সমললৈ যাওক

কথা-গীতা/গ্ৰন্থকাৰৰ সূচনা

ৱিকিউৎসৰ পৰা
[ পাতনি ]
[ ভূমিকা ]
ভূমিকা।

“নাৰায়ণং নমস্কৃত্য নৰঞ্চৈব নৰোত্তমম্।
দেবীং সৰস্বতীং চৈব ততোজয়মূদীৰয়েৎ”॥

 শ্ৰীমদ্ভগৱদ্গীতা পৃথিবীৰ ভিতৰত এখন অতুলনীয় গ্ৰন্থ। এনে এখন অমূল্য গ্ৰন্থক যে সমস্ত সভ্য জগতে আদৰ আৰু শ্ৰদ্ধা কৰিব সি একো গীতাৰ মহত্ব।আচৰিত কথা নহয়। পৃথিবীৰ ভিতৰত এনে কোনো সভ্য ভাষা নাই যি ভাষাত গীতাৰ ভাঙ্গণী ৰচিত হোৱা নাই; এনে কোনো সভ্য জাতি নাই যি গীতা পঢ়ি তাক এখন অতি গভীৰ দৰ্শন শাস্ত্ৰ বুলি স্বীকাৰ কৰা নাই। গেলেলোজ নামে এজন গ্ৰীক পণ্ডিতে ইয়াক গ্ৰীক ভাষালৈ ভাঙ্গিছে, ষ্টেনিশ্লেও নামে এজন ইটালী দেশৰ পণ্ডিতে ইয়াক ইটালীয়ান ভাষালৈ ভাঙ্গিছে, বৰ্নোফ নামে এজন ফ্ৰেঞ্চ পণ্ডিতে ইয়াক ফ্ৰেঞ্চ ভাষালৈ আৰু লেচেন নামে এজন পণ্ডিতে লেটিন ভাষালৈ অনুবাদ কৰিছে। ইংৰাজী ভাষালৈ ইয়াক কেইবা জনো ডাঙ্গৰ পণ্ডিতে তৰ্জমা কৰিছে, যেনে উইলকিন, টমচন, জন ডেভিচ, মেথিউ আৰ্ণন্ড, টেলাঙ্গ আৰু এনি বেচান্ত। যেতিয়া ভাৰতবৰ্ষত ওৱাৰেন হেষ্টিংচ গবৰ্ণৰ জেনেৰেল আছিল, তেতিয়া প্ৰথমে চাৰ্লচ উইলকিনে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ ৰচনা কৰি ভাৰত- বৰ্ষৰ আৰ্য ঋষিবিলাকৰ তত্ত্ব-জ্ঞান সম্বন্ধে জগতবাসীক তধা লগায়।

 যি শাস্ত্ৰক বিদেশীয় পণ্ডিতবিলাকে ইমান আদৰ কৰিছে, ভাৰতবৰ্ষৰ পণ্ডিতবিলাকে যে, সেই শাস্ত্ৰক সকলো শাস্ত্ৰৰ ওপৰত ঠাই দিব তাক কবৰে সকাম নাই। সনাতন ধৰ্ম্মৰ গূঢ় তত্ত্ববিলাক যি উপনিষদ শাস্ত্ৰ [ ভূমিকা ] বিলাকৰ ভিতৰত নিহিত আছে, ভাৰতবৰ্ষৰ পণ্ডিতবিলাকে গীতাক সেই সকলো উপনিষদৰ সাৰ পদাৰ্থ বুলি স্বীকাৰ কৰিছে।

সৰ্ব্বোপনিষদো গাবো দোগ্ধা গোপালনন্দনঃ।
পাৰ্থোবৎসঃ সুধীৰ্ভোক্তা দুগ্ধং গীতামৃতং মহৎ॥

গীতা সকলো আৰ্য্য জ্ঞানৰ আকৰ বাবেই আগৰ কালৰ ঋষিসকলে একবাক্যে স্বীকাৰ কৰিছিল, যে ভগৱানৰ মুখপদ্মৰ পৰা বাজ হোৱা গীতা ভালকৈ পঢ়িলে বহু শাস্ত্ৰ পঢ়াৰ কোনো আৱশ্যক নাই।

গীতা সুগীতা কৰ্ত্তব্যা কিমন্যৈঃ শাস্ত্ৰ বিস্তৰৈঃ।
যা স্বয়ং পদ্মনাভস্য মুখপদ্মবিনিসৃতা॥

ভট্টদেবেও গ্ৰন্থৰ সূচনাত সেই কথাকে সমৰ্থন কৰি লিখিছে :–“পুৰুষে গীতাক মাত্ৰ শ্ৰবণ কীৰ্ত্তন স্মৰণ কৰিব, আন শাস্ত্ৰ বিস্তৰত কি প্ৰয়োজন, যি গীতা ভগৱন্তৰ মুখপদ্মত ব্যক্ত হুয়া আছা।” ভগৱান শ্ৰীকৃষ্ণে নিজে কৈছে “গীতা মে হৃদয়োপাৰ্থ।” শ্ৰীকৃষ্ণ হৈছে ভাৰতবৰ্ষৰ আত্মস্বৰূপ আৰু হিন্দু জাতিৰ সৰ্বস্ব ধন। সেই কৃষ্ণৰে হৃদয় হৈছে কি নে গীতা!

 গীতাৰ ওচৰত ভাৰতবৰ্ষ যে কিমান ঋণী তাক কৈ শেষ কৰিব নোৱাৰি। যেতিয়া বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত গোটেই খন ভাৰতবৰ্ষ প্ৰায় বৌদ্ধ ভাবাপন্ন হৈ উঠিছিল আৰু গীতাৰ ওচৰত ভাৰত ঋণা।যেতিয়া বৌদ্ধ ধৰ্মৰ খুন্দাত ভাৰতৰ আৰ্য্যধৰ্ম্ম মৃতকল্প হৈ উঠিছিল, তেতিয়া ভগৱান শঙ্কৰাচাৰ্য্যে প্ৰধানকৈ গীতাৰ সহায়তে, ভাৰতভূমিত আৰ্য ধৰ্মৰ পুনৰ প্ৰতিষ্ঠা কৰে। গীতা সনাতন ধৰ্মৰ মৃত সঞ্জীবনী মন্ত্ৰ। যেতিয়া ইউৰোপীয় জাতিবিলাকে প্ৰথমতে ভাৰতবৰ্ষত প্ৰাধান্য লাভ কৰে তেতিয়া তেওঁবিলাকৰ মনত এই দেশৰ হিন্দু জাতি সম্বন্ধে অনেক কুসংস্কাৰ আছিল। তেওঁবিলাকে ভাৰতবৰ্ষৰ আৰ্য জাতিটোক [ ভূমিকা ] • সাঙ্খ্যৰ মতে এই জগতসৃষ্টিৰ মুলত দুটা কাৰণ বৰ্ত্তমান অৰ্থাৎ পুৰুষ আৰু প্ৰকৃতি। পুৰুষ হৈছে চৈতন্য, প্ৰকৃতি জড় আৰু ত্ৰিগুণাত্মিকা৷ এই পুৰুষ আৰু প্ৰকৃতিৰ সংযোগত জগতৰ উদ্ভৱ হৈছে। জগতৰ সকলো বস্তুতে সদাই দুটা বিপৰীত ৰকমৰ ভাব দেখিবলৈ পোৱা যায়। এটা নিত্য বা স্থায়ী ভাব আৰু আনটো অনিত্য বা পৰিবৰ্ত্তনশীল ভাব। সকলো বস্তুতে প্ৰতি মুহুৰ্ত্ততে পৰিবৰ্ত্তন হ’ব লাগিছে; এক ঘণ্টাৰ আগেয়ে যি বস্তু যেনে আছিল, এঘণ্টাৰ পাচত আৰু সি তেনে অৱস্থাত নাই; কিয়নো সি আগতকৈ এঘণ্টাৰ পুৰণি হ’ল আৰু সেই অনুসাৰেই তাৰ উপাদানবিলাকৰ ভিতৰতো পৰিবৰ্ত্তন হল। এই দৰে উপাদান বিলাকৰ ভিতৰত মুহুৰ্ত্তে মুহুৰ্ত্তে পৰিবৰ্ত্তন হলেও, মূল সত্তাৰ কোনো লৰচৰ নহয়। মই উপজিবৰ দিন ধৰি আজিলৈকে যিমান ডাঙ্গৰ হৈছোঁ, তাৰ ভিতৰত মোৰ কিমান পৰিবৰ্ত্তন হ’ল তাৰ লেখ নাই কিন্তু মই সেইদিনা যি আছিলো আজিও সেই ময়েই, মইৰ কোনো পৰিবৰ্ত্তন নাই। জগতৰ এই স্থায়ী, অপৰিবৰ্ত্তনশীল আৰু নিত্য ভাবেই পুৰুষ আৰু পৰিবৰ্ত্তনশীল বা অনিত্য ভাবেই প্ৰকৃতি। এই জড় আৰু চৈতন্যৰ সংযোগৰ ফলতে জগতৰ উদ্ভৱ হৈছে। নিত্যৰ লগত অনিত্য সদাই আলোৰ লগত ছায়া থকা দি আছে। এই প্ৰকৃতিয়েই দৰ্শন শাস্ত্ৰৰ মতে মায়া, ভক্তি শাস্ত্ৰ মতে হলাদিনী বা আনন্দময়ী আৰু তন্ত্ৰ শাস্ত্ৰ মতে ইচ্ছাময়ীৰূপে, জীবত অধিষ্ঠান কৰিছে। মানুহৰ স্বভাব হৈছে, চিন্তা কৰা, অনুভব কৰা আৰু ইচ্ছা কৰা। চিন্তাৰ ফল জ্ঞান,অনুভূতিৰ স্থূল প্ৰেম আৰু ইচ্ছাৰ ফল কৰ্ম্ম। চিন্তা, অনুভূতি আৰু ইচ্ছা এই তিনটা উৰ্দ্ধগামী বৃত্তিৰ স্ফুৰণতে মানুহজাতিৰ ক্ৰমোন্নতি সাধিত হৈ আহিছে, আৰু সেই গুণেই গীতাই এই তিনটা বৃত্তিৰ অনুশীলনৰ নিমিত্তে কৰ্ম্ম, জ্ঞান আৰু ভক্তি এই তিনি পথৰ বিধান কৰিছে। এই তিনটা মাৰ্গ অবলম্বন কৰি আসুৰিক বৃত্তি [ ভূমিকা ] বিলাকৰ দমন আৰু দৈব বৃত্তিবিলাকৰ স্ফূৰণ কৰিবলৈ যি ধৰ্ম্মই শিক্ষা দিয়ে সেয়ে সনাতন ধৰ্ম্ম আৰু গীতায়ো এই তিনটা পথকে উপদেশ দিছে।

 সনাতন ধৰ্ম্মত অধিকাৰী ভেদে আৰু মানুহৰ প্ৰকৃতি আৰু প্ৰবৃত্তি অনুসাৰে যদিও নানা পথৰ উল্লেখ দেখিবলৈ পোৱা যায় তথাপি মূলত এটাইবোৰ মত বা পথ যে একে সেয়েহে প্ৰমাণিত হয়। হিন্দুৰতিনি পথৰ সমন্বয়। ছখন দৰ্শন শাস্ত্ৰক, যেনে ন্যায়, সাঙ্খ্য, মীমাংসা, বৈশেষিক, যোগ, আৰু বেদান্তক অনেকে বিপৰীত মতৰ দৰ্শন শাস্ত্ৰ বুলি ভাবে। কিন্তু প্ৰকৃতপক্ষে সিবিলাকে বেলেগ বেলেগ মত প্ৰবৰ্ত্তনৰ চেষ্টা নকৰি এটা সত্যকেহে বেলেগ বেলেগ ফালৰ পৰা প্ৰমাণ কৰিছে। ব্ৰহ্মবিন্দু উপনিষদত এঠাইত কৈছে:—

গবামনেক বৰ্ণাণাং ক্ষীৰস্যাপ্যেক বৰ্ণতা।
ক্ষীৰবৎ পশ্যতে জ্ঞানং লিঙ্গিনস্তু গবাং যথা॥

সেই দৰে গীতাৰ তিনওটা পথৰ যে শিক্ষা একেই, তাক সহজে বুজিব পাৰি। মনুষ্য জীবনৰ চৰম উদ্দেশ্য হৈছে মোক্ষ বা ভগবৎ প্ৰাপ্তি। স্বধৰ্ম্ম বা কৰ্ত্তব্য পালনেই হৈছে ভগবৎ প্ৰাপ্তিৰ উপায়। মনুষ্য জীৱন আদিৰ পৰা অন্তলৈকে এটা শৃঙ্খলাবদ্ধ কৰ্ত্তব্যৰ ধাৰা মাত্ৰ। মানুহে কৰ্ত্তব্য জ্ঞান লাভ কৰে নীতি শিক্ষাৰ পৰা। নীতি শিক্ষাৰ আদেশ পালি কাম কৰোতে কৰোতে যেতিয়া চিত্ত শুদ্ধ হয়, তেতিয়া মানুহে জ্ঞান লাভ কৰে আৰু সেই জ্ঞানৰ অনুশীলনৰ পৰাই কৰ্ত্তব্য জ্ঞান লাভ কৰে। কৰ্ত্তব্য জ্ঞান লাভ কৰিলেই যে মানুহে কৰ্ত্তব্য কাম কৰে তেনে নহয়। কৰ্ত্তব্য জ্ঞানৰ লগত যেতিয়া প্ৰেম বা ভক্তি যোগ হয় তেতিয়াহে মানুহে কৰ্ত্তব্য কাম কৰিবলৈ আগ বাঢ়ে। প্ৰেম বা ভক্তিযুক্ত কৰ্ত্তব্য কামেই নিষ্কাম কৰ্ম্ম। সেই গুণে নিষ্কাম কৰ্ম্মৰ মূলত হয় স্নেহ, নহয় প্ৰেম, নহয় ভক্তি লগা আছে। কিন্তু প্ৰেম বা ভক্তি লাভৰ উপায় হৈছে ত্যাগ; যত ত্যাগৰ [ ভূমিকা ] ভাব নাই তত প্ৰেম বা ভক্তিয়ে কেতিয়াও গা কৰিব নোৱাৰে। এই ত্যাগৰ শিক্ষাইগী তাৰ চৰম শিক্ষা—সন্ন্যাস। যেতিয়া আমি ক্ষুদ্ৰ মইটোক কোঁচাই অনন৷ তেতিয়া ত্যাগ আমাৰ পক্ষে অসম্ভৱ যেন লাগে কিন্তু যেতিয়া আমি তাক বহলাবলৈ অভ্যাস কৰোহক তেতিয়া ত্যাগতকৈ আনন্দৰ বিষয় আৰু একো নাইকিয়া হয়। গীতাই শিক্ষা দিয়ে এই ক্ষুদ্ৰ মইটোক বহলাই বহলাই আমি কেনেকৈ সমস্ত বিশ্বতে এই মইক দেখিবলৈ পাওঁ আৰু আন পিনে এই মইতে কেনেকৈ সমস্ত বিশ্বক দৰ্শন কৰো। এই দৰে বিশ্বৰূপ দৰ্শন কৰিবলৈকে গীতাই কৰ্ম্ম, ভক্তি আৰু জ্ঞান উপদেশ দিছে। গীতাই কৈছে কৰ্ম্ম কৰা, কিয়নো তুমি কৰ্ম্মৰ পৰাই উদ্ভৱ হৈছা আৰু কৰ্ম্ম কৰাই তোমাৰ স্বভাৱ; আৰু কৈছে যদি কৰ্ম্ম বন্ধনৰ পৰা মুক্ত হব খোজা বা ভগৱানক পাব খোজা তেনেহলে, কৰ্ম্মৰ ফল আশা নকৰি কেৱল কৰ্ত্তব্য বোধেৰে কয় কৰা আৰু কৰ্ত্তব্য কাম কি তাক জ্ঞানৰ দ্বাৰাই জানি লোৱা আৰু ঈশ্বৰক প্ৰেম বা ভক্তি কৰিবলৈ শিকা, তেতিয়া কৰ্ত্তব্য কাম কৰিবলৈ তোমাৰ আপুনি ৰতি হব। ঈশ্বৰৰ প্ৰতি অনুৰাগী হবৰ নিমিত্তে ত্যাগ অৰ্থাৎ অনাসক্ত ভোগ অভ্যাস কৰা। তেনেহলে গীতাত তিনটা বেলেগ বেলেগ পথৰ উপদেশ দিছে বুলি ভাবিলে গীতাৰ প্ৰকৃত শিক্ষা কেতিয়াও লাভ কৰিব নোৱাৰি।

