পৃষ্ঠা:কথা-গীতা.djvu/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৪ ) পাৰ্গত হৈ উঠিল। অলপ দিনৰ ভিতৰতে বৈকুণ্ঠনাথৰ পণ্ডিতালিৰ কথা চাৰিও ফালে বিয়পি পৰিল। সকলোৱে কোৱাকুই কৰিবলৈ ধৰিলে যে বৈকুণ্ঠনাথে যেনে ভাগৱত ব্যাখ্যা কৰে, তেনেকৈ আৰু কোনো পণ্ডিতে ব্যাখ্যা কৰিব নেজানে। মহা মহা পণ্ডিতবিলাকে জন্ম গ্ৰহণ কৰি যি বংশক উজ্জ্বল কবি গৈছিল, সেই বংশত বৈকুণ্ঠনাথে জন্মলৈ তাক আৰু উজ্জ্বল আৰু পবিত্ৰ কাৰলে। গোপাদেৱৰ টোলত পঢ়ি বৈকুণ্ঠনাথে কিবা উপাধি পাহাছল নে নাই তাক কব নোৱাৰি কিন্তু তেওঁ “ভাগৱত- ভাগৱত-ভট্টাচায্য। ভট্টাচাৰ্য্য” উপাধি বড়নগৰৰ ব্ৰহ্মণ সমাজৰ পৰা পাইছিল। খুদিয়া সত্ৰৰ প্ৰতিস্থাপক আক ঘোযা- ৰত্নৰ গ্ৰন্থকাৰ গোপাল। মিশ্ৰ, বৈকুণ্ঠনথিৰ সহপাঠী আৰু সখী আছিল। গোপাল মিশ্ৰই তেওঁৰ পিতৃশ্ৰাদ্ধ উপলক্ষে খুদিয়াত এক সভা পাতিছিল; সেই সভাত বৈকুণ্ঠনাথ আৰু বড়নগৰৰ ব্ৰাহ্মণ পণ্ডিতবিলাক উপস্থিত আছিল, আৰু বৈকুণ্ঠনাথে ভাগৱত পঢ়ি ব্যাখ্যা কৰিছি। তেওৰ মুখে ভাগৱতাব সুললিত ব্যাখ্যা শুনি সভাত থকা সকলো মানুহ মুগ্ধ হৈছিল। গোপাল মিশ্ৰই আৰু ব্ৰাহ্মণ পণ্ডিতসকলে, সেই সভাতে বৈকুণ্ঠনাথক “ভাগৱত-ভট্টাচাৰ্য” উপাধি দিলে। সেই দিন ধৰি তেওঁৰ বৈকুণ্ঠনাথ নাম তল পৰি ভাগৱত-ভট্টাচাৰ্য্য বা ভট্টদেৱ নাম হে জলি উঠিল। তাৰ পাচত তেওঁ অনেক গ্ৰন্থ ৰচনা কৰিলেও আৰু কবিৰত্ন উপাধিৰে ভূষিত হলেও, আজিলৈকে মানুহে তেওঁক ভট্টদেৱ বুলিলেহে জানে। এইদৰে নিত্য নৈমিত্তিক ক্ৰিয়া কৰি ভট্টদেৱ ভেড়াগাঁৱতে আছিল। | মাজে মাজে তেওঁ ভাগৱত ব্যাখ্যা কৰি মানুহক দামোদৰ দেৱৰ শিষ। শুনাইছিল। সকলোৱে তেঁওৰ মুখে শ্ৰীকৃষ্ণৰ লীলা তত্বৰ আস্বাদ লৈ ধন্য মানিছিল। তেতিয়া শ্ৰীশ্ৰীদামোদৰ দেৱে