পৃষ্ঠা:কথা-গীতা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২ )

কোচবিহাৰলৈ গলত ভট্টদেৱ পাটবাউসীলৈ উভটি আহি কথা-ভাগৱত লিখি শেষ কৰে। এই ভাগৱত সঙ্ক্ষেপ কৈ কৰিলেও শেষ্ কৰোতে প্ৰায় ৪ বছৰ লাগিছিল। প্ৰায় ১৫১৫ শকত ভট্টদেৱে কথা-ভাগৱত লিখিবলৈ ধৰে আৰু প্ৰায় ১৫১৯ শকতহে তাক লিখি শেষ কৰে। দামোদৰদেৱে ১৫২০ শকত বহাগৰ শুক্লা প্ৰতিপদ তিথিত কোচবিহাৰত বৈকুণ্ঠপুৰ ধামত তনুত্যাগ কৰে। তেওঁৰ মৃত্যুৰ কিছু দিন আগতে পাটবাউসীত কৃষ্ণদেৱে ভট্টদেৱৰ লগত কল কৰা শুনি দামোদৰদেৱে দুইকো কোচবিহাৰলৈ মাতি পঠিয়াই আৰু দুইলৈকো কৈ পঠিয়াই যে তেওঁ আৰু সৰহ দিন এই সংসাৰত নেথাকে, সেই গুণে তেওঁলৈ যেন কিছু সুখাদ্য বস্তু লৈ যায়। এই কথা শুনি কৃষ্ণদেৱে অনেক উপাদেয় সুখাদ্য বস্তু লগত লৈ কোচবিহাৰলৈ যাত্ৰা কৰিলে; ভট্টদেৱেও তেওঁৰ কথা-ভাগৱত শেষ কৰি ভালকৈ লিখি লৈ দামোদৰ দেৱৰ ওচৰলৈ গল৷ দামোদৰ দেৱে কৃষ্ণদেৱে নিয়া নশ্বৰ খাদ্যবস্তু বিলাকলৈ চকুকে নিদিলে কিন্তু ভট্টদেৱে নিয়া কথা-ভাগৱত খনি অতি আগ্ৰহেৰে হাত পাতি লৈ, ‘অন্তিম কালত ভবৰোগৰ মহৌষধ এই ভাগৱত শাস্ত্ৰই আমাৰ পৰম সুখাদ্য’ বুলি গ্ৰহণ কৰিলে আৰু ভট্টদেৱক এই কথাভাগৱত কৰাৰ জন্যে অশেষ প্ৰশংসা কৰিলে আৰু সেই দিনাই ভট্টদেৱক পাটবাউসী সত্ৰৰ অধিকাৰ পাতিলে বুলি প্ৰচাৰ কৰিলে। তেওঁৰ আপোন ভতিজা কৃষ্ণদেৱক সেই সত্ৰতে ভাগৱতী হৈ থাকিবলৈ কলে।

“অয়ং নিজপৰোবেত্তি গণনাং লঘুচেতসাম্।
উদাৰচেতসাং পুংসাং বসুধৈব কুটুম্বকম্॥”

 মহাপুৰুষবিলাকৰ বিচাৰ আৰু বিবেচনা এনেকুৱাই। কৃষ্ণদেৱ নিজ ভতিজাক হলেও তেওঁক যেতিয়া সত্ৰৰ অধিকাৰৰ উপযুক্ত নেদেখিলে তেতিয়া ভট্টদেৱক উপযুক্ত দেখি দামোদৰদেৱে তেওঁৰ মূৰতে ধৰ্ম্মৰ ভাৰ