 আমি গীতাৰ অধ্যায় আৰু কাণ্ড বিভাগলৈ মন কৰিলেও সেই একে কথাকে দেখিবলৈ পাওঁহক৷ গীতাত অঠৰটা অধ্যায় আছে আৰু প্ৰতি ছয় অধ্যায়ে একোটা কাণ্ড হৈছে। বেদত যেনেকৈ তিনিটা কাণ্ডগীতাৰ বিভাগ। আছে যেনে কৰ্ম্ম কাণ্ড, উপাসনা কাণ্ড আৰু জ্ঞান কাণ্ড, গীতাতো তেনেকৈ তিনিটা কাও আছে। ইয়াৰ প্ৰথম ছয় অধ্যায় লৈ কৰ্ম্ম কাণ্ড, দ্বিতীয় ছয় অধ্যায় লৈ উপাসনা কাণ্ড, আৰু শেহৰ ছয় অধ্যায় লৈ জ্ঞান [ ভূমিকা ] কাণ্ড হৈছে। প্ৰত্যেক কাণ্ডতে কৰ্ম্ম ভক্তি আৰু জ্ঞানৰ কথা থাকিলেও, আগৰ কাণ্ডত কৰ্ম্ম, মাজৰ কাণ্ডত ভক্তি আৰু শেহৰ কাণ্ডত জ্ঞানৰ বিষয়ে বিশেষকৈ কোৱা হৈছে। জ্ঞান আৰু কৰ্ম্মক বেলেগকৈ ধৰিবলৈ গলেহে তাৰ ভিতৰত বিৰোধ উপস্থিত হয় আৰু এই বিৰোধৰ পৰাই যত বাদবিতণ্ডাৰ সৃষ্টি। এই বিৰোধৰ সামঞ্জস্য স্থাপন কৰিবৰ নিমিত্তেই গীতাই কৰ্ম্ম আৰু জ্ঞানৰ মাজত ভক্তিক স্থাপন কৰিছে, যেনে কৰ্ম্ম+ভক্তি+জ্ঞান। ভক্তি শূন্য কৰ্ম্মই হৈছে সকাম কৰ্ম্ম আৰু ভক্তিযুক্ত কৰ্ম্মই হৈহে নিষ্কাম কৰ্ম; ভক্তশূন্য জ্ঞানৰ ফল অহঙ্কাৰ আৰু জ্ঞান শূন্য ভক্তিও অন্ধ-বিশ্বাস। যোগিনী তন্ত্ৰৰ এঠাইত মহাদেবে পাৰ্ব্বতীক কৈছে:—

“কৰ্ম্মণা লভতে ভক্তিংভক্ত্যা জ্ঞানমৃপালভেৎ।
জ্ঞনান্মুক্তিম্মতা তেবি সত্যং সত্যং ময়োচ্যতে॥”

সেই গুণেই গীতাই ভক্তক কৰ্ম্ম আৰু জ্ঞানৰ মাজত ৰাখি এটাই কেইটা মাৰ্গৰ সামঞ্জস্য স্থাপন কৰি জীৱৰ উপায় নিৰ্দ্দেশ কৰিছে।

 আমি ওপৰত ত্যাগৰ কথা কৈ আহিছো৷ গীতা কেনে ত্যাগ শিক্ষা দিছে তাক এবাৰ ভাবি চোৱা যাওক। ত্যাগ আয্য শিক্ষাৰ আদেশ আৰু আৰ্য্য নীতিৰ প্ৰধান অঙ্গক (ভাগশূন্য ত্যাগৰ একো অৰ্থগীতাৰ ত্যাগ। নাই। সেই গুণে ভোগৰ নিমিত্তে যত্নশীল নহৈ ত্যাগ মন্ত্ৰৰ অভ্যাস কৰিবলৈ যোৱা অসম্ভৱ৷ ত্যাগৰ শিক্ষা হব লাগিব ভোগৰ ভিতৰত। তোমাৰ যেনিবা একোৱেই নাই ত্যাগ কৰিবা কি? যি মানুহৰ ঘোড়াগাড়ী থাকোঁতেও থোজকাঢ়ি গৈছে, তেওঁ ত্যাগ অভ্যাস কৰিছে সঁচা কিন্তু যাৰ ঘোড়াগাড়ী নাই তেওঁ খোজকাঢ়ি নগৈ বা কি কৰিব। তেওঁ খোজকাঢ়ি যোৱাত ত্যাগৰ শিক্ষা কেনেকৈ হব। সেই গুণে সংসাৰত ভোগৰ নিমিত্তে চেষ্টিত হৈ ত্যাগ শিকিবলৈ অভ্যাস কৰাহে গীতাৰ অভিপ্ৰায় আৰু সেই [ ভূমিকা ] গুণেই, যতী আৰু বানপ্ৰস্থ এই দুই নিবৃত্তিপৰ আশ্ৰমক, ব্ৰহ্মচৰ্য্য আৰু গৃহস্থাশ্ৰম এই দুই প্ৰবৃত্তিপৰ আশ্ৰমৰ পিচত আৰ্য্য শাস্ত্ৰে বিধান কৰিছে আৰু গীতাৰ শিক্ষাও এয়ে। নতুবা প্ৰকৃত ব্ৰহ্মজ্ঞান লাভৰ নিমিত্তে, ত্যাগৰ আদৰ্শ শিকিবৰ নিমিত্তে, কৌপীন-ধাৰী শুকদেৱক নাৰদে, ৰাজৰ্ষী জনকৰ ওচৰলৈ নপঠালেহেতেন। মহাভাৰতৰ শান্তিপৰ্বত ব্যাসদেৱে, তেওঁৰ পুত্ৰ শুকদেৱক উপদেশ দিছে, যে যি তপোবনত জন্মগ্ৰহণ কৰি ভোগৰ আস্বাদ গ্ৰহণ নকৰাকৈয়ে ত্যাগী হয় তেওঁৰ ধৰ্ম্ম অলপহে হয় কিন্তু যি গৃহস্থাশ্ৰমত জন্মগ্ৰহণ কৰি ভোগৰ আস্বাদ লৈ তাক পৰিত্যাগ কৰিব পাবে তেৱেঁইহে প্ৰকৃত ধাৰ্ম্মিক৷ ব্ৰহ্মচাৰী অৱস্থাত স্বধৰ্ম্ম পালনৰ নিমিত্তে উপযুক্ত হবলৈ সংযম শিক্ষা কৰি জ্ঞান আৰু শক্তি সঞ্চয় কৰিব লাগে; গৃহস্থাশ্ৰম ত এই ধৰ্ম্মক অনুষ্ঠান কৰিব লাগে। স্বধৰ্ম্মৰ সম্পূৰ্ণ অনুষ্ঠান কৰা হলেই বানপ্ৰস্থ আৰু সন্ন্যাসৰ অধিকাৰ লাভ কৰে৷ গৃহস্থাশ্ৰমত প্ৰবেশ কৰি সকলো ৰকম সাংসাৰিক ত্যাগ অভ্যাস নিমিত্তে পুৰুষাৰ্থ কৰি তাত সিদ্ধি লাভ কৰিব আৰু তাৰ লগে লগে অভ্যাস কৰিব, এয়েই গীতাৰ মহতি শিক্ষা৷ এই শিক্ষা পাহৰি তাৰ আন অৰ্থ কৰাতে আয্যজাতিৰ এনে দুৰ্দ্দশা আৰু আয্য ধৰ্ম্মৰ এনে মানৰ অৱস্থা৷

 গীতাৰ শিক্ষা অনন্ত। গীতাই শিক্ষা দিছে আত্মা অবিনাশী, দেহৰ মৃত্যু আছে কিন্তু আত্মা অমৰ, সুখ দুখ মিচা৷ ই কেৱল বিষয়ৰ লগত ইন্দ্ৰিয়ৰ যোগ, আত্মজ্ঞানেই সকলোতকৈ শ্ৰেষ্ঠ জ্ঞান,গীতাৰ শিক্ষা। কৰ্ত্তব্য পালনেই স্বধৰ্ম্ম, হৃদয়ৰ দুৰ্ব্বলতাই কৰ্ত্তব্যৰ পথত বিঘিণি; ঈশ্বৰত আত্ম নিবেদন কৰি কৰ্ম্মত ৰতি, কৰ্ম্মফলত বিৰতি, সিদ্ধি, অসিদ্ধি জয় পৰাজয়ত সমজ্ঞান কৰি সাধন মাৰ্গত আগবাঢ়ি স্থিতপ্ৰজ্ঞহৈ সংসাৰৰ দুখ দুৰ্গতিৰ হাত সাৰি মনত চিৰশান্তি লাভ কৰাৰ উপায়, ইত্যাদি সনাতন আৰ্য্য ধৰ্ম্মৰ সকলো বিষয়কে [ ভূমিকা ] গীতাই অতি সুন্দৰ আৰু শৃঙ্খলা মতে শিক্ষা দিছে। সংসাৰলৈ পিঠি দি সংসাৰৰ সকলো বিষয়কে তুচ্ছজ্ঞান কৰি কেৱল ধ্যান কৰি বহি থকা গীতাই উপদেশ দিয়া ধৰ্ম্ম কেতিয়াও নহয়। গীতাৰ শিক্ষা মতে নচলা বাবেই আৰ্য্যজাতিৰ এই দুৰ্দ্দশা আৰু আৰ্য্য ধৰ্ম্মৰ এনে দুৰাৱস্থা। আৰ্য্য ধৰ্ম্মৰ পুনৰুত্থানৰ একমাত্ৰ উপায় হৈছে আকৌ গীতাৰ উদাৰ শিক্ষা মানুহৰ মাজত প্ৰচাৰ কৰা।

ভাৰতবৰ্ষত আৰ্য্য প্ৰভাব বিস্তাৰ বিশেষকৈ সনাতন ধৰ্ম্মৰ সহায়েৰে আমাৰ দেশত গীতাৰ সাধিত হৈছিল৷ আমাৰ দেশত গীতাৰ আলোচনা। অৱশ্যে অনাৰ্য্য জাতিবিলাকক বশ কৰিবৰ নিমিত্তে ধেনু কাঁড় যে ব্যবহাৰ কৰিব লগা নহৈছিল এনেও নহয়।

“অগ্ৰতঃ চতুৰোবেদাঃ পৃষ্ঠতঃ সশৰং ধনুঃ ।
উভাভ্যাং চ সমৰ্গোহহং শাপাদপি শৰাদপি॥”

