পৃষ্ঠা:কথা-গীতা.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৷৴০

পদ্যত গীতা অনুবাদ কৰিছিল। প্ৰথমতে অসমীয়া ভাষাত এই পুথীৰ অনু- বাদ শ্ৰীশ্ৰীদামোদৰ দেৱৰ মাজু ককায়েক ৺ৰত্নাকৰ দেৱে ৰচনা কৰে। মানুহৰ মাজত গীতাৰ শিক্ষা অতি প্ৰীতিকৰ কৰিবৰ নিমিত্তে তাক তেওঁ কীৰ্ত্তনৰ সুৰবান্ধি ৰচনা কৰিছিল। এইখন পুথী এতিয়াও ছাপা হৈ ওলোৱা নাই। এইখনত বাজেও ভট্টদেৱৰ কথা-গীতাৰ গদ্য আৰু ৺গোবিন্দ মিশ্ৰৰ গীতাৰ পদ্য অনুবাদ অসমীয়া সাহিত্যৰ অমূল্য নিধি। ৺গোবিন্দ মিশ্ৰৰ গীতাৰ অনেক সংস্কৰণ ছাপা হৈছে। ৺ভট্টদেৱৰ কথা-গীতা প্ৰকাশ কৰি আমি আজি অসমীয়া ৰাইজৰ হাতত দিলো। এই তিনিখনত বাহিৰেও যে আমাৰ ভাষাত গীতা ৰচিত হোৱা নাছিল তাক কব নোৱাৰি। আগৰ দিনত এই দেশত সকলো শ্ৰেণীৰ মানুহৰ মাজতে যে গীতাৰ শিক্ষাৰ বিশেষ প্ৰচলন আছিল তাক ভালকৈ বুজিব পাৰি। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যেন গীতাৰ উদাৰ শিক্ষা আকৌ আমাৰ মানুহৰ মাজত প্ৰচাৰিত হয়, আকৌ অসমীয়া মানুহে নিজ নিজ কৰ্ত্তব্য বুজি স্বধম্ম পালন কৰি নিজৰ মঙ্গল, জাতিৰ মঙ্গল সাধন কৰি অৱশেষত ভগৱানৰ চৰণপদ্ম লাভ কৰে। ওঁ তৎ সৎ।

_____