সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )

চক্ৰবৰ্ত্তীৰ এই কথাত মনত বৰ বেজাৰ পালে, আৰু তেওঁৰ প্ৰিয় শিষ্য ভট্টদেৱক, শ্ৰীকৃষ্ণ যে পূৰ্ণব্ৰহ্মৰ অৱতাৰ, অংশাৱতাৰ নহয়, আমাৰ শাস্ত্ৰবিলাকক পৰা, এই কথা প্ৰমাণ কৰা শ্লোকবিলাক উদ্ধাৰ কৰি, এখনি পুথি লিখিবলৈ আদেশ কৰিলে। ভট্টদেৱে অতি আগ্ৰহেৰে এই কাজ হাতত ললে আৰু তাক অলপ দিনৰ ভিতৰতে সমাধা কৰিলে। ভট্টদেৱৰ এইয়েই প্ৰথম গ্ৰন্থ। তেওঁৰ বয়স তেতিয়া সম্ভৱতঃ ৩০/৩২ বছৰৰ সৰহ নহয়। তেওঁ কৰা পুথি বুলি জানিলে কি জানি যদুমণি চক্ৰবৰ্ত্তীৰ নিচিনা ডাঙ্গৰ পণ্ডিত এজনে তাক গ্ৰাহ্য নকৰেই, এই ভাবি সেই পুথিৰ ভণিতাত ভট্টদেৱে কৃষ্ণভাৰতীৰ নাম দিলে, আৰু দামোদৰদেৱক সেই কথা বুজাই কলে। কৃষ্ণ ভাৰতী এজন আমাৰ দেশৰ বড় ডাঙ্গৰ পণ্ডিত আছিল। তেওঁৰ বিষয়ে ৰত্নমালা ব্যাকৰণত ৺পুৰুষোত্তম বিদ্যাবাগীশে এই দৰে লিখি থৈ গৈছে। “কৃষ্ণ ভাৰতীৰায়াতি বেদান্তবন কেশৰী। পলায়ুদ্ধং পলাযুদ্ধং ভোভি তাৰ্কিক দিগ্‌গজাঃ।” দামোদৰ দেৱে ভক্তিসাৰ পুথিখন এদিন যদুমণি চক্ৰবৰ্ত্তীক দেখুৱালে। যদুমণিয়ে পুথিখনি আগৰ পৰা গুৰিলৈকে পঢ়ি তেওঁ কৃষ্ণভাৰতীৰ পাণ্ডিত্যৰ অশেষ প্ৰশংসা কৰিলে আৰু শ্ৰীকৃষ্ণক পূৰ্ণ অৱতাৰ বুলি স্বীকাৰ কৰাই দামোদৰ দেৱৰ ওচৰত শৰণ ললে। ভট্টদেৱে যি ভাবি যি কৰিছিল সেয়ে সিদ্ধি হল। আমি এই পুথি এতিয়াও দেখিবলৈ পোৱা নাই কিন্তু তাৰ বিষয়ে যি জানিব পৰিছো, শ্ৰীকৃষ্ণৰ পূৰ্ণ অৱতাৰ প্ৰমাণ কৰাই এই পুথিৰ প্ৰধান কথা৷

 কথা-ভাগৱতেই ভট্টদেৱৰ সকলো গ্ৰন্থৰ ভিতৰত প্ৰধান আৰু এই গ্ৰন্থ তেওঁৰ অপৰিসীম পৰিশ্ৰমৰ কথা-ভাগৱত৷  ফল। পূৰ্ব্বে কোৱা হৈছে কেনেকৈ দামোদৰদেৱে, তেওঁক ভাগৱতৰ কথা  কৰিবলৈ উপদেশ দিয়ে। ভট্টদেৱে গুৰুৰ আজ্ঞা শিৰত