৰোলদাযান্ পৰিহায় হৰেঃ পদম্।
ভজতামাগুযস্তষ্যেৎ স কৃষ্ণঃ শৰণং মম॥


[ ১২৯ ]

একাদশ অধ্যায়।

 ভগৱন্তে পৰম কৃপায়ে বিভূতিবৈভব কহি অৰ্জ্জুনৰ দেখিবে ইছা দেখি বিশ্বৰূপ দেখাইলা। পূৰ্ব্ব অধ্যায়ৰ অন্তত এক অংশে মঞি জগতক ধৰিছো বুলি বিশ্বৰূপ পৰমেশ্বৰক কহিলা। তাকে দেখিবে ইছায় পূৰ্ব্বোক্ত অভিনন্দা কৰি অৰ্জ্জুনে পোছন্ত। হে পৰমেশ্বৰ, মোৰ শোক নিবৃত্তিৰ অৰ্থে পৰম গোপনি পৰমাত্মনিষ্ঠ আত্মানাত্মবিবেক দ্বিতীয় অধ্যায়ৰ পৰা ষষ্ঠাধ্যায় পৰ্য্যন্ত যি বাক্য কহিলা, সেই বচনে মোৰ মোহ নষ্ট হৈল। তুমাৰ সকাশত জগতৰ সৃষ্টি প্ৰলয় হয় আকো বিস্তৰ শুনিলো। হে কমললোচন! তুমাৰ অব্যয় মহিমাকো শুনিলো। জগতৰ সৃষ্টি আদি কৰ্ত্তা হৈলেও অধিকাৰ, সৰ্ব্বনিয়ন্তা হৈলেও অবৈষম্য, শুভাশুভ কৰ্ম্ম কৰাইতেও অসঙ্গ বন্ধমোক্ষ, বিচিত্ৰ ফল দিতেও উদাসীন, ইত্যাদি লক্ষণ অপৰিমিত মহিমা শুনিছো। এতেকে তুমাৰ পৰতন্ত্ৰলোকৰ অহঙ্কৰ্ত্তা হেন মোহ দূৰ গৈল। হে পৰমেশ্বৰ! ইদানীক কহিছা এক অংশে জগতক ধৰিছো, আতো মোৰ অবিশ্বাস নাই। তথাপি হে পুৰুষোত্তম! জ্ঞান ঐশ্বৰ্য্য শক্তি বীৰ্য্য তেজ সম্পন্ন তুমাৰ ঈশ্বৰৰূপক মঞি কৌতুকত থাকি দেখিবে ইছা কৰো। তাক যদি ভাল দেখা মঞি যদি দেখিবে শক্য হঞু তেবে হে যোগেশ্বৰ! সেই ৰূপক মোক দেখাৱা। [ ১৩০ ]  এমনে অত্যন্ত অদ্ভুত ৰূপ দেখাইতে প্ৰাৰ্থনা কৰিলে সাৱধান হৱা বুলি অৰ্জ্জুনক সমুখ কৰান্ত। হে অৰ্জ্জুন! মোৰ নানাবিধ দিব্য শতসহস্ৰৰূপ দেখা, যত নানা বৰ্ণ, আকাৰ আছে। এক ৰূপ হন্তেও নানাবিধ পদে বহুবচন কহিলা। মোৰ ৰূপত দ্বাদশ আদিত্য, অষ্টবসু, একাদশ ৰুদ্ৰ, দুই অশ্বিনীকুমাৰ, উনপঞ্চাশ বায়ু, আন অপূৰ্ব্ব অদৃষ্ট আশ্চৰ্য সব দেখা। তৈতে তৈতে ফুৰন্তা জনে বৰ্ষকৌটীও দেখিবে অশক্য চৰাচৰ জগতক এই মোৰ দেহত একে ঠাই দেখা। আননা জগতৰ কাৰণৰূপ আশ্ৰয় জয় পৰাজয়দিয়ো যাক যাক দেখিবে ইছা কৰা তাক মোৰ ৰূপত দেখা। এই আপুনাৰ চৰ্ম্মচক্ষুয়ে মোক দেখিবে শক্য নহৈবা, এতেকে অলৌকিক দিব্য জ্ঞানচক্ষু তুমাক দেঞু, যি চক্ষুয়ে মোৰ অসাধাৰণ ঐশ্বৰ্য্যক অঘটঘটনা চাতুৰ্য্যক দেখা। এই কথা ধৃতৰাষ্ট্ৰক প্ৰতি সঞ্জয়ে কহন্ত।

 এই বুলি ভগৱন্তে অৰ্জ্জুনক প্ৰতি ঈশ্বৰ ৰূপ দেখাইলা। যাত অনেক মুখ নেত্ৰ নানাবিধ দিব্য অলঙ্কাৰ অদ্ভুত অনেক আয়ুধ অনেক আশ্চৰ্য্য দৰ্শন আছে। দিব্য পুষ্প বস্ত্ৰ পৰিধান কৰিছা দিব্য গন্ধচন্দন যাত আছে, যি সকল আশ্চৰ্য্য প্ৰায় প্ৰকাশময় অপৰিচ্ছিন্ন সৰ্ব্বতোমুখ বিশ্বৰূপ দীপ্তিৰ নিৰূপম কহন্ত। যদি আকাশত একেলগে সূৰ্য্য সহস্ৰ উদয় হয়, তাৰো যদি একেলগে প্ৰভাস ৰহয়, তেবে বিশ্বৰূপ দীপ্তিৰ কথঞ্চিত সদশ হয়। সেই ভগৱন্তৰ শৰীৰত নানাৰূপে স্থিত সকল [ ১৩১ ] জগতক পাণ্ডবে দেখি মহা বিস্ময় লভি লোমাঞ্চিত হুয়া ভগৱন্তক শিৰে প্ৰণাম কৰি কৃতাঞ্জলি হুয়া বুলিবে লাগিলা।

 হে দেব! তুমাৰ দেহত দেবসব দেখোঁ, প্ৰাণীসমূহ, নিঃশেষ ঋষি, মহা সৰ্পসব, সবাৰে ঈশ্বৰ ব্ৰহ্মাক তুমাৰ নাভি পদ্মত দেখোঁ। তুমাকে অনেক বাহু উদৰ মুখ নেত্ৰ অনন্তৰূপ আদি অন্ত মধ্য শূন্য বিশ্বৰূপ দেখো। হে বিশ্বেশ্বৰ! বিস্তৰ কিৰীটি গদা চক্ৰ ধৰিছা, সৰ্ব্বতো দীপ্তিমন্ত তেজঃপুঞ্জ ৰূপ দেখিবাকো অশক্য দীপ্তিমন্ত অগ্নি সূৰ্য্যসম প্ৰমাণ কৰিতে অশক্য দেখো৷ এতেকে জানে পৰমব্ৰহ্ম মুমুক্ষুৰ বেদ্য বিশ্বৰ আশ্ৰয় অব্যয় নিত্য ধৰ্ম্মপালক সনাতন পুৰুষ, উৎপত্তি স্থিতি লয় শূন্য অনন্তবীৰ্য্য অনন্তবাহু যাৰ নেত্ৰত চন্দ্ৰ সূৰ্য্য মুখত অগ্নি আপুনাৰ তেজে বিশ্বক প্ৰকাশ কৰিবে লাগিছা। স্বৰ্গ পৃথ্বীৰ মধ্য আকাশক দশো দিশক তুমি একেলায় ব্যাপি আছা। তুমাৰ অপূৰ্ব্ব অদৃষ্ট অদ্ভুত ঘোৰ ৰূপ দেখি তিনিয়ো লোক অতি ভীত হৈল। দেবসমূহ সব শৰণ পৈশে, কতোসব মহা ভয় হুয়া দূৰতে থাকি অঞ্জলি কৰি জয় জয় ৰক্ষ ৰক্ষ বুলি প্ৰাৰ্থনা কৰন্ত। মহৰ্ষিসব সিদ্ধসব স্বস্তি বুলি নানা স্তোত্ৰ পঢ়ি স্তুতি কৰন্ত। ৰুদ্ৰগণ আদিত্যসব অষ্টবসুসব সাধ্যসমূহ বিশ্বেদেবগণ অশ্বিনীকুমাৰ মৰুতগণ পিতৃগণ গন্ধৰ্ব্ব যক্ষ অসুৰসব সিদ্ধগণ এই সব বিস্ময় হুয়া চায়া আছে। হে মহাবাহো! তুমাৰ বিস্তৰ মুখ নেত্ৰ বাহু দন্ত উৰু পাদযুক্ত অতিশয় ঘোৰ ৰূপ দেখি সকলে লোক মঞি সমে মহাভয় হুয়া আছে। তুমাৰ আকাশ ব্যাপি দীপ্ত তেজোযুক্ত অনেক বৰ্ণ ব্যাত্তমুখ [ ১৩২ ] বিশাল নেত্ৰ ৰূপ দেখি ব্যথিতচিত্ত হুয়া শান্তি ধৃতি দুইকো নপাঞু।

 হে দেবেশ! কৰালদন্তযুক্ত প্ৰলয়াগ্নি সম মুখসব দেখি মহাভয়ে দিশ বিদিশ নজানো, সুখকো নলভো। হে জগন্নিবাস! প্ৰসন্ন হৱা। এই ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্য্যোধনাদি বীৰসব জয়দ্ৰথাদি ৰাজাগণ সমে ভীষ্ম দ্ৰোণ কৰ্ণ, আমাসবৰো শিখণ্ডী ধৃষ্টদ্যুম্ন আদি বীৰসবো মহাবেগে যায়। তুমাৰ মহাদন্তে ঘোৰ ভয়ঙ্কৰ মুখত প্ৰবেশ হয়। কতোসব চূৰ্ণীকৃতশিৰ হুয়া দন্ত সন্ধিত লগ্ন হুয়াছে। যেনে অনেক পথে নদীসব আসি সম্মুখে সাগৰত প্ৰবেশ হয়, তেমনে এই লোকৰ বীৰসব আসি তুমাৰ দীপ্তিমন্ত মুখত প্ৰবেশ হয়৷ অনিছা প্ৰবেশত দৃষ্টান্ত কহি বুদ্ধি পূৰ্ব্বক প্ৰবেশত দৃষ্টান্ত কহন্ত। যেন প্ৰদীপ্ত অগ্নিত ফড়িঙ্গসব মহাবেগে আসি মৰিতে লাগি পড়ে, তেমনে লোকসবো তোমাৰ মুখত পৈশে। তুমিও সকল বীৰকে জাজ্বল্যমান মুখে অতিশয় মতে ভক্ষণ কৰা। হে বিষ্ণো! তুমাৰ উগ্ৰদীপ্তি সব সকল লোকক ব্যাপিয়া প্ৰকাশ কৰে। তুমি উগ্ৰৰূপ কোন আক মোত কহা! হে দেববৰ! তোমা নমঃকাৰ কৰো, প্ৰসন্ন হৱা। তুমি আদি পুৰুষক জানিবে ইছা কৰো, কি নিমিত্তে তুমি এমনে প্ৰবৰ্ত্তা তাক নজানো।

 এই প্ৰাৰ্থনা শুনি শ্ৰীভগৱন্তে কহন্ত। হে অৰ্জ্জুন! মঞি (লাকক্ষয়কৰ্ত্তা উৎকট কাল, লোকক সংহৰিবে লাগি প্ৰবৰ্ত্তিছোঁ। তুমাত বিনে এই যুদ্ধত কেঞো অবশেষ নবহিব, এতেকে [ ১৩৩ ] তুমি যুদ্ধক লাগি উঠা। দুৰ্জ্জয় ভীষ্মাদিক জিনি যশস্যা লভা। অযত্নে শত্ৰুক জিনি সমৃদ্ধ ৰাজ্য ভোগ কৰা। এই তোমাৰ শত্ৰু সব তুমাৰ যুদ্ধত পূৰ্ব্বে মঞি কালৰূপে হতপ্ৰায় কৰিলো তুমি তথাপি, সব্যসাচি নিমিত্ত মাত্ৰ হৱা। যাক যাক অৰ্জ্জুনৰ শঙ্কা তাকে দূৰ কৰন্ত। দ্ৰোণ ধনুৰ্ব্বেদৰ আচাৰ্য্য পৰ্শুৰামৰ শিষ্য দিব্যাস্ত্ৰে সম্পন্ন আপুনাৰো গুৰু ইষ্ট; ভীষ্ম স্বচ্ছন্দমৃত্যু দিব্যাস্ত্ৰত নিপুণ পৰ্শুৰামকো দন্দ্বযুদ্ধে সন্তোষিছা; জয়দ্ৰথৰো পিতা তপ আচৰে, মোৰ পুত্ৰ শিৰ যি ভূমিত পেহ্লাৱে তাৰো শিৰ পৰিবেক বুলি; কৰ্ণ সূৰ্য্য পুত্ৰ ইন্দ্ৰদত্ত শক্তিয়ে অমোঘ যুদ্ধসম্পন্ন। এমনে তুমি যাক যাক শঙ্কা কৰা তাক মঞি আগে বধিলো। তাকে তুমি বধিতে কিছো শঙ্কা নকৰিবা। অৱশ্যে যুদ্ধত দুৰ্য্যোধনাদি শক্ৰসবক জিনিবা। এই কথাক ধৃতৰাষ্ট্ৰক প্ৰতি সঞ্জয়ে কহন্ত।

