ভাব নাই তত প্ৰেম বা ভক্তিয়ে কেতিয়াও গা কৰিব নোৱাৰে। এই ত্যাগৰ শিক্ষাইগী তাৰ চৰম শিক্ষা—সন্ন্যাস। যেতিয়া আমি ক্ষুদ্ৰ মইটোক কোঁচাই অনন৷ তেতিয়া ত্যাগ আমাৰ পক্ষে অসম্ভৱ যেন লাগে কিন্তু যেতিয়া আমি তাক বহলাবলৈ অভ্যাস কৰোহক তেতিয়া ত্যাগতকৈ আনন্দৰ বিষয় আৰু একো নাইকিয়া হয়। গীতাই শিক্ষা দিয়ে এই ক্ষুদ্ৰ মইটোক বহলাই বহলাই আমি কেনেকৈ সমস্ত বিশ্বতে এই মইক দেখিবলৈ পাওঁ আৰু আন পিনে এই মইতে কেনেকৈ সমস্ত বিশ্বক দৰ্শন কৰো। এই দৰে বিশ্বৰূপ দৰ্শন কৰিবলৈকে গীতাই কৰ্ম্ম, ভক্তি আৰু জ্ঞান উপদেশ দিছে। গীতাই কৈছে কৰ্ম্ম কৰা, কিয়নো তুমি কৰ্ম্মৰ পৰাই উদ্ভৱ হৈছা আৰু কৰ্ম্ম কৰাই তোমাৰ স্বভাৱ; আৰু কৈছে যদি কৰ্ম্ম বন্ধনৰ পৰা মুক্ত হব খোজা বা ভগৱানক পাব খোজা তেনেহলে, কৰ্ম্মৰ ফল আশা নকৰি কেৱল কৰ্ত্তব্য বোধেৰে কয় কৰা আৰু কৰ্ত্তব্য কাম কি তাক জ্ঞানৰ দ্বাৰাই জানি লোৱা আৰু ঈশ্বৰক প্ৰেম বা ভক্তি কৰিবলৈ শিকা, তেতিয়া কৰ্ত্তব্য কাম কৰিবলৈ তোমাৰ আপুনি ৰতি হব। ঈশ্বৰৰ প্ৰতি অনুৰাগী হবৰ নিমিত্তে ত্যাগ অৰ্থাৎ অনাসক্ত ভোগ অভ্যাস কৰা। তেনেহলে গীতাত তিনটা বেলেগ বেলেগ পথৰ উপদেশ দিছে বুলি ভাবিলে গীতাৰ প্ৰকৃত শিক্ষা কেতিয়াও লাভ কৰিব নোৱাৰি।
আমি গীতাৰ অধ্যায় আৰু কাণ্ড বিভাগলৈ মন কৰিলেও সেই একে কথাকে দেখিবলৈ পাওঁহক৷ গীতাত অঠৰটা অধ্যায় আছে আৰু প্ৰতি ছয় অধ্যায়ে একোটা কাণ্ড হৈছে। বেদত যেনেকৈ তিনিটা কাণ্ডগীতাৰ বিভাগ। আছে যেনে কৰ্ম্ম কাণ্ড, উপাসনা কাণ্ড আৰু জ্ঞান কাণ্ড, গীতাতো তেনেকৈ তিনিটা কাও আছে। ইয়াৰ প্ৰথম ছয় অধ্যায় লৈ কৰ্ম্ম কাণ্ড, দ্বিতীয় ছয় অধ্যায় লৈ উপাসনা কাণ্ড, আৰু শেহৰ ছয় অধ্যায় লৈ জ্ঞান