তেওঁবিলাকে যেতিয়া যলৈকে গৈছিল, সনাতন ধৰ্ম্মৰ গ্ৰন্থবিলাক লগতলৈ গৈছিল। সকলো শাস্ত্ৰৰ সাৰ আৰু হিন্দুজাতিৰ জীবনসৰ্বস্ব গীতাক যে লগত নিনিছিল তেনে নহয়। সেই গুণে এই দেশত আৰ্য্য বসতি স্থাপিত হোৱা কালৰে পৰা গীতাৰ আলোচনা আছিল বুলি ধৰিব পাৰি। অসম দেশত আজিকালিও কশ্চিৎ হে এঘৰ ব্ৰাহ্মণ পোৱা যাব, যাৰ ঘৰত এখন সাঁচীপতীয়া গীতা নাই। গীতা-পাঠ এতিয়াও এটা নিত্যনৈমিত্তিক কৰ্ম্মৰ ভিতৰত। অসমীয়া হিন্দুৱে আজিকালিও পিতৃমাতৃৰ শ্ৰাদ্ধৰ ওচৰত ভক্তিৰে গীতা পাঠ কৰায়। অনেক ব্ৰাহ্মণ আছে যাৰ গোটেইখন গীতা কণ্ঠস্থ আৰু যি নিতৌ পূজা সেৱাৰ অন্তত গোটেইখন গীতা আবৃত্তি কৰিহে অন্নগ্ৰহণ কৰে। ব্ৰাহ্মণবিলাকে গীতাৰ মহতি শিক্ষাৰ আস্বাদ নিজে গ্ৰহণ কৰিয়েই যে সন্তুষ্ট আছিল তেনে নহয়, যাতে সংস্কৃত অনভিজ্ঞ তিৰোতা আৰু শূদিৰৰ এই জ্ঞানৰ পৰা বঞ্চিত নহয় তাৰ নিমিত্তে, অসমীয়া গদ্য আৰু [ ভূমিকা ] পদ্যত গীতা অনুবাদ কৰিছিল। প্ৰথমতে অসমীয়া ভাষাত এই পুথীৰ অনু- বাদ শ্ৰীশ্ৰীদামোদৰ দেৱৰ মাজু ককায়েক ৺ৰত্নাকৰ দেৱে ৰচনা কৰে। মানুহৰ মাজত গীতাৰ শিক্ষা অতি প্ৰীতিকৰ কৰিবৰ নিমিত্তে তাক তেওঁ কীৰ্ত্তনৰ সুৰবান্ধি ৰচনা কৰিছিল। এইখন পুথী এতিয়াও ছাপা হৈ ওলোৱা নাই। এইখনত বাজেও ভট্টদেৱৰ কথা-গীতাৰ গদ্য আৰু ৺গোবিন্দ মিশ্ৰৰ গীতাৰ পদ্য অনুবাদ অসমীয়া সাহিত্যৰ অমূল্য নিধি। ৺গোবিন্দ মিশ্ৰৰ গীতাৰ অনেক সংস্কৰণ ছাপা হৈছে। ৺ভট্টদেৱৰ কথা-গীতা প্ৰকাশ কৰি আমি আজি অসমীয়া ৰাইজৰ হাতত দিলো। এই তিনিখনত বাহিৰেও যে আমাৰ ভাষাত গীতা ৰচিত হোৱা নাছিল তাক কব নোৱাৰি। আগৰ দিনত এই দেশত সকলো শ্ৰেণীৰ মানুহৰ মাজতে যে গীতাৰ শিক্ষাৰ বিশেষ প্ৰচলন আছিল তাক ভালকৈ বুজিব পাৰি। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যেন গীতাৰ উদাৰ শিক্ষা আকৌ আমাৰ মানুহৰ মাজত প্ৰচাৰিত হয়, আকৌ অসমীয়া মানুহে নিজ নিজ কৰ্ত্তব্য বুজি স্বধম্ম পালন কৰি নিজৰ মঙ্গল, জাতিৰ মঙ্গল সাধন কৰি অৱশেষত ভগৱানৰ চৰণপদ্ম লাভ কৰে। ওঁ তৎ সৎ।

_____

[  ]

ভট্টদেৱৰ জীবনী।*

 আজি প্ৰায় তিনি শ তিনি কুৰি বছৰ মান হল এজন পৰম প্ৰতিভাশালী মহাপুৰুষে এই দেশত জন্ম গ্ৰহণ কৰি আমাৰ দেশৰ মুখ উজ্জ্বল কৰি থৈ গৈছে। সেই মহাপুৰুষ জনেই হৈছে আৰম্ভণ৷পূজ্যপাদ ৺ বৈকুণ্ঠনাথ দেৱ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য। তেওঁ অসমৰ এক প্ৰসন্ধ পণ্ডিত বংশত জন্ম গ্ৰহণ কৰি অসমীয়া ভাষা আৰু জাতিৰ অশেষ কল্যাণ সাধি, অসমীয়া মানুহক চিৰকালৰ নিমিত্তে তেওঁৰ ওচৰত ঘৰুৱা কৰি থৈ গৈছে। তেওঁ আমাৰ দেশৰ প্ৰখ্যাত ধৰ্ম্মপ্ৰচাৰক শ্ৰীশ্ৰীদামোদৰ দেৱৰ এজন প্ৰধান অন্তৰঙ্গ প্ৰিয় শিষ্য আছিল; সেই গুণে তেওঁৰ জীৱনৰ প্ৰধান প্ৰধান ঘটনাবিলাকত দামোদৰ দেৱৰ প্ৰভাৱ বিশেষৰূপে দেখিবলৈ পোৱা যায়। আন কি ইয়াত লিখা তেওঁৰ জীবনৰ ঘটনাবিলাকো দামোদৰ দেৱৰ চৰিত্ৰ পুথিবিলাকৰ পৰাহে সংগ্ৰহ কৰা হৈছে৷ অৱশ্যে আমি পাটবাউসী আৰু বিয়াহকুচি সত্ৰত অনুসন্ধান কৰিও তেওঁৰ জীবনী সম্বন্ধে কোনো কোনো কথা জানিব পাৰি ইয়াত যোগ দিছোহঁক; তথাপি আমি সাহি কব নোৱাৰো যে ভট্টদেৱব বিষয়ে জানিব লগীয়া সকলো কথাই ইয়াত ঠাই পাইছে। আচল কথা কবলৈ গলে ই ভট্টদেৱৰ জীবনীৰ এখন আঁচনি মাথোন। সুনিপুণ খনিকৰে আগলৈ এই আঁচনিত ৰহন লগাই ভট্টদেৱৰ জীবনৰ সৌন্দৰ্য্য বাহিৰ কৰিব, এই আশাৰে আমি ইয়াকে আজি অসমীয়া ৰাইজক উপহাৰ দিলোঁ।

________________________________________________________________________

 * এই ৰচনাখনি ১৯১৮ ইংৰাজী চনৰ ২২ জুলাই তাৰিখে গুৱাহাটীৰ অ-ভা-উ-সা সভাৰ বৈঠকত কৰ্জ্জনহলত পাঠ কৰা হৈছিল। [  ]  অসম দেশৰ উজনি অঞ্চলত পিঙ্গলা নামে এখন গাঁও আছিল। সেই গাঁৱতে “বড়ওঝা” নামে পৰাশৰ বংশ পৰিচয়৷  গোত্ৰৰ এজন পণ্ডিত ব্ৰাহ্মণ আছিল। তেওঁৰ ঘাই নাম প্ৰিয়োত্তম আছিল। তেওঁ  এজন বড় নামজলা পণ্ডিত আছিল আৰু অনেক ঠাইৰ পৰা ছাতৰ আহি তেওঁৰ ছাতৰশালীত পঢ়িছিল হি। তেওঁ বড় ডাঙ্গৰ পণ্ডিত আছিল বাবে তেওঁক সকলোৱে “বড়ওঝা” বুলিছিল:-

“আপুনি পণ্ডিত বহু শাস্ত্ৰক পঢ়াইলা।
সি কাৰণে তান নাম “বড়ওঝা” ভৈলা॥”

 বড়ওঝাৰ এটি পুত্ৰ জন্মে আৰ পঢ়ি শুনি তেওঁ বড় পণ্ডিত হোৱাত, তেওঁ শ্ৰীচন্দভাৰতী বুলি খ্যাত হয়। শ্ৰীচন্দ্ৰভাৰতী তেওঁৰ নাম নহয়, উপাধি হে। আমাৰ সাহিত্যৰ বঘাসুৰ-বধ আদি কাব্য লিখোঁতাও শ্ৰীচন্দ্ৰভাৰতী বা অনন্ত কন্দলী আছিল। কোনেও আকৌ এই জনকে সেই জন বুলি যেন ভুল নকৰে। কোনো কাৰণত শ্ৰীচন্দ্ৰভাৰতীয়ে পিঙ্গলা গাঁও এৰি, কামৰূপৰ ভেড়াগ্ৰামলৈ উঠি আহে। এই ভেড়াগাঁও, বড়পেটা মহকুমাৰ বড়নগৰৰ ভিতৰত আছিল। আজিকালি ভেড়াগাঁৱৰ |৫ মাইলৰ ভিতৰতো জনপ্ৰাণী নাই; বেঁকী নৈৰ উৎপাতত তাৰ পৰা কেতিয়াবাই মানুহ-দুনুহ উঠি গৈছে। একালত যে ভেড়াগাঁও এখন ৰৰৈয়া গাওঁ আছিল, তাৰ সাখীস্বৰূপে সেই ঠাইত আজিকালি কেই জোপামান পুৰণি ডাঙ্গৰ গছ মাথোন ঠিয় দি আছে। এই ভেড়াগাঁৱত বসতি কৰাৰ কিছুকালৰ পাচত শ্ৰীচন্দ্ৰভাৰতীৰ এটি পুত্ৰ জন্ম হয়। কালক্ৰমে সেই লৰাই লিখা-পঢ়া শিকি এজন নামজলা ডাঙ্গৰ পণ্ডিত হয় আৰু তেওঁ কবিসৰস্বতী নামে খ্যাত হয়। কোনো কোনোৱে কয় যে তেওঁৰ আচল নাম পুৰুষোত্তম হে আছিল, কবিসৰস্বতী তেওৰ খিতাপ হে আছিল। সি যি কি নহওক কবিসৰস্বতী এজন অতি ধীৰ আৰু শান্ত প্ৰকৃতিৰ লোক আছিল আৰু এজন প্ৰসিদ্ধ বৈদান্তিক [  ] পণ্ডিত আছিল। তেওঁ তাৰাদেবী নামে এক কন্যাক বিবাহ কৰিছিল। অনেক বয়সলৈকে তেওঁৰ সতিসন্তান নোহোৱাত তাৰাদেবীয়ে সদাই বেজাৰ কৰিছিল। হেন সময়তে বড়নগৰলৈ এজন বিচক্ষণ পণ্ডিত সন্ন্যাসী আহিছিল। কবিসৰস্বতীয়ে সন্ন্যাসী পাণ্ডিত্যৰ কথা শুনি বড়নগৰলৈ গৈ তেওঁক দেখা কৰিলে গৈ। সন্ন্যাসীয়ে কবিসৰস্বতীৰ লগত কথন-মথন কবি বড় ভাল পালে আৰু তেওঁক ভাগৱতৰ বেদস্থতি ব্যাখ্যা কৰি শুনাবলৈ ধৰিলে। কবিসৰস্বতীৰ অতি সুন্দৰ ব্যাখ্যা শুনি সন্ন্যাসী তেওঁৰ ওপৰত বড় প্ৰসন্ন হল আৰু তেওঁক অলপ ভস্ম দি আশীৰ্ব্বাদ কৰি কলে যে তেওঁৰ দুটি পৰম পণ্ডিত পুত্ৰ লাভ হব। কবিসৰস্বতীয়ে অতি শ্ৰদ্ধাৰে সেই ভস্ম আনি তাৰাদেবীৰ হাতত দি সন্ন্যাসীৰ আশীৰ্ব্বাদৰ কথা কোৱাত তাৰাদেবীয়ে মনত বড় আনন্দ পালে। কিছু কালৰ পাচত সন্ন্যাসীৰ বৰত তাৰাদেবীৰ গৰ্ভত এটি এটিকৈ কবিসৰস্বতীৰ দুটি পুত্ৰ জন্ম হল। তেওঁ প্ৰথমটিৰ নাম থলে ৰমাকান্ত আৰু দ্বিতীয়টিৰ নাম হলে বৈকুণ্ঠনাথ। কালক্ৰমত দুই জনেই অগাধ পণ্ডিত হৈ উঠিল। বৈকুণ্ঠনাথেই পাচত ভট্টদেৱ নামে খ্যাত হল। ভট্টদেৱে সম্ভৱতঃ ১৪৮০ বা তাৰ ওচৰাওচৰি কোনো শকত জন্ম গ্ৰহণ কৰে। এনে অনুমান কৰিবৰ কাৰণ পাচত দেখা যাব। আমি অনেক যতনেৰে সংগ্ৰহ কৰি ইয়াৰ লগত ভট্টদেৱৰ পুৰুষনামা এখন দিছোহঁক।

 ৰমাকান্ত আৰু বৈকুণ্ঠনাথ অকালন বয়সতে মাতৃহীন হল। সেই সময়ত বড়নগৰত গোপালদেৱ নামে শিক্ষা  এজন প্ৰসিদ্ধ পণ্ডিতে টোল পাতি ছাতৰ পঢ়ৱাইছিল। কবিসৰস্বতীয়ে তেওঁৰ দুইটি   লৰাক এই টোলতে পঢ়িবলৈ দিলে। দুয়ো ভায়েক সৰুৰে পৰা অতি চোকা বুধিৰ লৰা আছিল। দুই চাৰি বছৰৰ ভিতৰতে দুয়ো ব্যাকৰণ, স্মৃতি, কাব্য, পুৰাণ, ইতিহাস আদি শাস্ত্ৰত বিশেষৰূপে [  ] পাৰ্গত হৈ উঠিল। অলপ দিনৰ ভিতৰতে বৈকুণ্ঠনাথৰ পণ্ডিতালিৰ কথা চাৰিও ফালে বিয়াপি পৰিল৷ সকলোৱে কোৱাকুই কৰিবলৈ ধৰিলে যে বৈকুণ্ঠনাথে যেনে ভাগৱত ব্যাখ্যা কৰে, তেনেকৈ আৰু কোনো পণ্ডিতে ব্যাখ্যা কৰিব নেজানে। মহা মহা পণ্ডিতবিলাকে জন্ম গ্ৰহণ কৰি যি বংশক উজ্জ্বল কৰি গৈছিল, সেই বংশত বৈকুণ্ঠনাথে জন্মলৈ তাক আৰু উজ্জ্বল আৰু পবিত্ৰ কৰিলে।

 ৺গোপালদেৱৰ টোলত পঢ়ি বৈকুণ্ঠনাথে কিবা উপাধি পাইছিল নে নাই তাক কব নোৱাৰি কিন্তু তেওঁ “ভাগৱত- ভাগৱত-ভট্টাচাৰ্য্য৷ ভট্টাচাৰ্য্য” উপাধি বড়নগৰৰ ব্ৰাহ্মণ সমাজৰ পৰা পাইছিল। খুদিয়া সত্ত্ৰৰ প্ৰতিস্থাপক আৰু ঘোযা-ৰত্নৰ গ্ৰন্থকাৰ ৺গোপাল মিশ্ৰ, বৈকুণ্ঠনাথৰ সহপাঠী আৰু সখী আছিল। ৺গোপাল মিশ্ৰই তেওঁৰ পিতৃশ্ৰাদ্ধ উপলক্ষে খুদিয়াত এক সভা পাতিছিল; সেই সভাত বৈকুণ্ঠনাথ আৰু বড়নগৰৰ ব্ৰাহ্মণ পণ্ডিতবিলাক উপস্থিত আছিল, আৰু বৈকুণ্ঠনাথে ভাগৱত পঢ়ি ব্যাখ্যা কৰিছিল। তেওৰ মুখে ভাগৱতৰ সুললিত ব্যাখ্যা শুনি সভাত থকা সকলো মানুহ মুগ্ধ হৈছিল। গোপাল মিশ্ৰই আৰু ব্ৰাহ্মণ পণ্ডিতসকলে, সেই সভাতে বৈকুণ্ঠনাথক “ভাগৱত-ভট্টাচাৰ্য” উপাধি দিলে। সেই দিন ধৰি তেওঁৰ বৈকুণ্ঠনাথ নাম তল পৰি ভাগৱত-ভট্টাচাৰ্য্য বা ভট্টদেৱ নাম হে জলি উঠিল। তাৰ পাচত তেওঁ অনেক গ্ৰন্থ ৰচনা কৰিলেও আৰু কবিৰত্ন উপাধিৰে ভূষিত হলেও, আজিলৈকে মানুহে তেওঁক ভট্টদেৱ বুলিলেহে জানে।

