পৃষ্ঠা:কথা-গীতা.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫) দিয়া হৈছে। ৺ভট্টদেৱৰ বেলেগ চৰিত্ৰ পুথি নথকাত কেইবাখনিও পুৰণি পুথিৰ পৰা সংগ্ৰহ কৰি এই জীবনী প্ৰস্তুত কৰা হৈছে। ভট্টদেৱৰ জীবনীত বাজেও এই কিতাপত এখনি ভূমিকা দিয়া হৈছে। ভূমিকাত গীতাই কি শিক্ষা দিছে সেই সম্বন্ধে দুই চাৰি আষাৰ কথা কবলৈ চেষ্টা কৰা হৈছে। তাত যি ভুলভ্ৰান্তি হৈছে সহৃদয় পাঠক সকলে যেন তাক নিজ গুণে মৰ্ষণ কৰিব এই গোহাৰি। ৺ভট্টদেৱৰ কথা-গীতাই অসমীয়া ৰাইজৰ পৰা উচিত আদৰ পালে, সেই গ্ৰন্থকাৰৰে কথা-ভাগৱতো প্ৰকাশ কৰি এদিন অসমীয়া ৰাইজৰ হাতত দিবৰ মন থাকিল।

 পৰিশেষত বন্ধুবৰ শ্ৰীযুত ব্ৰহ্মকান্ত গোস্বামীয়ে আৰু শ্ৰদ্ধাস্পদ শ্ৰীযুত হৰেন্দ্ৰনাৰায়ণ গোস্বামীয়ে মূল পুথি সংগ্ৰহ কৰি দি সহায় কৰা বাবে, পাটবাউসী সত্ৰাধিকাৰ মাননীয় শ্ৰীশ্ৰীযুত গোবিন্দদেব গোস্বামীয়ে আৰু বিয়াহকুচি সত্ৰৰ শ্ৰীযুত হৰিদেৱ গোস্বামীয়ে ৺ভট্টদেৱৰ জীবনী সম্বন্ধে সহায় কৰা বাবে, স্নেহাস্পদ শ্ৰীমান ইন্দ্ৰেশ্বৰ শৰ্মা আৰু শ্ৰীযুত হৰেন্দ্ৰনাৰায়ণ গোস্বামীয়ে অনেক কষ্টেৰে ওপৰত কোৱা এটাই কেইখন পুথি ৰিজাই ছপাবৰ নিমিত্তে এটা নকল প্ৰস্তুত কৰি দিয়া বাবে, তেওঁবিলাকৰ নথৈ শলাগ লৈ এই পাতনিৰ উপসংহাৰ কৰিলোঁ।

গুৱাহাটী।
জন্মাষ্টমী৷ ১৮৪০ শক।

শ্ৰীহেমচন্দ্ৰ গোস্বামী৷
 
___