সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২২ )

হলেও বাহিৰত ব্ৰাহ্মণৰ যি স্বধৰ্ম্ম তাক কেতিয়াও নেৰিছিল। দামোদৰদেৱে তেওঁক এই উপদেশ দিছিল:-

“বাহিৰত বেড়া  দিয়া অন্তৰত,
  দেখিবা সকলো মিচা ।
কৰ্ম্মৰ ভাগক,   লোকক দেখায়া,
 আপুনিও আচৰিবা ॥”

 ভট্টদেৱে ব্ৰহ্মমুহুৰ্ততে উঠি প্ৰাতঃস্নান কৰি, সন্ধ্যাবন্দনাদি শেষ কৰি পুৱাৰ প্ৰসঙ্গত বহে গৈ; প্ৰসঙ্গ শেষ হলে নিজে ভাগবত ব্যাখ্যা কৰে। ভাগৱতৰ শেষত পদ পুৰি পাঠ শুনে; তেতিয়া প্ৰায় দুপৰ হয় গৈ আৰু তেতিয়া দুপৰৰ প্ৰসঙ্গত বহে। দুপৰীয়া প্ৰসঙ্গৰ পাচত নাম ধৰা হয় আৰু নামৰ পাচত নটুৱা নাচে তাৰ পাচত তেওঁ ঘৰলৈ গৈ আকৌ স্নান কৰি নিত্যপূজা কৰে। নিত্য পূজাৰ শেষত দিনৌ অঠাৰ অধ্যায় গীতা মুখেৰে আবৃত্তি কৰে। গোটাইথন গীতা শাস্ত্ৰ তেওঁৰ কণ্ঠস্থ আছিল৷ তাৰ পাচত তেওঁ ভোজন কৰি অলপ বিশ্ৰাম কৰে। বিশ্ৰামৰ পাচত ছাতৰশালীলে গৈ লৰা পঢ়ৱায় গৈ; বিয়লিৰ প্ৰসঙ্গৰ নাম ডাকিলে, তেওঁ ছাতৰশালীৰ পৰা গৈ প্ৰসঙ্গত যোগ দিয়ে গৈ। প্ৰসঙ্গ শেষ হলে আকৌ ভাগৱত ব্যাখ্যা কৰে। এই দৰে বছেৰেকত বাৰকন্ধ ভাগৱত দুবাৰ ব্যাখ্যা শেষ কৰে। সূৰ্য্য অস্তৰ সময়ত ঘৰলৈ গৈ সায়ংসন্ধ্যা শেষ কৰি আহি আকৌ ভাতিৰ প্ৰসঙ্গত বহি প্ৰসঙ্গ শেষ হলে ঘৰলৈ গৈ ভোজন কৰি দৈনিক কাম শেষ কৰে। তেওঁ সদাই এই নিয়মে জীবন যাপন কৰিছিল। তেওঁৰ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ ইমান বেছি আছিল যে তেওঁ কেতিয়াও কোনো বিপদতে অলপপ বিচলিত নহৈছিল৷ ভট্টদেৱৰ গদাধৰ নামে এজন মাত্ৰ উপযুক্ত পুত্ৰ আছিল। তেও ডেকা কালতে বিচক্ষণ পণ্ডিত হৈ শ্ৰীনিবাস কবিৰাজ আদি উপাধিৰে ভূষিত হৈছিল। প্ৰথম ভাৰ্য্যাৰ