 এমন কেশবৰ বচন শুনি অৰ্জ্জুন কম্পমান হুয়া অঞ্জলি কৰি অবনত হুয়া নমস্কাৰ কৰি মহাভয় হুয়া গদ্গদ বচনে বুলিবে লাগিলা। হে হৃষীকেশ! তুমি অদ্ভুতপ্ৰভাব ভক্তবৎসল, এতেকে তুমাৰ মাহাত্ম্য সংকীৰ্ত্তনে মঞি মাত্ৰ হৰ্ষ পাঞো ই নহে কিন্তু সকল জগতে হৱে, অনুৰাগো লভে। ৰাক্ষসসব মহা ভয় হুয়া দশোদিশে পলাই, সকল সিদ্ধ সমুহ নমস্কাৰ কৰে ই যুক্ত হয়। হে অনন্ত! হে দেবেশ! হে জগন্নিবাস! হে মহাত্মন! কিহেতু তুমাক লোকে নমস্কাৰ নকৰিব যাত তুমি ব্ৰহ্মাৰো গুৰু পিতৃ কাৰ্য্য কাৰণ পৰব্ৰহ্ম তুমি আদিদেব পুৰাণপুৰুষ জগতৰ লয়স্থান সবাৰো বেত্তা জ্ঞাতব্য বস্তু পৰম আশ্ৰয় অপৰিমিত বিশ্বক তুমি ব্যাপিছা। [ ১৩৪ ] বায়ু যম অগ্নি বৰুণ চন্দ্ৰ প্ৰজাপতি আদি সকল দেবতা তুমি এতেকে পুনু পুনু সহস্ৰবাৰ প্ৰণাম কৰো। শ্ৰদ্ধা ভক্তিৰ অতিশয়ে নমস্কাৰত তৃপ্তি নহৈ বাৰম্বাৰ নমস্কাৰ কৰন্ত। হে সৰ্ব্বস্বৰূপ! আগে পাচে সকল দিশে তুমাক নমস্কাৰ হৌক। তুমি অনন্তবীৰ্য্য অপৰিমিতবিক্ৰম সকল বিশ্বকে বাহিৰে ভিতৰে ব্যাপি আছা। ইদানীক ভগৱন্তক ক্ষমা কৰান্ত। তুমাক প্ৰাকৃত সখী মানি হঠাতে অবজ্ঞা কৰি কৃষ্ণ যাদব সখী বুলিলো৷ তুমাৰ মহিমা বিশ্বৰূপ নজানি প্ৰমাদত স্নেহত বা পৰিহাসৰ অৰ্থে বিহাৰ শয্যা আসন ভোজন সময়ত সখীসবৰ আগত কেবলে বা যি তিৰস্কাৰ কৰিলো, তাক অচিন্ত্য প্ৰভাব তুমাক ক্ষমা কৰাঞোঁ। হে অনুপম প্ৰভাব চৰাচৰ জগতৰ তুমি পিতৃ পূজ্য গুৰু! তিনিয়ো লোকত তোমাৰ সমান নাই অধিক কৈত আছে। এতেকে, জগতৰ ঈশ্বৰ তোমাক দণ্ডৱতে পড়ি প্ৰসন্ন কৰাঞো। যেন পুত্ৰৰ অপৰাধক পিতৃয়ে সহে, মিত্ৰৰ দোষক মিত্ৰে নধৰে, প্ৰিয়ৰ অবজ্ঞাক প্ৰিয়ে নগণে, তেমনে মোৰ অপৰাধক তুমি সহিবে যোগ্য হৱা। এমনে ক্ষমা কৰায়া প্ৰাৰ্থনা কৰন্ত। হে দেব! পূৰ্ব্ব অদৃষ্ট তুমাৰ ৰূপ দেখি প্ৰথমে হৰ্ষ হৈলো, পাচে ভয়ে কম্পিলো। এতেকে মোৰ কথা নিবৃত্তিৰ অৰ্থে হে দেবেশ! হে জগন্নিবাস! প্ৰসন্ন হুয়া সেই ৰূপ দেখাৱা, যাৰ শিৰত কিৰীটি হস্তত চক্ৰ গদা যেমনে পূৰ্ব্বতো দেখিছো। হে সহস্ৰবাহো! হে বিশ্বমূৰ্ত্তে! ইৰূপ সংহাৰ কৰি সেই চতুৰ্ভুজ ৰূপে আবিৰ্ভাব হৱা। আতে জানি অৰ্জ্জুনে পূৰ্ব্বতো চতুৰ্ভুজ ৰূপ দেখন্ত৷ এমনে প্ৰাৰ্থিত [ ১৩৫ ] হয়া আশ্বাস কৰি ভগৱন্তে বোলন্ত, হে অৰ্জ্জুন! কেনে ভয় কৰা, মঞি প্ৰসন্ন হুয়া কৃপায়ে তুমাক আপুনাৰ যোগমায়া বলে ই ৰূপ দেখাইলোঁ। এই তেজোময় বিশ্বাত্মক অনন্ত আদ্য মোৰ ৰূপক তুমাৰ সমান ভক্ত বিনে আন কেঞে নতু দেখে। যজ্ঞ বেদপাঠ দান কৰ্ম্ম তপ আচৰিয়ো ই ৰূপ দেখিবে শক্য নহে, কিন্তু তুমি মোৰ প্ৰসাদে দেখি কৃতাৰ্থ হঞা। এই মোৰ ৰূপ দেখি তুমাৰ বৃথা মোহ নহোক। নিৰ্ভয় হুয়া প্ৰীতমনে পুনু মোৰ সই ৰূপ দেখা। সঞ্জয়ে কহন্ত, শ্ৰীবাসুদেবে অৰ্জ্জুনক এই বাক্য বুলি আপুনাৰ শ্যাম সুন্দৰ কমললোচন চতুৰ্ভুজ শঙ্খচক্ৰ-গদাপদ্মধৰ ৰূপক দেখাইলা।

 তথাপি অৰ্জ্জুনৰ ভয় দেখি কৃপায়ে মনুষ্যাকাৰ সৌম্যৰূপ হুয়া আশ্বাস কৰিল। তেবে নিৰ্ভয় হুয়া অৰ্জ্জুনে বোলন্ত, হে জনাৰ্দ্দন! তুমাৰ শান্ত মানুষৰূপ দেখি মঞি প্ৰসন্ন চিত্ত হৈলোঁ, তুমাকে জানিলোঁ, সুস্থ হৈলোঁ। আপুনি যি অনুগ্ৰহ অৰ্জ্জুনক কৰিলা তাক দুৰ্ল্লভ। ভগৱন্তে বোলম্ভ, হে সখি! তুমি মোৰ যি বিশ্বৰূপ দেখিলা আক অত্যন্তৰূপে দেখিবে অশক্য। দেবসবো ই ৰূপক সদাই দেখিবে ইছা কৰে, নেদেখে৷ তাৰ হেতু শুনা, বেদপাঠ তপস্যা দান যজ্ঞ কৰিয়ো, তুমি যাক দেখিলা, ই ৰূপক দেখিবে নতু পাৱে।

 তেবে কি উপায়ে পাৱে আত কহন্ত। মোত একনিষ্ঠ ভক্তিয়ে মঞি বিশ্বৰূপক শাস্ত্ৰদ্বাৰে জানিব পাৰে, প্ৰত্যক্ষে দেখিবে পাৰে, সেইৰূপে প্ৰবেশ হুইবাকো পাৰে, আন [ ১৩৬ ] উপায়ে নপাৰে। এতেকে সকল শাস্ত্ৰৰ সাৰ অৰ্থ পৰম ৰহস্য কহো সাৱধানে শুনা। পুৰুষে মোৰ অৰ্থে কৰ্ম্ম কৰিব, মোকে পুৰুষাৰ্থ মানিব, মোকে আশ্ৰয় কৰিব পুত্ৰাদিৰ সঙ্গ এড়িব, কাৰো লগত বৈৰ নকৰিব। যি এমনে মোত ভক্তি কৰে, সেই সে মোক সাক্ষাতে পাৱে, আনে নপাৱে। তপযজ্ঞাদি কৌটী কৰিও দেবসবে যাক দেখিবে নপাৱে, হেন বিশ্বৰূপক ভগৱন্তে কৃপায়ে ভক্ত অৰ্জ্জুনক দেখাইলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং বিশ্বৰূপদৰ্শনোনাম একাদশোহধ্যায়ঃ ॥ ১১ ॥

 হে সাধুসব দেখা বৈৰ এড়ি ভগৱন্তৰ ভক্তি কৰিলে সে ঈশ্বৰৰ ৰূপ দেখিবে পাৱে, আনে নপাৱে। এতেকে দ্বেষ নকৰি হৰি ভক্তি কৰি হৰি বোল হৰি।


যস্মিন্‌বিভাতি ভুবনং সুৰমৰ্ত্ত্যতিৰ্য্যাক্
ভূগোলনাকবিলনায়কলোকসঙ্ঘম্৷
তদ্ৰুপমাবিবকৰোন্নিজপাদপদ্ম-
দাসায় যোকৰুণয়া তমহং প্ৰপদ্যে ॥

[ ১৩৭ ]

দ্বাদশ অধ্যায়।

নিৰ্গুণ উপাসক সগুণ উপাসক মধ্যত কুন শ্ৰেষ্ঠ এই নিৰ্ণয় কৰিবে লাগি দ্বাদশ অধ্যায় আৰম্ভ কৰিলা। পূৰ্ব্ব অধ্যায়ৰ অন্তত নৱম দশম অধ্যায়তো ভক্তিনিষ্ঠৰ শ্ৰেষ্ঠ কহিলা। সপ্তম চতুৰ্থত জ্ঞাননিষ্ঠৰ শ্ৰেষ্ঠ কৰি কহিছা৷ এতেকে দুয়ো শ্ৰেষ্ঠ হৈলে, বিশেষ জানিবে ইছায়ে অৰ্জ্জুনে পোছন্ত, হে ভগৱন্ত! এমনে সৰ্ব্ব কৰ্ম্ম অৰ্পণা কৰি তুমাত নিষ্ঠ হুয়া যি ভক্তসবে তুমাক উপাসা কৰে, যি সবে অক্ষৰ ব্ৰহ্মক চিন্তে, দুইৰ মধ্যত কোনসব অতিশয় শ্ৰেষ্ঠ আক মোত কহা।

 ভক্তসব শ্ৰেষ্ঠ বুলি ভগৱন্তে কহন্ত। মঞি পৰমেশ্বৰত মন আবেশ কৰি, মোৰ অৰ্থে কৰ্ম্ম আচৰি, পৰম শ্ৰদ্ধায় যুক্ত হুয়া, যি মোক আৰাধনা কৰে সি সব মোৰ মতে শ্ৰেষ্ঠ। যি সবে ইন্দ্ৰিয় নিয়মি সবাতে সমদৃষ্টি হুয়া বাক্য মনৰ অগোচৰ সৰ্ব্বব্যাপক অব্যক্ত অচল নিত্য ব্ৰহ্মক ধ্যান কৰে, তাৰাও মোকে পাৱে। তেবে ভক্তসব কেমনে শ্ৰেষ্ঠ হৈল তাত শুনা। অক্ষৰ উপাসকসবৰ অধিক ক্লেশ আছে। যাতে ব্ৰহ্মগতিক দেহাভিমানিসবে মহাদুষ্‌খে সে পাৱে। দেহত অহঙ্কাৰ থাকিতে, ব্ৰহ্মনিষ্ঠা পৰম দুৰ্ঘট। মোৰ ভক্তসব পুনু মোৰ প্ৰসাদে অনায়াসে মোক্ষ লভে, আক শুনা।

 মঞি পৰমেশ্বৰত সকল কৰ্ম্ম সমৰ্পি মোৰ হুয়া মোত মন দিয়া একান্ত ভক্তিযোগে উপাস কৰে৷ এমনে মেতে নিৰন্তৰে [ ১৩৮ ] আবেশিত চিত্তসবক মঞি অল্পকালতে মৃত্যুযুক্ত সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰোঁ। এতেকে তুমি মোতে মন স্থিৰ কৰা, বুদ্ধিকো মোতে প্ৰবেশ কৰা। এমন কৰিতে মোৰ প্ৰসাদে লব্ধজ্ঞান হুয়া দেহৰ অন্তত মোৰ স্বৰূপ পাইবা। তাত কিছো সংশয় নকৰিবা। যদি মোত সদাই মন স্থিৰ কৰিবে নপাৰা, তেবে বিক্ষিপ্ত চিত্তক পুনু আকৰ্ষি মোৰ স্মৰণ লক্ষণ অভ্যাস কৰি মোক পাইবে যত্ন কৰা। যদি অভ্যাসতো সমৰ্থ নহা, তবে মোৰ প্ৰীতিৰ সাধন কৰ্ম্মসব একাদশী উপবাস ব্ৰত পূজা পৰিচৰ্য্যা নাম কীৰ্ত্তন আদি পৰিনিষ্ঠ হঞা। এমনে মোৰ অৰ্থে কৰ্ম্ম কৰিলে অনায়াসে মোক্ষ পাইবা। অত্যন্ত ভগবদ্ধৰ্ম্মনিষ্ঠাত অশক্তক প্ৰতি পক্ষান্তৰে কহন্ত। যদি এমনে মোৰ ভক্তি কৰিবে সমৰ্থ নহঞা, তেবে মোত এক শৰণ লৱা, সকল ধৰ্ম্মৰ ফল নিয়তচিত্ত হুয়া মোত সমৰ্পণ কৰা। আৰ এমন অৰ্থ, মঞি ঈশ্বৰৰ আজ্ঞায় যথাশক্তি কৰ্ম্ম কৰিম, ফল পুনু ঈশ্বৰৰ অধীন, এমনে মোত ভাব অৰ্পি ফলত আসক্তি এড়ি, প্ৰৱৰ্ত্তমান হৈলে মোৰ প্ৰসাদে কৃতাৰ্থ হৈবা। এই ফলত্যাগক স্তুতি কৰন্ত। জ্ঞানহীন অভ্যাসত কৰি ভক্তি সহিত উপদেশপূৰ্ব্বক জ্ঞান শ্ৰেষ্ঠ; তাতো কৰি ধ্যান, ধ্যানতো কৰি কৰ্ম্মফলত্যাগ উত্তম। ত্যাগত মোৰ প্ৰসাদে শীঘ্ৰে সংসাৰ শান্তি হয়। এমন ভক্তৰ শীঘ্ৰে পৰমেশ্বৰৰ প্ৰসাদ হেতু ধৰ্ম্মসব কহন্ত।

 সৰ্ব্ব প্ৰাণীৰ মধ্যত উত্তমত দ্বেষ নকৰয়, সমত মিত্ৰভাবে প্ৰৱৰ্ত্তয়, হীন দয়া কৰয়, অহঙ্কাৰ মমকাৰ নাচৰয়, সুখ দুষ্‌খত [ ১৩৯ ] সম হয়, সবাকে সহয়, সততে সন্তুষ্ট থাকয়, অপ্ৰমত্ত সংযত স্বভাৱ হয়, মোত দৃঢ় নিশ্চয় কৰয়, মোত মন বুদ্ধি অৰ্পয়, এমন যি ভক্ত হয়, সি মোৰ প্ৰিয়, যাত হন্তে লোক ভয় নপাৱে, লোকত হন্তেও যি ভয় নকৰে, হৰ্ষ অমৰ্ষ ভয় ক্ষোভে যি মুক্ত হৈল, সেই মোৰ প্ৰিয়। যি কাতো অপেক্ষা নকৰে, বাহ্য অভ্যন্তৰ শৌচ যুক্ত হয়, আলস্য নকৰে, কাৰো পক্ষ নহে, মনোদুষ্‌খ নকৰে, ভোগক লাগি উদ্যম নকৰে, প্ৰিয়ক পাই হৰ্ষ নকৰে, অপ্ৰিয়কো দ্বেষ নকৰে, ইষ্ট নাশতো শোক নকৰে, অপ্ৰাপ্তকো নবাঞ্ছে, পাপপুণ্য দুয়কো নাচৰে, শত্ৰু মিত্ৰতো একে ভাবে প্ৰৱৰ্ত্তে, মান অপমানতো হৰ্ষ বিষাদ নকৰে, শীত উষ্ণ সুখ দুষ্‌খতো সম হয়, কুন ঠাইতে আসক্তি নকৰে, স্তুতি নিন্দাতো তুল্য হয়, বৃথা বাক্য নোবোলে, যথালাভে তুষ্ট হয়, নিয়ত নিবাস নকৰে, নিৰন্তৰে মোত স্থিৰচিত্তে ৰহে, এমন ভক্তিমন্ত মোৰ মহাপ্ৰিয়।

 উক্ত অৰ্থক উপসংহৰি কহন্ত। এই মোক্ষ সাধন ধৰ্ম্মসবক যি শ্ৰদ্ধায়ে মোৰ অধীন হুয়া অনুষ্ঠান কৰে, সি ভক্তসব মোৰ অত্যন্ত প্ৰিয়। ব্ৰহ্ম উপাখা পন্থ মহাদুষ্‌খ বহু বিঘ্ন। এতেকে যি বুধ হয়, ভক্তিমন্তৰ পন্থ পৰম সুখকৰ কৃষ্ণপাদপদ্মক ভজোক।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং দ্বাদশোহধ্যায়ঃ ॥ ১২ ॥

 হে সাধুসব দেখ ভগৱন্তৰ ভক্তিৰ মহিমা, যাক পৰম শ্ৰদ্ধায়ে আশ্ৰয় মাত্ৰতে হৰিৰ প্ৰিয় হয়। হৰিৰ প্ৰিয় হৈলে আৰু কিছো কৃত্য নথাকে। এতেকে ভক্তিক আশ্ৰয় কৰি ডাকি হৰি বোল হৰি। [ ১৪০ ]

যচ্ছেবনৌৎসুক্যমনাহিতৎপদম্
লেভে যথাবৎ কিমুতানুতৎ প্ৰিয়ঃ।
অতোনৰাণাং ভগবৎপদাম্বুজম্
আৰাধ্যমালোক্যভজে তমীশ্বৰম॥

[ ১৪১ ]

