সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭ )

ভট্টদেবৰ মুখে ভাগৱতৰ ব্যাখ্যা শুনি, শ্ৰীকৃষ্ণ লীলাৰ অপূৰ্ব্ব মাধুৰী অনুভব কৰি কৃতাৰ্থ হল আৰু সকলোৱে সভাপাতি ভট্টদেৱক কবিৰত্ন উপাধিৰে ভূষিত কৰিলে। ভট্টদেৱেও এই উপাধি অতি আগ্ৰহেৰে গ্ৰহণ কৰিলে। ভট্টদেৱে যিমানবিলাক গ্ৰন্থ ৰচনা কৰিছে, সকলো বিলাকৰ ভণিতাতে তেওঁ নিজক ‘কবিৰত্ন’ বুলিহে উল্লেখ কৰিছে। সেই কালত এই উপাধিৰে আন আন মানুহ থাকিলেও ‘কবিৰত্ন” বুলিলে সকলোৱে ভট্টদেৱকহে বুজিছিল।

 শুক্ৰধ্বজ বা চিলাৰাইৰ পুত্ৰ ৰঘুদেৱ বিজয়নগৰত ৰাজধানী পাতি কামৰূপত ৰাজত্ব কৰি, ১৫১৫ দামোদৰদেৱ আৰু অসমীয়া গদ্য ভাষা৷ শকত স্বৰ্গী হয় আৰু দামোদৰদেব আৰু সেই শকতে তেওঁৰ  পুত্ৰ পৰীক্ষিতনাৰায়ণ ৰজা হয়৷ পৰীক্ষিত বড় পৰাক্ৰমী ৰজা হলেও, সৰুৰেপৰা তেওঁ উদ্ধত প্ৰকৃতিৰ মানুহ আছিল। দামোদৰদেৱে বলি কাটি দুৰ্গাপূজা কৰিবলৈ মানা কৰা বুলি শুনি, তেওঁ দামোদৰদেৱক তেওঁৰ ৰাজধানী বিজয়নগৰলৈ ধৰাই নিয়ে। এই বিজয়নগৰ গদাধৰ নৈৰ দাতি আজিকালিৰ বিজনী ৰাজ্যৰ কোনো এঠাইত আছিল। অনেকে অনুমান কৰে বিজয়নগৰৰ পৰাই বিজনীৰ উদ্ভৱ হৈছে। বিজয়নগৰলৈ যাবৰ সময়ত দামোদৰদেৱে ভট্টদেৱক বড়নগৰৰ পৰা মাতি আনি পাটবাউসী সত্ৰত ৰখীয়া কৰি থৈ যায়। যাবৰ সময়ত আন আন উপদেশৰ লগতে, তেওঁক অসমীয়া গদ্য ভাষাত ভাগৱতৰ ভাঙ্গনি কৰিবলৈ কৈ যায়;—

“আৰু এক জগত ঈশ্বৰ আজ্ঞা ধৰা ।
কথাবন্ধে একখণ্ড ভাগৱত কৰা ॥
পূৰ্ব্বে মহাপুৰুষে কৰিলা দশস্কন্ধ ।
কীৰ্ত্তন ভটিমা চবি দুলৰী সুছন্দ ॥৩৩৮
তাত কৰি সুগম কৰিয়ো ভাগৱত ।
স্ত্ৰীশূদ্ৰ সৰ্ব্বলোকে বুঝে যেন মত॥”—ৰা-ৰা।