পৃষ্ঠা:কথা-গীতা.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৶০

গুণেই, যতী আৰু বানপ্ৰস্থ এই দুই নিবৃত্তিপৰ আশ্ৰমক, ব্ৰহ্মচৰ্য্য আৰু গৃহস্থাশ্ৰম এই দুই প্ৰবৃত্তিপৰ আশ্ৰমৰ পিচত আৰ্য্য শাস্ত্ৰে বিধান কৰিছে আৰু গীতাৰ শিক্ষাও এয়ে। নতুবা প্ৰকৃত ব্ৰহ্মজ্ঞান লাভৰ নিমিত্তে, ত্যাগৰ আদৰ্শ শিকিবৰ নিমিত্তে, কৌপীন-ধাৰী শুকদেৱক নাৰদে, ৰাজৰ্ষী জনকৰ ওচৰলৈ নপঠালেহেতেন। মহাভাৰতৰ শান্তিপৰ্বত ব্যাসদেৱে, তেওঁৰ পুত্ৰ শুকদেৱক উপদেশ দিছে, যে যি তপোবনত জন্মগ্ৰহণ কৰি ভোগৰ আস্বাদ গ্ৰহণ নকৰাকৈয়ে ত্যাগী হয় তেওঁৰ ধৰ্ম্ম অলপহে হয় কিন্তু যি গৃহস্থাশ্ৰমত জন্মগ্ৰহণ কৰি ভোগৰ আস্বাদ লৈ তাক পৰিত্যাগ কৰিব পাবে তেৱেঁইহে প্ৰকৃত ধাৰ্ম্মিক৷ ব্ৰহ্মচাৰী অৱস্থাত স্বধৰ্ম্ম পালনৰ নিমিত্তে উপযুক্ত হবলৈ সংযম শিক্ষা কৰি জ্ঞান আৰু শক্তি সঞ্চয় কৰিব লাগে; গৃহস্থাশ্ৰম ত এই ধৰ্ম্মক অনুষ্ঠান কৰিব লাগে। স্বধৰ্ম্মৰ সম্পূৰ্ণ অনুষ্ঠান কৰা হলেই বানপ্ৰস্থ আৰু সন্ন্যাসৰ অধিকাৰ লাভ কৰে৷ গৃহস্থাশ্ৰমত প্ৰবেশ কৰি সকলো ৰকম সাংসাৰিক ত্যাগ অভ্যাস নিমিত্তে পুৰুষাৰ্থ কৰি তাত সিদ্ধি লাভ কৰিব আৰু তাৰ লগে লগে অভ্যাস কৰিব, এয়েই গীতাৰ মহতি শিক্ষা৷ এই শিক্ষা পাহৰি তাৰ আন অৰ্থ কৰাতে আয্যজাতিৰ এনে দুৰ্দ্দশা আৰু আয্য ধৰ্ম্মৰ এনে মানৰ অৱস্থা৷

 গীতাৰ শিক্ষা অনন্ত। গীতাই শিক্ষা দিছে আত্মা অবিনাশী, দেহৰ মৃত্যু আছে কিন্তু আত্মা অমৰ, সুখ দুখ মিচা৷ ই কেৱল বিষয়ৰ লগত ইন্দ্ৰিয়ৰ যোগ, আত্মজ্ঞানেই সকলোতকৈ শ্ৰেষ্ঠ জ্ঞান,গীতাৰ শিক্ষা। কৰ্ত্তব্য পালনেই স্বধৰ্ম্ম, হৃদয়ৰ দুৰ্ব্বলতাই কৰ্ত্তব্যৰ পথত বিঘিণি; ঈশ্বৰত আত্ম নিবেদন কৰি কৰ্ম্মত ৰতি, কৰ্ম্মফলত বিৰতি, সিদ্ধি, অসিদ্ধি জয় পৰাজয়ত সমজ্ঞান কৰি সাধন মাৰ্গত আগবাঢ়ি স্থিতপ্ৰজ্ঞহৈ সংসাৰৰ দুখ দুৰ্গতিৰ হাত সাৰি মনত চিৰশান্তি লাভ কৰাৰ উপায়, ইত্যাদি সনাতন আৰ্য্য ধৰ্ম্মৰ সকলো বিষয়কে