পৃষ্ঠা:কথা-গীতা.djvu/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


| ( ১৩ ) “ভতিজাত তেজি মৰ্ম্ম, আনক দিলেক ধৰ্ম, পালিবৰ যোগ্য হেন দেখি।” চাবলৈ গলে দামোদৰদেৱ যেন তেওঁৰ হৃদয়ৰ প্ৰিয়ধন কথা-ভাগৱতলৈ বাট চাইহে অতদিন কোচবিহাৰত জিয়াই আছিল। কথা-ভাগৱত পোৱাৰ অলপদিনৰ পাচতে তেওঁ নৰ-নাট সামৰিলে। ভট্টদেৱ পাটবাউসী সত্ৰৰ অধিকাৰ হোৱাৰ গুৰিও এই কথা-ভাগৱতকে বুলিব পাৰি। কথা- ভাগৱত অসমীয়া সাহিত্যৰ এক অমূল্য সম্পত্তি। এই পুথি প্ৰকাশ হলে অসমীয়া ৰাইজে বুজিব পাৰিব ভট্টদেৱে কথা-ভাগৱত ৰচনা কৰি অসমীয়া ভাষাৰ কি অসীম উপকাৰ কৰি গৈছে। কথা-ভাগৱতৰ পিচতে, ভট্টদেৱৰ কথা-গীতাও অসমীয়া সাহিত্য | ভড়ালৰ এখনি অমুল্য ৰত্ন। কথা-গীতাৰ কথা-গীতা। ৰচনাৰ কাল সঠিককৈ কোৱা টান, তথাপি ইয়াক যে কথা-ভাগৱতৰ পাচত লিখিছিল, তেনে ভাবিবৰ অনেক কাৰণ আছে। প্ৰথমতে চৰিত্ৰ পুথিত দেখিবলৈ পোৱা যায়, “যি কালে গীতাৰ কথা কৰা মহাসন্ত। সেহিকালে “আত্মসাৎ কৰি ধৰিলন্ত। দ্বাদশ কন্ধৰ কথা যি কালে দিল। সেহিকালে “আত্মসঙ্গী” কৰিয়া লৈলন্ত।”—ৰা-ৰা। এই পদ ফাকিত লোচৰ অৰ্জ্জুনদেৱৰ লগত ভট্টদেৱৰ সম্বন্ধ উল্লেখ কৰিছে অৰ্থাৎ ভট্টদেৱে গীতাৰ কথা কৰোঁতে অৰ্জুন দেৱক “আত্মসাৎ কৰি ললে আৰু ভাগৱতৰ কথা কৰোতে তেওঁক “আত্মসঙ্গী” কৰি ললে। আত্মসঙ্গী আৰু আত্মসাৎ এই দুই অৱস্থাৰ ভিতৰত আত্মসাৎ যে বেছি ঘনিষ্ঠ অৱস্থা তাক সহজে বুজিব পাৰি। আত্মসঙ্গী অৱস্থাত সঙ্গী বা লগৰীয়া ভাবেই প্ৰধান কিন্তু আত্মসাৎ অৱস্থাত, অভেদান্স ভাবৰ ইঙ্গিত