পৃষ্ঠা:কথা-গীতা.djvu/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


লীলা-তত্ত্বৰ আস্বাদ লৈ ধন্য মানিছিল। তেতিয়া শ্ৰীশ্ৰদামোদৰ দেৱে পাটবাউসীত সন্ত্ৰ স্থাপন কৰি অসমৰ কেইওফালে বিশিষ্ট বিশিষ্ট লোকক ধৰ্মচাৰ্য নিযুক্ত কৰি পঠিয়াই ভাগৱতা ধৰ্ম প্ৰচাৰ কৰিছে; উজান অসমলৈ বংশীগোপালক পঠিয়াইছে, উত্তৰ ফালে ভগৱানদেৱক পঠি- মাইছে আৰু দক্ষিণে সন্তভূষণক পঠিয়াইছে। এই দৰে কেইওফালে ভাগৱতী ধৰ্ম প্ৰচাৰৰ গে লগে দামোদৰ দেৱৰ আধ্যাত্মিক জীৱনৰ কথা বিয়াপি পৰিছে আৰু নাৰা-বাৰী পণ্ডিত মুখ সকলোৱে তেওঁৰ চৰণছত্ৰৰ তলত আশ্ৰয় লবৰ নিমিত্তে দলে দলে আহিব লাগিছে, এনে সময়তে ভট্টদেৱৰ পিক কবি সৰস্বতীয়ে এদিন পুতেকক মাতি কলে :- “শুনা বাপু ভট্টদেৱ কৰিমোক মন। বৈষ্ণৱব পদে যাই লৈয়োক শৰণ। কৃষ্ণত শৰণ। যতো নৰে নলয়। কদাচিতো নু গুচে সংসাৰ মৃত্যুভয়॥ ভক্ত ভক্তি ভগৱন্ত কহয় শাস্ত্ৰত। আক নজানিয়া নৰে পড়ে সংসাৰত। নিশ্চয় শৰণ যেবে লৈলেক সন্তত। নথাকয় অহঙ্কাৰ তাহাৰ দেহত। সংসাৰ তৰিলা সিতো জানা নষ্ট কৰি। তুমি যাই সন্ত-গুৰু মানি ভজা হৰি।”—ভূষণ-দ্বিজ। ভট্টদেৱে পিতৃ আজ্ঞা শিৰত লৈ দামোদৰ দেৱক দৰ্শন কৰিবলৈ পাট- বাউসীলৈ আহিল। দামোদৰ দেৱক দেখিলে - “মহাতেজৱন্ত বৃদ্ধ শৰীৰ অত্যন্ত। ভক্তি যেন মূৰ্তি ধৰি প্ৰকাশ কৰন্ত।”—ৰামৰায়।