ত্ৰয়োদশ অধ্যায়।

 দ্বাদশ অধ্যায়ত কহিছা ভক্তসবক মঞি সংসাৰ সাগৰৰ উদ্ধৰ্তা হঞো৷ তাকে জনাইবে অৰ্থে ত্ৰয়োদশ অধ্যায়ত তত্ত্বজ্ঞান কহিলা। ভক্তক মৃত্যুযুক্ত সংসাৰত তাৰ যি বুলিছা, সি আত্মজ্ঞান বিনে নঘটে। এতেকে আত্মজ্ঞান উপদেশৰ অৰ্থে প্ৰকৃতি পুৰুষ অধ্যায় আৰম্ভ কৰিলা। সপ্তম অধ্যায়ত পৰাঅপৰ ভেদে যি দুই প্ৰকৃতি কহিছা তাৰ অজ্ঞানত জীবৰূপ চিদংশৰ সংসাৰ হয়। যি দুই প্ৰকৃতিয়ে ঈশ্বৰে জীবৰ উপভোগাৰ্থে সৃষ্টি আদিত প্ৰৱৰ্ত্তন্ত সেই দুই প্ৰকৃতিক ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ শব্দে কহে।

 তাকে বিভাগে নিৰূপিবে লাগি শ্ৰীভগৱন্তে কহন্ত। সংসাৰ প্ৰবাহৰ ভূমি পদে এই ভোগায়তন শৰীৰক ক্ষেত্ৰ বুলি। আক যি অহম্মম বুলি মানে তাক ক্ষেত্ৰজ্ঞ কৰি বিবেকীসবে কহে। এমনে সংসাৰীৰ স্বৰূপ কহি তানে পৰমাৰ্থিক অসংসাৰীৰ স্বৰূপ কহন্ত। সকল ক্ষেত্ৰত স্থিত সংসাৰী ক্ষেত্ৰজ্ঞ মোকে জানিবা। বেদত চিদংশে মোৰ ৰূপ কহিছে। আদৰৰ অৰ্থে এই জ্ঞানক স্তুতি কৰন্ত। ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ বিলক্ষণ জ্ঞান মোক্ষ সাধে পদে মোৰ মত বুলি। আন জ্ঞান বন্ধ হেতু পদে বৃথা পাণ্ডিত্য বুঝিবা। যদ্যপি চতুৰ্ব্বিংশতি ভেদ প্ৰকৃতিক সে ক্ষেত্ৰ বুলি তথাপি দেহৰূপে পৰিণাম হৈলে সে অজ্ঞান প্ৰকট হয় এতেকে দেহকে ক্ষেত্ৰ বুলি। [ ১৪২ ]  আকে প্ৰপঞ্চিবে লাগি অঙ্গীকাৰ কৰন্ত। যাক ক্ষেত্ৰ বুলি তাৰ যি স্বৰূপ, যেন জড় দৃশ্যাদি স্বভাৱ, যি ইছাদি ধৰ্ম্ম আছে, যি ইন্দ্ৰিয়াদি বিকাৰযুক্ত, যি প্ৰকৃতি পুৰুষ সংযোগে হয়, যি স্থাবৰ জঙ্গমাদি ভেদে ভিন্ন, সেই ক্ষেত্ৰজ্ঞ স্বৰূপত যি যেমন প্ৰভাৱ, এইসব সঙ্ক্ষেপে মোত হন্তে শুনা। তেবে কোনে বিস্তৰে কহিছে এই অপেক্ষাত কহন্ত। বশিষ্ঠাদি ঋষিসবে যোগ শাস্ত্ৰত ধ্যান ধাৰণাদি বিষয় পদে বৈৰাজাদি ৰূপে নিৰূপিছে। বহুধা নিত্য নৈমিত্তিক কৰ্ম্মাদি বিষয় বেদসবে নানা দেৱতা ৰূপে কহিছে। বেদৰ সূত্ৰ পদ সবে তটস্থ স্বৰূপ লক্ষণা কৰি বহুধা গায়াছে। যুক্তিসবো আৰম্ভ উপসংহাৰৰ এক বাক্য কৰি অসংশয় কৰি দেখাইছে। এতেকে নানাৰূপে কথনত দুৰ্ব্বোধ হুয়াছে। মঞি সঙ্ক্ষেপে সুবোধ কৰি কহো সাৱধানে শুনা। তাতে ক্ষেত্ৰৰ স্বৰূপ কহন্ত। পঞ্চ মহাভূত, তাৰ কাৰণ অহঙ্কাৰ, মহত্তত্ব, মূল প্ৰকৃতি, দশ ইন্দ্ৰিয়, মন, শব্দাদি পঞ্চতন্মাত্ৰ, এই চৌবিশ তত্ত্ব। ইছা দ্বেষ সুখ দুষ্‌খ শৰীৰ চেতনা ধৃতি। ইছাদি ক্ষেত্ৰধৰ্ম্ম পদে ক্ষেত্ৰৰ ভিতৰ বুঝিবা। ইছাদি ধৰ্ম্ম ইন্দ্ৰিয়াদি বিকাৰে সহিত ক্ষেত্ৰক সঙ্ক্ষেপে তোমাৰ আগত কহিলো।

 ক্ষেত্ৰত কৰি ক্ষেত্ৰজ্ঞক পৃথকে কহিবে লাগি জ্ঞান সাধন কহন্ত। এমন অদম্ভ হিংসাত্যাগ সহন অবক্ৰভাৰ গুৰুসেবা মৃত্তিকা জলে বাহ্য শৌচ, ৰাগ লোভ ত্যাগ মনৰ শৌচ, স্বধৰ্ম্মত স্থৈৰ্য্য, দেহৰ সংযম বিষয়ত বৈৰাগ্য, অনহঙ্কাৰ,জন্মমৃত্যু জৰা ব্যাধিত [ ১৪৩ ] দুষ্‌খ দোষ দৰ্শন, পুত্ৰ ভাৰ্য্যা গৃহাদিত প্ৰীতি ত্যাগ, অনাসক্তি, ইষ্ট অনিষ্ট প্ৰাপ্তিত সদাই সমচিত্ত, মঞি পৰমেশ্বৰত সৰ্ব্বাত্মদৃষ্টিয়ে একান্ত ভক্তি, পবিত্ৰ স্থানত নিবাস, প্ৰাকৃত জনত অপ্ৰীতি, আত্মজ্ঞানত নিষ্ঠ বুদ্ধি, মোক্ষ বিচাৰ, এই বিংশতি জ্ঞান সাধনক জ্ঞান বুলি; আত অন্য দম্ভাদিক অজ্ঞান বুলি। এই সাধনে জ্ঞেয় বস্তুক কহো সাবধানে শুনা। আক জানি মোক্ষ লভিবা। অনাদি মোৰ নিৰ্ব্বিশেষে ৰূপ পৰম্‌ব্ৰহ্ম বিধি নিষেধৰ অবিষয়। যদি বোলা ব্ৰহ্ম বিধি নিষেধৰ বিষয় নহৈলে সবাকে ব্ৰহ্ম বুলি, যি বেদ কহে সিতো বিৰোধ হৈল। এই আশঙ্কাত অচিন্ত্য শক্তিয়ে সৰ্ব্বৰূপ কহন্ত। সবাতে পাণিপাদ শিৰ মুখ শ্ৰবণ চক্ষু লোকত সবাকে আবৰি থাকন্ত। সকল প্ৰাণীৰ পাদাদি উপাধিয়ে সকল ব্যৱহাৰৰ আশ্ৰয় হুয়া আছন্ত।

 সকল ইন্দ্ৰিয় বিষয় ৰূপে প্ৰকাশ কৰন্ত, ইন্দ্ৰিয় বিষয় দুইকো প্ৰকাশন্ত বা, সকল ইন্দ্ৰিয়ে বৰ্জ্জিত কুনো ঠাইত আসক্তি নাই তথাপি সবাকে ধৰিছন্ত, পৰমাৰ্থত নিৰ্গুণ তথাপি গুণক পালন কৰন্ত, প্ৰাণীসবৰ বাহ্যে অভ্যন্তৰে আছা, কাৰণ পদে চৰাচৰ ৰূপে হন্ত, তথাপি সূক্ষ্ম পদে তাঙ্ক জানিবে নপাৰি, অজ্ঞানীৰ দূৰত থাকা, জ্ঞানীৰ সমীপত থাকন্ত, ভূতসবত কাৰণ ৰূপে অভেদে থাকন্ত, কাৰ্য্যৰূপে ভেদো হন্ত, স্থিতি কালত প্ৰাণীসবক পোষন্ত, প্ৰলয় কালত সংহাৰ কৰন্ত, সৃষ্টি কালত উদ্ভৱো কৰন্ত, সূৰ্য্যাদিৰো প্ৰকাশক অজ্ঞানত পৰ। বুদ্ধি বৃত্তিত জ্ঞানৰূপে প্ৰকাশ হন্ত, সৰ্ব্বৰূপে তাকে জানি জ্ঞান [ ১৪৪ ] দ্বাৰে তাঙ্কে সে পায়, সবাৰে হৃদয়ত নিয়ন্তা ৰূপে থাকন্ত। এমনে ক্ষেত্ৰ জ্ঞান সাধন জ্ঞেয় বস্তু তুমাৰ আগত সংক্ষেপে কহিলো। আক মোৰ ভক্তে অযত্নে জানি মোৰ স্বৰূপ পাৱে।

 হে অৰ্জ্জুন! অনাদি ঈশ্বৰৰ পুৰুষ অংশ, প্ৰকৃতি শক্তি, এতেকে দুইকো অনাদি জানিবা বিকাৰ দেহেন্দ্ৰিয়াদি গুণ পৰিণাম সুখ দুষ্‌খাদিক প্ৰকৃতিৰ কাৰ্য বুঝিবা। দেহ ইন্দ্ৰিয় পৰিণামক প্ৰতি প্ৰকৃতিক কাৰণ কহে। সুখ দুষ্‌খৰ ভোগক লাগি জীবকে হেতু বুঝিবা। আৰ এমন অভিপ্ৰায়। যদ্যপি অচেতন প্ৰকৃতিৰ স্বতসে কাৰণ নঘটে, অধিকাৰী জীবৰো ভোগ নঘটে। তথাপি চেতনৰ সকাশত অচেতনৰো প্ৰবৃত্তি দেখি, যেন বায়ুৰ সকাশত তৃণ চলে, অগ্নিৰ সকাশত জ্বালাসব উৰ্দ্ধ হয়, বৎসৰ সকাশত স্তনৰ দুগ্ধ স্ৰবে। এমনে, পুৰুষৰ সন্নিধানে প্ৰকৃতি কাৰণ হয়। যদি বোলা অবিকাৰী জন্মহীন পুৰুষৰ কেনে ভোগ হয়, তাত শুনা। প্ৰকৃতিৰ কাৰ্য্য দেহত জীবৰূপে থাকে, দেহজনিত সুখাদিক ভোগ কৰে।

 এই পুৰুষৰ উৎকৃষ্ট নিকৃষ্ট যোনিত ইন্দ্ৰিয়সঙ্গে ভোগৰ কাৰণ জানিবা। এতেকে অজ্ঞানে সে জীবৰ সংসাৰ, পৰমাৰ্থত নাই। এই অভিপ্ৰায়ে জীবৰ স্বৰূপ কহন্ত। প্ৰকৃতিৰ কাৰ্য্য দেহত থাকিতেও পুৰুষ দেহত পৰ তাৰ গুণে যুক্ত নহে, তাৰ হেতু শুনা। দ্ৰষ্টা অনুমোদন ধাৰণ পালন সন্নিধানে মাত্ৰে কৰ্ত্তা৷ মহন্ত ঈশ্বৰ পৰাত্মা বুলিয়ো বেদত কহে। এমনে পুৰুষক নিৰ্গুণ প্ৰকৃতিক গুণময় কৰি যি জানে, সি বিধিক উলঙ্ঘি প্ৰৱৰ্ত্তিলেও [ ১৪৫ ] মুক্ত হয়। এই জ্ঞানৰ সাধন কহন্ত। কতোসবে ধ্যান কৰি এই আত্মাক দেহতে দেখে। কতোসবে প্ৰকৃতি পুৰুষৰ বিবেকে শুদ্ধ আত্মাক বিচাৰ কৰে। অপৰসবে অষ্টাঙ্গ যোগৰ বলে মনত জানে। অন্যসবে কৰ্ম্মযোগে দেখিতে যত্ন কৰে। অতি মন্দাধিকাৰীৰ নিস্তাৰ উপায় কহন্ত। কুনোসবে সাংখ্য যোগদি পথে এমন অত্মাক জানিবে নুৱাৰে, কিন্তু মহন্তৰ মুখে শুনি পৰম শ্ৰদ্ধায়ে কথা মাত্ৰ চিন্তে। সেই শ্ৰবণপৰসবে অনায়াসে সংসাৰ তৰে।

 কৰ্ম্মযোগক তৃতীয় চতুৰ্থ পঞ্চমত প্ৰপঞ্চিছা। ধ্যান যোগকো ষষ্ঠ অষ্টমত কহিছা। ইদানীক সাংখ্যক প্ৰপঞ্চি কহন্ত। যৎকিঞ্চিৎ স্থাবৰ জঙ্গম প্ৰাণী উৎপন্ন হয় সি সব প্ৰকৃতি পুৰুষৰ অজ্ঞানকৃত সংযোগত হুয়াছে, আক তুমি জানিবা। অজ্ঞানকৃত সংসাৰৰ উদ্ভৱ কহি, তাৰ নিবৃত্তিৰ অৰ্থে শুদ্ধ আত্মজ্ঞান কহন্ত। বিনাশী স্থাবৰ জঙ্গম ভূতসবত অবিনাশী সম পৰমাত্মাক যি দেখে সেই সে সম্যক দেখে, আনে নেদেখে। সকল প্ৰাণীতে সম পৰমেশ্বৰক দেখিলে আপুনাক আপুনি বিনাশ নকৰে মোক্ষ পাৱে। যি এমন নেদেখে সি দেহবাদী আপুনাক আপুনি নাশ কৰি নৰকত পৰে।

 যদি বোলা শুভাশুভ কৰ্ম্মে বা আত্মা বৈষম্য হৈলে কেমনে শুদ্ধ হৈব তাত শুনা। প্ৰকৃতি দেহৰূপে পৰিণাম হৈলে সকল প্ৰকাৰে কৰ্ম্মসব কৰে। দেহৰ অভিমানে সে আত্মা কৰ্ত্তা হয় স্বতসে নহে৷ এতেকে আত্মাক অকৰ্ত্তা কৰি যি দেখে [ ১৪৬ ] সেহিসে জ্ঞানী হয়, আনে নহে। যেখন স্থাবৰ জঙ্গম প্ৰাণীৰ নানা ভেদক একে ঈশ্বৰ শক্তিৰূপ প্ৰকৃতিত প্ৰলয়ত থাকে। সৃষ্টি সময়ত প্ৰকৃতিত হন্তে বিস্তাৰ হয়। আক যি আলোচন কৰে, এমনে প্ৰকৃতিৰূপেও ভূতৰ অভেদ দেখি পৰিপূৰ্ণ ব্ৰহ্মক পাৱে। তথাপি সংসাৰ অৱস্থাত দেহ সম্বন্ধ নিমিত্ত কৰ্ম্ম। তাৰ ফল সুখ দুষ্‌খাদিয়ে বৈষম্য নিবাৰণ নহে। কেমনে সমদৰ্শন হৈব তাত শুনা। এই পৰমাত্মা অনাদি নিৰ্গুণ পদে অধিকাৰী। এতেকে শৰীৰত থাকিতেও নকৰে লিপ্তে নহে। যেন আকাশ পঙ্কাদিত থাকিতেও অসঙ্গ পদে পঙ্কাদিয়ে লিপ্ত নহে, তেমনে আত্মা উত্তম অধম দেহত থাকিতেও দেহৰ গুণ দোষে যুক্ত নহয়। অসঙ্গ পদে লিপ্ত নহয়, আক আকাশ দৃষ্টান্তে দেখাইলা।

