পৃষ্ঠা:কথা-গীতা.djvu/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ২৩ )

পৰা গদাধৰৰ কোনো সতি সন্তান নোহোৱা দেখি তেওঁলৈ আকৌ এবাৰ বিবাহ কৰালে। দৈব বিপাকত গদাধৰৰ অকাল মৃত্যু হল আৰু তেওঁৰ দুই জনা পত্নী তেওঁৰ লগতে সতী গল, ভট্টদেৱৰ ঘৰ একেবাৰেই শূন্য হল, তথাপি তেওঁ কটাহিকে নকৰিলে।

“নিবাস হেন,  তনয় মৰিল
 দুই ভাৰ্য্যা লগে গৈলা।
ভকতিৰ কিনো,  আশ্চৰ্য্য মহিমা,
 বিৰক্ত প্ৰভু নভৈলা ॥”
“দেখে ভট্টদেৱ,  পূৰ্ব্বৱতে ৰসি
 আছন্ত ৰঞ্জি সভাক।
হৰিষ বদনে,  ভাগৱত ব্যাখ্যা,
 কৰিবাক লাগিছন্ত ॥”

ভট্টদেৱৰ নিচিনা কৰ্ম্মী, জ্ঞানী আৰু একান্ত ভক্তৰ পক্ষে হে এনে ধৈৰ্য্য সম্ভৱ; আনৰ পক্ষে অসম্ভৱ বুলিলেও বঢ়াই কোৱা নহয়।

 এইদৰে আনন্দ মনেৰে তেওঁ পাটবাউসীত হৰিভক্তি প্ৰচাৰ কৰি থাকোতে দামোদৰ পাটোৱাৰী নামে ব্যাসকুচি৷ এটা খলুৱা মানুহে, পাটবাউসী সত্ৰৰ ভকতবিলাকক নানা ৰকমে পয়মাল  কৰিবলৈ ধৰিলে। ভট্টদেৱে এই মানুহটোৰ ব্যবহাৰত বড় অসন্তুষ্ট হৈ পাটবাউসী সত্ৰ এৰি বুড়িলুইতৰ দাঁতিত ব্যাসকুচি নামে এক নতুন সত্ৰ স্থাপন কৰি তাতে থাকিল গৈ। তেতিয়া তেওঁৰ ককায়েক ৰমাকান্ত আৰু তেওঁৰ ভতিজাক বাসুদেৱ বিদ্যানিবাস দুয়ৰো কাল হৈছে। বাসুদেৱৰ পুত্ৰ ভানুদেৰ বিদ্যাবিশাৰদক পাটবাউসী আৰু বিয়াহকুচি দুয়ো সত্ৰৰ অধিকাৰ পাতি তেওঁ নৰতনু পৰিত্যাগ কৰে৷ গীতা তেওঁৰ ইমান প্ৰিয় গ্ৰন্থ আছিল যে দেহা এৰিবৰ দিনাও তেওঁ অঠাৰ অধ্যায়