 এইদৰে নিত্য নৈমিত্তিক ক্ৰিয়া কৰি ভট্টদেৱ ভেড়াগাঁৱতে আছিল। মাজে মাজে তেওঁ ভাগৱত ব্যাখ্যা কৰি মানুহক দামোদৰ দেৱৰ শিষ্য৷ শুনাইছিল। সকলোৱে তেঁওৰ মুখে শ্ৰীকৃষ্ণৰ লীলা তত্ত্বৰ আস্বাদ লৈ ধন্য মানিছিল৷ তেতিয়া শ্ৰীশ্ৰীদামোদৰ দেৱে [  ] লীলা-তত্ত্বৰ আস্বাদ লৈ ধন্য মানিছিল। তেতিয়া শ্ৰীশ্ৰীদামোদৰ দেৱে পাটবাউসীত সত্ৰ স্থাপন কৰি অসমৰ কেইওফালে বিশিষ্ট বিশিষ্ট লোকক ধৰ্ম্মাচাৰ্য্য নিযুক্ত কৰি পঠিয়াই ভাগৱতা ধৰ্ম প্ৰচাৰ কৰিছে; উজনি অসমলৈ ৺বংশীগোপালক পঠিয়াইছে, উত্তৰ ফালে ৺ভগৱানদেৱক পঠিয়াইছে আৰু দক্ষিণে ৺সন্তভূষণক পঠিয়াইছে। এই দৰে কেইওফালে ভাগৱতী ধৰ্ম প্ৰচাৰৰ লগে লগে দামোদৰ দেৱৰ আধ্যাত্মিক জীৱনৰ কথা বিয়াপি পৰিছে আৰু নাৰা-বাৰী পণ্ডিত মুখ সকলোৱে তেওঁৰ চৰণছত্ৰৰ তলত আশ্ৰয় লবৰ নিমিত্তে দলে দলে আহিব লাগিছে, এনে সময়তে ভট্টদেৱৰ পিক কবি সৰস্বতীয়ে এদিন পুতেকক মাতি কলে :-

“শুনা বাপু ভট্টদেৱ কৰিয়োক মন।
বৈষ্ণৱৰ পদে যাই লৈয়োক শৰণ॥
কৃষ্ণত শৰণ যিতো নৰে নলৱয়।
কদাচিতো নুগুচে সংসাৰ মৃত্যুভয়॥
ভক্ত ভক্তি ভগৱন্ত কহয় শাস্ত্ৰত।
আক নজানিয়া নৰে পড়ে সংসাৰত॥
নিশ্চয় শৰণ যেবে লৈলেক সন্তত।
নথাকয় অহঙ্কাৰ তাহাৰ দেহত॥
সংসাৰ তৰিলা সিতো জানা নষ্ট কৰি।
তুমি যাই সন্ত-গুৰু মানি ভজা হৰি॥” — ভূষণ-দ্বিজ৷

 ভট্টদেৱে পিতৃ আজ্ঞা শিৰত লৈ দামোদৰ দেৱক দৰ্শন কৰিবলৈ পাটবাউসীলৈ আহিল। দামোদৰ দেৱক দেখিলে:-

“মহাতেজৱন্ত বৃদ্ধ শৰীৰ অত্যন্ত।
ভক্তি যেন মূৰ্ত্তি ধৰি প্ৰকাশ কৰন্ত॥”—ৰামৰায়।

[  ]  দামোদৰ দেৱৰ সাধু শান্ত উজ্জ্বল মূৰ্ত্তি দেখি, ভট্টদেৱে ভক্তিভাবে গৈ দামোদৰ দেৱৰ চৰণত প্ৰণিপাত কৰিলে।

“নমিলন্ত যাই দামোদৰ চৰণত॥
অবনত ভাবে প্ৰভু বোলয় বচন।
ভব তৰিবাৰ হেতু কৰায়ো শৰণ॥” — ৰামৰায়।

 দামোদৰ দেৱে ভট্টদেৱৰ পৰিচয় লৈ পাটবাউসীতে তেওঁক কিছুদিন আশ্বাস দি ৰাখি ভাগৱত পঢ়িবলৈ দিলে। ভট্টদেৱৰ মুখে ভাগৱত শুনি দামোদৰ দেৱ আৰু সত্ৰৰ ভকতসকলে বৰ আনন্দ পালে। দামোদৰ দেৱে, তেওঁক কিছু দিনৰ পাচত ঘৰলৈ যাবলৈ অনুমতি দিলে আৰু ভাল তিথিবাৰ চাই এদিন আহি শৰণ লবলৈ কলে। ভট্টদেৱে ঘৰলৈ উভতি গৈ কিছুদিন তাতে থাকি, ভাল দিনবাৰ চাই আকৌ পাটবাউসীলৈ আহি দামোদৰ দেৱৰ ওচৰত শৰণ ললেহি৷

“দামোদৰ পদে প্ৰভু লৈলন্ত শৰণ।
সঙ্গোপাঙ্গে দিলা কৃষ্ণ নাম মহাধন॥
ভট্টাচাৰ্য্য দেৱে দামোদৰক ভজিলা।
প্ৰিয় শিষ্য জানি দেৱে সমস্তে কহিলা ॥ —ৰা—ৰা ৷

 এইদৰে শৰণ লৈ ভট্টদেৱে দামোদৰ দেৱৰ ওচৰত আধ্যাত্মিক শিক্ষা লাভ কৰিবলৈ ধৰিলে আৰু  কবিৰত্ন উপাধি ৷ পাটবাউসী সত্ৰতে ভাগৱত পাঠ কৰি আছিল। এনেতে বড়নগৰৰ প্ৰধান  প্ৰধান মুখীয়াল মানুহ কেইজনমান আহি দামোদৰ দেৱক জনালেহি যে বড়নগৰত থাকি তেওঁবিলাকক ভাগৱত শুনাবৰ নিমিত্তে এজন ভাল ভাগৱতী দিব লাগে। দামোদৰ দেৱে তেওঁবিলাকৰ মনৰ অভিপ্ৰায় বুজি ভট্টদেৱকে সেই কামৰ নিমিত্তে যাবলৈ অনুমতি কৰিলে। এই কথাত বড়নগৰীয়া মানুহে মনত বড় আনন্দ পালে। বড়নগৰৰ মানুহবিলাকে [  ] ভট্টদেবৰ মুখে ভাগৱতৰ ব্যাখ্যা শুনি, শ্ৰীকৃষ্ণ লীলাৰ অপূৰ্ব্ব মাধুৰী অনুভব কৰি কৃতাৰ্থ হল আৰু সকলোৱে সভাপাতি ভট্টদেৱক কবিৰত্ন উপাধিৰে ভূষিত কৰিলে। ভট্টদেৱেও এই উপাধি অতি আগ্ৰহেৰে গ্ৰহণ কৰিলে। ভট্টদেৱে যিমানবিলাক গ্ৰন্থ ৰচনা কৰিছে, সকলো বিলাকৰ ভণিতাতে তেওঁ নিজক ‘কবিৰত্ন’ বুলিহে উল্লেখ কৰিছে। সেই কালত এই উপাধিৰে আন আন মানুহ থাকিলেও ‘কবিৰত্ন” বুলিলে সকলোৱে ভট্টদেৱকহে বুজিছিল।

 শুক্ৰধ্বজ বা চিলাৰাইৰ পুত্ৰ ৰঘুদেৱ বিজয়নগৰত ৰাজধানী পাতি কামৰূপত ৰাজত্ব কৰি, ১৫১৫ দামোদৰদেৱ আৰু অসমীয়া গদ্য ভাষা৷ শকত স্বৰ্গী হয় আৰু দামোদৰদেব আৰু সেই শকতে তেওঁৰ  পুত্ৰ পৰীক্ষিতনাৰায়ণ ৰজা হয়৷ পৰীক্ষিত বড় পৰাক্ৰমী ৰজা হলেও, সৰুৰেপৰা তেওঁ উদ্ধত প্ৰকৃতিৰ মানুহ আছিল। দামোদৰদেৱে বলি কাটি দুৰ্গাপূজা কৰিবলৈ মানা কৰা বুলি শুনি, তেওঁ দামোদৰদেৱক তেওঁৰ ৰাজধানী বিজয়নগৰলৈ ধৰাই নিয়ে। এই বিজয়নগৰ গদাধৰ নৈৰ দাতি আজিকালিৰ বিজনী ৰাজ্যৰ কোনো এঠাইত আছিল। অনেকে অনুমান কৰে বিজয়নগৰৰ পৰাই বিজনীৰ উদ্ভৱ হৈছে। বিজয়নগৰলৈ যাবৰ সময়ত দামোদৰদেৱে ভট্টদেৱক বড়নগৰৰ পৰা মাতি আনি পাটবাউসী সত্ৰত ৰখীয়া কৰি থৈ যায়। যাবৰ সময়ত আন আন উপদেশৰ লগতে, তেওঁক অসমীয়া গদ্য ভাষাত ভাগৱতৰ ভাঙ্গনি কৰিবলৈ কৈ যায়;—

“আৰু এক জগত ঈশ্বৰ আজ্ঞা ধৰা ।
কথাবন্ধে একখণ্ড ভাগৱত কৰা ॥
পূৰ্ব্বে মহাপুৰুষে কৰিলা দশস্কন্ধ ।
কীৰ্ত্তন ভটিমা চবি দুলৰী সুছন্দ ॥৩৩৮
তাত কৰি সুগম কৰিয়ো ভাগৱত ।
স্ত্ৰীশূদ্ৰ সৰ্ব্বলোকে বুঝে যেন মত॥”—ৰা-ৰা।

[  ] পুথিবিলাক ৰচনা কৰিছিল, সেই বিষয়ে অনেক প্ৰমাণ আছে। যেনে,

প্ৰভুৰ আজ্ঞায়ে  বাৰ কন্ধ ভাঙ্গি
 কথাৰূপ কৰিলন্ত।
গীতা ৰত্নাবলী,  কথাৰূপে তাকো,
 কৰিলন্ত বিৰচন ॥
স্ত্ৰী শূদ্ৰ শিশু সমস্তে বুঝয়
 পঢ়ন্তে নাহি দূষণ ॥ ৯২৭ —ৰা-ৰা।

আন এঠাইত আছে :-

প্ৰভু দামোদৰৰ আজ্ঞায়ে মহাশন্ত।
শ্লোক ভাঙ্গি ভাগৱত কথা কৰিলন্ত ॥
অবিৰোধে স্ত্ৰী শূদ্ৰ চাণ্ডালে পঢয় ।
সঙ্খেপিয়া কথাৰূপ কৈলা মহাশয়॥ ৯৪২ ৰা–ৰা।


 ইয়াত বাজেও ভট্টদেৱ লিখা পুথিবিলাকৰ ঠায়ে ঠায়ে তেওঁ সেই কথা গৌৰবেৰে উল্লেখ কৰিছে। কি এক অপূৰ্ব্ব মাহেন্দ্ৰ ক্ষণত, অসম দেশৰ ভাগ্য আকাশত এই মহাপুৰুষ দুজনৰ সংযোগ হৈছিল, যাৰ ফলত আজি অসমীয়া জাতিয়ে পৰম গৌৰবেৰে জগতত অসমীয়া গদ্য সাহিত্য সম্পদৰ ঘোষণা কৰিব পাৰিছে। ভট্টদেৱ তেওৰ সময়ৰ এজন বিখ্যাত সংস্কৃত পণ্ডিত আহিল, আৰু সেই সময়ত গ্ৰন্থ ৰচনা কৰিলে পদ্যত ৰচনা কৰাহে ৰীতি আছিল; এনেস্থলত ভট্টদেৱে যে গীতা ভাগৱত আদি গ্ৰন্থ অসমীয়া গদ্যত অনুবাদ কৰিলে, সি কেৱল দামোদৰ দেৱৰ বিশেষ অনুৰোধত। সেইগুণে অসমীয়া গদ্য সাহিত্যৰ সৃষ্টি কাৰ্য্যত ভট্টদেৱ যন্ত্ৰ মাথোন, দামোদৰ দেৱ হে যন্ত্ৰী। জগতত অসমীয়া ভাষা থাকে মানে, এই দুজন মহাপুৰুষৰ অক্ষয় কীৰ্ত্তি খিলঞ্জিয়া হৈ জলি থাকিব আৰু তেওঁবিলাকৰ শুভমিলনে, অসমীয়া সাহিত্য [  ] ভড়াঁলত যি অমূল্য সম্পত্তি দান কৰিলে, তাৰ কাৰণে অসমীয়া জাতি চিৰকাল তেওঁবিলাকৰ ওচৰত কৃতজ্ঞ থাকিব।

গ্ৰন্থাৱলী।দামোদৰ দেৱ বিজয়নগৰলৈ যোৱাৰ পাচত ভট্টদেৱ কিছুদিন বড়নগৰতে থাকি তেওঁ ভাগৱত ব্যাখ্যা শেষ কৰি,দামোদৰ দেৱৰ আজ্ঞা অনুসৰি পাটবাউসীলৈ আহে।তেতিয়া পাটবাউসী সত্ৰত দামোদৰ দেৱৰ ভতিজাক কৃষ্ণদেৱেই প্ৰধান হৈ থাকে আৰু ভট্টদেৱে তাতে থাকি ভাগৱত পাঠ কৰিছিল৷ ভট্টদেৱ সংস্কৃত ভাষাত ভক্তিসাৰ, ভক্তিবিবেকৰ নিচিনা গ্ৰন্থ আৰু অসমীয়া ভাষাত, কথা-ভাগৱত, কথা-গীতা আদি কেইবা খনিও গদ্যগ্ৰন্থ আৰু গুৰুবংশাৱলী, প্ৰসঙ্গমালা আদি পদ্যগ্ৰন্থ লিখি থৈ গৈছে৷ ভট্টদেৱ এই দেশত জন্ম নলৈ ভাৰতবৰ্ষৰ আন দেশত জন্মিবলৈ হোৱাহলে, তেওঁ আজি সকলো সভ্য জাতিবিলাকৰ কৰ লগত চিনাকী হলহেতেন। যশস্যাৰ শ্মশান ভূমি দুদ্দশয়া অসম দেশত জন্ম গ্ৰহণ কৰি প্ৰায় চাৰে তিনিশ বছৰৰ আগেয়ে তেও অমাৰ ভাষাৰ আৰু সাহিত্যৰ কি উন্নতি কৰি থৈ গৈছে তাক আম অসমীয়া মানুহে নিজেই নাজানো, ইয়াতকৈ আৰু লাজৰ কথা কিবা আছেনে?