 প্ৰকাশ আত্মাৰ প্ৰকাশ্যে দেহৰ ধৰ্ম্মযোগ নাই। আক ৰবি দৃষ্টান্তে কহন্ত। যেন একে আদিত্যে সকল লোককে প্ৰকাশ কৰে, তেমনে সকল দেহকে আত্মা প্ৰকাশ কৰন্ত। অধ্যায়ৰ অৰ্থক উপসংহৰি কহন্ত। এমনে জ্ঞান চক্ষুয়ে দেহ আত্মাৰ ভেদক যি জানে, প্ৰকৃতি হন্তেও মোক্ষ উপায় ধ্যানাদিক যি আচৰে, সি পৰম পদ পাৱে। যি ভগৱন্তে মিশ্ৰ প্ৰকৃতি পুৰুষ ভেদ কৰি কহিল, হেন পৰমানন্দ কৃষ্ণ নন্দনন্দন ঈশ্বৰক প্ৰণাম কৰো ৷

ইতি শ্ৰীভগৱদ্গীতাকথায়াং ত্ৰয়োদশোহধ্যায়ঃ ॥ ১৩ ॥

 হে সামাজিকসব দেশ যোগ সাংখ্য ধ্যান কৰ্ম্ম কৰিবে নপাৰিলেও [ ১৪৭ ] কেৱল শ্ৰবণে পৰম গতি লভে। এতেকে যিমান পাৰা শ্ৰদ্ধায়ে হৰি কথা শুনি ডাকি হৰি বোল হৰি।

যোগাদিক্লেশেন বিনাপি বৎকথা
মাত্ৰান্নৰোযাতি মুদাপৰম্পদম্।
তং কৃষ্ণমানন্দনিধি সদা ভঙ্গে
স্বপাদপদ্মালিজনপ্ৰিয়ংবিভুম্ ॥

[ ১৪৮ ]

চতুৰ্দ্দশ অধ্যায়।

 চতুৰ্দ্দশ অধ্যায়ত পুৰুষ প্ৰকৃতিৰ স্বতন্ত্ৰ দূৰ কৰি গুণ সঙ্গত বিচিত্ৰ সংসাৰ কহিবা। পূৰ্ব্ব অধ্যায়ত কহিলা সকল প্ৰাণী পুৰুষ প্ৰকৃতি সংযোগত হুয়াছে। সিয়ে সংযোগ নিৰীশ্বৰ সাংখ্যৰ মতে স্বতন্ত্ৰ নহে কিন্তু ঈশ্বৰৰ ইছায়ে সে হয়। আক পূৰ্ব্বত কহি গুণকৃত সংসাৰ বৈচিত্ৰক প্ৰপঞ্চিবে লাগি তাকে স্তুতি কৰন্ত। হে অৰ্জ্জুন ! পুনু তুমাত পৰমাৰ্থনিষ্ঠ উত্তম উপদেশ ভালমতে কহে, যাক পায়া মুনিসবে দেহ বন্ধ হন্তে মোক্ষ পায়াছে। এই জ্ঞান সাধনক অনুষ্ঠান কৰি মোৰ স্বৰূপক পায়া জগতৰ সৃষ্টিতো উৎপন্ন সহৱে, প্ৰলয়তো দুষ্‌খকো নপাৱে। এমনে প্ৰশংসায়ে শ্ৰোতাক সম্মুখ কৰি পৰমেশ্বৰাধীন প্ৰকৃতি পুৰুষ হন্তে সকল ভূতৰ উৎপত্তি হয় স্বতন্ত্ৰ নহে এই অৰ্থক কহন্ত।

 মঞি প্ৰকৃতিত গৰ্ভাধান কৰোঁ। প্ৰলয়ত মোত লীন হুয়াছিল। অবিদ্যা কামকৰ্ম্ম বাসনাযুক্ত জীবক সৃষ্টি সময়ত ভোগ্য দেহ সমে সম্বন্ধ কৰাঞো ৷ এমন গৰ্ভাধান হৈলে ব্ৰহ্মাদি সকল প্ৰাণী উদ্ভৱ হয়। কেৱল সৃষ্টি সময়ত মোৰ অধিষ্ঠিত প্ৰকৃতি পুৰুষ হন্তে সকল প্ৰাণীৰ উদ্ভৱ হয় ই নহে, কিন্তু সৰ্ব্বদায়ে হৱে, আকে কহন্ত। সকল যোনিতে যিমান দেহ উদ্ভৱ হয় তাৰ প্ৰকৃতি মাতৃ মঞি পিতৃ। এমনে পৰমেশ্বৰৰ অধীন প্ৰকৃতি পুৰুষ [ ১৪৯ ] হন্তে সকল ভূতৰ উৎপত্তি কহি ইদানীক প্ৰকৃতি সঙ্গত পুৰুষৰ সংসাৰ কহন্ত।

 সত্ব ৰজ তম এই তিনি গুণ প্ৰকৃতি হতে উৎপত্তি হুয়াছে। এতেকে প্ৰকৃতিৰ কাৰ্য্য দেহত অভিমানী পুৰুষক বন্ধ কৰে। তাতে সত্ব গুণ নিৰ্মল প্ৰকাশক উপদ্ৰৱ হীন, এতেকে সুখ সঙ্গে পুৰুষক বন্ধ কৰে। ৰজোগুণ অনুৰঞ্জন স্বভাৱ, যাত তৃষ্ণা আসক্তি হয়, এতেকে কৰ্ম্ম সঙ্গে বন্ধ কৰে৷ তমোগুণ অজ্ঞানত হুয়াছে, সকল দেহীকে মোহ কৰাৱে, এতেকে প্ৰমাদ আলস্য নিদ্ৰায়ে পুৰুষক বন্ধ কৰে। সত্বাদি গুণৰ আপুনাৰ কাৰ্য্য কৰণত সামৰ্থ্য কহন্ত। সত্বগুণে সুখত যোজন কৰাৱে, ৰজোগুণে কৰ্ম্মত আসক্তি জন্মাৱে, তমোগুণে জ্ঞানক আবৰি প্ৰমাদক জন্মাৱে। তাৰ হেতু শুনা, ৰজ তম দুই গুণক অভিভব কৰি সত্ব গুণ আবিৰ্ভাব হয়, সত্ব তম দুই গুণক ঢাকি ৰজোগুণ প্ৰকাশ কৰে, সত্ব ৰজ দুই গুণক আবৰি তমোগুণ উদ্ভৱ হয়।

 এতেকে তিনিও গুণে আপুনাৰ কাৰ্য্য কৰিবে সমৰ্থ হয়। ইদানীক গুণ বৃদ্ধিৰ চিহ্ন কহন্ত। যেখন পুৰুষৰ সকল ইন্দ্ৰিয় বিশেষ জ্ঞানৰূপ প্ৰকাশ হয়, সুখো মিলে তেখন সত্ব গুণৰ বৃদ্ধি জানিব। যেখন বিষয়ত লোভ, কৰ্ম্মত প্ৰবৃত্তি, কাৰ্য্যক উদ্যম, বাঞ্ছাৰ অসাম্য, দেখিল মাত্ৰে আনিবে ইছা, ৰজোগুণ বাঢ়িলে এই চিহ্ন সব হয়। যেখন অবিবেক অনুদ্যম প্ৰমাদ মোহ এই চিহ্ন হৈলে তমোণৰ অতিশয় দেখি৷ মৰণ সময়ত গুণ বৃদ্ধিৰ ফল কহন্ত। সত্ব গুণ বৃদ্ধি হৈলে জীবে মৃত্যু পায়া স্বৰ্গাদি ফলক [ ১৫০ ] পাৱে, ৰজোগুণত মৃত্যু হৈলে মনুষ্য লোকত জাত হয়, তমোগুণত প্ৰাণ এড়ি পশুপক্ষীত উৎপন্ন হয়৷ সাত্বিক কৰ্ম্মৰ সত্ব প্ৰধান নিৰ্ম্মল সুখ ফল কহে, ৰাজসিক কৰ্ম্মৰ দুষ্‌খ ফল, তামসিক কৰ্ম্মৰ অজ্ঞান ফল। সত্ব গুণত জ্ঞান জাত হয়, ৰজোগুণত লোভ হয়, তমোগুণত প্ৰমাদ মোহ অজ্ঞান জাত হয়৷ সাত্বিকসব উৰ্দ্ধলোকক যাই, ৰাজসিকসব মধ্যত থাকে, তামসিকসব নৰকক চলে। এমনে প্ৰকৃতিগুণসঙ্গকৃত সংসাৰক প্ৰপঞ্চি ইদানীক তাৰ বিবেকে মোক্ষ কহন্ত।

 যেখন পুৰুষ ভক্তিৰ বলে বিবেকী হুয়া গুণত অন্য কৰ্ত্তা নেদেখে কিন্তু গুণে কৰ্ম্ম কৰে দেখে, এতেকে গুণত সাক্ষী ৰূপ আত্মাক যি জানে সি মোৰ স্বৰূপক পাৱে। গুণকৃত সকল অনৰ্থ নিবৃত্তি হৈলে পুৰুষ কৃতাৰ্থ হয়, আকে কহন্ত দেহৰ আকাৰে পৰিণাম হয়। এই তিনি গুণ তাক অতিক্ৰমি পুৰুষে জন্ম মৃত্যু জৰা দুষ্‌খে বিমুক্ত হয়, পৰমানন্দক লভে। গুণক অতিক্ৰমি অমৃতক পাইবাৰ শুনি তাৰ লক্ষণ আচাৰ উপায়ক ভালমতে জানিবে ইছায় অৰ্জ্জুনে পোছন্ত। হে প্ৰভু! কেমন চিহ্নে পুৰুষ গুণাতীত হয় কেমন বা প্ৰবৃত্তি কি উপায়ে তিনি গুণক অতিক্ৰমে আক মোত কহা।

 দ্বিতীয় অধ্যায়ত পৃষ্ট অৰ্থকো পুনু পুছিবাক দেখি প্ৰকাৰান্তৰে সিদ্ধান্ত কহিবে ভগৱন্তে প্ৰথমে লক্ষণ কহন্ত। যেখনে পুৰুষে তিনিয়ো গুণৰ কাৰ্য্য আপুনাত মিলিলে দুষ্‌খ বুদ্ধিয়ে দ্বেষ নকৰে, নিবৃত্তি হৈলেও সুখ বৃদ্ধিয়ে আকাঙ্ক্ষা নকৰে, সদাই সাক্ষী [ ১৫১ ] হেন থাকে। গুণ কাৰ্য্য সুখ দুষ‌্খাদিয়ে স্বৰূপৰ পৰা চালিবে নপাৰে। গুণসবে আপুনাৰ কাৰ্য্যত প্ৰৱৰ্ত্তে; মোৰ তাত সম্বন্ধ নাই। এই বিবেক জ্ঞান মৌনে ৰহে স্বৰূপত নচলে। মান অপমানতো তুল্য, শত্ৰু মিত্ৰ দুইতো সম স্বভাৱে কিঞ্চিতো উদ্যম নকৰে, তাকে গুণাতীত বুলি। কি উপায়ে গুণক এড়াই, আৰ উত্তৰ কহন্ত।

 মঞি পৰমেশ্বৰক অব্যভিচাৰী ভক্তিযোগে যি ভজে, সি গুণক অতিক্ৰমি ব্ৰহ্মৰূপ মোক্ষক পাৱে৷ মঞি ব্ৰহ্মৰ প্ৰতিমা প্ৰৱৰ্ত্তক মূৰ্ত্তিমন্ত ব্ৰহ্ম। যেন মুৰ্ত্তিমন্ত সূৰ্য্যৰ প্ৰকাশ ৰূপ মণ্ডল, তেমনে মূৰ্ত্তিমন্ত মোৰ প্ৰকাশ ৰূপ ব্ৰহ্ম, তেমনে নিত্য মুক্ত পদে মোক্ষৰো প্ৰৱৰ্ত্তক, শুদ্ধ সত্ব মূৰ্ত্তি পদে ভক্তি ধৰ্ম্মৰো প্ৰৱৰ্ত্তক৷ পৰমানন্দ পদে অখণ্ড সুখৰো প্ৰৱৰ্ত্তক। এতেকে মোৰ সেবকে মোৰ ৰূপক অৱশ্যে পাইব। ভাল কহিলো মোৰ ভক্তে ব্ৰহ্মৰূপক পাৱে। পুৰুষে কৃষ্ণৰ অধীন হুয়া গুণত সঙ্গ এড়ি সংসাৰক দূৰ কৰি মোৰ ভক্তি অনায়াসে সংসাৰ তৰে। এই কথা চতুৰ্দ্দশ অধ্যায়ত নিৰ্ণীত হৈছিল।

ইতি শ্ৰীগীতাকথায়াং চতুৰ্দ্দশোহধ্যায়ঃ ॥ ১৪॥

 হে লোকসব দেখ অব্যতিচাৰী ভক্তি কৰি ভগৱন্তক পায়। অন্য দেন সম্বন্ধক ব্যভিচাৰ বুলি৷ এতেকে অজেয়ৰ উপাসকৰ আলাপমানো নকৰি ডাকি হৰিবোল হৰি।

ত্যক্ত্বান্যদেৱতাসেবাং তদুপাসকসঙ্গতিম্।
ভক্তি কৃষ্ণপদে কৃত্বা গুণান্ জিত্বা ভৰং তৰেৎ ॥

[ ১৫২ ]

পঞ্চদশ অধ্যায়।

 বৈৰাগ্য বিনে জ্ঞান ভক্তি দুয়ো নহে, এতেকে পঞ্চদশ অধ্যায়ে বৈৰাগ্য পূৰ্ব্বক জ্ঞান কহিবা। পূৰ্ব্ব অধ্যায়ৰ অন্তত পৰমেশ্বৰক একান্ত ভক্তিয়ে ভজিলে তান প্ৰসাদে জ্ঞান পায়া মোক্ষ পাৱে আক কহিলা। অবিৰক্তৰ একান্ত ভক্তি জ্ঞানো নহে, এতেকে বৈৰাগ্য পূৰ্ব্বক জ্ঞান উপদেশ দিবাক ইছায়ে সংসাৰ বৃক্ষ সাদৃশ্যে কহন্ত। জানা অৰ্জ্জুন, সংসাৰ বৃক্ষৰ পুৰুষোত্তম মূল, ব্ৰহ্মাদি শাখা। বিশ্বাসৰ অযোগ্য পদে প্ৰভাত লাগিয়ো স্থিৰ নহে, প্ৰবাহৰূপে বিচ্ছেদো নাই। ধৰ্ম্ম অধৰ্ম্ম কথনৰ দ্বাৰায়ে ছায়াৰূপে কৰ্ম্মফলে সফল জীবৰ আশ্ৰয় পদে বেদসব পত্ৰ বুঝিবা। আক যি জানে সি বেদবেত্তা হয়। তাতে পূন্যৱন্ত ঊৰ্দ্ধৰ শাখা, পাপীসব অধৰ শাখা, তিমি গুণ বৃদ্ধি হয়। বিষয়সব নবীন পত্ৰ, পুণ্য পাপ কৰ্ম্মফলভোগ বাসনাসৰ ঊৰ্দ্ধ অধৰ শিকা, মনুষ্যলোকে হুয়াছে।

