পৃষ্ঠা:কথা-গীতা.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ৩ )

পণ্ডিত আছিল। তেওঁ তাৰাদেবী নামে এক কন্যাক বিবাহ কৰিছিল। অনেক বয়সলৈকে তেওঁৰ সতিসন্তান নোহোৱাত তাৰাদেবীয়ে সদাই বেজাৰ কৰিছিল। হেন সময়তে বড়নগৰলৈ এজন বিচক্ষণ পণ্ডিত সন্ন্যাসী আহিছিল। কবিসৰস্বতীয়ে সন্ন্যাসী পাণ্ডিত্যৰ কথা শুনি বড়নগৰলৈ গৈ তেওঁক দেখা কৰিলে গৈ। সন্ন্যাসীয়ে কবিসৰস্বতীৰ লগত কথন-মথন কবি বড় ভাল পালে আৰু তেওঁক ভাগৱতৰ বেদস্থতি ব্যাখ্যা কৰি শুনাবলৈ ধৰিলে। কবিসৰস্বতীৰ অতি সুন্দৰ ব্যাখ্যা শুনি সন্ন্যাসী তেওঁৰ ওপৰত বড় প্ৰসন্ন হল আৰু তেওঁক অলপ ভস্ম দি আশীৰ্ব্বাদ কৰি কলে যে তেওঁৰ দুটি পৰম পণ্ডিত পুত্ৰ লাভ হব। কবিসৰস্বতীয়ে অতি শ্ৰদ্ধাৰে সেই ভস্ম আনি তাৰাদেবীৰ হাতত দি সন্ন্যাসীৰ আশীৰ্ব্বাদৰ কথা কোৱাত তাৰাদেবীয়ে মনত বড় আনন্দ পালে। কিছু কালৰ পাচত সন্ন্যাসীৰ বৰত তাৰাদেবীৰ গৰ্ভত এটি এটিকৈ কবিসৰস্বতীৰ দুটি পুত্ৰ জন্ম হল। তেওঁ প্ৰথমটিৰ নাম থলে ৰমাকান্ত আৰু দ্বিতীয়টিৰ নাম হলে বৈকুণ্ঠনাথ। কালক্ৰমত দুই জনেই অগাধ পণ্ডিত হৈ উঠিল। বৈকুণ্ঠনাথেই পাচত ভট্টদেৱ নামে খ্যাত হল। ভট্টদেৱে সম্ভৱতঃ ১৪৮০ বা তাৰ ওচৰাওচৰি কোনো শকত জন্ম গ্ৰহণ কৰে। এনে অনুমান কৰিবৰ কাৰণ পাচত দেখা যাব। আমি অনেক যতনেৰে সংগ্ৰহ কৰি ইয়াৰ লগত ভট্টদেৱৰ পুৰুষনামা এখন দিছোহঁক।

 ৰমাকান্ত আৰু বৈকুণ্ঠনাথ অকালন বয়সতে মাতৃহীন হল। সেই সময়ত বড়নগৰত গোপালদেৱ নামে শিক্ষা  এজন প্ৰসিদ্ধ পণ্ডিতে টোল পাতি ছাতৰ পঢ়ৱাইছিল। কবিসৰস্বতীয়ে তেওঁৰ দুইটি   লৰাক এই টোলতে পঢ়িবলৈ দিলে। দুয়ো ভায়েক সৰুৰে পৰা অতি চোকা বুধিৰ লৰা আছিল। দুই চাৰি বছৰৰ ভিতৰতে দুয়ো ব্যাকৰণ, স্মৃতি, কাব্য, পুৰাণ, ইতিহাস আদি শাস্ত্ৰত বিশেষৰূপে