সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৲

বিলাকৰ দমন আৰু দৈব বৃত্তিবিলাকৰ স্ফূৰণ কৰিবলৈ যি ধৰ্ম্মই শিক্ষা দিয়ে সেয়ে সনাতন ধৰ্ম্ম আৰু গীতায়ো এই তিনটা পথকে উপদেশ দিছে।

 সনাতন ধৰ্ম্মত অধিকাৰী ভেদে আৰু মানুহৰ প্ৰকৃতি আৰু প্ৰবৃত্তি অনুসাৰে যদিও নানা পথৰ উল্লেখ দেখিবলৈ পোৱা যায় তথাপি মূলত এটাইবোৰ মত বা পথ যে একে সেয়েহে প্ৰমাণিত হয়। হিন্দুৰতিনি পথৰ সমন্বয়। ছখন দৰ্শন শাস্ত্ৰক, যেনে ন্যায়, সাঙ্খ্য, মীমাংসা, বৈশেষিক, যোগ, আৰু বেদান্তক অনেকে বিপৰীত মতৰ দৰ্শন শাস্ত্ৰ বুলি ভাবে। কিন্তু প্ৰকৃতপক্ষে সিবিলাকে বেলেগ বেলেগ মত প্ৰবৰ্ত্তনৰ চেষ্টা নকৰি এটা সত্যকেহে বেলেগ বেলেগ ফালৰ পৰা প্ৰমাণ কৰিছে। ব্ৰহ্মবিন্দু উপনিষদত এঠাইত কৈছে:—

গবামনেক বৰ্ণাণাং ক্ষীৰস্যাপ্যেক বৰ্ণতা।
ক্ষীৰবৎ পশ্যতে জ্ঞানং লিঙ্গিনস্তু গবাং যথা॥

সেই দৰে গীতাৰ তিনওটা পথৰ যে শিক্ষা একেই, তাক সহজে বুজিব পাৰি। মনুষ্য জীবনৰ চৰম উদ্দেশ্য হৈছে মোক্ষ বা ভগবৎ প্ৰাপ্তি। স্বধৰ্ম্ম বা কৰ্ত্তব্য পালনেই হৈছে ভগবৎ প্ৰাপ্তিৰ উপায়। মনুষ্য জীৱন আদিৰ পৰা অন্তলৈকে এটা শৃঙ্খলাবদ্ধ কৰ্ত্তব্যৰ ধাৰা মাত্ৰ। মানুহে কৰ্ত্তব্য জ্ঞান লাভ কৰে নীতি শিক্ষাৰ পৰা। নীতি শিক্ষাৰ আদেশ পালি কাম কৰোতে কৰোতে যেতিয়া চিত্ত শুদ্ধ হয়, তেতিয়া মানুহে জ্ঞান লাভ কৰে আৰু সেই জ্ঞানৰ অনুশীলনৰ পৰাই কৰ্ত্তব্য জ্ঞান লাভ কৰে। কৰ্ত্তব্য জ্ঞান লাভ কৰিলেই যে মানুহে কৰ্ত্তব্য কাম কৰে তেনে নহয়। কৰ্ত্তব্য জ্ঞানৰ লগত যেতিয়া প্ৰেম বা ভক্তি যোগ হয় তেতিয়াহে মানুহে কৰ্ত্তব্য কাম কৰিবলৈ আগ বাঢ়ে। প্ৰেম বা ভক্তিযুক্ত কৰ্ত্তব্য কামেই নিষ্কাম কৰ্ম্ম। সেই গুণে নিষ্কাম কৰ্ম্মৰ মূলত হয় স্নেহ, নহয় প্ৰেম, নহয় ভক্তি লগা আছে। কিন্তু প্ৰেম বা ভক্তি লাভৰ উপায় হৈছে ত্যাগ; যত ত্যাগৰ