পৃষ্ঠা:কথা-গীতা.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


লৈ কথা-ভাগৱত কৰিবলৈ হাতত লয়। তেওঁ যেতিয়া বড়নগৰত ভাগৱত ব্যাখ্যা কৰি থাকে, তেতিয়াই তেওঁ এই কাম আৰম্ভ কৰে। চৰিত্ৰপুথিত সেই বিষয়ে এই দৰে লিখিছে- ভাগৱত শুনি তা সন্তোষ লভিলা কথা-ভাগৱত বড়নগৰে কৰিলা॥ ২৯১ ৰা-ৰা। দামোদৰদেৱ এবছৰ বিজয়নগৰত থকাৰ পাচত, পৰীক্ষিতনাৰায়ণ ৰজাই তেওঁক দেশ এৰি যাবলৈ কোৱাত, তেওঁ সোণকোষ পাৰ হৈ প্ৰায় ১৫১৬ শকত লক্ষ্মীনাৰায়ণ ৰজাৰ দেশলৈ যায়। দামোদৰ দেৱে সোণ- কোষ নৈ পাৰ হবৰ বেলিকা ভট্টদেৱে ভাগৱতৰ প্ৰথম কন্ধৰ অসমীয়া গদ্য ভাঙ্গনি দি দামোদৰ দেৱক সেৱা কৰিলে গৈ। দামোদৰ দেৱে প্ৰথম কন্ধৰ ভাঙ্গনি চাই বড় ভাল নুবুলিলে, কিয়নো, ভট্টদেৱে কেৱল ভাগৱতৰ মূল শ্লোকবিলাকৰে কথা নকৰি তাৰ টীকা ভাষ্য সকলল- বিলাকৰ ভাঙ্গনি কৰিছিল। “কিন্তু এত খানি, বহু কথা ভৈলে | পুথিয়ো হইবে বড়। বায় কন্ধ, কথা লিখিতে লাগিবে পাত বিস্তৰ। এতেকে ইহাক, কহিতে নপাৰি নকৰিৰে কেহে যত্ন। সক্ষেপ কৰিয়া, সামাত্ৰ লৈয়া | কৰা কথা কবি।” ২২৫ | বাবা। ভট্টদেৱ দামোৰ দেৱৰ পৰা এনে কথা শুনি মনে মনে বড় বোৰ পালে কিন্তু কি কৰিব গুক আদেশ। তেওঁ তেতিয়া কথা-ভাগবত বাহুল্য ভাবে নিলিখি সক্ষেপকৈ লিখিবলৈ স্থিৰ কৰিলে আমোদৰদেৱ