 এমন প্ৰকাৰে প্ৰাণীসবে সংসাৰ বৃক্ষৰ ৰূপ নলভে, যাৰ আদি অন্ত স্থিতিও নাই। অস্থিৰ হুয়ো অত্যন্ত বদ্ধমূল হুয়াছে। এতেকে আৰু দুৰ্ভেদ অনৰ্থকৰ জানি অহস্মমতা ত্যাগ দৃঢ় অস্ত্ৰ ধৰি সংসাৰ বৃক্ষক ছেদ কৰি তাৰ মূল পুৰুষোত্তমক বিচাৰ কৰিব। যাক পায়া পুনু নিবৰ্ত্তি নাহে, যাত হন্তে সংসাৰ বিস্তাৰ হুয়াছে, সেই আদি পুৰুষত শৰণ [ ১৫৩ ] লৈয়া একান্ত ভক্তিয়ে বিচাৰিব। তাঙ্ক পাইবাক লাগি সাধনান্তৰো কহন্ত। অহঙ্কাৰ অভিনিবেশ এড়ি, পুত্ৰাদি সঙ্গদোষ তেজি, জ্ঞাননিষ্ঠ হৈয়া কামভোগ পৰিত্যাগ কৰি, সুখ দুখ্‌ষৰূপ শীত উষ্ণাদি দ্বন্দ্ব ধৰ্ম্মে বিমুক্ত হুয়া, অবিদ্যা ছাড়ি, সেই অব্যয় পদক পাৱে।

 তাৰ বিশেষ কহি। যাক চন্দ্ৰ সূৰ্য্য অগ্নিয়ে প্ৰকাশ নকৰে, শীত উষ্ণ আদি দোযে নাই, যাক পাই যোগীসব নিবৰ্ত্তন নহে, তাকে মোৰ স্বৰূপ বুঝিবা। যদি তোমাৰ স্বৰূপ পায়া নিবৃত্তি নহে তেবে সুষুপ্তি প্ৰলয়ত তোমাৰ প্ৰাপ্তি সবাৰে আছে, তেবে কুনেনু সংসাৰী হৈব, এই আশঙ্কাত সংসাৰীক দেখান্ত৷ মোৰ অংশ অবিদ্যায় জীব হুয়া সদাই সংসাৰী হুয়াছে, এতেকে সুষুপ্তি প্ৰলয়ত মোৰ প্ৰকৃতিত লীন ইন্দ্ৰিয়সবক লৈয়া সংসাৰক আসে, আৰ এমন অভিপ্ৰায়। সুষুপ্তি প্ৰলয়ত মোৰ অংশ সকল জীবে মোক পায়া থাকে। তথাপি অবিদ্যাবৃত জীবে প্ৰকৃতি সহিতে মোক পাৱে শুদ্ধক নপাৱে। এতেকে পুনু সংসাৰক আসিতে প্ৰকৃতিত লীন ইন্দ্ৰিয়সবক লৈয়া আসে। জ্ঞানীসব পুনু শুদ্ধৰূপ পায়া নিবৃত্তি নহে। ইন্দ্ৰিয়ক আনি কি কৰয় আত কহন্ত।

 যেখন জীবে কৰ্ম্মবশে ষি শৰীৰক পাৱে, মাক বা এড়ে, তেখন পূৰ্ব্বৰ শৰীৰৰ পৰা ইন্দ্ৰিয়সবক লৈয়া শৰীৰান্তৰক যাই, দেহ থাকিতেও ইন্দ্ৰিয়ক নেন্তে দৃষ্টান্ত, যেমন পুষ্প থাকিতেও বায়ুএ গন্ধক লৈয়া যাই। শ্ৰোত্ত চক্ষু ত্বক্ বসনা স্ক্ৰাণ মন এই ছয় [ ১৫৪ ] ইন্দ্ৰিয়ক স্বীকাৰ কৰি বিষয় সেৱা কৰে। যদি বোলা কাৰ্য্যকাৰণ ব্যতিৰেকে এই আত্মাক কিয় সবে নেদেখে তাত শুনা। দেহৰ পৰা দেহান্তৰ যাইতে দেহত থাকিতেও বিষয়ভোগ কৰিতেও ইন্দ্ৰিয় যুক্ত জীবক বিমূঢ়সবে নেদেখে, জ্ঞানচক্ষুসবে দেখে। এই আত্মা দুৰ্জ্ঞেয় বিবেকীৰ মাঝত কেঞো দেখে কেঞো নেদেখে আকে কহন্ত।

 যোগীসবে ধ্যানাদিয়ে যত্ন কৰি দেহতে শুদ্ধ আত্মাক দেখে। যত্ন কৰিও অশুদ্ধচিত্ত মন্দমতিসবে নেদেখে। ইদানীক অনন্ত শক্তি কহি পৰমেশ্বৰক নিৰূপণ কৰন্ত। আদিত্য চন্দ্ৰ অগ্নিৰ যি তেজে সকল জগতক প্ৰকাশ কৰে, সি তেজ মোৰ জানিবা। পৃথিবীত প্ৰবেশি মঞি ভূত সকলক ধৰোঁ, ৰসময় চন্দ্ৰ হুয়া ওষধিসবকে পুষ্ট কৰো। মঞি জঠৰাগ্নি হুয়া প্ৰাণীসবৰ দেহত থাকি প্ৰাণ অপান বায়ুয়ে যুক্ত হুয়া ভক্ষ্য ভোজ্য লেহ্য চোষ্য ভেদে চাৰিবিধ অন্ন পচাঞু। সবাৰে হৃদয়ত মঞি প্ৰবেশ হুয়াছোঁ। মোত হন্তে সে পূৰ্ব্বাপৰ স্মৃতি জ্ঞান তাৰ নাশো হয়। সকল বেদৰ মঞিসে বেদ্য। মঞিসে বেদৰো বেত্তা জ্ঞানদাতা গুৰু।

 ইদানীক আপুনাৰ সৰ্ব্বোত্তম দেখান্ত। লোকত প্ৰসিদ্ধ ক্ষৰ অক্ষৰ দুই পুৰুষ। ব্ৰহ্মাদি স্থাবৰান্ত শৰীৰকে ক্ষৰ পুৰুষ বুলি। ভোক্তা জীবক অক্ষৰ পুৰুষ বুলি। দুইতো বিলক্ষণ উত্তম পুৰুষ যাক পৰমাত্মা বুলি। আত্মা পদে জড় শৰীৰত বিলক্ষণ। পৰম পদে অক্ষৰ ভোক্তাতো কৰি বিলক্ষণ বুঝিবা। [ ১৫৫ ] যি অব্যয় ঈশ্বৰে তিনিয়ো লোকক প্ৰবেশ হুয়া পালন কৰন্ত এমন পুৰুষোত্তম আপুনাৰ নামক অম্বয়ে কহন্ত। নিত্যমুক্ত পদে মঞি জড়বৰ্গক অতিক্ৰমিছো, নিয়ন্তা পদে চেতন জীবতো উত্তম হুয়াছোঁ। এতেকে লোকত বেদত মঞি পুৰুষোত্তম প্ৰখ্যাত হুয়াছোঁ। এমন ঈশ্বৰক জানন্তাৰ ফল কহোঁ৷ এমনে নিশ্চিতমতি হুয়া যি মোক পুৰুষোত্তম কৰি জানে সি সকল প্ৰকাৰে মোক ভজে। তেবে সৰ্ব্বজ্ঞ হয়৷

 অধ্যায়ৰ অৰ্থক উপসংহৰি কহন্ত। সংক্ষেপে তুমাৰ আগত অতি ৰহস্য শাস্ত্ৰক কহিলোঁ। আক বুঝি যেই সেই পুৰুষ জ্ঞানী হুয়া কৃতাৰ্থ হয়, হে ভাৰত তুমি কৃতাৰ্থ হৈবা, আক কি বুলিবো। ভগৱন্তে পুৰুষোত্তম যোগ নাম পঞ্চদশ অধ্যায়ত সংসাৰ বৃক্ষক ভেদ কৰি পৰম তত্ত্বক উপদেশ দিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং পঞ্চদশোহধ্যায়ঃ ॥ ১৫ ॥

 হে সাধুসব দেখ শ্ৰীকৃষ্ণক পুৰুষোত্তম কৰি জানিয়া ভজলে সকল জাতিয়ে কৃতাৰ্থ হয়। এতেকে কৃষ্ণক সততে ভজি ডাকি হৰি বোল হৰি।

যজ্‌জ্ঞানেন জনোযাতি সদ্য এব কৃতাৰ্থতাম্।
তমহং ভক্তভীতিঘ্নং পুৰুষোত্তমমাশ্ৰয়ে ॥

[ ১৫৬ ]

ষোড়শ অধ্যায়।

 আসুৰী সম্পত্তিক এড়ি দৈবী সম্পত্তিক আশ্ৰয় কৰি পুৰুষ মুক্ত হয়, আক নিৰ্ণয় কৰিবাক লাগি ষোড়শ অধ্যায় বিবেচিবা। পূৰ্ব্ব অধ্যায়ৰ অন্তত কহিলা পুৰুষোত্তম যোগ বুঝি কৃতাৰ্থ হয়। তাতে কুনে ই তত্ত্ব বুঝে কুনে নুবুঝে এই অপেক্ষাত তত্ত্বজ্ঞানৰ অধিকাৰী অনধিকাৰী বিবেকৰ অৰ্থে ষোড়শ অধ্যায় আৰম্ভ কৰিলা। তাতে অধিকাৰীৰ বিশেষণ দৈবী সম্পত্তি কহন্ত। অভয় চিত্তশুদ্ধি জ্ঞাননিষ্ঠা অন্নাদি দান যজ্ঞ ইন্দ্ৰিয় নিয়ম, বেদপাঠ কায়ক্লেশ অবক্ৰতা অহিংসা সত্য অক্ৰোধ উদাৰ ভাব চিত্তৰ উপৰাম পৰদোষ অকথন ভূত দয়া অলোভ কোমলভাব অকাৰ্য্যত লজ্জা ব্যৰ্থ ক্ৰিয়া ত্যাগ প্ৰভাৱ দৰ্শন ক্ষমা ধৃতি বাহ্য অভ্যন্তৰ শৌচ অদ্ৰোহ অনভিমান এই ষড়বিংশতি দেবৰ যোগ্য সাত্বিকী সম্পত্তি ভাবি কল্যাণ পুৰুষৰ হয়।

 আসুৰী সম্পত্তি কহন্ত। দম্ভ দৰ্প অভিমান ক্ৰোধ পাৰুষ্য অজ্ঞান এই আসুৰী সম্পত্তি ভাবি অকল্যাণ পুৰুষৰ হয়। দুই সম্পত্তিৰ কাৰ্য্য কহন্ত। দৈবী সম্পত্তিযুক্ত পুৰুষে তত্ত্বজ্ঞানত অধিকাৰী হয়৷ আসুৰী সম্পত্তিযুক্ত পুৰুষ সংসাৰী হয়। হেন শুনি তত্ত্বজ্ঞানত কি মঞি অধিকাৰী হঞো নহঞো এই সংশয়ে আকুল অৰ্জ্জুনক দেখি আশ্বাস কৰন্ত। হে পাণ্ডব ! শোক নকৰিবা, তুমি দৈবী সম্পত্তিক সম্মুখে জাত হুয়াছা। সকল প্ৰকাৰে [ ১৫৭ ] বৰ্জ্জিৰাৰ অৰ্থে আসুৰী সম্পত্তইক প্ৰপঞ্চি কহন্ত। প্ৰাণীসবৰ দৈব আসুৰ দুই সৃষ্টি তাতে দৈবী সম্পত্তিক বিস্তৰ কহিছো৷ আসুৰ সৃষ্টি শুনা। আসুৰ স্বভাৱ লোকসবে ধৰ্ম্মত প্ৰবৃতি অধৰ্ম্মত নিবৃত্তি নজানে শৌচ আচাৰ সত্যো তাৰাৰ নাই। যদি বোলা বেদোক্ত ধৰ্ম্ম অধৰ্ম্মত প্ৰবৃত্তি নিবৃত্তিক কেনে নজানিব। ধৰ্ম্ম অধৰ্ম্মক নমানিলে সুখ দুষ্‌খ ব্যৱস্থা হৈব। কেমনে বা শৌচ আচাৰাদি ঈশ্বৰ আজ্ঞাক অতিক্ৰমে। ঈশ্বৰক নমানিলে কেমনে জগতৰ উৎপত্তি হৈব।

 আত শুনা। নাই সত্য বেদ প্ৰমাণ যাত তেমন জগত কহে এতেকে ধৰ্ম্মৰূপ ব্যৱস্থাও নাই৷ স্বভাৱে জগত বিচিত্ৰ কহে। ঈশ্বৰকো কৰ্ত্তা নমানে। স্ত্ৰী পুৰুষ সংযোগে জগত উৎপত্তি কহে। কামত বিনে আন কাৰণ নমানে। এমনে পাষণ্ড শাস্ত্ৰক আশ্ৰয় কৰি মলিন চিত্ত হুয়া অল্পমতিসব ইষ্টবাদী হুয়া অভিচাৰ কৰ্ম্ম কৰি সবাৰে অহিত হুয়া জগতৰ ক্ষয়ৰ নিমিত্তে উদ্ভৱ হয়। যাক মহা দুষ্‌খে পূৰণ কৰি হেন কামক আশ্ৰয় কৰি দন্ত মান মদে যুক্ত হুয়া এই মন্ত্ৰে এই দেৱতাক আৰাধন কৰি মহানিধি সাধিবো বুলি মদ্য মাংস বিষয় ব্ৰতক ধৰি ক্ষুদ্ৰ দেৱতা আৰাধনত প্ৰৱৰ্ত্ত৷ কাম ভোগক পুৰুষাৰ্থ মানি সদায়ে চিন্তাতুৰ হুয়া আশা পাশে বন্দি পড়ি নানা স্থানক আকৃষ্ট হয়া কাম ক্ৰোধক আশ্ৰয় কৰি কামভোগৰ অৰ্থে অন্যায় কৰি অৰ্থ সঞ্চয় কৰে।

 তাৰ মনোবাঞ্ছা কৰি নৱক প্ৰাপ্ত কহন্ত। আজি মোৰ ইমান লাভ হৈল কালিও ইমানে পাইবো, ইমান মোৰ সঞ্চয় [ ১৫৮ ] আছে, আৰো মোৰ ধন হৈব। আজি এই শত্ৰু মাৰিলোঁ আৰো এই মান মাৰিম। মোৰ সমান ঈশ্বৰ ভোগী কৃতাৰ্থ বলৱন্ত সুখী আঢ্য সৎকুলীন আন কুন আছে। আৰো যজ্ঞ কৰিম দান দিম তাৰ কীৰ্ত্তি শুনি হৰ্ষ লভিম এই অজ্ঞানে মোহিত হুয়া অনেক বিষয়ত চিত্ত দিয়া পৰম আকুল মোহজালে আবৃত হুয়া কাম ভোগত আসক্তি কৰি ঘোৰ নৰকত পৰে। যজ্ঞ দান আদি যি তাৰ মনবাঞ্ছা কহিছো সি কেৱল দম্ভ অহঙ্কাৰ প্ৰধান সে তাত্ত্বিক নহে আক কহন্ত।

 সি আপুনাকে আপুনি পূজ্য মানি অনম্ৰ হুয়া ধন মদ মানে যুক্ত হুয়া মহাদম্ভে বিবেক এড়ি নাম মাত্ৰ যজ্ঞে যজে। অহঙ্কাৰ বল দৰ্প কাম ক্ৰোধক আশ্ৰয় কৰি আত্মদেহত পৰদেহত স্থিত চৈতন্য অংশক দ্বেষ কৰে সাধু সবৰ গুণত দোষ দেখে। দন্ত যজ্ঞত শ্ৰদ্ধা নাই পদে আপুনাৰ বৃথায়ে পীড়া হয়৷ বিবেক এড়ি পশু হিংসাত চৈতন্য দ্ৰোহ মাত্ৰ অৱশেষ ৰহে। কদাচিতো নুগুচে। সেই মহা ক্ৰুৰ নৰাধমসবক মঞি সংসাৰত পেহলাঞু। তাতে অতি ক্ৰুৰ যোনি সিংহ ব্যাঘ্ৰাদিত উপজাঞু৷ সেই মুঢ়সব জন্মে জন্মে আসুৰী যোনি পায়া মোৰ প্ৰাপ্তি সাধন সাধুৰো পন্থক নেদেখে। তাতো কৰি অধম ক্ৰিমি কীটাদি যোনিক পাৱে। সকল দোষৰে মূল নৰকৰ দ্বাৰ কাম ক্ৰোধ লোভ আপুনাৰ বিনাশক, আৰু পুৰুষে সৰ্ব্বদা এড়িব।