ভক্তিসাৰভট্টদেৱৰ এই খনিয়েই প্ৰথম পুথি। দামোদৰ দেৱব শিষ্যত্ব গ্ৰহণ কৰাৰ অলপ পাচতে দামোদৰ দেৱৰ আজ্ঞা মতে তেওঁ এই পুথি ৰচনা কবে। এই পুথি সংস্কৃত ভাষাত লিখা। সেই সময়ত বিজয়নগৰত যদুমণি চক্ৰবৰ্ত্তী নামে এজন ৰাজপণ্ডিত আছিল। তেওঁ কেতিয়াবা কেতিয়াবা দামোদৰদেৱৰ লগত সাক্ষাত কৰি তেওঁৰ লগত আধ্যাত্মিক বিষয়ত আলাপ কৰি বড় আনন্দ লাভ কৰিছিল। এদিন যদুমণি চক্ৰবৰ্ত্তীয়ে দামোদৰ দেৱক কলে যে শ্ৰীকৃষ্ণ ভগৱানৰ কলা অৱতাৰ হে পূৰ্ণ অৱতাৰ নহয়। দামোদৰ দেৱে [ ১০ ] চক্ৰবৰ্ত্তীৰ এই কথাত মনত বৰ বেজাৰ পালে, আৰু তেওঁৰ প্ৰিয় শিষ্য ভট্টদেৱক, শ্ৰীকৃষ্ণ যে পূৰ্ণব্ৰহ্মৰ অৱতাৰ, অংশাৱতাৰ নহয়, আমাৰ শাস্ত্ৰবিলাকক পৰা, এই কথা প্ৰমাণ কৰা শ্লোকবিলাক উদ্ধাৰ কৰি, এখনি পুথি লিখিবলৈ আদেশ কৰিলে। ভট্টদেৱে অতি আগ্ৰহেৰে এই কাজ হাতত ললে আৰু তাক অলপ দিনৰ ভিতৰতে সমাধা কৰিলে। ভট্টদেৱৰ এইয়েই প্ৰথম গ্ৰন্থ। তেওঁৰ বয়স তেতিয়া সম্ভৱতঃ ৩০/৩২ বছৰৰ সৰহ নহয়। তেওঁ কৰা পুথি বুলি জানিলে কি জানি যদুমণি চক্ৰবৰ্ত্তীৰ নিচিনা ডাঙ্গৰ পণ্ডিত এজনে তাক গ্ৰাহ্য নকৰেই, এই ভাবি সেই পুথিৰ ভণিতাত ভট্টদেৱে কৃষ্ণভাৰতীৰ নাম দিলে, আৰু দামোদৰদেৱক সেই কথা বুজাই কলে। কৃষ্ণ ভাৰতী এজন আমাৰ দেশৰ বড় ডাঙ্গৰ পণ্ডিত আছিল। তেওঁৰ বিষয়ে ৰত্নমালা ব্যাকৰণত ৺পুৰুষোত্তম বিদ্যাবাগীশে এই দৰে লিখি থৈ গৈছে। “কৃষ্ণ ভাৰতীৰায়াতি বেদান্তবন কেশৰী। পলায়ুদ্ধং পলাযুদ্ধং ভোভি তাৰ্কিক দিগ্‌গজাঃ।” দামোদৰ দেৱে ভক্তিসাৰ পুথিখন এদিন যদুমণি চক্ৰবৰ্ত্তীক দেখুৱালে। যদুমণিয়ে পুথিখনি আগৰ পৰা গুৰিলৈকে পঢ়ি তেওঁ কৃষ্ণভাৰতীৰ পাণ্ডিত্যৰ অশেষ প্ৰশংসা কৰিলে আৰু শ্ৰীকৃষ্ণক পূৰ্ণ অৱতাৰ বুলি স্বীকাৰ কৰাই দামোদৰ দেৱৰ ওচৰত শৰণ ললে। ভট্টদেৱে যি ভাবি যি কৰিছিল সেয়ে সিদ্ধি হল। আমি এই পুথি এতিয়াও দেখিবলৈ পোৱা নাই কিন্তু তাৰ বিষয়ে যি জানিব পৰিছো, শ্ৰীকৃষ্ণৰ পূৰ্ণ অৱতাৰ প্ৰমাণ কৰাই এই পুথিৰ প্ৰধান কথা৷

 কথা-ভাগৱতেই ভট্টদেৱৰ সকলো গ্ৰন্থৰ ভিতৰত প্ৰধান আৰু এই গ্ৰন্থ তেওঁৰ অপৰিসীম পৰিশ্ৰমৰ কথা-ভাগৱত৷  ফল। পূৰ্ব্বে কোৱা হৈছে কেনেকৈ দামোদৰদেৱে, তেওঁক ভাগৱতৰ কথা  কৰিবলৈ উপদেশ দিয়ে। ভট্টদেৱে গুৰুৰ আজ্ঞা শিৰত [ ১১ ] লৈ কথা-ভাগৱত কৰিবলৈ হাতত লয়। তেওঁ যেতিয়া বড়নগৰত ভাগৱত ব্যাখ্যা কৰি থাকে, তেতিয়াই তেওঁ এই কাম আৰম্ভ কৰে। চৰিত্ৰপুথিত সেই বিষয়ে এই দৰে লিখিছে:—

ভাগৱত শুনি তাৰা সন্তোষ লভিলা
কথা-ভাগৱত বড়নগৰে কৰিলা ॥ ২৯১ ৰা-ৰা।

 দামোদৰদেৱ এবছৰ বিজয়নগৰত থকাৰ পাচত, পৰীক্ষিতনাৰায়ণ ৰজাই তেওঁক দেশ এৰি যাবলৈ কোৱাত, তেওঁ সোণকোষ পাৰ হৈ প্ৰায় ১৫১৬ শকত লক্ষ্মীনাৰায়ণ ৰজাৰ দেশলৈ যায়৷ দামোদৰ দেৱে সোণ-কোষ নৈ পাৰ হবৰ বেলিকা ভট্টদেৱে ভাগৱতৰ প্ৰথম কন্ধৰ অসমীয়া গদ্য ভাঙ্গনি দি দামোদৰ দেৱক সেৱা কৰিলে গৈ। দামোদৰ দেৱে প্ৰথম কন্ধৰ ভাঙ্গনি চাই বড় ভাল নুবুলিলে, কিয়নো, ভট্টদেৱে কেৱল ভাগৱতৰ মূল শ্লোকবিলাকৰে কথা নকৰি তাৰ টীকা ভাষ্য সকলোবিলাকৰ ভাঙ্গনি কৰিছিল।

“কিন্তু এত খানি,  বহু কথা ভৈলে
 পুথিয়ো হইবে বড় ।
বাহ্ৰয় কন্ধৰ,  কথাক লিখিতে
 লাগিবে পাত বিস্তৰ ॥
এতেকে ইহাক,  কহিতে নপাৰি
 নকৰিবে কেহোঁ যত্ন।
সঙ্ক্ষেপ কৰিয়া,  সাৰমাত্ৰ লৈয়া
 কৰা কথা কবিৰত্ন॥” ২২৫ ৰা–ৰা।

 ভট্টদেৱ দামোদৰ দেৱৰ পৰা এনে কথা শুনি মনে মনে বড় বেজাৰ পালে কিন্তু কি কৰিব গুৰুৰ আদেশ। তেওঁ তেতিয়া কথা-ভাগবত বাহুল্য ভাবে নিলিখি সঙ্ক্ষেপকৈ লিখিবলৈ স্থিৰ কৰিলে দামোদৰদেৱ [ ১২ ] কোচবিহাৰলৈ গলত ভট্টদেৱ পাটবাউসীলৈ উভটি আহি কথা-ভাগৱত লিখি শেষ কৰে। এই ভাগৱত সঙ্ক্ষেপ কৈ কৰিলেও শেষ্ কৰোতে প্ৰায় ৪ বছৰ লাগিছিল। প্ৰায় ১৫১৫ শকত ভট্টদেৱে কথা-ভাগৱত লিখিবলৈ ধৰে আৰু প্ৰায় ১৫১৯ শকতহে তাক লিখি শেষ কৰে। দামোদৰদেৱে ১৫২০ শকত বহাগৰ শুক্লা প্ৰতিপদ তিথিত কোচবিহাৰত বৈকুণ্ঠপুৰ ধামত তনুত্যাগ কৰে। তেওঁৰ মৃত্যুৰ কিছু দিন আগতে পাটবাউসীত কৃষ্ণদেৱে ভট্টদেৱৰ লগত কল কৰা শুনি দামোদৰদেৱে দুইকো কোচবিহাৰলৈ মাতি পঠিয়াই আৰু দুইলৈকো কৈ পঠিয়াই যে তেওঁ আৰু সৰহ দিন এই সংসাৰত নেথাকে, সেই গুণে তেওঁলৈ যেন কিছু সুখাদ্য বস্তু লৈ যায়। এই কথা শুনি কৃষ্ণদেৱে অনেক উপাদেয় সুখাদ্য বস্তু লগত লৈ কোচবিহাৰলৈ যাত্ৰা কৰিলে; ভট্টদেৱেও তেওঁৰ কথা-ভাগৱত শেষ কৰি ভালকৈ লিখি লৈ দামোদৰ দেৱৰ ওচৰলৈ গল৷ দামোদৰ দেৱে কৃষ্ণদেৱে নিয়া নশ্বৰ খাদ্যবস্তু বিলাকলৈ চকুকে নিদিলে কিন্তু ভট্টদেৱে নিয়া কথা-ভাগৱত খনি অতি আগ্ৰহেৰে হাত পাতি লৈ, ‘অন্তিম কালত ভবৰোগৰ মহৌষধ এই ভাগৱত শাস্ত্ৰই আমাৰ পৰম সুখাদ্য’ বুলি গ্ৰহণ কৰিলে আৰু ভট্টদেৱক এই কথাভাগৱত কৰাৰ জন্যে অশেষ প্ৰশংসা কৰিলে আৰু সেই দিনাই ভট্টদেৱক পাটবাউসী সত্ৰৰ অধিকাৰ পাতিলে বুলি প্ৰচাৰ কৰিলে। তেওঁৰ আপোন ভতিজা কৃষ্ণদেৱক সেই সত্ৰতে ভাগৱতী হৈ থাকিবলৈ কলে।

“অয়ং নিজপৰোবেত্তি গণনাং লঘুচেতসাম্।
উদাৰচেতসাং পুংসাং বসুধৈব কুটুম্বকম্॥”

 মহাপুৰুষবিলাকৰ বিচাৰ আৰু বিবেচনা এনেকুৱাই। কৃষ্ণদেৱ নিজ ভতিজাক হলেও তেওঁক যেতিয়া সত্ৰৰ অধিকাৰৰ উপযুক্ত নেদেখিলে তেতিয়া ভট্টদেৱক উপযুক্ত দেখি দামোদৰদেৱে তেওঁৰ মূৰতে ধৰ্ম্মৰ ভাৰ [ ১৩ ]
 

“ভতিজাত তেজি মৰ্ম্ম,  আনক দিলেক ধৰ্ম্ম,
 পালিবৰ যোগ্য হেন দেখি।”

 চাবলৈ গলে দামোদৰদেৱ যেন তেওঁৰ হৃদয়ৰ প্ৰিয়ধন কথা-ভাগৱতলৈ বাট চাইহে অতদিন কোচবিহাৰত জিয়াই আছিল। কথা-ভাগৱত পোৱাৰ অলপদিনৰ পাচতে তেওঁ নৰ-নাট সামৰিলে৷ ভট্টদেৱ পাটবাউসী সত্ৰৰ অধিকাৰ হোৱাৰ গুৰিও এই কথা-ভাগৱতকে বুলিব পাৰি। কথা-ভাগৱত অসমীয়া সাহিত্যৰ এক অমূল্য সম্পত্তি। এই পুথি প্ৰকাশ হলে অসমীয়া ৰাইজে বুজিব পাৰিব ভট্টদেৱে কথা-ভাগৱত ৰচনা কৰি অসমীয়া ভাষাৰ কি অসীম উপকাৰ কৰি গৈছে।

 কথা-ভাগৱতৰ পিচতে, ভট্টদেৱৰ কথা-গীতাও অসমীয়া সাহিত্য ভঁড়ালৰ এখনি অমুল্য ৰত্ন। কথা- কথা-গীতা৷ গীতাৰ ৰচনাৰ কাল সঠিককৈ কোৱা টান, তথাপি ইয়াক যে কথা-ভাগৱতৰ পাচত লিখিছিল, তেনে ভাবিবৰ অনেক কাৰণ আছে। প্ৰথমতে চৰিত্ৰ পুথিত দেখিবলৈ পোৱা যায়,

“যি কালে গীতাৰ কথা কৰা মহাসন্ত।
সেহিকালে “আত্মসাৎ” কৰি ধৰিলন্ত॥
দ্বাদশ কন্ধৰ কথা যি কালে দিলন্ত।
সেহিকালে “আত্মসঙ্গী” কৰিয়া লৈলন্ত॥” —ৰা-ৰা।

