পাতনি।
প্ৰথম সংস্কৰণ।
আমি আজি ৺ভট্টদেৱৰ ৰচিত কথা-গীতা পুথিখনি কিতাপৰ আকাৰে ছপাই তাক ৰাইজৰ হাতত অৰ্পণ কৰিলোঁ। আজিকালি ইউৰুপৰ মহাৰণৰ বাবে, কিতাপ ছপা কৰোৱা কিমান খৰচৰ কথা হৈ উঠিছে, তাক কিতাপ ছপোৱা মানুহ মাত্ৰেই গম পাইছে। এনে হেন দিনতো যে আমি খৰচলৈ আওকাণ কৰি এই পুথিখনি ছপা কৰিবলৈ আগ বাঢ়িছোঁ তাৰ ঘাই কাৰণ হৈছে পূজনীয়া মোৰ মৰমৰ আইৰ আদেশ পালন কৰা। তেখেতে এই পুথিখনি আদিৰপৰা অন্তলৈকে শুনি, আমাৰ ভাষাত এনে এখন সুন্দৰ পুথি আছে, অথচ আমাৰ মানুহে তাৰ সোৱাদ লব পৰা নাই সেই কথাত বেজাৰ কৰি, পুথিখন ছপা কৰি উলিয়াবৰ নিমিত্তে মোক আদেশ কৰে। আইৰ আদেশত ছপা কৰোৱা হল বাবেই কিতাপ খনি আই আৰু স্বৰ্গীয় পিতৃদেৱতাৰ নামে উৎসৰ্গ কৰা হল।
এই পুথি ছপোৱাৰ আন এটা কাৰণ হৈছে পুৰণি অসমীয়া সাহিত্য উদ্ধাৰ কৰা। পুৰণি পুথিবিলাকেই আমাৰ সাহিত্যৰ ৰাজহাড়ৰ নিচিনা, সেইগুণে এই পুথিবিলাকক নষ্ট হবলৈ নিদি যিমান সোনকালে পৰা যায় সিমান সোনকালে ছপা কৰি ৰক্ষা কৰা সকলো অসমীয়াৰে কৰ্ত্তব্য কাম। পুৰণি সাহিত্য উদ্ধাৰ কৰা যে অতি ভাল কাম তাক মুখে মুখে সকলোৱে স্বীকাৰ কৰে আৰু কেতিয়াবা সাহিত্য সভাপতি তাক উদ্ধাৰ আৰু ৰক্ষা কৰিবৰ নিমিত্তে সংকল্প কৰাও দেখা যায় কিন্তু আজিলৈকে কোনো অসমীয়া সাহিত্য সভাই বা কোনো অসমীয়া শিক্ষিত লোকে এখনি পুৰণি পুথিও ছপা কৰি উলিয়াইছে বুলি আমাৰ মনত নপৰে। অনেকে হয়তো নিজেই এখন ফচহু কিতাপ লিখি তাকে