 এই ভিনি দোষক এড়ি পুৰুষে আপুনৰ শ্ৰেয়স আচৰি পৰম গতি পাৱে। বেদ বিহিত স্বধৰ্ম্ম এড়ি যি আপুনাৰ [ ১৫৯ ] ইছায়ে প্ৰৱৰ্ত্তে তাৰ জ্ঞান সুখ মোক্ষে নঘটে। এতেকে তুমি কাৰ্য্য অকাৰ্য্যত শাস্ত্ৰক প্ৰমাণ মানি শাস্ত্ৰ বিহিত কৰ্ম্ম কৰিবাক যোগ্য হৱা। চিত্তশুদ্ধি সম্যক জ্ঞান মুক্তিৰ কৰ্ম্মে সে মূল। ষোড়শ অধ্যায়ত দৈৱ দৈত্য সম্পত্তিক বিভাগ কৰি তত্ত্বজ্ঞানৰ অধিকাৰী সাত্বিক জনৰ দেখাইলা।।

ইতি শ্ৰীভগৱদ্গীতকথায়ং ঘোড়শোহধ্যায়ঃ ॥ ১৬ ॥

 হে সাধুসব দেখ পাষণ্ডসবৰ আচাৰ প্ৰবৃত্তি। আক জানি কদাচিতো পাষণ্ডৰ সঙ্গক নধৰি ডাকি হৰি বোল হৰি।

বিহায়পাষণ্ডগণপ্ৰসঙ্গং বিধায়সৎসঙ্গমনসিদ্ধম্।
নিধায়চিত্তেসুচিৰং পৰেশং পিধায়দুষ্‌খং সমুপৈতবিষ্ণুম ॥

[ ১৬০ ]

সপ্তদশ অধ্যায়।

 দৈবী সম্পত্তিৰ মধ্যত সাত্বিক শ্ৰদ্ধা মুখ্য। এতেকে সপ্তদশ অধ্যায়ে তিনি বিধ শ্ৰদ্ধা কহিবা। পূৰ্ব্ব অধ্যায়ৰ অন্তত কহিলা শাস্ত্ৰ বিধিক এড়ি স্বেচ্ছাই প্ৰৱৰ্ত্তিলে জ্ঞানৰ অধিকাৰী নহে। তাতে শাস্ত্ৰ বিধিক এড়ি স্বেচ্ছা প্ৰবৃত্তি বিনে শ্ৰদ্ধাই প্ৰৱৰ্ত্তমানসবৰ জ্ঞানৰ অধিকাৰ আছে নাই আকে জানিতে অৰ্জ্জুনে পোছন্ত৷ হে কৃষ্ণ! যি সবে দুখ্‌ষ বুদ্ধি আলস্যত বা শাস্ত্ৰক জানিতে ধত্ন নকৰি আচাৰ প্ৰমাণে শ্ৰদ্ধাযুক্ত হুয়া যজে, তাৰ সত্ব ৰজ তম তিনি গুণৰ মাঝত কিসত স্থিতি। আৰ উত্তৰ শ্ৰীভগৱন্তে কহন্ত। জানা অৰ্জ্জুন শাস্ত্ৰতত্ত্ব জানি যাৰা প্ৰৱৰ্ত্তে তাৰ পৰমেশ্বৰ পূজা বিষয় সাত্বিক একবিধ মাত্ৰ শ্ৰদ্ধা। লোকাচাৰ মাত্ৰে প্ৰৱৰ্ত্তমান জনৰ পূৰ্ব্বৰ সংস্কাৰে সাত্বিক ৰাজসিক তামস ভেদ হয়। যদি বোলা শ্ৰদ্ধা সাত্বিক সে কেনে তুমি তিনি বিধ কহা তাত শুনা। সত্বৰ অনুৰূপে সকল জনৰ শ্ৰদ্ধা হয়। একে সত্ব ৰজ তম মিশ্ৰ হৈলে ত্ৰিবিধ হয়। এতেকে লোকো তিনি বিধ শ্ৰদ্ধাযুক্ত হয়। যি যেমন শ্ৰদ্ধাযুক্ত তাক তেমন বুলি। সাত্বিক শ্ৰদ্ধাযুক্ত হৈলে পুৰুষকো সাত্বিক বুলি। ৰাজস শ্ৰদ্ধাযুক্ত হৈলে ৰাজসিক, তামস শ্ৰদ্ধাযুক্ত হৈলে তামসিক কহি। লোকক দেখি প্ৰৱৰ্ত্তিলে এই তিনি বিধ শ্ৰদ্ধা। শাস্ত্ৰজ্ঞানে স্বভাৱ জয় হৈলে সাত্বিক এক বিধ মাত্ৰ শ্ৰদ্ধা হয়। [ ১৬১ ]  সাত্বিকাদি ভেদক কাৰ্য্যভেদে প্ৰগঞ্চি কহন্ত। সাত্বিক জনে দেৱতাক যজে। ৰাজসসবে যক্ষ ৰাক্ষসক পূজে৷ তামসসবে ভূত প্ৰেতক ভজে। ৰাজস তামসক পুনু বিশেষ কহন্ত। শাস্ত্ৰবিধি নজানিও কতোসব পূৰ্ব্ব পুণ্যবলে সাত্বিক হয় কতো মধ্যমসব ৰাজস হয়, অধমসব তামস হয়। অত্যন্ত মন্দভাগীসব পাষণ্ড সঙ্গ লৈয়া তাৰ আচাৰ ধৰি দম্ভ অহঙ্কাৰে যুক্ত হুয়া অভিলাষ আসক্তি দুৰাগ্ৰহক আশ্ৰয় কৰি অশাস্ত্ৰ বিহিত ভূত ভয়ঙ্কৰ ঘোৰ তপত প্ৰৱৰ্ত্তে। দেহাৰম্ভক পঞ্চভূতক বৃথা উপবাসাদিয়ে কৃশ কৰি অজ্ঞানীসব অন্তৰ্যামীৰূপে দেহস্থিত মোকে অজ্ঞান কাৰণে দুখ দিয়া থাকে। তাৰাক অতি ত্ৰুৰ কৰি জানিবা।

 আহাৰাদি ভেদতে সাত্বিকাদি ভেদ দেখান্ত। সকল লোককে তিনি বিধ আহাৰ প্ৰিয় হয়। যজ্ঞ দান তপ তিনি বিধ তাক মঞি কহে সাৱধানে শুনা। ৰাজস তামস আহাৰাদি পৰিত্যাগে সাত্বিক আহাৰদি কৰি চিত্ত শুদ্ধিৰ অৰ্থে যত্ন কৰিবাক লাগি দেখান্ত। যি আহাৰে আয়ু উৎসাহ বল আৰোগ্য সুখ প্ৰীতিক বৃদ্ধি কৰাৱে ৰসৱন্ত স্নেহৱন্ত হয়, ৰস অংশে দেহত চিৰকাল ৰহে, দৃষ্ট মাত্ৰে মনোজ্ঞ হয়, এমন ভক্ষ্য ভোজ্যসব সাত্বিক জনৰ প্ৰিয় হয়। অতি কটু নিম্বাদি, অতি অম্ল অতি লবণ অতি উষ্ণ, অতি তীক্ষ্ণ মৰিচাদি, অতি ৰূক্ষ কলিকোদ আদি, অতি বিদাহী সৰ্বশাদি, এমন আহাৰসব দুখ শোক ব্যাধিকৰ ৰাজস জনৰ প্ৰিয়। অতি শীত গতসাৰ দুৰ্গন্ধ পৰ্য্যুসিত উচ্ছিষ্ট অপবিত্ৰ, ই ভোগ্যসব, তামস জনৰ প্ৰিয়। [ ১৬২ ] যজ্ঞো তিনি বিধ তাতে সাত্বিক যজ্ঞ কহন্ত। পুৰুষে ফুলক আকাঙক্ষা নকৰি আৱশ্যকৰূপে বিহিত যজ্ঞক যি অনুষ্ঠান কৰে তাক সাত্বিক বুলি। ফলক অভিসন্ধান কৰি মহত্ত্ব জনাইবাৰ অৰ্থে বা যি যজে তাক ৰাজস বুলি। যথোক্ত বিধিহীন উত্তম ব্ৰাহ্মণ বৰ্জ্জিত মন্ত্ৰহীন অনুৰূপ দক্ষিণাহীন শ্ৰদ্ধাশূন্য যজ্ঞক তামস কহি। তপৰো তিনি বিধ দেখাইবাক লাগি প্ৰথম শাৰীৰ মানস বাচনিক ভেদে ত্ৰিবিধ কহন্ত। দেব ব্ৰাহ্মণ গুৰু, মহন্তৰ পূজা শৌচ আৰ্য্যব ব্ৰহ্মচৰ্য্য অহিংসা আক শাৰীৰ তপ বুলি। সত্যপ্ৰিয় অভয় বেদঅভ্যাসিত বচনক বাচনিক তপ জানিবা। মনৰ প্ৰসন্ন সৌম্য মনন, বিষয় প্ৰত্যাহাৰ ব্যৱহাৰত অকপট, আকে মানস তপ বুলি।

 এই তিনিও বিধ তপৰ সাত্বিকাদি ভেদক কহন্ত। এই তপক পৰম শ্ৰদ্ধায়ে নিষ্কামে একাগ্ৰচিত্তে কৰিলে সাত্বিক কহি। প্ৰশংসা নমস্কাৰ অৰ্থলাভৰ নিমিত্তে দম্ভত বা যি কৰে তাক চঞ্চল ৰাজস বুলি৷ দুৰাগ্ৰহ কৰি আপুনাৰ পীড়ায়ে অন্য নাশৰ অৰ্থে বা যি তপ আচৰে তাক তামস জানিবা। পূৰ্ব্ব প্ৰতিজ্ঞাত দানৰ তিনি বিধ কহন্ত। অনুপকাৰী জনক নিষ্কামে দেশ কাল পাত্ৰ চায়া যি দান কৰে সি সাত্বিক। উপকাৰৰ অৰ্থে ফলক উদ্দেশে বা চিত্তৰ ক্লেশে যি দান কৰে সি ৰাজস। অদেশ অকাল অপাত্ৰত যি দান দেই, দেশ কাল পাত্ৰ হৈলেও সৎকাৰ নকৰি, অবজ্ঞাত বা যি দান আচৰে সি তামস। যদি বোলা এমন বিচাৰ কৰিলে যজ্ঞ তপ [ ১৬৩ ] দানাদি সকল ৰাজস তামস প্ৰায় দেখি, এতেকে ব্যৰ্থ যজ্ঞাদি প্ৰয়াস, এই আশঙ্কাত তেমন যজ্ঞাদিৰো সাত্বিক হৈবাৰ উপায় কহন্ত।

 বেদৰ প্ৰসিদ্ধ তিনি বিধ মন্ত্ৰ, পৰমাত্মাৰ নাম, বিগুণকো সগুণ কৰিবাক পাৰে, যি তিনি বিধ মন্ত্ৰে ব্ৰাহ্মণ বেদ যজ্ঞক সগুণ কৰি পবিত্ৰ কৰিছা। ইদানীক, তিনিও মন্ত্ৰৰ প্ৰত্যেকে প্ৰশস্ত কহন্ত৷ ভগৱন্তৰ নাম মন্ত্ৰক উচ্চাৰণ কৰি কৰিলে বেদবাদী সবৰ যজ্ঞ দান তপ ক্ৰিয়াসব বিগুণো সগুণ হয়৷ দ্বিতীয় নাম কীৰ্ত্তন কৰি কৰিলে চিত্তশুদ্ধি নিষ্কাম মুমুক্ষু কৰাৱে। তৃতীয় নাম লৈয়া কৰ্ম্মসব কৰিলে সবাকে শ্ৰেষ্ঠ কৰে। পৰমেশ্বৰ নাম কীৰ্ত্তনে কৰ্ম্মসব শ্ৰেষ্ঠ হৈব তাক কি বুলিবো। আৰ প্ৰসিদ্ধ তিনি নাম সেই পৰমাত্মাৰ অৰ্থে যি কাম কৰে তাৰ সাধন কৃষি বাণিজ্যাদিয়ো মহাফল সাধে।

 এতেকে অতি প্ৰশস্ত ভগৱন্তৰ নাম সকল কৰ্ম্মৰ সাদ্‌গুণ্যৰ অৰ্থে কীৰ্ত্তন কৰোক। ইদানীক সকল কৰ্ম্মক শ্ৰদ্ধায়ে কৰিবাৰ অৰ্থে অশ্ৰদ্ধাকৃতক নিন্দা কৰন্ত। পুৰুষে অশ্ৰদ্ধায়ে যি তপ হোম আচৰে তাক অসন্ত বুলি। ইদানীক যশস্যা নহে যিগুণ পদে পৰলোকত ফল নপাৱে। পুৰুষে ৰাজস তামস শ্ৰদ্ধা এড়ি সাত্বিক শ্ৰদ্ধা আশ্ৰয় কৰি তত্ত্বজ্ঞানৰ অধিকাৰী হয়। আকে সপ্তদশ অধ্যায়ত নিৰ্ণয় কৰিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং সপ্তদশোহধ্যায়ঃ ॥ ১৭ ॥

 হে লোকসব দেখ ভগৱন্তৰ নামৰ মহিমা যাৰ কীৰ্ত্তনে বিগুণ কৰ্ম্মে সগুণ হয়। এতেকে সদাই নামৰ অভ্যাস নেৰি ডাকি হৰি বোল হৰি। [ ১৬৪ ]

যন্নামানুগুণেনকৰ্ম্মনিচয়ং সাদ্‌গুণ্যতোমুক্তয়ে,
যশ্যোদ্দেশবিধানতোপিবিবিধং স্মৃত্যাচতৎসম্মতম্ ।
তংকৃষ্ণং স্বজনানুৰঞ্জনপৰং পাৰ্থপ্ৰিয়ং সদ্‌গুৰুম্,
বন্দে নন্দসুনন্দনং যদুপতিং তৎকীৰ্ত্তিসদ্গীতয়ে ॥

[ ১৬৫ ]

অষ্টাদশ অধ্যায়।

 অষ্টাদশ অধ্যায়ত সন্ন্যাস ধৰ্ম্মক বিভাগিয়া সকল গীতাৰ অৰ্থক সংক্ষেপে কহি পৰমাৰ্থ নিৰ্ণয় কৰিবা। পূৰ্ব্বত কোনো ঠাইত কৰ্ম্মন্যাস কহিছা, কোনো ঠাইত ফল মাত্ৰ ত্যাগ কৰি অনুষ্ঠানকে বুলিছা৷ পৰস্পৰ বিৰোধক সৰ্ব্বজ্ঞ পৰম কাৰুণিক ভগৱন্তে কেনে উপদেশ দিবা। এতেকে কৰ্ম্ম সন্যাসৰ তাৰ অনুষ্ঠানৰো অবিৰোধ প্ৰকাৰ জানিবে ইছাই অৰ্জ্জুনে পোছন্ত। হে হৃষিকেশ! হে কেশীনিসূদন! হে মহাবাহো! কৰ্ম্ম সন্যাসৰ ফলত্যাগৰ তত্বক পৃথকে জানিবে ইছা কৰোঁ ৷ তাক মোত কহিয়োক।