 এই পদ ফাকিত লোচৰ অৰ্জ্জুনদেৱৰ লগত ভট্টদেৱৰ সম্বন্ধ উল্লেখ কৰিছে অৰ্থাৎ ভট্টদেৱে গীতাৰ কথা কৰোঁতে অৰ্জ্জুন দেৱক “আত্মসাৎ” কৰি ললে আৰু ভাগৱতৰ কথা কৰোতে তেওঁক “আত্মসঙ্গী” কৰি ললে। আত্মসঙ্গী আৰু আত্মসাৎ এই দুই অৱস্থাৰ ভিতৰত আত্মসাৎ যে বেছি ঘনিষ্ঠ অৱস্থা তাক সহজে বুজিব পাৰি। আত্মসঙ্গী অৱস্থাত সঙ্গী বা লগৰীয়া ভাবেই প্ৰধান কিন্তু আত্মসাৎ অৱস্থাত, অভেদাত্মা ভাবৰ ইঙ্গিত [ ১৪ ] আছে। ভকতীয়া আতৈ আৰু আতা, এই দুই সম্বন্ধে প্ৰায় তেনেকুৱাই। আতৈ অৰ্থাৎ আত্মা-ইৱ আৰু আতা অৰ্থাৎ আত্মা, ইয়াৰ ভিতৰত যেনে প্ৰভেদ, আত্মসঙ্গী আৰু আত্মসাং তাৰ ভিতৰতো প্ৰায় তেনে প্ৰভেদেই। এই দুই সম্বন্ধৰ ভিতৰত যে আত্মসঙ্গী আগৰ আৰু আত্মসাৎ পাচৰ তাক অলপ ভাবিলেই বুজিব পাৰি। সেইগুণে আমি কথা-গীতা কথা-ভাগৱতৰ পাচত লিখা বুলি ভাবে। তেনে ভাবিবৰ আন কাৰণো আছে। দুইখন গ্ৰন্থৰ ৰচনা ৰিজাই চালেও অনেক তাৰতম্য দেখিবলৈ পোৱা যায়। কথা-ভাগৱতৰ ভাষাতকৈ কথা-গীতাৰ ভাষা বেছি কোমল আৰু সৰল। কথা-ভাগৱতত যিমান পুৰণি অপ্ৰচলিত শব্দৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় কথা-গীতাত সিমান নাই। কথা-ভাগৱতৰ ৰচনাতকৈ কথা-গীতাৰ ৰচনাও বেছি গ্ৰাঞ্জল আৰু মধুৰ ৷ ওপৰত দেখুওৱা হেতুবাদৰ পৰা আমি কথা-গীতাক, কথা-ভাগৱতৰ পাচৰ গ্ৰন্থ বুলি অনুমান কৰিছোঁ। আমাৰ অনুমান ঠিক হলে, দামোদৰদেৱ স্বৰ্গী হোৱাৰ পাচত হে ভট্টদেৱে কথাগীতা লিখা যেন লাগে৷ * কথা-গীতাৰ ভাষা, তিনিশ বছৰৰ আগৰ অসমীয়া গদ্য ভাষাৰ চানেকী হলেও, দুই চাৰি পুৰণি অপ্ৰচলিত শব্দ এৰি দিলে, তাক আজিকালিৰ অসমীয়া গদ্য ভাষাৰ লগত অলপ হে অমিল দেখা যায়। তেওঁ সংস্কৃত ভাষাত এজন অগাধ পণ্ডিত আছিল; তথাপি যে তেওঁৰ লিখাত সংস্কৃত শব্দৰ প্ৰয়োগ ইমান কম তাক দেখিলে বিস্ময় মানিব লাগে।

 এইখন ভট্টদেৱে লিখা এখন সংস্কৃত গ্ৰন্থ। ই এখন বৈষ্ণৱ ধৰ্ম্ম সম্বন্ধে বিষ্ণুপুৰি সন্ন্যাসীৰ ভক্তি ৰত্নাৱলীৰ শ্ৰেণীৰ পুথি। ভট্টদেৱে বিষ্ণুপুৰি

________________________________________________________________________   * আমি ৺নীলকণ্ঠ দাসে লিখা চৰিত্ৰত এতিয়া দেখিছোঁ যে কথা-ভাগৱত কথা-গীতাৰ আগেয়ে লিখা সঁচা আৰু ৺ভট্টদেৱৰ কথা-ভাগৱতৰ দৰে কথা-গীতাকো শ্ৰীদামোদৰ দেৱৰ জীবিত কালতে তেখেতক সমৰ্পণ কৰে। [ ১৫ ] সন্ন্যাসীৰ ভক্তি-ৰত্নাৱলীৰ অসমীয়া কথা কৰিছিল, কাজেই তেওঁ সেই পুথিৰ পৰা অনেক সহায় পাইছিল ভাবিব পাৰি কিন্তু ৰত্নাৱলীৰ লগত ভক্তিবিবেকৰ এক বিষয়ত বিশেষ অমিল ভক্তিবিবেক।দেখিবলৈ পোৱা যায়। বিষ্ণুপুৰিয়ে ৰত্নাৱলীত কেৱল ভাগৱতৰ পৰাহে শ্লোক উদ্ধাৰ কৰিছে কিন্তু ভট্টদেৱে ভক্তিবিবেকত ভাগৱতত বাহিৰেও অনেক পুৰাণৰ পৰা শ্লোক উদ্ধাৰ কৰিছে আৰু তাত বাজেও তেওঁ ৰুদ্ৰযামল, বিষ্ণুযামল, আদি শাস্ত্ৰৰ পৰাও প্ৰমাণ উদ্ধাৰ কৰিছে। এঠাইত ঋগ্বেদৰ পৰাও ঋক্‌ উদ্ধাৰ কৰা দেখা যায়। ভট্টদেৱে এই গ্ৰন্থ ১৫৪৩ শকত লিখে। তেওঁ পুথিৰ শেষত এই দৰে ভণিতা দিছে :—

শ্ৰীমদ্দামোদৰবৰ সদোমণ্ডপেসাধুযুষ্টে
তিষ্ঠন্ শ্ৰীকৃষ্ণদিষ্টাত্তদনুগতৰতৌ সৰ্ব্বশাস্ত্ৰাণুসাৰাৎ।
শ্ৰীমদ্ভক্তিববেকগ্ৰন্থমকৰোৎ শাকেষুগ্নিবেদেষুভিশ্চন্দ্ৰে
মাঘদিনে দিনেশদিবসে তেনৈবতুষ্যেদ্ধৰিঃ ॥ ভ, বি৷

 ভক্তিবিবেকত বাজে তেওঁ আৰু এখন সংস্কৃত পুথি লেখি থৈ গৈছে তাৰ নাম শৰণ সংগ্ৰহ৷ এইখনো এখন ভক্তি শাস্ত্ৰ আৰু তাত শৰণৰ উদ্দেশ্য, অৰ্থ আৰু প্ৰণালী বিশদৰূপে বৰ্ণনা শৰণ সংগ্ৰহ৷কৰা আছে।

 এই কেইখনত বাহিৰেও ভট্টদেৱে আৰু কেইবাখনো সৰু সৰু গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেওঁ বিষ্ণুপুৰি সন্ন্যাসীৰ ভক্তি-ৰত্নাৱলী অসমীয়া গদ্যত অনুবাদ কৰি গৈছে। সাত্বত তন্ত্ৰ বুলি আন আন গ্ৰন্থ৷ এখনি অতি উপাদেয় বৈষ্ণৱ ধৰ্ম্ম বিষয়ে সংস্কৃত পুথিৰো তেওঁ এখন অসমীয়া অনুবাদ কৰি থৈ গৈছে বুলি শুনা গৈছে। তাত বাজেও দামোদৰ-ব্যাখ্যান আদি আৰু কেইখনমান তেওঁ কৰা [ ১৬ ] সাম্প্ৰদায়িক গদ্য গ্ৰন্থ আছে বুলি শুনিছো। তেওঁ লিখা প্ৰায় এটাইবিলাক গ্ৰন্থই গদ্য, পদ্য অলপ হে; প্ৰসঙ্গমালা আৰু গুৰুবংশাৱলী এই দুখন পুথি তেওঁ পদ্যত লিখিছিল। ইয়াত বাজে পদ্যত তেওঁ লিখা দামোদৰ দেৱৰ বিষয়ে এটি বড় সুললিত গুৰুভটিমা আছে। তেওঁ যদিও পদ্যত অলপ হে লেখি থৈ গৈছে তাৰে পৰা বুজিব পাৰি যে তেওঁ গদ্যৰ দৰেই পদ্যৰ ৰচনাত সিদ্ধহস্ত আছিল।

 পাটবাউসী সত্ৰত অধিকাৰ ৷ দামোদৰ দেৱৰ মৃত্যু শক ১৫২০। অনেকে তেখেতৰ মৃত্যু শক  ১৫০২ বুলি ভুল কৰে। এই ভুল তলত লিখা শ্লোকটোৰ পৰা হৈছে:—

শ্ৰীকৃষ্ণোনিজধামগোহখিল জনান্ দৃষ্টাতু পাপাশয়ান্
সৎধৰ্ম্ম প্ৰথনেচ্ছয়া কলিযুগে দামোদৰাখ্যোহভবৎ।
শাকে দিঙ্মঅনুসঙ্খ্যয়াবিগণিতে ধৰ্ম্মানজনানগ্ৰাহয়ণ্
শাকে দ্যম্বৰবানচন্দ্ৰগণিতেহগচ্ছৎ পুনৰ্ধামষু॥

 এই শ্লোক মতে দামোদৰ দেৱৰ জন্ম শক হৈছে—“দিঙ্মনু সঙ্খ্যয়া” দিক্‌ মানে ১০ আৰু মনু মানে ১৪ অৰ্থাৎ ১৪১০ শকত তেওঁৰ জন্ম। এই জন্মৰ শকটো ঠিক আছে। শ্লোক মতে মৃত্যু শক হৈছে “দ্যম্বৰবানচন্দ্ৰ” অৰ্থাৎ ১৫০২ শক। দামোদৰ দেৱক পৰীক্ষিত ৰজাই বিজয়পুৰলৈ ধৰাই নিয়ে, এইটো এটা ঐতিহাসিক সত্য আৰু পৰীক্ষিত ৰজা ৰাজপাটত বহে ১৫১৫ শকত। সেইগুণে ১৫১৫ শকত ৰজা হৈ পৰীক্ষিতে তেখেতক ১৫০২ শকৰ আগেয়ে বিজয়পুৰলৈ নিওৱা অসম্ভৱ। আমি এই শ্লোকটোৰ “দ্যম্বৰ” পাঠটোৰ ঠাইত খংকৰ’ পাঠ পাইছোঁ। ‘খংকৰ’ পাঠ হলে, তেওঁৰ মৃত্যু শক ১৫২০ হয় আৰু তেতিয়াহে ১৫১৫ শকত বা তাৰ অলপ পাচতে তেওঁক পৰীক্ষিত ৰজাই বিজয়পুৰলৈ নিয়া সম্ভৱ হয়। তাত বাজেও দামোদৰ দেৱ বিজয়নগৰ এৰি কোচবিহাৰলৈ যোৱাৰ পাচত [ ১৭ ] পৰীক্ষিত নাৰায়ণ আৰু লক্ষ্মীনাৰায়ণৰ মাজত যুজ লাগে আৰু সেই যুজত লক্ষ্মীনাৰায়ণ হাৰি দিল্লীৰ মছলমান পাৎচাৰ শৰণাগত হয়। আকবৰনামা মতে লক্ষ্মীনাৰায়ণে ১৫১৬ ইংৰাজী চনত বা ১৫১৮ শকত মছলমান পাৎচাৰ শৰণাগত হয়। সেই আপাহতে দিল্লীৰ পাৎচাই যুজত জিকি পৰীক্ষিতক ধৰাই নি তেওঁৰ দেশ দখল কৰে। দামোদৰ দেৱ তেতিয়া কোচবিহাৰত। দামোদৰ দেৱে এই কথা শুনি কলে:—

“শুনি দামোদৰ দেৱে বুলিলা বচন।
পৰীক্ষিত ৰাজ্যত আছয় যতজন ॥ ৭৫৩
ইদানীক সবে আল্লা খোদাই বোলক।” ৰা–ৰা।

 ইয়াৰ পৰাও দেখা যায় যে দামোদৰ দেৱ কোচবিহাৰত ১৫১৮ কলৈকে জীবিত আছিল৷ সেইগুণে আমি ১৫২০ শককে দামোদৰ দেৱ স্বগী হোৱা শক বুলি স্থিৰ কৰিছোঁ। তেনেহলে ১৫২০ শকৰ ব'হাগ মাহৰ শুক্লা প্ৰতিপদ তিথিত তেখেতে দেহ এৰে আৰু তাৰ অলপ আগতে অৰ্থাৎ ১৫১৯ শকত ভট্টদেৱক পাটবাউসী সত্ৰৰ অধিকাৰ পদত বৰণ কৰে। তেওঁৰ ভতিজাক কৃষ্ণদেৱক অধিকাৰ ভাৰ নিদিয়া দেখি তেওঁ খং কৰি পাটবাউসী এৰি পোমৰা সত্ৰ স্থাপন কৰি থাকিল গৈ। ভট্টদেৱৰ বংশই ১৫১৯ শকৰে পৰা আজিলৈকে পাটবাউসীত অধিকাৰ হৈ আহিছে; ওপৰত দিয়া পুৰুষ-নামাৰ পৰাই তাক ভালকৈ বুজা যায়। অধিকাৰ হৈ পাটবাউসী সত্ৰৰ গৌৰৱ আগৰ দৰেই আটুট ৰাখি ভট্টদেৱ অনেক বছৰ সেই ঠাইতে আছিল। দামোদৰদেৱৰ দিনত পাটবাউসী সত্ৰৰ ভকতবিলাক “অসঙ্গ” অৰ্থাৎ উদাসীন আছিল। ভট্টদেৱে কোনো কোনো ভকতৰ চিত্ত বিচলিত হোৱা যেন দেখি, এনেকুৱা গাৰ বন্ধেৰে কৰা ব্ৰহ্মচৰ্য্যহীন উদাসীন প্ৰথাৰ ফল শেষত অতি বিষম হব বুলি ভাবি, ভকতবিলাকক আশ্ৰমী হবলৈ আদেশ কৰিলে:— [ ১৮ ]

“কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশ।
ই সবে বেঢ়িয়া কৰে মহন্তক দ্বেষ॥
এই হেতু গড় বান্ধি যুঝিবে বুলিলা।
তান আজ্ঞা লই সবে বিবাহ কৰিলা ॥”

