সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

• সাঙ্খ্যৰ মতে এই জগতসৃষ্টিৰ মুলত দুটা কাৰণ বৰ্ত্তমান অৰ্থাৎ পুৰুষ আৰু প্ৰকৃতি। পুৰুষ হৈছে চৈতন্য, প্ৰকৃতি জড় আৰু ত্ৰিগুণাত্মিকা৷ এই পুৰুষ আৰু প্ৰকৃতিৰ সংযোগত জগতৰ উদ্ভৱ হৈছে। জগতৰ সকলো বস্তুতে সদাই দুটা বিপৰীত ৰকমৰ ভাব দেখিবলৈ পোৱা যায়। এটা নিত্য বা স্থায়ী ভাব আৰু আনটো অনিত্য বা পৰিবৰ্ত্তনশীল ভাব। সকলো বস্তুতে প্ৰতি মুহুৰ্ত্ততে পৰিবৰ্ত্তন হ’ব লাগিছে; এক ঘণ্টাৰ আগেয়ে যি বস্তু যেনে আছিল, এঘণ্টাৰ পাচত আৰু সি তেনে অৱস্থাত নাই; কিয়নো সি আগতকৈ এঘণ্টাৰ পুৰণি হ’ল আৰু সেই অনুসাৰেই তাৰ উপাদানবিলাকৰ ভিতৰতো পৰিবৰ্ত্তন হল। এই দৰে উপাদান বিলাকৰ ভিতৰত মুহুৰ্ত্তে মুহুৰ্ত্তে পৰিবৰ্ত্তন হলেও, মূল সত্তাৰ কোনো লৰচৰ নহয়। মই উপজিবৰ দিন ধৰি আজিলৈকে যিমান ডাঙ্গৰ হৈছোঁ, তাৰ ভিতৰত মোৰ কিমান পৰিবৰ্ত্তন হ’ল তাৰ লেখ নাই কিন্তু মই সেইদিনা যি আছিলো আজিও সেই ময়েই, মইৰ কোনো পৰিবৰ্ত্তন নাই। জগতৰ এই স্থায়ী, অপৰিবৰ্ত্তনশীল আৰু নিত্য ভাবেই পুৰুষ আৰু পৰিবৰ্ত্তনশীল বা অনিত্য ভাবেই প্ৰকৃতি। এই জড় আৰু চৈতন্যৰ সংযোগৰ ফলতে জগতৰ উদ্ভৱ হৈছে। নিত্যৰ লগত অনিত্য সদাই আলোৰ লগত ছায়া থকা দি আছে। এই প্ৰকৃতিয়েই দৰ্শন শাস্ত্ৰৰ মতে মায়া, ভক্তি শাস্ত্ৰ মতে হলাদিনী বা আনন্দময়ী আৰু তন্ত্ৰ শাস্ত্ৰ মতে ইচ্ছাময়ীৰূপে, জীবত অধিষ্ঠান কৰিছে। মানুহৰ স্বভাব হৈছে, চিন্তা কৰা, অনুভব কৰা আৰু ইচ্ছা কৰা। চিন্তাৰ ফল জ্ঞান,অনুভূতিৰ স্থূল প্ৰেম আৰু ইচ্ছাৰ ফল কৰ্ম্ম। চিন্তা, অনুভূতি আৰু ইচ্ছা এই তিনটা উৰ্দ্ধগামী বৃত্তিৰ স্ফুৰণতে মানুহজাতিৰ ক্ৰমোন্নতি সাধিত হৈ আহিছে, আৰু সেই গুণেই গীতাই এই তিনটা বৃত্তিৰ অনুশীলনৰ নিমিত্তে কৰ্ম্ম, জ্ঞান আৰু ভক্তি এই তিনি পথৰ বিধান কৰিছে। এই তিনটা মাৰ্গ অবলম্বন কৰি আসুৰিক বৃত্তি