পৃষ্ঠা:কথা-গীতা.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১ গীতাই অতি সুন্দৰ আৰু শৃঙ্খলা মতে শিক্ষা দিছে। সংসাৰলৈ পিঠি দি সংসাৰৰ সকলো বিষয়কে তুচ্ছজ্ঞান কৰি কেৱল ধ্যান কৰি বহি থকা গীতাই উপদেশ দিয়া ধৰ্ম্ম কেতিয়াও নহয়। গীতাৰ শিক্ষা মতে নচলা বাবেই আৰ্যজাতিৰ এই দুৰ্দশা আৰু আৰ্য্য ধৰ্ম্মৰ এনে দুৰৱস্থা। আৰ্য্য ধৰ্ম্মৰ পুনৰুত্থানৰ একমাত্ৰ উপায় হৈছে আকৌ গীতাৰ উদাৰ শিক্ষা মানুহৰ মাজত প্ৰচাৰ কৰা। ভাৰতবৰ্ষত আৰ্য্য প্ৰভাব বিস্তাৰ বিশেষকৈ সনাতন ধৰ্ম্মৰ সহায়েৰে আমাৰ দেশত গীতাৰ সাধিত হৈছিল। অৱশ্যে অনাৰ্য্য জাতিবিলাকক আলোচনা। বশ কৰিবৰ নিমিত্তে ধেনু কঁাড় যে ব্যবহাৰ কৰিব গা নহৈছিল এনেও নহয়। “অতঃ চতুৰোবেদাঃ পৃষ্ঠতঃ সশৰং ধনুঃ। উভাভ্যাং চ সমৰ্গোহহং শাপাদপি শৰাদপি॥” তেওঁবিলাকে যেতিয়া যলৈকে গৈছিল, সনাতন ধৰ্ম্মৰ গ্ৰন্থবিলাক লগতলৈ গৈছিল। সকলে শাস্ত্ৰৰ সাৰ আৰু হিন্দুজাতিৰ জীবনসৰ্বস্ব গীতাক যে লগত নিনিছিল তেনে নহয়। সেই গুণে এই দেশত আৰ্য্য বসতি স্থাপিত হোৱা কালৰে পৰা গীতাৰ আলোচনা আছিল বুলি ধৰিব পাৰি। অসম দেশত আজিকালিও কশ্চিৎ হে এঘৰ ব্ৰাহ্মণ পোৱা যাব, যাৰ ঘৰত এখন সচীপতীয়া গীতা নাই। গীতা-পাঠ এতিয়াও এটা নিত্য নৈমিত্তিক কৰ্ম্মৰ ভিতৰত। অসমীয়া হিন্দুৱে আজিকালিও পিতৃমাতৃৰ শ্ৰাদ্ধৰ ওচৰত ভক্তিৰে গীতা পাঠ কৰায়। অনেক ব্ৰাহ্মণ আছে যাৰ গোটেইখন গীতা কণ্ঠস্থ আৰু যি নিতৌ পূজা সেৱাৰ অন্তত গোটেইখন গীতা আবৃত্তি কৰিহে অনুগ্ৰহণ কৰে। ব্ৰাহ্মণবিলাকে গীতাৰ মহতি শিক্ষাৰ আস্বাদ নিজে গ্ৰহণ কৰিয়েই যে সন্তুষ্ট আছিল তেনে নহয়, যাতে সংস্কৃত অনভিজ্ঞ তিৰোতা আৰু শূদিৰৰ এই জ্ঞানৰ পৰা বঞ্চিত নহয় তাৰ নিমিত্তে, অসমীয়া গদ্য আৰু