 তেতিয়াৰে পৰা পাটবাউসী, উদাসীন সত্ৰ গুচি আশ্ৰমী সত্ৰ হল। এই কাৰ্য্যৰ পৰা ভালকৈ বুজিৰ পাৰি ভট্টদেৱৰ দৃষ্টি কিমান চোকা আৰু দীঘল আছিল আৰু তেওঁৰ মানসিক আৰু নৈতিক বল কিমান বেছি আছিল। আজিকালিও এনেকুৱা উদাসীন প্ৰথাৰ কুফল অনেকে দেখিছে কিন্তু তাৰ সংস্কাৰ কৰিবলৈ কেইজনে সাহ কৰে। এইদৰে দামোদৰ দেৱৰ সৰ্বস্বৰ অধিকাৰী হৈ ভট্টদেৱে পাটবাউসী সত্ৰত বহি কেউফালে ভাগৱতী ধৰ্ম প্ৰচাৰ কৰাকে জীবনৰ ব্ৰত কৰি ললে।

“বছৰে বছৰে,  পঢ়াই ভাগৱত,
 কৰা ছাত্ৰ অধ্যাপন।
কৰি সুশিক্ষিত  যাক যেন মত
 নাম দেন্ত তপোধন॥

এহি ক্ৰমে এক অযুত ব্ৰাহ্মণ,
 ভাগৱতী কৰিলন্ত।
অনুৰূপে বস্ত্ৰ, পৰিধান দিয়া,
 সবাকে নাম দিলন্ত॥

সহস্ৰ সংখ্যাত মেধী পাতিলন্ত,
 কামৰূপ প্ৰদেশত।
শ্ৰীদামোদৰ দেৱৰ ধৰ্ম্মৰ
 মহিমা বঢ়াই ৰাজ্যত॥”

[ ১৯ ]  পাটবাউসী সত্ৰত বহাগ মাহৰ শুক্লা প্ৰতিপদ তিথিত দামোদৰ দেৱৰ বৈকুণ্ঠ যাত্ৰা উপলক্ষে বছৰি এটা দামোদৰ দেৱৰ তিথি৷  বড় ডাঙ্গৰ মহোৎসৱ হৈছিল। তাত প্ৰায় বছৰি কুড়ি হাজাৰ মানুহ  গোট খাইছিল। ভট্টদেৱে এই উৎসৱৰ সকলো খৰচ নিজে কৰিছিল।

“মহোৎসৱ কালে,  একস্থান হোৱে,
 বিংশতি হাজাৰ নৰ ॥ ৯২৪
মেধী মহাজন, ব্ৰাহ্মণ সজ্জন,
 সবে হোৱে একস্থান।
প্ৰভু ভট্টদেৱ, সমস্তকে দেস্ত,
 চাৰিবিধ অন্ন পান ॥
ওজা পালী নট, নটুৱা বিয়াস,
 ব্ৰাহ্মণ যতেক যান্ত।
দানে মানে সম-  স্তকে সন্তোষিয়া,
 বিদায় দিয়া পঠান্ত ॥”


 মহোৎসৱ শেষ হবৰ দিনা ভট্টদেৱে তাত গোট খোৱা সকলো মেধীৰ মহলা লৈছিল। প্ৰতিজন মেধীকে ভাগৱতৰ ২৷৩ শ্লোক ব্যাখ্যা কৰিবলৈ দিছিল আৰু তেওঁবিলাকক যোগ্যতা অনুসাৰে অৰিহনা দি বিদায় দিছিল। সেই সময়ত অসম আৰু কোচবিহাৰত ধৰ্ম্ম সম্বন্ধে সকলো কথাতে সকলো মানুহে ভট্টদেৱৰ মতকে গ্ৰহণ কৰিছিল:-

“অসম ৰাজ্যৰ,  পৰা বেহাৰৰ,
 সীমা কৰি কামৰূপ।
ভট্টদেৱ আজ্ঞা,  বাধন্তা নাহিকে,
 যেন চক্ৰবৰ্ত্তী ভূপ। ৯২৮

[ ২০ ]

দুতয় ৰাজ্যৰ, ভকতি পন্থৰ,
 ভট্টদেৱ দণ্ডধাৰী।
যত মেধীগণ, আছে স্থানে স্থান,
 সমস্তৰে অধিকাৰী॥”

 ভট্টদেৱে যে মানুহৰ ওচৰত ইমান সম্মান আৰু প্ৰতিপত্তি লাভ কৰিছিল তাৰ কাৰণ আছিল, তেওঁৰ পাণ্ডিত্য৷ অসাধাৰণ পাণ্ডিত্য আৰু আদৰ্শ ধৰ্ম্মজীবন। তেওঁক সেইকালৰ মানুহে পাণ্ডিত্যৰ নিমিত্তে ব্যাসৰ সৈতে তুলনা কৰিছিল; আন কি দামোদৰ দেৱে তেওঁক কৈছিল :—

“শুনা কবিৰত্ন তুমি ব্যাস সমসৰ।
তুমি মোৰ বান্ধৱ অপৰ দামোদৰ॥”
“যাতে তুমি সম পণ্ডিত গহন,
  ইতো যে দেশত নাই।”

 তেওঁক সকলোৱে একবাক্যে আমাৰ দেশৰ সেইকালৰ এজন অদ্বিতীয় পণ্ডিত বুলি স্বীকাৰ কৰিছিল।

“পণ্ডিত গহন, প্ৰচণ্ড পৰম,
 যাক সম নাহি কেৱ ।
পদ পদাৰ্থত, জোৰন্তা নাহিক
 সাক্ষাতে যে ব্যাসদেৱ ॥
মহা সন্তধীৰ, গুণৰ মন্দিৰ,
 পণ্ডিতৰ শিৰোমণি॥”

 তেওঁৰ পাণ্ডিত্যৰ খ্যাতি যে আমাৰ দেশতে সীমাবদ্ধ আছিল তেনে নহয়; আন দেশৰ পণ্ডিতবিলাকেও তেওঁৰ ওচৰত বাদ কৰিবলৈ আহিছিল:— [ ২১ ]

“স্বদেশী বিদেশী, পণ্ডিত সকলে,
 বাদ কৰিবাক চান্ত।
শ্ৰীভট্টদেৱৰ, কক্ষা লাৰিবাক,
 বিচাৰি সন্ধি নাপান্ত।”

 ভট্টদেৱৰ টোলত যে কেৱল আমাৰ দেশৰ ছাত্ৰই হে পঢ়ি উপাধি লৈছিল এনে নহয়, বঙ্গদেশৰ অনেক ছাত্ৰই আহি তেওঁৰ টোলত পঢ়ি উপাধি গ্ৰহণ কৰি লোকত যশস্যা লাভ কৰিছিল।

“তান মুখে পঢ়ি বেদ গীতা ভাগৱত।
পশ্চিমা সমন্তে পাইলা যশস্য। লোকত।

 তেওঁ যে এজন অদ্বিতীয় পণ্ডিত হে আছিল তেনে নহয়, তেওঁ এজন পৰম ধাৰ্ম্মিক পুৰুষ আছিল।  ধৰ্ম্ম-জীৱন৷ তেওঁ যেতিয়া ভাগৱত পঢ়ে তেতিয়া তাত মানুহে নতুন ৰকমৰ ৰস  পায়; বাটৰ বাটৰুৱাই তেওঁৰ ভাগৱত ব্যাখ্যা শুনি ৰ-লাগি ৰৈ থাকে আৰু তেওঁৰ হৃদয় প্ৰেমৰসত পৰিপ্লুত হৈ চকুৰ পানীয়ে বাট নেদেখা হয়। তেওঁৰ হাতৰ এপাত নিৰ্ম্মালী পালে মানুহে হাততে সৰগ পোৱাদি পাইছিল৷ তেওঁৰ পদধূলী মূৰত লৈ মানুহে ধন্য মানিছিল।

“ভট্টদেৱ হাতে এক পাত নিৰ্ম্মালাক।
পালে যেন আনন্দতে পাৱে বৈকুণ্ঠক॥”

“যি থানত ভট্ট, দেৱ বসি থাকা,
 পদৰেণু লোকে লৱে।
পদৰেণু লন্তে, মাটি খান্দি নেন্তে,
 এক হাত খাল হোৱে॥”

 তেওঁ দামোদৰ দেৱৰ আজ্ঞা মতে অন্তৰত কৈবল্য ভক্তিৰ সাধক [ ২২ ] হলেও বাহিৰত ব্ৰাহ্মণৰ যি স্বধৰ্ম্ম তাক কেতিয়াও নেৰিছিল। দামোদৰদেৱে তেওঁক এই উপদেশ দিছিল:-

“বাহিৰত বেড়া  দিয়া অন্তৰত,
  দেখিবা সকলো মিচা ।
কৰ্ম্মৰ ভাগক,   লোকক দেখায়া,
 আপুনিও আচৰিবা ॥”

 ভট্টদেৱে ব্ৰহ্মমুহুৰ্ততে উঠি প্ৰাতঃস্নান কৰি, সন্ধ্যাবন্দনাদি শেষ কৰি পুৱাৰ প্ৰসঙ্গত বহে গৈ; প্ৰসঙ্গ শেষ হলে নিজে ভাগবত ব্যাখ্যা কৰে। ভাগৱতৰ শেষত পদ পুৰি পাঠ শুনে; তেতিয়া প্ৰায় দুপৰ হয় গৈ আৰু তেতিয়া দুপৰৰ প্ৰসঙ্গত বহে। দুপৰীয়া প্ৰসঙ্গৰ পাচত নাম ধৰা হয় আৰু নামৰ পাচত নটুৱা নাচে তাৰ পাচত তেওঁ ঘৰলৈ গৈ আকৌ স্নান কৰি নিত্যপূজা কৰে। নিত্য পূজাৰ শেষত দিনৌ অঠাৰ অধ্যায় গীতা মুখেৰে আবৃত্তি কৰে। গোটাইথন গীতা শাস্ত্ৰ তেওঁৰ কণ্ঠস্থ আছিল৷ তাৰ পাচত তেওঁ ভোজন কৰি অলপ বিশ্ৰাম কৰে। বিশ্ৰামৰ পাচত ছাতৰশালীলে গৈ লৰা পঢ়ৱায় গৈ; বিয়লিৰ প্ৰসঙ্গৰ নাম ডাকিলে, তেওঁ ছাতৰশালীৰ পৰা গৈ প্ৰসঙ্গত যোগ দিয়ে গৈ। প্ৰসঙ্গ শেষ হলে আকৌ ভাগৱত ব্যাখ্যা কৰে। এই দৰে বছেৰেকত বাৰকন্ধ ভাগৱত দুবাৰ ব্যাখ্যা শেষ কৰে। সূৰ্য্য অস্তৰ সময়ত ঘৰলৈ গৈ সায়ংসন্ধ্যা শেষ কৰি আহি আকৌ ভাতিৰ প্ৰসঙ্গত বহি প্ৰসঙ্গ শেষ হলে ঘৰলৈ গৈ ভোজন কৰি দৈনিক কাম শেষ কৰে। তেওঁ সদাই এই নিয়মে জীবন যাপন কৰিছিল। তেওঁৰ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ ইমান বেছি আছিল যে তেওঁ কেতিয়াও কোনো বিপদতে অলপপ বিচলিত নহৈছিল৷ ভট্টদেৱৰ গদাধৰ নামে এজন মাত্ৰ উপযুক্ত পুত্ৰ আছিল। তেও ডেকা কালতে বিচক্ষণ পণ্ডিত হৈ শ্ৰীনিবাস কবিৰাজ আদি উপাধিৰে ভূষিত হৈছিল। প্ৰথম ভাৰ্য্যাৰ [ ২৩ ] পৰা গদাধৰৰ কোনো সতি সন্তান নোহোৱা দেখি তেওঁলৈ আকৌ এবাৰ বিবাহ কৰালে। দৈব বিপাকত গদাধৰৰ অকাল মৃত্যু হল আৰু তেওঁৰ দুই জনা পত্নী তেওঁৰ লগতে সতী গল, ভট্টদেৱৰ ঘৰ একেবাৰেই শূন্য হল, তথাপি তেওঁ কটাহিকে নকৰিলে।

“নিবাস হেন,  তনয় মৰিল
 দুই ভাৰ্য্যা লগে গৈলা।
ভকতিৰ কিনো,  আশ্চৰ্য্য মহিমা,
 বিৰক্ত প্ৰভু নভৈলা ॥”
“দেখে ভট্টদেৱ,  পূৰ্ব্বৱতে ৰসি
 আছন্ত ৰঞ্জি সভাক।
হৰিষ বদনে,  ভাগৱত ব্যাখ্যা,
 কৰিবাক লাগিছন্ত ॥”

ভট্টদেৱৰ নিচিনা কৰ্ম্মী, জ্ঞানী আৰু একান্ত ভক্তৰ পক্ষে হে এনে ধৈৰ্য্য সম্ভৱ; আনৰ পক্ষে অসম্ভৱ বুলিলেও বঢ়াই কোৱা নহয়।

 এইদৰে আনন্দ মনেৰে তেওঁ পাটবাউসীত হৰিভক্তি প্ৰচাৰ কৰি থাকোতে দামোদৰ পাটোৱাৰী নামে ব্যাসকুচি৷ এটা খলুৱা মানুহে, পাটবাউসী সত্ৰৰ ভকতবিলাকক নানা ৰকমে পয়মাল  কৰিবলৈ ধৰিলে। ভট্টদেৱে এই মানুহটোৰ ব্যবহাৰত বড় অসন্তুষ্ট হৈ পাটবাউসী সত্ৰ এৰি বুড়িলুইতৰ দাঁতিত ব্যাসকুচি নামে এক নতুন সত্ৰ স্থাপন কৰি তাতে থাকিল গৈ। তেতিয়া তেওঁৰ ককায়েক ৰমাকান্ত আৰু তেওঁৰ ভতিজাক বাসুদেৱ বিদ্যানিবাস দুয়ৰো কাল হৈছে। বাসুদেৱৰ পুত্ৰ ভানুদেৰ বিদ্যাবিশাৰদক পাটবাউসী আৰু বিয়াহকুচি দুয়ো সত্ৰৰ অধিকাৰ পাতি তেওঁ নৰতনু পৰিত্যাগ কৰে৷ গীতা তেওঁৰ ইমান প্ৰিয় গ্ৰন্থ আছিল যে দেহা এৰিবৰ দিনাও তেওঁ অঠাৰ অধ্যায় [ ২৪ ] গীতাৰ আবৃত্তি শেষ কৰি হে প্ৰাণত্যাগ কৰিছে। তেওঁ পুহ মাহৰ কৃষ্ণা সপ্তমত সম্ভৱতঃ ১৫৬০ শকত নৰতনু পৰিত্যাগ কৰে। বুড়িলুইতৰ দাঁতিত অতি সমাৰোহেৰে চিতা সাজি ভট্টদেৱৰ নশ্বৰ দেহ অগ্নিত উচৰ্গা কৰা হল। দেখোঁতে দেখোঁতে, খোল, কৰতাল, শঙ্খ, মৃদঙ্গ, আৰু হৰিধ্বনিৰ লগতে তেওঁৰ দেহ ধোঁৱাহৈ ওপৰলৈ উৰি গুচি গল; অসম আইৰ বুকু চিৰকালৰ নিমিত্তে উদং হৈ গল।