 আৰ উত্তৰ ভগৱন্তে কহন্ত। জানা অৰ্জ্জুন, কতোসবে সকাম কৰ্ম্মৰ পৰিত্যাগ কহে, কতোসবে সকল কৰ্ম্মৰ ফলমাত্ৰ ত্যাগ বোলে। যদি বোলা নিত্য নৈমিত্তিক কৰ্ম্মৰ ফলো নুশুনি, তাৰ কেমনে পৰিত্যাগ ঘটে, যেন বন্ধ্যাৰ পুত্ৰ ত্যাগ নাই আৰ উত্তৰ শুনা। যদ্যপি বেদত স্পষ্টমতে নুশুনি তথাপি অপেক্ষাৱন্তক নিস্ফল কৰ্ম্মত প্ৰৱৰ্ত্তাবে নাপাৰি সামান্যে বিধিবাক্যে কিছো ফলক কহিছে। যেন বিশ্বজিত যজ্ঞে যজিৰে বুলিলে ফল নকৰিলেও বলিৰ স্বৰ্গফল দেখিছি। শ্ৰদ্ধায়ে গুৰুতৰ কৰ্ম্মসিদ্ধি মাত্ৰে বিধিবাক্যৰ প্ৰয়োজন নুবুঝিবা। যাতো পুৰুষৰ বৃত্তি কেৱল কৰ্ম্মত সদাই নঘটে। নিত্য নৈমিত্তিক কৰ্ম্মৰ পুণ্যলোক পিতৃলোক পাপনাশ ফল শুনিছি এতেকে ভাল কহিলা। সকল [ ১৬৬ ] কৰ্ম্মৰ ফলমাত্ৰ পৰিত্যাগ কৰিবে যদি বোলা ফল ত্যাগ হৈলে নিষ্ফল কৰ্ম্মত প্ৰবৃত্তি নহৈব সিয়ো নহে, সকল কৰ্ম্মৰ সঙ্কল্প ভেদে আত্মজ্ঞানৰ অৰ্থে বিনিয়োগ আছে।

 এতেকে বঞ্চক পদে সকল কৰ্ম্মৰ ফলক এড়ি আত্মজ্ঞানৰ অৰ্থে কৰ্ম্ম আচৰিব। যাৱে বুদ্ধি আত্মনিষ্ঠ নহে তাৱে চিত্তশুদ্ধিৰ অৰ্থে যথোচিত কৰ্ম্ম কৰিব। এই অৰ্থ বেদতো কহিছা, নৈষ্কৰ্ম্ম সিদ্ধিতো দেখাইছা, বশিষ্ঠ বাক্যতো পায়, ভাগৱতেয়ো কহন্ত। তাৱে পুৰুষে কৰ্ম্ম কৰিব, যাৱে বিৰক্ত নহে, মোৰ কথা শ্ৰবণাদিত যাৱে সাত্বিক শ্ৰদ্ধা নহে। জ্ঞাননিষ্ঠ বিৰক্ত বা অপেক্ষাৰহিত মোৰ ভক্ত, চিহ্ন সমে আশ্ৰম ধৰ্ম্ম এড়ি স্নান শৌচ আচান্তাদি মাত্ৰ কৰিব। অজ্ঞানী পুৰুষৰ ফলত্যাগ মাত্ৰ কৰ্ম্মত্যাগ নঘটে। আকে পৰ মত দূৰ কৰি আপুনাৰ মতক দৃঢ় কৰিবাক লাগি মতভেদ দেখান্ত। সাংখ্যবাদীসবে হিংসাদি দোযযুক্ত মানি বন্ধ ভয়ে সকল কৰ্ম্মৰ পৰিত্যাগ কহে। মীমাংসকসবে কহে যজ্ঞ দান তপ কৰ্ম্মক কদাচি পৰিত্যাগ নকৰিব। এমন ব্যৱস্থা ত্যাগত মোৰ বাক্যত নিশ্চয় শুনা। হে পুৰুষশ্ৰেষ্ঠ ! এই ত্যাগ দুৰ্ব্বোধ যাতো সত্বাদি গুণ ভেদে তিনি বিধ কৰি কহে। পুৰুষে যজ্ঞ দান তপ কৰ্ম্মক এড়িবে নাপাৰে কিন্তু সাৱধানে কৰিব যাতো বিবেকীজনৰ যজ্ঞাদি শুদ্ধিকৰ হয়।

 যি প্ৰকাৰে কৰিলে শুদ্ধিকৰ হয় তাক শুনা। পুৰুষে যজ্ঞাদি কৰ্ম্মত অভিনিবেশ এড়ি ঈশ্বৰৰ আজ্ঞা মানি ফলত্যাগ কৰি কৰিব, আকে মোৰ উত্তম মত বুঝিবা। ইদানীক ত্যাগৰ তিনি বিধ [ ১৬৭ ] দেখান্ত। বন্ধ হেতু পদে কাম্য কৰ্ম্মৰ পৰিত্যাগ যুক্ত হয়। চিত্তশুদ্ধিৰ পদে নিত্য নৈমিত্তিক কৰ্ম্মৰ পৰিত্যাগ নঘটে, তথাপি তাৰ পৰিত্যাগ মোহত ঘটে, এতেকে সি ত্যাগক তামস বুলি। দুষ্‌খ বুদ্ধিয়ে দেহৰ প্ৰয়াস ভাৱ ৰাজস ত্যাগ কৰি ত্যাগৰ ফল জ্ঞান নপাৱে। কৰ্ত্তব্য বুদ্ধিয়ে নিত্য নৈমিত্তিক কৰ্ম্মক সঙ্গ ফল এড়ি কৰিলে সাত্বিক ত্যাগ বুলি। সাত্বিক ত্যাগনিষ্ঠ পুৰুষে শীতত প্ৰাতঃ স্নানাদি কৰ্ম্মক দ্বেষ নকৰে, উষ্ণকালত মধ্যাহ্ন স্নানাদিতে আসক্তি নকৰে, সি স্থিৰ বুদ্ধি হুয়া সেই পৰিভবাদি দুষ্‌খকো সহে, স্বৰ্গাদি সুখকো ত্যাগ কৰে, দেহৰ সুখকো বাঞ্ছা নাই, দুষ্‌খ গুচিবাকো কামনা নকৰে।

 যদি বোলা এমন ত্যাগত কৰি কৰ্ম্মত্যাগকে সে ভাল দেখি, তেৰে কৰ্ম্ম বিক্ষেপ নহৈলে জ্ঞাননিষ্ঠা সুখ লভিব, তাত শুনা। দেহাভিমানী পুৰুষে সকল কৰ্ম্মক এড়িতে শক্য নহে, এতেকে যি কৰ্ম্ম কৰিতে কৰ্ম্মফল ত্যাগী হৈল, তাকে মুখ্য ত্যাগী বোলে। এতেকে সাত্বিক ৰাজসিক তামসিকৰ ইষ্ট স্বৰ্গ অনিষ্ট নৰক মিশ্ৰ মনুষ্য। ই তিনি পাপ পুণ্য মিশ্ৰ কৰ্ম্মৰ ফল, পৰলোকত অত্যাগীৰ হয়, কৰ্ম্মফল ত্যাগীৰ নহে। যাতে তাৰা সাত্বিকৰ পাপ নঘটে, ঈশ্বৰত অৰ্পি পুণ্য ফলক পৰিত্যাগ কৰিছে, এতেকে তাৰ তিনি বিধ ফল নহে।

 যদি বোলা কৰ্ম্ম কৰিতে কেনে ফল নহৈব, এই আশঙ্কাত সঙ্গত্যাগী নিৰহঙ্কাৰী পুৰুষৰ কৰ্ম্মলেপ নাই, আকে কহন্ত। হে মহাবাহো অৰ্জ্জুন! সকল কৰ্ম্মৰ সিদ্ধিৰ অৰ্থে সাঙ্খ্যত বেদান্তত

 [ ১৬৮ ] এই পঞ্চ কাৰণ কহিছে, আত্মাৰ অহঙ্কাৰ নিবৃত্তিৰ অৰ্থে, তাক তুমি জানা। তাকে কহন্ত, শৰীৰ অহঙ্কাৰ ইন্দ্ৰিয় দশ প্ৰাণ ইন্দ্ৰিয়ৰ অধিষ্ঠাতা দেবসব, এই পঞ্চ সকল কৰ্ম্মৰ কাৰণ বুঝিবা। পুৰুষে কায় বাক্য মনে যুক্তাযুক্ত যি কৰ্ম্মক আৰম্ভ কৰে তাৰ এই পঞ্চ হেতু জানি, আত্মাক অসঙ্গ নিৰুপাধী কৰি শাস্ত্ৰ আচাৰ্য্যৰ উপদেশে যি জানে তাকে সুমতি বুলি। যি এমনে নজানে তাক দুৰ্ম্মতি কহি। এতেকে যাৰ অহঙ্কাৰ নাই বুদ্ধিও কাতো আসক্তি নকৰে এমন দেহ ব্যতিৰিক্ত আত্মজ্ঞানী লোক দৃষ্টি সকল লোকক বধিয়ো নবধে, তাৰ দোষেও নপাৱে। তেবে কি বুলিবো চিত্তশুদ্ধি দ্বাৰায়ে জ্ঞান সাধন কৰ্ম্মসবে বন্ধ নহৈব।

 যদি বোলা আক বিৰুদ্ধ দেখি তেবে তাৰ যুক্তি শুনা। নিৰ্গুণ আত্মাৰ গুণময় কৰ্ম্মাদিসমে সম্বন্ধ নাই, আকে দেখাইতে বোলন্ত। ইষ্ট সাধন বোধক জ্ঞান বুলি, ইষ্ট সাধন কৰ্ম্মক জ্ঞেয় বুলি, আৰ পৰিজ্ঞাতাক জ্ঞানাশ্ৰয় বুলি। এই তিনি প্ৰকাৰক কৰ্ম্ম বিধি কহে। কৰণ কৰ্ম্ম কৰ্ত্তাক ক্ৰিয়াশ্ৰয় বুলি এইসবক সাঙ্খ্য শাস্ত্ৰত গুণ ভেদে ত্ৰিবিধ কহে, তাক কহে সাবধানে শুনা। তাতে জ্ঞানৰ সাত্বিকাদি ভেদে তিনি বিধ কহন্ত। ব্ৰহ্মাদি স্থাবৰ পৰ্য্যন্ত প্ৰাণীত এক অব্যয় পৰমাত্মাক যি জ্ঞানে দেখে তাক সাত্বিক জ্ঞান বুলি। নানা ভাবে অনেক আত্মাক দেখিলে ৰাজস জ্ঞান বুলি। এতেকে প্ৰতিমাদিত পৰিপূৰ্ণ ঈশ্বৰ মানিলে তাক অল্প তামস জ্ঞান বুলি। আবে কৰ্ম্মৰ তিনি বিধ শুনা। নিত্য নৈমিত্তিক অভিনিবেশ শূন্য [ ১৬৯ ] ৰাগ দ্বেষ ৰহিত নিষ্কাম কৰ্ম্মক সাত্বিক বুলি। সকাম অহঙ্কাৰ কৃত বহু প্ৰয়াস যুক্ত কৰ্ম্মক ৰাজস বুলি৷ শুভ অশুভ বিত্তব্যয় পৰপীড়া আপুনাৰ শক্তিকো অপেক্ষা নকৰি যি কৰ্ম্ম কৰে তাক তামস বুলি।

 আবে কৰ্ত্তাৰ তিনি বিধ কহন্ত। মুক্তসঙ্গ গৰ্ব্বোক্তিহীন ধৈৰ্য্যউদ্যমযুক্ত কৰ্ম্ম সিদ্ধিত হৰিষ অসিদ্ধিত বিষাদ ৰহিত কৰ্ত্তাক সাত্বিক বুলি। পুত্ৰাদিত প্ৰীতি হুয়া কৰ্ম্ম ফলক বাঞ্ছা কৰি বিষয়লোভী হিংসাপৰ শৌচশূন্য লাভত হৰ্ষ অলাভত শোকযুক্ত কৰ্ত্তাক ৰাজস বুলি। অসাবধান বিবেক শূন্য অনম্ৰ বঞ্চক পৰক অবমানি অনুদ্যমপৰ শোকযুক্ত, দুই দিনৰ কাৰ্য্যক যি মাসেকে কৰে, তাক তামস কৰ্ত্তা বুলি। আবে বুদ্ধিৰ তিনি বিধ কহো মন কৰি শুনা। ধৰ্ম্মত প্ৰবৃত্তি অধৰ্ম্মত নিবৃত্তি কাৰ্য্য অকাৰ্য্য ভয় অভয় বন্ধ মোক্ষক যি বুদ্ধিয়ে জানে তাক সাত্বিক বুলি। ধৰ্ম্ম অধৰ্ম্মক কাৰ্য্য অকাৰ্য্যক সংশয় কৰি যি বুদ্ধিয়ে বুঝে তাক ৰাজস কহি। অধৰ্ম্মক ধৰ্ম্ম কৰি যি বুদ্ধিয়ে জানে সকল অৰ্থক বিপৰীত কৰি বুঝিলে তামস বুদ্ধি বুলি।

 ধৃতিৰ তিনি বিধ কহন্ত। যি ধৃতিয়ে মন প্ৰাণ ইন্দ্ৰিয়ৰ বৃত্তিক চিত্তৰ একাগ্ৰ বিষয়ৰ নিবৃত্তি কৰি ৰাখে তাকে সাত্বিক ধৃতি বুলি। যি ধৃতিয়ে ধৰ্ম্ম অৰ্থ কামক প্ৰধান মতে ধৰে, প্ৰসঙ্গত ফলক কামনা কৰে তাকে ৰাজস ধৃতি কহি। যি ধৃতিয়ে নিদ্ৰা ভয় শোক বিষাদ মদক নেড়ে তাক তামস ধৃতি বুলি। আৰে সুখৰ তিনি বিধ শুনা। যি সুখত পুৰুষে [ ১৭০ ] অভ্যাসে সে ৰমিবে পাৰে যাত দুষ্‌খৰো অন্ত হয় প্ৰথমে বিষ হেন দুষ্‌খ পৰিণামত অমৃত সম হয়, যি বিশুদ্ধ বুদ্ধিত জাত হয় তাক সাত্বিক সুখ বুলি। বিষয় ইন্দ্ৰিয় সংযোগে যি সুখ অমৃত সদৃশ হয় পৰিণামত বিষ হেন হয় তাক ৰাজস সুখ বুলি। যাত প্ৰথমে পাচতো আপুনাৰ মোহ হয় নিদ্ৰা আলাস প্ৰমাদিত যি সুখ মিলে তাক তামস বুলি।

 অনুক্তকো উপসংহৰি কহন্ত। জানা অৰ্জ্জুন, এই তিনি গুণে যুক্ত যি প্ৰাণী হৈব সি স্বৰ্গতো নাই পৃথিবীতো নেদেখি৷ যদি বোলা তেবে লোকৰ কেমনে মোক্ষ হৈব তাত শুনা। আপুনাৰ জাতিধৰ্ম্মে পৰমেশ্বৰক আৰাধন কৰিতে তান প্ৰসাদে জ্ঞানক পায়া মুক্তি হয়। এই মান সকল গীতাৰ সাৰক দেখায় কহন্ত। হে পৰন্তপ, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ স্বভাব বিহিত গুণে কৰ্ম্মসব বিভাগিছে। তাতে সত্ব প্ৰধান ব্ৰাহ্মণৰ শম দম তপ শৌচ ক্ষমা আৰ্য্যৰ জ্ঞান বিজ্ঞান পৰলোকত নিশ্চয় এই স্বভাব জন্য কৰ্ম্ম। ৰজোগুণ প্ৰধান ক্ষত্ৰিয়ৰ শৌৰ্য্য তেজ ধৃতি কৌশল যুদ্ধত অপলায়ন দান নিয়মন শক্তি আকে ক্ষত্ৰিয়ৰ স্বভাব বিহিত কৰ্ম্ম বুলি। ৰজ তম প্ৰধান বৈশ্যৰ কৃষি বাণিজ্য গোৰক্ষ এই স্বাভাবিক কৰ্ম্ম। ব্ৰাহ্মণ শুশ্ৰুষায়ে শূদ্ৰৰ স্বভাব কৰ্ম্ম জানিবা। চাৰিও জাতি আপুনাৰ কৰ্ম্মত নিষ্ঠ হুয়া জ্ঞানক লভে। যি প্ৰকাৰে লভিব তাক শুনা।

