পৃষ্ঠা:কথা-গীতা.djvu/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ১৮ ) “কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশ। ই সবে বেঢ়িয়া কৰে মহন্তক দ্বেষ॥ এই হেতু গড় বান্ধি যুঝিবে বুলিলা। তান আজ্ঞা লই সবে বিবাহ কৰিলা ” তেতিয়াৰে পৰা পাটবাউসী, উদাসীন সত্ৰ গুচি আশ্ৰমী সত্ৰ হল। এই কাৰ্যৰ পৰা ভালকৈ বুজিৰ পাৰ ভট্টদেৱৰ দৃষ্টি কিমান চোকা আৰু দীঘল আছিল আৰু তেওঁৰ মানসিক আৰু নৈতিক বল কিমান বেছি আছিল। আজিকালিও এনেকুৱা উদাসীন প্ৰথাৰ কুফল অনেকে দেখিছে কিন্তু তাৰ সংস্কাৰ কৰিবলৈ কেইজনে সাহ কৰে। এইদৰে দামোদৰ দেৱৰ সৰ্বস্বৰ অধিকাৰী হৈ ভট্টদেৱে পাটবাউসী সত্ৰত বহি কেউফালে ভাগৱতী ধৰ্ম প্ৰচাৰ কৰাকে জীবনৰ ব্ৰত কৰি ললে। “বছৰে বছৰে, পঢ়াই ভাগৱত, কৰা ছাত্ৰ অধ্যাপন। কৰি সুশিক্ষিত। | নাম দেন্ত তপোধন। যাক যেন মত এহি ক্ৰমে এক | অযুত ব্ৰাহ্মণ, ভাগৱতী কৰিলন্ত। অনুৰূপে বস্তু, | পৰিধান দিয়া, সবকে নাম দিগন্ত। সহস্ৰ সংখ্যাত | মেধী পাতিল, কামৰূপ প্ৰদেশত। ঐদামোৰ। | দেৱৰ ধৰ্ম, মহিমা বঢ়াই ৰাজ্যত।”