 আমি দামোদৰ দেৱৰ কাল ১৪১০-১৫২০ শক আৰু ভট্টদেৱৰ কাল ১৪৮৩-১৫৬০ শক বুলি স্থিৰ ভট্টদেৱৰ কাল৷  কৰিছো। দামোদৰ দেৱৰ কাল সম্বন্ধে যি কবলগীয়া তাক আগেয়েই কোৱা  হৈছে কিন্তু ভট্টদেৱৰ কাল সম্বন্ধে আমাৰ বক্তব্য এতিয়াও কবলে বাকী আছে। ভট্টদেৱৰ পুৰুষনামৰ পৰা দেখা যাব যে পাটবাউসী সত্ৰৰ বৰ্ত্তমান অধিকাৰ শ্ৰীশ্ৰীযুত গোবিন্দদেৱ গোস্বামীৰ পৰা ভট্টদেৱৰ ককায়েক ৰমাকান্তলৈকে ১০ পুৰুষ হৈছে; তিন পুৰুষত এশ বছৰ ধৰা নিয়মেৰে এই দহ পুৰুষৰ ভিতৰত প্ৰায় ৩৫০ বছৰ হয়। এই হিচাপ মতে ভট্টদেৱৰ জন্মকাল প্ৰায় ১৪৯০ শক হব লাগে; কিন্তু আমি জানো দামোদৰদেৱ বিজয়নগৰলৈ যোৱাৰ আগেয়েই ভট্টদেৱে দামোদৰ দেৱত শৰণ লৈছে আৰু ১৫১৬ শকত ভাগৱতৰ প্ৰথম কন্ধৰ কথা-ভাঙ্গনি শেষ কৰি দামোদৰ দেৱৰ হাতত দিছে। তেনেহলে দেখা যায় প্ৰায় ২৬ বছৰ বয়সত তেওঁ কথা-ভাগৱত লিখিবলৈ হাতত লয়। এইটো বড় সম্ভবপৰ নহয়, কিয়নো ভট্টদেৱে শৰণ লোৱাৰ আগেয়েই এজন ডাঙ্গৰ পণ্ডিত বুলি খ্যাত হৈছিল; তেওঁ যে ২০১২ বছৰ বয়সতে শিক্ষা সমাপন কৰি পণ্ডিত বুলি এনে খ্যাতিলাভ কৰিব তেনে বিশ্বাস নহয়। আমাৰ বোধেৰে তেওঁ শৰণ লওঁতে অন্ততঃ ৩০৷৩২ বছৰ বয়সীয়া আৰু ভাগৱত অনুবাদ কৰোতে ৩৫৷৩৬ বছৰ বয়সীয়া আছিল৷ এই হিচাপে তেওঁৰ জন্ম শক [ ২৫ ] প্ৰায় ১৪৮০ শক হয়। দুই লেখৰ ভিতৰত যি ১০ বছৰৰ তাৰতম্য হয় তাক ধৰিব লগীয়া নহয়। তেওঁ জনশ্ৰুতি মতে চাৰি কুড়ি বছৰ জীয়াই আছিল। তেনেহলে তেওঁৰ মৃত্যু শক প্ৰায় ১৪৮০+৮০ = ১৫৬০ হয়। তেওঁ ১৫৪৩ শকত ভক্তিবিবেক শেষ কৰে আৰু ককায়েকৰ নাতিয়েক ৺ভানুদেৱ বিদ্যাবিশাৰদক পাটবাউসী সত্ৰৰ অধিকাৰ পতাৰ পাচতহে দেহ এড়ে, কাজেই তেওঁ চাৰি কুড়ি বছৰ জীয়াই থকা একো অসম্ভৱ নহয়।

 সামৰণিত কবলৈ বিশেষ একো নাই। ভট্টদেৱৰ এইখন এখন নিচেই ছুটি আৰু মুঠ জীবনী৷ ইয়াকে সামৰণি৷  বহলাই আলোচনা কৰিলে আমাৰ ভাষাত এখন মূল্যবান কিতাপ হব পাৰে।  অসমীয়া গদ্য সাহিত্যৰ সৃষ্টিকৰ্ত্তা ভট্টদেৱ এজন অসাধাৰণ মহাপুৰুষ আছিল। যি সময়ত ভাৰতবৰ্ষৰ প্ৰায় কোনো ঠাইতে মানুহে গদ্য ভাষাত গ্ৰন্থ ৰচনা নকৰিছিল, সেই সময়ত ভট্টদেৱে গীতা ভাগৱত আদি অনেক পুথি অসমীয়া গদ্যত লিখি অসমীয়া ভাষাৰ অশেষ উপকাৰ কৰি গল। তেওঁৰ সেই উপকাৰৰ ধাৰ অসমীয়া জাতিয়ে কেতিয়াও সুজিব নোৱাৰে। তেওঁ ১৪৮০ শকত অসমৰ সাহিত্য আকাশত উদয় হৈ প্ৰায় চাৰি কুড়ি বছৰ অসমত জ্ঞানৰ পোহৰ বিলাই ১৫৬০ শকত অস্ত গল। তেওঁ অস্ত গল হয় কিন্তু তেওঁৰ প্ৰতিভাৰ বিমল কিৰণে অসমীয়া ভাষা আৰু সাহিত্যক আজিও জিলিকাই ৰাখিছে আৰু যতদিন এই ভাষা আৰু সাহিত্য জগতত থাকিব ততদিন তেওঁৰ প্ৰতিভাৰ পোহৰতে সি জিলিকি থাকিব।

[ ২৭ ]
 

কথা-গীতা।

গ্ৰন্থকাৰৰ সূচনা।

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

যোগীতামৃতমুদ্দধাৰসুধিয়াং ভক্ত্যৰ্থিনাং কৰ্ম্মিনাম্
মুক্ত্যৈ প্ৰীতিসুখায় চিত্তশুচয়ে স্বাত্মৈকনিষ্ঠাত্মনাম্।
নিঃশেষোপনিষৎপয়োধিহৃদয়াৎ সখ্যে কৃপাপূৰ্ণতঃ
তং শ্ৰীকৃষ্ণমনন্তমচ্যুতমজং নন্দাত্মজং সংশ্ৰয়ে॥
 প্ৰণম্য গোবিন্দপদাৰবিন্দ-
 মানন্দসন্দোহসমৃদ্ধয়ে সতাম্।
 হৃদীশ্বৰানন্তনিদেশলেশা-
 দ্গীতামৃতাদ্ধেঃ কথয়ামি গাথাম্॥

 জয় জয় পৰমানন্দ নন্দনন্দন পুৰুষোত্তম শ্ৰীকৃষ্ণ গোবিন্ধ গোপীনাথ কমলাকান্ত সুশান্ত পৰমেশ্বৰ তোমাৰ পদাৰবিন্দত কৌটি কৌটি প্ৰণাম কৰো। যাৰ নাম মাত্ৰে সকল জগতৰে পাপ হৰে, চিত্তকো নিৰ্ম্মল কৰে, পৰম জ্ঞান মিলাৱে, ভুক্তি মুক্তি হৰিভক্তিকে দেই, হেন দৈৱকানন্দন শ্ৰীকৃষ্ণক প্ৰণাম কৰো। ব্ৰহ্মামহেশো যাৰ আজ্ঞা ধৰা, লক্ষ্মীয়ো যাক সততে সেৱা কৰা, হেন সৰ্ব্বেশ্বৰ ভগৱন্তক প্ৰতি সহস্ৰ প্ৰণাম কৰো। [ ২৮ ] হে কৃপাৰ সাগৰ দামোদৰ তযু গুণ গীতামৃতক কথাবন্ধে ৰচিতে ইছা কৰো, যদি কৃপাৰ এক লেশ কৰা তেবে পাৰি। তোমাৰ চৰণপদ্মত কায়বাক্যমনে শৰণ পশিলো।

 যদ্যপি আমি শ্ৰীকৃষ্ণৰ প্ৰসাদে শ্ৰীধৰী শাঙ্কৰী দামোদৰী ভাস্কৰী চাৰিয়ো টীকা বিচাৰ কৰিছি, তথাপি প্ৰায় শ্ৰীধৰী টীকাৰ মতে কথা নিবন্ধিবো; তাহাৰ যুক্তি শুনা। শাঙ্কৰী টীকা জ্ঞানক প্ৰধান কৰি ব্যাখ্যা কৰে, ভাষ্কৰী কৰ্ম্মক প্ৰধান কৰে, শ্ৰীধৰী ভক্তি মাত্ৰ নিৰূপণ কৰে, দামোদৰী তিনিয়ো যোগ সমে কহে। এতেকে বৈষ্ণৱসবৰ প্ৰীতিৰ তাৰ্থে ভক্তিপ্ৰধান টীকাৰ মতকে প্ৰায় লিখিবোঁ; ভক্তিৰ অনুকূল দেখি কিছো কিছো তাৰাৰ মতকো নিবন্ধিবো। জ্ঞান কৰ্ম্ম ৰাখিতেসে শাঙ্কৰী ভাষ্কৰীৰ বিবাদ, ভক্তিত কিছো বিবাদ নকৰিছে; এতেকে ভক্তিপন্থ সবাৰো সম্মত।

 প্ৰথমে শ্ৰীধৰস্বামী আপুনাৰ ইষ্ট দেৱতাক প্ৰণাম কৰন্ত। যি ভগৱন্তে অনন্তৰ অনন্ত মুখৰ ব্যাখ্যা চাতুৰ্য্যক একে মুখে ধৰা, হেন অদ্ভুত পৰমানন্দ মাধৱক বন্দো। এতেকে হৰিহৰ মূৰ্ত্তিক অভেদে প্ৰণাম কৰি কাৰ্য্যৰ নিৰ্ণয় কৰন্ত। লক্ষ্মীৰ পতি জগদীশক উমাপতি বিশ্বনাথক আদৰে প্ৰণাম কৰি, সাধুসবৰ ভক্তিত বশ হুয়া, গীতাৰ ব্যাখ্যা সুবোধিনী নাম টীকা কৰিবো, ভাষ্যকাৰ শঙ্কৰৰ মতক মতি অনুসাৰে বিচাৰিয়া তাৰ ব্যাখ্যাৰূপ আনন্দগিৰিৰ বচনকো মতি অনুসাৰে বিচাৰিয়া গীতা ব্যাখ্যাক আৰম্ভিবো; যাৰ পাঠ মাত্ৰে গীতাক [ ২৯ ] ব্যাখ্যা কৰা যাই, সেই সুবোধিনী টীকাক বুদ্ধিমন্তসবে চিন্তন কৰোক; আবে সৰ্ব্বটীকাৰ অনুসাৰে গীতা কথনৰ কাৰণ কহোঁ।

 ভগৱন্ত পুৰুষোত্তমে জীৱক কৃপায়ে চৌবিশ তত্ত্বে ব্ৰহ্মাণ্ড স্ৰজি তাতে ব্ৰহ্মাক উদ্ভৱ কৰাইলা; ব্ৰহ্মাৰ পুত্ৰ মৰীচ্যাদিৰ মুখে প্ৰবৃত্তি মাৰ্গ প্ৰৱৰ্তাইলা .. সনকাদিৰ মুখে নিবৃত্তি পন্থ দেখাইলা; সেই নিবৃত্তি মাৰ্গে বহুলোক নিস্তৰিবাৰ নেদেখি, পৰম কৃপায়ে পৰিপূৰ্ণৰূপে, দৈৱকীৰ উদৰে উদয় হুয়া বহুবিধ লীলা কৰিলা, নিজ যশ প্ৰকাশিলা; যাৰ শ্ৰবণ কীৰ্ত্তন স্মৰণে, মহাপাপী সংসাৰ তৰে; তাক গুৰুশিষ্য মতে প্ৰৱৰ্ত্তাইবে লাগি, নৰ অবতাৰ হুয়া সকলগুণমন্দিৰ সৰ্ব্বজনপ্ৰবোধসঞ্চাৰশক্তিযুক্ত অৰ্জ্জুনক সখী কৰিলা৷ যেন তৈল বিন্দুমাত্ৰো জল এক প্ৰদেশত পৰিলে সকল জলক ব্যাপয়, ধূলীত পৰিলে পুনু সেহি মতে ৰহে, তেমনে বিশিষ্ট জনত উত্তম কথা অল্প কহিলে, সকল লোকতে প্ৰৱৰ্ত্তে; এই অৰ্থে অৰ্জ্জুনৰ যুদ্ধ সমুখত তত্ত্বৰ অজ্ঞানে শোক মোহ বঢ়াই, জ্ঞান দূৰ কৰি নিজ ধৰ্ম্ম ত্যাগ, পৰধৰ্ম্মত অভিসন্ধি কৰি, শোক মোঁহ সাগৰত মগ্ন কৰিলা; তেবে ভগৱন্ত কৃষ্ণে ধৰ্ম্মজ্ঞান ভক্তিৰ উপদেশে শোক মোহ সাগৰৰ উদ্ধাৰ কৰিলা। সেই ভগৱন্তৰ উপদিষ্ট অৰ্থক বেদব্যাসে সাতশ শ্লোকে নিবন্ধন কৰিলা। প্ৰায় কৃষ্ণ মুখ নিসৃত শ্লোককে লিখিলা; কতোসব তাৰ সঙ্গতিৰ অৰ্থে আপুনিয়ো কৰিলা। আক স্কন্দপুৰাণত গীতামাহাত্ম্যত [ ৩০ ] কহিছা। পুৰুষে গীতাক মাত্ৰ শ্ৰৱণ কীৰ্ত্তন স্মৰণ কৰিব, আন শাস্ত্ৰ বিস্তৰত কি প্ৰয়োজন, যি গীতা ভগৱন্তৰ মুখপদ্মত ব্যক্ত হুয়া আছা। তাত প্ৰথমে কৃষ্ণ অৰ্জ্জুনৰ সম্বাদ প্ৰস্তাব কথা কহন্ত৷