 যি পৰমেশ্বৰ হন্তে প্ৰাণীসবৰ প্ৰবৃত্তি হুয়াছে, যি কাৰণ ৰূপে সকলে বিশ্ব ব্যাপিছা, সেই ঈশ্বৰক আপুনাৰ কৰ্ম্মে অৰ্চ্চনা [ ১৭১ ] কৰি মনুষ্যে সিদ্ধিক লভে। ভালমতে অনুষ্ঠিত পৰধৰ্ম্মত কৰি বিগুণ স্বধৰ্ম্মকে শ্ৰেষ্ঠ জানিবা, যাতো স্বভাব বিহিত কৰ্ম্ম কৰি পুৰুষে পাপ নপাৱে। দোষ যুক্ত হৈলেও স্বভাব বিহিত কৰ্ম্মক পুৰুষে নেড়িব, যাতো সকল কৰ্ম্ম দোষে আবৃত হুয়াছে। যেন অগ্নি ধূমে আবৃত হুয়াছে, তথাপি ধূম ৰূপে দোষক এড়ি প্ৰকাশক শীতাদি নিবৃত্তিৰ অৰ্থে সেবা কৰি, তেমনে কৰ্ম্মৰো দোষাংশক এড়ি গুণাংশক চিত্ত শুদ্ধিৰ অৰ্থে আচৰিবে লাগে। যদি বোলা কৰ্ম্ম কৰিতে কেমনে দোষ এড়ি গুণক ধৰা যাইব এই অপেক্ষাত কহন্ত৷ কৰ্ম্মত অনাসক্ত বুদ্ধি হুয়া অহঙ্কাৰ এড়ি ফলক আশা নকৰি সাত্বিক ত্যাগ আচৰি কৰ্ম্ম নিবৃত্তি লক্ষণ সিদ্ধিক লভিব। এমন সিদ্ধিক পায়া যেমনে ব্ৰহ্মক পায় সেই প্ৰকাৰক সঙ্ক্ষেপে মোৰ বাক্যত শুনা।

 পুৰুষ বিশুদ্ধ বুদ্ধি যুক্ত হুয়া সাত্বিকী স্মৃতিয়ে বুদ্ধিক নিশ্চল কৰি শব্দাদি বিষয়ক এড়ি, কাতো ৰাগ দ্বেষ নাচৰি, শুদ্ধ দেশত থাকি পৰিমিত ভোজন কৰি বাক্য মন শৰীৰক নিয়মি সদায় ধ্যানযোগ পৰ হুয়া পুনু পুনু দৃঢ় বৈৰাগ্য আচৰিব। তেবে অহঙ্কাৰ দুৰাগ্ৰহ অন্যায় প্ৰবৃত্তি কাম ক্ৰোধ পৰিগ্ৰহ মমত্ব এড়ি পৰম শান্তিক পায়া ব্ৰহ্মক পাইবাক লাগি যোগ্য হয়। তেবে ব্ৰহ্মত নহি প্ৰসন্ন চিত্ত হুয়া নষ্টকো শোক নকৰে পাইবেও আকাঙ্ক্ষা নকৰে। সকল ভূততে সম হুয়া সৰ্ব্ব প্ৰাণীতে মোৰ দৃষ্টি লক্ষণ পৰম ভক্তি লভিব। তেবে সেই পৰম ভক্তিয়ে মোক সৰ্ব্বব্যাপী সত্য চৈতন্য আনন্দময় কৰি জানি মোত প্ৰবেশি পৰমানন্দ ৰূপ [ ১৭২ ] হয়। স্বধৰ্ম্ম দ্বাৰায় ঈশ্বৰ আৰাধনত উক্ত মোক্ষ প্ৰকাৰক উপসংহৰি কহন্ত।

 পুৰুষে মোক আশ্ৰয় কৰি সকল কৰ্ম্মক মোত অৰ্পিয়া মোৰ প্ৰসাদে মোৰ সৰ্ব্বোত্তম নিত্য পদক পাৱে! এতেকে তুমি সৰ্ব্ব কৰ্ম্মক চিত্তে মোত অৰ্পি মোকে পুৰুষাৰ্থ মানি বুদ্ধিযোগক আশ্ৰয় কৰি সততে মোত চিত্ত দিয়া, তেবে যি হৈবা তাক শুনা। মোত চিত্ত দিয়া মোৰ প্ৰসাদে সকল সংসাৰ দুখ্‌ষ তৰিবা। যদি অহঙ্কাৰত থাকি মোৰ বচনক নুশুনা তেবে পুৰুষাৰ্থত ভ্ৰংশ হৈবা। মোৰ বচনক অনাদৰি অহঙ্কাৰক আশ্ৰয় কৰি বন্ধুগণ সমে সুযুঝিবো বুলি যি নিশ্চয় কৰা অস্বতন্ত্ৰ পদে সি নিশ্চয় মিথ্যা। যাতে প্ৰকৃতি ৰজোগুণ ৰূপে পৰিণত হুয়া যুদ্ধত প্ৰবৰ্ত্তাইবো তুমি স্বাভাবিক যুদ্ধাদি কৰ্ম্মে নিবদ্ধ হুয়াছা; এতেকে মোহত থাকি যুদ্ধ লক্ষণ কৰ্ম্মক কৰিবে ইছা নকৰা। তাক অবশ্যে কৰিবা।

 এমনে সাঙ্খ্যাদি মতে প্ৰকৃতিৰ পৰতন্ত্ৰ কৰ্ম্মৰ পৰতন্ত্ৰ কহি ইদানীক স্বমত কহন্ত। সকল ভূতৰ হৃদয়মধ্যত অন্তৰ্যামী ঈশ্বৰ প্ৰাণীসবক নিজ শক্তিয়ে সেই সেই কৰ্ম্মত প্ৰবৰ্ত্তাইতে আছন্ত। যেন দাৰুময় পুতলীক লোকত সূত্ৰধাৰে ফুৰাই তেমনে ঈশ্বৰে দেহাভিমানী জীৱসবক কৰ্ম্মত প্ৰবৰ্ত্তান্ত, যাতো সকল জীব ঈশ্বৰৰ পৰতন্ত্ৰ। এতেকে তুমি অহঙ্কাৰ এড়ি কায় বাক্য মনে সেই ঈশ্বৰত শৰণ লৱা। তেবে তান প্ৰসাদে পৰম শান্তিক পায়া পৰমেশ্বৰৰ স্থান নিত্য বৈকুণ্ঠক পাইবা। সকল গীতাৰ অৰ্থক উপসংহৰি কহন্ত; এই প্ৰকাৰে তুমাক মঞি [ ১৭৩ ] সৰ্ব্বজ্ঞে গুহ্যৰো গুহ্য জ্ঞান কহিলো। এই গীতা শাস্ত্ৰক অশেষে বিচাৰি পাচে যেমন ইছা তেমন কৰা। আক বিচাৰিতে তোমাৰ মোহ আপুনি গুচিব। অতি গম্ভীৰ গীতা শাস্ত্ৰক অশেষে বিচাৰ কৰিতে অশক্য দেখি কৃপায়ে আপুনি তাৰ সাৰক উদ্ধৰি কহন্ত।

 সকল গুহ্যত কৰি গুহ্যতম বচনক পুনু মোত হন্তে শুনা। যাতে তুমি মোৰ অত্যন্ত প্ৰিয় ইষ্ট সখী, এতেকে তুমাৰ পৰম হিত কহো৷ হে অৰ্জ্জুন ! তুমি মোত চিত্ত দিয়া মোৰ ভক্ত হৱা মোক পূজা কৰা মোকে নমস্কাৰ কৰা। এমনে প্ৰবৰ্ত্তমান হুয়া মোৰ প্ৰসাদে জ্ঞান লভি মোক পাইবা। আত সংশয় নকৰিবা, যাতে তুমি মোৰ প্ৰিয় এতেকে সত্য কৰি মঞি প্ৰতিজ্ঞা কৰোঁ। তাতো কৰি গুহ্য কহন্ত৷ ভক্তিতে সবে হয় মানি দৃঢ় বিশ্বাসে বিধিকিঙ্কৰ ধৰ্ম্মক এড়ি মোত এক শৰণ হৱা। এমন হুয়া কৰ্ম্মত্যাগ নিমিত্ত পাপ হৈব বুলি শোক নকৰিবা, যাতে মোত এক শৰণপৰ তুমাক মঞি সকল পাপত হন্তে মোক্ষ কৰাইম। এমনে গীতাৰ অৰ্থ তত্ত্ব কহি তাৰ সম্প্ৰদায় প্ৰবৰ্ত্তন নিয়ম কহন্ত। এই গীতাৰ অৰ্থক তুমি স্বধৰ্ম্মহীনত নকহিবা, স্বধৰ্ম্ম কৰিও যদি গুৰু ঈশ্বৰত ভক্তি নকৰে তাত কদাচিতে নকহিবা, যি তুমাক পৰিচৰ্য্যা নকৰে তাতে নকহিবা; মঞি ঈশ্বৰক যি মনুষ্য দৃষ্টিয়ে দোষ আৰোপি নিন্দা কৰে তাতো নকহিবা।

 এতেকে দোষহীন ভক্তক যি গীতা উপদেশ দেই তাৰ ফল কহন্ত। এই পৰম গুহ্য গীতাৰ অৰ্থক যি মোৰ ভক্তৰ আগত কহে [ ১৭৪ ] সি মোত পৰম ভক্তি কৰে। অসংশয় হুয়া মোক পাৱে। তাত কৰি মনুষ্যৰ মধ্যত কোনুজন মোৰ অত্যন্ত প্ৰিয়কাৰী নাই। তাত বিনে মোৰ আন প্ৰিয়তম নাই। যি অৰ্থক নজানে পাঠ মাত্ৰ কৰে তাৰো ফল শুনা। তুমাৰ আমাৰ সম্বাদক যি পাঠ কৰে সি সকল যজ্ঞত শ্ৰেষ্ঠ জ্ঞানযজ্ঞে মোক পূজা কৰে, এমনে মোৰ মতি হয়। যদি গীতাৰ অৰ্থ নুবুঝি পাঠ মাত্ৰ কৰে তথাপি তাকে শুনন্তা মোকে প্ৰকাশ কৰে বুলি মোৰ বুদ্ধি হয়। যেন লোকত নজানিয়ো কোনো জনে কাৰো নাম লৈলে তাক শুনি সি জনে মোক মাতৈ বুলি তাৰ সমীপক যাই, তেমনে মঞি গীতাৰ পাঠ শুনি তাৰ সমীপক যাঞু। যেন অজামিল বিপ্ৰৰ অভাস নাম গ্ৰহণ মাত্ৰে প্ৰসন্ন হৈলো।

 গীতা পাঠ কৰিতে যদি কোনো জনে শুনে তাৰো ফল শুনা। শ্ৰদ্ধাযুক্ত হুয়া যি গীতা পাঠ শুনে, শ্ৰদ্ধালু হুয়ো কোনে উচ্চ কৰি পঢ়ে, কোনে বা অশুদ্ধ পঢ়ে এই অসুয়া নকৰি সিয়ো সকল পাপে মুক্ত হুয়া পুণ্যবন্তৰ লোক পায়া অনুক্ৰমে মোক্ষ পাৱে। ভাল মতে যদি তুমাৰ বোধ নহৈল তেবে পুনু উপদেশ দেঞু, এই আশয়ে কহন্ত। হে পাৰ্থ তুমি একাগ্ৰ মনে গীতা শুনিলা তেবে তুমাৰ অজ্ঞান মোহ নষ্ট হৈল। কৃতাৰ্থ হুয়া অৰ্জ্জুনে বোলন্ত। হে পৰমেশ্বৰ! তুমাৰ প্ৰসাদে মোৰ মোহ নষ্ট হৈল, জ্ঞানকো লভিলো, কৰ্ম্মতো সংশয় গুচিল, এতেকে যুদ্ধক লাগি উঠিলো, তুমাৰ আজ্ঞাক অবশ্যে কৰিম। [ ১৭৫ ]  এমনে ধৃতৰাষ্টক প্ৰতি সঞ্জয়ে কৃষ্ণঅৰ্জ্জুনৰ সম্বাদ কহি প্ৰস্তুত কথাক বুঝায়া কহন্ত। জানা ৰাজা এমনে মঞি বাসুদেৱ অৰ্জ্জুনৰ ৰোমাঞ্চকৰ অদ্ভুত সম্বাদ শুনিলো। যাতে ব্যাসদেবে দিব্যচক্ষুকৰ্ণাদিক দিলা, এতেকে তান প্ৰসাদে যোগেশ্বৰ শ্ৰীকৃষ্ণত হন্তে পৰম গুহ্য যোগ শুনিলো। এই অদ্ভুত পুণ্য সম্বাদ সুমৰি সুমৰি মোৰ মহা বিস্ময় হয় ৰোমো সিহড়য়। এতেকে তুমি পুত্ৰৰ ৰাজ্যাদিৰ শঙ্কা পৰিত্যাগ কৰা। যাৰ পক্ষত যোগেশ্বৰ শ্ৰীকৃষ্ণ আছে, যাত গাণ্ডিব ধনুদ্ধৰ অৰ্জ্জুন আছন্ত, তৈতে ৰাজ্যলক্ষী নিত্য হয়, সদায়ে বিজয়ো দেখি, অতি বৃদ্ধিয়ো লভে ন্যায়ো ঘটে, এমন মোৰ মতি নিশ্চয় হয়। এতেকে ইদানীক তুমি পুত্ৰ সমে শ্ৰীকৃষ্ণত শৰণ পশি পাণ্ডৱক প্ৰসন্ন কৰাই সকল সৰ্ব্বস্ব তাৰাত নিবেদন কৰি পুত্ৰপ্ৰাণ ৰক্ষা কৰা। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ তান প্ৰসাদে আত্মজ্ঞান পায়া অনায়াসে বন্ধ মুক্ত হয়। এই মান গীতাৰ অৰ্থ সংগ্ৰহ বুঝিবা।

 এই অৰ্থক যুক্তি সমে শুনা। সেই পৰম পুৰুষক অনন্য ভক্তিয়ে লভি ইত্যাদি বচনে ভগৱন্তৰ ভক্তিয়ে মোক্ষক প্ৰতি সাধন শুনিছি। এতেকে শ্ৰীকৃষ্ণৰ একান্ত ভক্তি সে তান প্ৰসাদে আত্মজ্ঞান অবান্তৰ ব্যাপাৰে যুক্ত হুয়া মোক্ষৰ হেতু হয়। জ্ঞান পুনু ভক্তিৰ অবান্তৰ ব্যাপাৰ বুঝিবা। যি জনে ভগৱন্তক সততে ভজে তাক দেহৰ অন্তত ভগৱন্তে ব্ৰহ্মতাৰক কহন্ত, এতেকে ভক্তি সে মোক্ষ হেতু জানিবা। ভগৱন্তে মোক যি বুদ্ধি দিলা তেমনে মঞি তান গীতাৰ বাখ্যান কৰিলো৷

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )